অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সংঘমিত্ৰা বন্দোপাধ্যায়

সংঘমিত্ৰা বন্দোপাধ্যায় (৮ আগষ্ট ১৯৫৬ — ২৭ অক্টোবৰ ২০১৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল যি বঙালী ভাষাৰ চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত আছিল। চাৰে তিনি দশকৰো অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰায় ৩০০খন ছবিত অভিনয় কৰিছিল।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

সংঘমিত্ৰা বন্দোপাধ্যায় (৮ আগষ্ট ১৯৫৬ — ২৭ অক্টোবৰ ২০১৬)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল যি বঙালী ভাষাৰ চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত আছিল। চাৰে তিনি দশকৰো অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰায় ৩০০খন ছবিত অভিনয় কৰিছিল। নেতিবাচক চৰিত্ৰত তেওঁৰ অসাধাৰণ অভিনয়ৰ বাবে জনাজাত সংঘমিত্ৰাক বঙালী চলচ্চিত্ৰ জগতৰ আটাইতকৈ আকৰ্ষণীয় খলনায়িকা (vamp) হিচাপে গণ্য কৰা হয়।

প্ৰাৰম্ভিক জীৱন

সংঘমিত্ৰাৰ জন্ম হৈছিল ১৯৫৬ চনৰ ৮ আগষ্টত। তেওঁৰ পিতৃ সুভাষ কুমাৰ মুখোপাধ্যায় এজন প্ৰখ্যাত উদ্যোগী আৰু ফুটবলাৰ আছিল আৰু মাতৃ আছিল বুলবুল মুখোপাধ্যায়। সুভাষ কুমাৰ সুগন্ধিৰ (perfumery) ক্ষেত্ৰত এজন অগ্ৰগামী ব্যক্তি আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ মধুসূদন মুখোপাধ্যায় 'দ্য ঘোষ ব্ৰাদাৰ্ছ পাৰফিউমাৰ্ছ', 'নিৰ্যাস', 'কেশুট' আৰু 'ইমুনো কেমিকেলছ'ৰ দৰে প্ৰখ্যাত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছিল।

সংঘমিত্ৰাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল উত্তৰ কলকাতাৰ মাতাজী গংগাবাইৰদ্বাৰা প্ৰতিষ্ঠিত এখন বিশিষ্ট বিদ্যালয় 'আদি মহাকালী পাঠশালা'ত। পিছলৈ তেওঁ প্ৰেচিডেন্সি কলেজত যোগদান কৰে আৰু তাৰপৰাই সংস্কৃত সাহিত্যত সন্মানসহ কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰপৰা সংস্কৃত সাহিত্যত কলা শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ এলাহাবাদৰ প্ৰয়াগ সংগীত সমিতিৰপৰা শাস্ত্ৰীয় নৃত্যৰ ডিপ্লমা, জাপানৰ টকিঅ'ৰপৰা শাস্ত্ৰীয় নৃত্যৰ শিক্ষকতাৰ ডিপ্লমা আৰু নিখিল বংগ সাহিত্য পৰিষদৰপৰা বঙালী সাহিত্যৰ ডিপ্লমা লাভ কৰিছিল। তেওঁ এগৰাকী নিপুণ শাস্ত্ৰীয় নৃত্যশিল্পীও আছিল আৰু থাঙ্কোমণি কুট্টি (ভাৰতনাট্যম), নটৰাজ পৰিমল কৃষ্ণ, বেলা অৰ্ণৱ (কথক) আৰু ৰামগোপাল ভট্টাচাৰ্য (সৃজনমূলক নৃত্য) আদিৰপৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ১৯৮১ চনত ইউনেস্কোৰদ্বাৰা আয়োজিত শাস্ত্ৰীয় নৃত্যৰ এক সন্মিলনত সংঘমিত্ৰাই দক্ষিণ-পূব এছিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ চলে গেলেন অভিনেত্ৰী সংঘমিত্ৰা বন্দ্যোপাধ্যায়. kolkata24x7.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংঘমিত্ৰা বন্দোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৮৮ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।