অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শান্তি বালাচন্দ্ৰন

শান্তি বালাচন্দ্ৰন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৭ চনৰ মালয়ালম কমেডী থ্ৰিলাৰ ছবি তৰংগমত টোভিনো থমাছৰ বিপৰীতে নায়িকা হিচাপে অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ২৪ মাৰ্চ ২০২৬ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শান্তি বালাচন্দ্ৰন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰত কাম কৰে।১২ তেওঁ ২০১৭ চনৰ মালয়ালম কমেডী থ্ৰিলাৰ ছবি তৰংগমত টোভিনো থমাছৰ বিপৰীতে নায়িকা হিচাপে অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।৩

কৰ্মজীৱন

থিয়েটাৰ

সানল অমনৰদ্বাৰা পৰিচালিত হেৰল্ড পিণ্টাৰৰ নাটক দ্য লাভাৰত শান্তিই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। কচীত নাটকখন মঞ্চস্থ হোৱাৰ পিছত পৰিচালক ডমিনিক অৰুণে তেওঁক নিজৰ ছবি তৰংগমত অভিনয়ৰ বাবে যোগাযোগ কৰিছিল।৪ ইয়াৰ উপৰি তেওঁ ৰোচন মেথিউৰদ্বাৰা পৰিচালিত এ ভেৰী নৰ্মেল ফেমিলী আদিকে ধৰি কেইবাখনো নাটকত চুইটী নামৰ চৰিত্ৰত অভিনয় কৰিছে।৫

পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ

শান্তিই ২০১৭ চনত ডমিনিক অৰুণৰ ফেণ্টাচী ব্লেক কমেডী ছবি তৰংগমৰ জৰিয়তে টোভিনো থমাছৰ বিপৰীতে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ মালিনী নামৰ এগৰাকী আধুনিক ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল।৬ দ্য টাইমছ অৱ ইণ্ডিয়াৰ সমীক্ষক অঞ্জনা জৰ্জে লিখিছে যে শান্তিৰ অভিনয় বিশেষভাৱে উল্লেখনীয়। তেওঁ ২০১৭ চনত ৰাণ্ডু পেৰ ছবিতো মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবি কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাবে নিৰ্বাচিত হৈছিল।৭

তেওঁ লিজিঅ’ জোচ পেল্লিচেৰীৰ ছবি জিলিকট্টুত (২০১৮) চফি নামৰ একমাত্ৰ মহিলা চৰিত্ৰটোত অভিনয় কৰিছিল।৮ তেওঁৰ মতে, এগৰাকী চহৰীয়া ছোৱালী হৈ এনে এটা গ্ৰাম্য চৰিত্ৰত অভিনয় কৰাটো তেওঁৰ বাবে এক প্ৰত্যাহ্বান আছিল।৯ ২০২০ চনৰ ছবি পাপম চেইয়াথাৱৰ কাল্লেৰিয়াট্টেত তেওঁ লিণ্ডা নামৰ চৰিত্ৰটোত অভিনয় কৰি প্ৰশংসা লাভ কৰে। ২০২১ চনত তেওঁ ইন্দ্ৰজিৎ সুকুমাৰণৰ সৈতে আহা নামৰ ছবিত অভিনয় কৰে।১০

শান্তিই শেহতীয়াকৈ সিদ্ধাৰ্থ ভাৰতৰদ্বাৰা পৰিচালিত জিন ছবিত চৌবিন ছাহিৰৰ বিপৰীতে অভিনয় কৰিছে।১১ ইয়াৰ উপৰি তেওঁ সিদ্ধাৰ্থ ভাৰতৰে ছবি চতুৰমত স্বাসিকা, এলেন্সিয়াৰ লে লোপেজ আৰু ৰোচন মেথিউৰ সৈতে অভিনয় কৰিছে।১২

ব্যক্তিগত জীৱন

শান্তিৰ ঘৰ কেৰালাৰ কোট্টায়ম জিলাত।১৩ পিতৃ-মাতৃৰ সঘনাই সলনি হোৱা চাকৰিৰ বাবে তেওঁ ভাৰতৰ বিভিন্ন ঠাইত বাস কৰিছে।৯ তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰপৰা দৃশ্যগত নৃতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।১৪১৫ ইয়াৰ উপৰি তেওঁ এগৰাকী চিত্ৰশিল্পী যিয়ে ইতিমধ্যে বিভিন্ন চহৰত ছখনকৈ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে আৰু বিভিন্ন সমূহীয়া প্ৰদৰ্শনীৰ অংশ হৈছে।৪

তথ্যসূত্ৰ

  1. ↑ Native, Digital. (4 September 2019). Santhy Balachandran will be part of Lijo Jose Pellissery's 'Jallikattu'. The News Minute
  2. ↑ (9 November 2016). ACT One, Scene One. The Hindu
  3. ↑ Tharangam – the curious case of Kallan Pavithran. Manorama Online
  4. ↑ (4 June 2017). Santhy Balachandran's lucky stars. Deccan Chronicle
  5. ↑ Cris. (4 February 2019). 'A Very Normal Family' at Mathrubhumi Lit Fest: Meet the fun cast and crew. The News Minute
  6. ↑ Meera, Suresh. (2 June 2017). 'I had vibrant days on the sets of Tharangam' Meet Santhy Balachandran, the lead lady in the Tovino Thomas-starrer.. The New Indian Express
  7. ↑ Thangal, Shihabudeen. (9 December 2017). Got many offers, yet to commit new projects: Shanthi Balachandran. English.Mathrubhumi
  8. ↑ (14 September 2019). Santhy Balachandran plays Sophie in 'Jallikkattu'. The Times of India
  9. ↑ Mathews, Anna. (23 October 2019). Santhy Balachandran: Happy Lijo Jose Pellissery could see me as a character in the local space. The Times of India
  10. ↑ Mathews, Anna. (8 May 2020). Santhy Balachandran: Dubbing for Aaha, energy levels were off the charts. The Times of India
  11. ↑ Mathews, Anna. (26 March 2020). Santhy Balachandran: I was thrilled to be able to learn and bond with the talented Djinn team'. The Times of India
  12. ↑ (13 February 2021). Sidharth Bharathan's next film is Chathuram. On Manorama
  13. ↑ മേലേടത്ത്, ധന്യ. ജീപ്പിന്റെ ടയറുകള്‍ മണലില്‍ താഴ്ന്നു, ആ രാത്രി ശരിക്കും ഭയന്നു; അനുഭവം പറഞ്ഞ് ശാന്തി. Manorama Online
  14. ↑ Soman, Deepa. (10 August 2017). Santhy gives anthropology a break to play a 'bossy' babe. The Times of India
  15. ↑ Part 1: Studying Anthropology at Oxford

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তি বালাচন্দ্ৰন” প্ৰবন্ধৰ সংশোধন ৫৯৩৫০৯ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।