সংগীতা বিজলানী(Sangeeta Bijlani; জন্ম: ৯ জুলাই ১৯৬০) পূৰ্বৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ১৯৮০ চনৰ ফেমিনা মিছ ইণ্ডিয়া খিতাপ জয় কৰিছিল।[3] তেওঁ হিন্দী ছবিত অভিনয় কৰি অভিনয় জীৱন আৰম্ভ কৰিছিল, কাতিল (১৯৮৮) ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু ত্ৰিদেৱ (১৯৮৯) নামৰ ছবিখনৰ তিনিগৰাকী মহিলা নায়িকাৰ ভিতৰত তেওঁ অন্যতম আছিল।
জন্ম
১৯৬০ চনৰ ৯ জুলাই মাহত ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে (বৰ্তমানৰ মুম্বাই) মহানগৰত এটা সিন্ধী হিন্দু পৰিয়ালত সংগীতা বিজলানীৰ জন্ম হয়।১
মডেলিং
সংগীতা বিজলানীয়ে ১৬ বছৰ বয়সৰ পৰাই মডেলিং আৰম্ভ কৰে। তাৰ পিছত তেওঁ নিৰমা আৰু পণ্ডচৰ চাবোনৰ বিজ্ঞাপনকে ধৰি বহুতো বিজ্ঞাপন কৰে।২ সংগীতাই তেওঁ মডেলিং কৰা সময়ৰ পৰাই তেওঁৰ জনপ্ৰিয় "বিজলী" নামেৰে পৰিচিতি লাভ কৰে। ১৯৮৪ চনত জনপ্ৰিয় টিভি বিজ্ঞাপন ভিকো টাৰমেৰিক আয়ুৰ্বেদিক ক্ৰীমৰ অভিনয় কৰে৷৩
মিছ ইণ্ডিয়া খিতাপ
১৯৮০ চনত সংগীতা বিজলানীয়ে মিছ ইণ্ডিয়া ইউনিভাৰ্ছ খিতাপ দখল কৰে৷ দক্ষিণ কোৰিয়াৰ চিউলত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, যিটো অনুষ্ঠানত তেওঁ মাতৃ পুনম বিজলানীয়ে ডিজাইন কৰা সাজ-পোছাকে “শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সাজ-পোছাক’’ৰ বঁটা লাভ কৰিছিল।
বলীউদত প্ৰৱেশ
সংগীতা বিজলানীয়ে ১৯৮৮ চনত কাতিল নামৰ চিনেমাৰ যোগেৰে আদিত্য পাঞ্চোলিৰ সৈতে অভিনয় কৰি বলীউডত আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত ত্ৰিদেৱ, হাথীয়াৰ, জুৰ্ম, যোধা, যুগন্ধৰ, ইজ্জত আৰু লক্ষ্মণ ৰেখা ছবিত অভিনয় কৰে। বিষ্ণু বৰ্ধনৰ বিপৰীতে হিন্দী আৰু কানাড়া ভাষাৰ ছবিত দ্বিভাষিক অভিনয় কৰে৷ বিনোদ খান্নাৰ বিপৰীতে মহেশ ভাটৰ পৰিচালনা আৰু চেলিম খানৰ চিত্ৰনাট্য জুৰ্মছবিৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী শাখাত মনোনীত হয়৷ মহেশ ভাট, মুকুল আনন্দ, জে পি দত্ত, ৰাহুল ৰাৱাইল আৰু এন চন্দ্ৰৰ সৈতেও কাম কৰিছে।
টিভি পৰ্দাত
বিজলানীয়ে ১৯৯৬ চনৰ আৰম্ভণিতে অভিনেতা শ্বাহবাজ খানৰ সৈতে চান্দনী-এ টেল অফ পাৱাৰ ৰিভেঞ্জ এণ্ড লাভৰ জৰিয়তে সৰু পৰ্দাত অভিনয় কৰে। ইয়াৰ উপৰিও তেওঁ ষ্টাৰ প্লাছত কাদেৰ খানৰ সৈতেহাছনা মতৰ প্ৰযোজনা কৰে আৰু জি টিভিত কিনাৰেই মিলতে নেহী প্ৰযোজনা কৰে।
| বছৰ | ধাৰাবাহিক | চৰিত্ৰ | নেটৱৰ্ক | টোকা | ৰেফাৰেন্স |
|---|---|---|---|---|---|
| ২০২১ | চুপাৰ ডেন্সাৰ | অতিথি | চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিছন | জেকী শ্ৰফৰ সৈতে | ৪ |
ব্যক্তিগত জীৱন
১৯৮৬ চনত সংগীতা বিজলানী আৰু ছলমান খানে মডেলিং কৰি থকাৰ সময়তে ইজনে সিজনৰ লগত প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। বছৰ যোৱাৰ পিছত ছলমানৰ জন্মদিনৰ অনুষ্ঠানত দুয়োজনে আলিংগন কৰে আৰু চুমা-চুমি কৰে।
