সঞ্জনা কাপুৰ (Sanjana Kapoor; জন্ম: ২৭ নৱেম্বৰ ১৯৬৭)১ হৈছে এগৰাকী ভাৰতীয় থিয়েটাৰ কৰ্মী আৰু প্ৰাক্তন অভিনেত্ৰী। তেখেতে ভাৰতীয় প্ৰসিদ্ধ অভিনেতা শশী কাপুৰৰ জীয়ৰী। আনহাতে মাতৃ হৈছ জেনিফাৰ কাপুৰ। ১৯৯৩ চনৰ পৰা ২০১২ চনৰ ফেব্ৰুৱাৰীলৈকে তেখেতে পৃথ্বী থিয়েটাৰ পৰিচালনা কৰিছিল।২৩
জীৱনী
ৰ সৈতে সঞ্জনা কাপুৰ]]
সঞ্জনা কাপুৰৰ জন্ম হৈছিল ভাৰতৰ বিখ্যাত কাপুৰ পৰিয়ালত। তেখেতৰ ককাদেউতাক (পিতৃৰ পিতৃ) আছিল পৃথ্বীৰাজ কাপুৰ আৰু খুড়ায়েক আছিল ৰাজ কাপুৰ আৰু শাম্মী কাপুৰ। সঞ্জনাৰ ভ্ৰাতৃ কুনাল কাপুৰ আৰু কৰণ কাপুৰেও কিছুসংখ্যক ছবিত অভিনয় কৰিছে। আনহাতে সঞ্জনাৰ মাকৰ পিতৃ-মাতৃ (ককা-আইতা) জিঅ'ফ্ৰি কেণ্ডাল আৰু লৌৰা কেণ্ডালো অভিনয়ৰ লগতে জড়িত আছিল। তেওঁলোকেও থিয়েটাৰ দলটোৰ সৈতে ভাৰত আৰু এছিয়া ভ্ৰমণ কৰিছিল। ছেইক্সপিয়েৰ আৰু জৰ্জ বাৰ্নাড শ্ব'ৰ নাটক তেওঁলোকে পৰিৱেশন কৰিছিল। মুম্বাইত থকা বোম্বাই ইণ্টাৰনেশ্যনেল স্কুলত সঞ্জনাই শিক্ষা গ্ৰহণ কৰিছিল।
১৯৮১ চনত মুক্তি লাভ কৰা ছবি '36 Chowringhee Lane' আছিল সঞ্জনা কাপুৰে অভিনয় কৰা প্ৰথমখন বোলছবি। ছবিখনৰ প্ৰযোজক আছিল তেখেতৰ দেউতাক। ছবিখনৰ এটি শীৰ্ষ চৰিত্ৰত জেনিফাৰ কেণ্ডালেও অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে 'উৎসৱ' (১৯৮৪)ত অভিনয় কৰে। এইখন ছবিও তেখেতৰ পিতৃয়ে প্ৰযোজনা কৰিছিল। ১৯৮৯ চনৰ ছবি 'হিৰো হীৰালাল'ত পোনপ্ৰথমবাৰৰ বাবে সঞ্জনা কাপুৰে জীৱনৰ প্ৰথমটো শীৰ্ষ চৰিত্ৰত অভিনয় কৰে। ছবিখনে বক্স অফিচত সফলতা লাভ কৰিছিল।
পৰৱৰ্তী সময়ত মীৰা নায়াৰৰ বহুল সমাদৃত ছবি 'ছালাম বোম্বে' (১৯৮৮) ত সঞ্জনাই অভিনয় কৰে। তাৰ পিছৰপৰা তেখেতে ছবিত অভিনয় কৰিবলৈ বাদ দিয়ে আৰু নবৈৰ দশকত থিয়েটাৰত মনোনিৱেশ কৰে। ১৯৯১ চনত তেখেতে আকিৰা কুৰুশ্বাৱাৰ থিয়েটাৰী প্ৰযোজনা 'ৰশ্বোমন'ত এগৰাকী জাপানী পত্নীৰ চৰিত্ৰ ৰূপায়ণ কৰে। এ. কে. বীৰৰ 'অৰণ্যক' (১৯৯৪)-ত সঞ্জনাই অভিনয় কৰিছিল।
প্ৰায় চাৰ তিনিবছৰৰ বাবে সঞ্জনা কাপুৰে 'আমূল ইণ্ডিয়া শ্ব’' নামৰ অনুষ্ঠানটোৰ পৰিৱেশক হিচাপে টেলিভিছনৰ জগতত কাম কৰে।
২০১১ চনলৈকে মুম্বাইৰ জুহুত থকা পৃথ্বী থিয়েটাৰ তেখেতে পৰিচালনা কৰি থাকে। তেওঁলোকে শিশুৰ বাবে একাধিক কৰ্মশালাৰ আয়োজন কৰিছিল।৪
২০১১ চনত তেখেতে পৃথ্বী থিয়েটাৰ ত্যাগ কৰাৰ সিদ্ধান্ত লয়। ২০১২ চনত তেখেতে 'জুনুন থিয়েটাৰ'ৰ জন্ম দিয়ে। কলাৰ ওপৰত নিৰ্ভৰশীল এইটো বিশেষ অনুষ্ঠানে ভ্ৰমণকাৰী দলৰ লগত কাম কৰিব আৰু ভাৰতত থকা সৰু-সুৰা ঠাইত নাটক পৰিৱেশন কৰিব।৩
তথ্যসূত্ৰ
- ↑ (11 December 2002). Sanjana Kapoor. The Times of India
- ↑ (18 December 2005). High drama in Prithvi Theatre. The Hindu
- ↑ (17 November 2011). Theatre: A second act of passion. Mint (newspaper)
- ↑ (6 August 2000). Sanjna's passion. The Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জনা কাপুৰ” প্ৰবন্ধৰ সংশোধন ৩৮৩০৩৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।