সমীক্ষা বটনাগৰ (ইংৰাজী ভাষা: Samikssha Batnagar; জন্ম: ১২ জানুৱাৰী ১৯৮৮)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ২০১৪ চনলৈকে ষ্টাৰ প্লাছ আৰু জি টিভিৰ বিভিন্ন হিন্দী ভাষা ধাৰাবাহিকত সহযোগী আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ২০১৫ চনত মুক্তি পোৱা মধুৰ ভাণ্ডাৰকাৰৰ কেলেণ্ডাৰ গাৰ্লছত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছিল,২ যাৰ জৰিয়তে তেওঁৰ বলীউডত অভিষেক ঘটে। ২০১৭ চনত তেওঁ শ্ৰেয়াস তলপাড়ে পৰিচালিত ছবি পোষ্টাৰ বয়জত ববী দেউলেৰ বিপৰীতে অভিনয় কৰে, যিটো এজন জনপ্ৰিয় অভিনেতাৰ বিপৰীতে তেওঁৰ প্ৰথমটো মুখ্য চৰিত্ৰ।৩৪
কেৰিয়াৰ
টেলিভিছন কেৰিয়াৰ
তেওঁৰ আটাইতকৈ ডাঙৰ সুযোগ আছিল যেতিয়া তেওঁ এক বীৰ কী অৰদাস...বীৰা (ষ্টাৰ প্লাছ) ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ পাইছিল। ইয়াৰ পিছত তেওঁ উত্তৰণ (কালাৰ্ছ টিভি),৫ দেৱোঁ কে দেৱ...মহাদেৱ (লাইফ অ’কে), বাল বীৰ (চাব টিভি), কুমকুম ভাগ্য (জি টিভি)৬ আৰু আন কেইবাখনো জনাজাত ধাৰাবাহিকত অভিনয় কৰিছিল।
চলচ্চিত্ৰত অভিষেক
২০১৫ চনত মধুৰ ভাণ্ডাৰকাৰৰ কেলেণ্ডাৰ গাৰ্লছত তেওঁ এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত বটনাগৰে শ্ৰেয়াস তলপাড়ে পৰিচালিত পোষ্টাৰ বয়জৰ শ্বুটিং সম্পূৰ্ণ কৰে, য'ত ছানী দেউল আৰু ববী দেউলৰ লগতে শ্ৰেয়াস তলপাড়ে নিজেও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত তেওঁ ববী দেউলৰ বিপৰীতে সূৰ্যমুখীৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখন ২০১৭ চনৰ ৮ ছেপ্টেম্বৰত মুক্তি পাইছিল।৭ ২০২১ আৰু ২০২২ চনৰ ভিতৰত বটনাগৰে ব্লেক ৰোজ, ধূপ ছাঁও আৰু অন্ত দ্য এণ্ডত অভিনয় কৰে। অন্ত দ্য এণ্ডত তেওঁৰ সুন্দৰ অভিনয়ৰ বাবে তেওঁ প্ৰশংসিত হৈছিল,৮ আৰু ধূপ ছাঁওতো তেওঁৰ অভিনয় অন্যতম শ্ৰেষ্ঠ বুলি কোৱা হৈছিল।৯
তথ্যসূত্ৰ
- ↑ (25 April 2021). Samiksha Bhatnagar is now Samikssha Batnagar. Tribune India
- ↑ Samiksha Bhatnagar & Madhur Bhandarkar. Sets of Calendar Girls. Mid Day
- ↑ Samiksha Bhatnagar Poster Boys. Bollywood Hungama
- ↑ Samiksha Bhatnagar & Bobby Deol. Sets of Poster Boys. Mid-Day
- ↑ Samiksha Bhatnagar Uttaran. PINKVILLA
- ↑ Samiksha Kum Kum Bhagya. The Times of India
- ↑ Poster Boys. Hindustan Times
- ↑ Anth The End. Bollywoodlife
- ↑ Dhoop Chhaon Movie Review: An over-the-top hodgepodge of subplots. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমীক্ষা বটনাগৰ” প্ৰবন্ধৰ সংশোধন ৬০৩৬১৯ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।