অনুয়া ৱাই ভাগৱত (ইংৰাজী ভাষা: Anuya Y Bhagwat; জন্ম: ৬ ছেপ্টেম্বৰ, ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল, হিন্দী আৰু বঙালী চলচ্চিত্ৰত কাম কৰে। তেওঁ বিশেষকৈ শিৱ মানাসুলা শক্তি (২০০৯) নামৰ ছবিখনৰ চৰিত্ৰৰ বাবে পৰিচিত। তেওঁ পুনেৰ চেণ্ট এনছ হাইস্কুল, পিভিজিৰ চিঅ’ইটি, ফাৰ্গুচন পুনে আৰু ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ অভিনয় পাঠ্যক্ৰমৰ প্ৰাক্তন ছাত্ৰী। তেওঁ পিভিজিৰ চিঅ’ইটিৰপৰা প্ৰথম শ্ৰেণীসহ বৈদ্যুতিক অভিযান্ত্ৰিকী বিভাগৰ স্নাতক। ইয়াৰ উপৰি তেওঁ এফটিআইআইৰ অভিনয় পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে এগৰাকী বহিৰাগত বিশেষজ্ঞ হিচাপেও কাম কৰিছে।
চলচ্চিত্ৰ জীৱন
অনুয়া ৱাই ভাগৱতে ক্ৰান্তি কানাদেৰদ্বাৰা পৰিচালিত হিন্দী শিশু চলচ্চিত্ৰ মহকৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।১২ এই ছবিখন লণ্ডন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে ৱৰ্ল্ডফেষ্ট-হিউষ্টন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিসহ বিভিন্ন শিতানত মনোনয়ন লাভ কৰিছিল।৩ অনুয়াৰ কেৰিয়াৰৰ গুৰুত্বপূৰ্ণ সফলতা আহে তেওঁৰ পৰৱৰ্তী ছবি শিৱ মানাসুলা শক্তিৰ (২০০৯) জৰিয়তে। এম ৰাজেশৰদ্বাৰা পৰিচালিত এই ৰোমাণ্টিক কমেডী ছবিখনত তেওঁ জীৱাৰ বিপৰীতে নাম ভূমিকা পালন কৰিছিল। ছবিখন মুক্তি পোৱাৰ পূৰ্বে মুম্বাইৰ এখন হোটেলত থকাৰ সময়তে তেওঁ ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰপৰা কথমপি ৰক্ষা পৰিছিল।৪
ইয়াৰ পিছত অনুয়াই ইউৰেকাই পৰিচালনা কৰা মধুমাইৰ পটভূমিত নিৰ্মিত কম বাজেটৰ ছবি মদুৰাই সম্বৱমত (২০০৯) কাম কৰে। ছিফীৰ এজন সমালোচকে লিখিছে, "অনুয়াই এজন নিষ্ঠুৰ পুলিচৰ চৰিত্ৰত যিটো দক্ষতাৰে অভিনয় কৰিছে সেয়া আশ্চৰ্যজনক। তেওঁ নিজৰ অভিনয়েৰে চৰিত্ৰটোলৈ আৱেগ আৰু বাস্তৱিকতা কঢ়িয়াই আনিছে।" ৫ ইয়াৰ ফলত তেওঁ সুন্দৰ চিৰ বিপৰীতে নগৰম ছবিত কাম কৰাৰ সুযোগ পায়। ইয়াৰ উপৰি বিজয় এণ্টনীৰ নান (২০১২) ছবিত এটি সৰু চৰিত্ৰ আৰু নাঞ্জুপুৰম (২০১১) নামৰ ছবিখনত এটা প্ৰচাৰমূলক গীতত অভিনয় কৰে।৬ এছ শংকৰৰ ছবি ননবনত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰাৰ পাছত তেওঁ ঘোষণা কৰিছিল যে তেওঁ ভৱিষ্যতে এনে ধৰণৰ চৰিত্ৰত আৰু অভিনয় নকৰে।৬ ইয়াৰ পিছত তেওঁ কিছুসময়ৰ বাবে বঙালী ছবিত কাম কৰিছিল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত গোৰা নামৰ ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।৭ পাছলৈ তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিক এক থা ৰাষ্টিত (২০১৪) মহাৰাণীৰ চৰিত্ৰত অভিনয় কৰিছিল।৮
২০১৭ চনত অনুয়াই বাস্তৱধৰ্মী অনুষ্ঠান বিগ বছ তামিলৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰিছিল, কিন্তু তেওঁ আছিল প্ৰথমগৰাকী বহিষ্কৃত প্ৰতিযোগী। পাছত তেওঁ দাবী কৰে যে তামিল ভাষা সাবলীলভাৱে ক'ব নোৱাৰাৰ বাবেই অনুষ্ঠানটোত আন প্ৰতিযোগীসকলে তেওঁক বিশেষ আদৰি লোৱা নাছিল।৯১০
তথ্যসূত্ৰ
- ↑ Recent FTII passouts find a foothold in TV, film industry. The Times of India
- ↑ S, Venkadesan. (26 February 2012). Anuya Y Bhagwat, actress. The Indian Express
- ↑ (15 April 2008). Kranti's Mahek nominated for Houston film festival. The Indian Express
- ↑ (5 December 2008). Brush with terror. The Hindu
- ↑ Movie review - Madurai Sambavam. Sify
- ↑ Shankaran, Malini. (7 December 2011). Anuya Y Bhagwat says by to cameos. The Times of India
- ↑ (9 June 2012). I so miss the phuchka: Anuya Bhagwat. The Times of India
- ↑ Season III of 'Ek Tha Rusty' series on Doordarshan. The Pioneer (India)
- ↑ I send back love to all the people who hate me, says Anuya. The Times of India
- ↑ Ramanujam, Srinivasa. (4 July 2017). Bigg Boss is sadistic, but people like it: Anuya. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুয়া ৱাই ভাগৱত” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৬৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।