অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনু ইমানুৱেল

অনু ইমানুৱেল (ইংৰাজী: Anu Emmanuel; জন্ম: ২৮ মাৰ্চ ১৯৯৭) এগৰাকী আমেৰিকান মূলৰ ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰৰ লগতে তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। ইমানুৱেল এগৰাকী প্ৰযোজক গিল্ড ফিল্ম বঁটা বিজয়ী।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩২৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অনু ইমানুৱেল (ইংৰাজী ভাষা: Anu Emmanuel; জন্ম: ২৮ মাৰ্চ ১৯৯৭) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন মূলৰ ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু ভাষা চলচ্চিত্ৰৰ লগতে তামিল ভাষা আৰু মালয়ালম ভাষা চলচ্চিত্ৰত কাম কৰে। ইমানুৱেল এগৰাকী প্ৰযোজক গিল্ড ফিল্ম বঁটা বিজয়ী।

স্বপ্ন সঞ্চাৰী (২০১১) ছবিত শিশু শিল্পী হিচাপে কাম কৰাৰ পাছত, ইমানুৱেলে মালয়ালম চলচ্চিত্ৰ অেকচন হিৰো বিজু (২০১৬)ৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে।১ ইমানুৱেলে মজনু (২০১৬) ছবিৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে, যাৰ বাবে তেওঁ সাইমা শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল। তেওঁ থুপ্পাৰিৱালন (২০১৭) ছবিৰ জৰিয়তে তামিল চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু ব্যাৱসায়িকভাৱে সফল ছবি নাম্মা বিতু পিল্লাইত (২০১৯) অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন

অনু ইমানুৱেলৰ জন্ম ১৯৯৭ চনৰ ২৮ মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল। তেওঁ কেৰালাৰ কোটায়মৰ মালয়ালী পিতৃ-মাতৃৰ সন্তান আৰু টেক্সাছৰ গাৰলেণ্ডত ডাঙৰ-দীঘল হৈছিল।২৩৪ তেওঁ ২০১৫ চনত গাৰলেণ্ডৰ লেকভিউ চেণ্টেনিয়েল হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৫৬ তেওঁ মনোবিজ্ঞান বিষয়ত ডিগ্ৰী ল’বলৈ আৰম্ভ কৰিছিল যদিও এবছৰৰ পাছত পঢ়া এৰি অভিনয় জীৱন গঢ়িবলৈ ভাৰতলৈ গুচি আহে।৭

কেৰিয়াৰ

ইমানুৱেলে জয়ৰাম অভিনীত স্বপ্ন সঞ্চাৰীত শিশু শিল্পী হিচাপে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত আব্ৰিড শ্বাইনৰ পৰিচালনাত নিৰ্মিত নিভিন পলী অভিনীত অ্যাকচন হিৰো বিজুত মুখ্য চৰিত্ৰত অভিনয় কৰে। এই দুয়োখন ছবি তেওঁৰ পিতৃয়ে প্ৰযোজনা কৰিছিল।৮৯ তেওঁ নানীৰ বিপৰীতে মজনু (২০১৬) ছবিৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ছবিখন বক্স অফিচত সফল হিচাপে পৰিগণিত হয়। সেই সময়তে তেওঁ অভিনেতা গোপীচান্দৰ সৈতে অক্সিজেন (২০১৭) ছবিৰ মুখ্য অভিনেত্ৰী হিচাপে নিৰ্বাচিত হয়।১০ ২০১৭ চনত তেওঁ বিশালৰ বিপৰীতে থুপ্পাৰিৱালনৰ জৰিয়তে তামিলত আত্মপ্ৰকাশ কৰে। ২০১৮ চনত তেওঁ ক্ৰমে অজ্ঞাতবাসীত পৱন কল্যাণৰ বিপৰীতে আৰু না পেৰু সূৰ্যত অল্লু অৰ্জুনৰ বিপৰীতে অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ নাগা চৈতন্য আৰু ৰম্যা কৃষ্ণৰ সৈতে শৈলজা ৰেড্ডী আল্লুডুত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ গীতা গোবিন্দমত এটি বিশেষ চৰিত্ৰতো অভিনয় কৰিছিল। তেওঁৰ দ্বিতীয়খন তামিল ছবি নাম্মা বিতু পিল্লাইত শিৱকাৰ্তিকেনৰ বিপৰীতে অভিনয় কৰিছিল, যিখন বক্স অফিচত সফল হৈছিল।১১

২০২১ চনত তেওঁ বেল্লামকোণ্ডা শ্ৰীনিবাসৰ সৈতে আল্লুডু আধুৰ্ছ আৰু সৰ্বানন্দৰ সৈতে মহা সমুদ্ৰমত অভিনয় কৰে।১২ ২০২২ চনত অনুৱে অল্লু শিৰীষৰ বিপৰীতে উৰ্বশিবো ৰাক্ষশিবোত মুখ্য চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছত তেওঁক ৰবি টেজাৰ বিপৰীতে ৰাৱণাসুৰত দেখা গৈছিল। ২০২৩ চনত তেওঁ কাৰ্তিকৰ বিপৰীতে জাপানত অভিনয় কৰি পুনৰ তামিল চিনেমা জগতলৈ উভতি আহে।

তথ্যসূত্ৰ

  1. ↑ (20 September 2015). Anu Emmanuel joins Action Hero Biju
  2. ↑ (2017-07-28). Working with Mysskin has been a complete delight: Anu Emmanuel. The Times of India
  3. ↑ Actress Anu Emmanuel attends TPAD Bathukamma. Telugu Times
  4. ↑ Anu J. Emmanuel. nuwber.com
  5. ↑ Anu Emmanuel from Lakeview Centennial High School - Classmates
  6. ↑ (21 August 2021). Anu Emmanuel: Celebrating Onam with my family in Kerala helped me discover my roots. The Times of India
  7. ↑ (23 September 2016). It depends on how they flirt with me: Anu Emmanuel. India Glitz
  8. ↑ Shilpa Nair Anand. (28 January 2016). Nivin is back in action. The Hindu
  9. ↑ (30 January 2016). Action Hero Biju Official Trailer: Nivin Pauly & Anu Emmanuel starrer looks fresh and promising!
  10. ↑ (18 December 2015). After Action Hero Biju Anu Emmanuel in Telugu Movie Oxygen
  11. ↑ (23 October 2019). Sivakarthikeyan is thrilled about Namma Veettu Pillai crossing 25 days at the box office. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  12. ↑ (2021-01-15). Alludu Adhurs movie review: Santosh Srinivas' silly, outdated comedy is an assault to the senses. Firstpost

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনু ইমানুৱেল” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৩৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।