১৯৯৬ চনৰ ১৪ নৱেম্বৰত বিজলানীয়ে মুম্বাইত ক্ৰিকেটাৰ মহম্মদ আজহাৰ উদ্দিনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০১০ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ ফলত এই বিবাহিত সম্পৰ্কৰ ওৰ পৰে।৫৬
জনপ্ৰিয় সংস্কৃতিত
২০১৬ চনত টনি ডিছুজাৰ পৰিচালনাত নিৰ্মিত এখন বলীউডী ছবি আজহাৰ তেওঁৰ জীৱনৰ ওপৰত আধাৰিত আৰু ইয়াত তেওঁৰ প্ৰাক্তন স্বামী তথা ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনৰ সৈতে তেওঁৰ সম্পৰ্কক চিত্ৰিত কৰা হৈছে। বিজলানীৰ চৰিত্ৰত নাৰ্গিছ ফাখৰীয়ে ছবিখনত অভিনয় কৰিছিল।৭৮ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিজলানীয়ে ছবিখনত তেওঁৰ চৰিত্ৰত অভিনয় কৰাত সুখী নাছিল কাৰণ তেওঁক "হাউচ ব্ৰেকাৰ" বুলি কোৱা হৈছিল আৰু তেওঁ ছবি নিৰ্মাতাসকলৰ বিৰুদ্ধে মামলা কৰাৰ পৰিকল্পনা কৰিছিল।৯১০ কিন্তু ছবিখনৰ মুখ্য অভিনেতা ইমৰাণ হাছমীয়ে বিজলানী তেওঁৰ চৰিত্ৰত অসন্তুষ্ট বুলি দিয়া সংবাদ মাধ্যমৰ বাতৰিক সমালোচনা কৰে।১১১২
তথ্যসূত্ৰ
- ↑ Dixit, Shivani. (9 July 2021). 10 Then vs now photos! 61-year old Sangeeta Bijlani's transformation is sure to make your eyes pop.. Zoom TV
- ↑ সংগীতা বিজলানী
- ↑ (11 December 2021). When Vicco Turmeric 'nahi cosmetic' spread the love. Economic Times
- ↑ (15 August 2021). Sangeeta Bijlani recreates Tridev magic with Jackie Shroff on Super Dancer 4. Hindustan Times
- ↑ (20 December 2015). Third time's the charm: Mohammad Azharuddin gets married, again. The Times of India
- ↑ (10 January 2019). Met Sangeeta Bijlani during an ad shoot in 1985, it was love at first sight: Azharuddin. India Today
- ↑ (3 July 2015). Nargis Fakhri to play Sangeeta's role in Azharuddin biopic. Hindustan Times
- ↑ PTI. (4 July 2015). Nargis Fakhri to Play Sangeeta Bijlani in 'Azhar'. The Quint
- ↑ (30 April 2016). Sangeeta Bijlani to sue Azhar team?. Tribune
- ↑ Trivedi, Hiten J. (28 January 2017). Sangeeta Bijlani and Manoj Prabhakar to sue the makers of 'Azhar'? - Times of India. The Times of India
- ↑ PTI. (28 January 2017). Emraan Hashmi: Reports of Sangeeta Bijlani miffed with 'Azhar' false. The Times of India
- ↑ PTI. (29 April 2016). Emraan Hashmi clears the air on Sangeeta Bijlani being miffed with 'Azhar'. DNA India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংগীতা বিজলানী” প্ৰবন্ধৰ সংশোধন ৪১৪৮৭৮ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।