অদিতি ৰাথোৰ (ইংৰাজী ভাষা: Aditi Rathore) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। তেওঁ মূলতঃ ষ্টাৰ প্লাছৰ ধাৰাবাহিক নামকৰণত অৱনী আয়েশা আৰু ছাব টিভিৰ ধাৰাবাহিক আংগন - আপনো কাত তন্বী শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। এই দুয়োটা চৰিত্ৰৰ বাবে তেওঁ ইণ্ডিয়ান টেলীভিছন একাডেমী এৱাৰ্ডছৰ জনপ্ৰিয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰিছিল।১২
প্ৰাৰম্ভিক জীৱন
১৯৯৩ চনৰ ৩০ অক্টোবৰত জয়পুৰৰ এটা মাৰৱাড়ী পৰিয়ালত ৰাথোৰৰ জন্ম হৈছিল।৩ তেওঁ ৰাজস্থানৰ বিকানেৰত ডাঙৰ-দীঘল হৈছিল।৪ তেওঁ বিকানেৰতে স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু তাৰ পিছত অভিনয় জীৱন গঢ়িবলৈ মুম্বাইলৈ যায়।
কৰ্মজীৱন
জি টিভিৰ ধাৰাবাহিক কুমকুম ভাগ্যত আকাশ অজয় মেহৰাৰ পত্নী ৰচনা মেহৰাৰ চৰিত্ৰৰ জৰিয়তে ৰাথোৰে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ মূলতঃ চনী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনত সম্প্ৰচাৰিত ধাৰাবাহিক এক দুজে কে ৱাস্তেত প্ৰীতি তিৱাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।৫
২০১৭ চনৰপৰা ২০১৮ চনলৈ ৰাথোৰে ষ্টাৰ প্লাছৰ দৈনিক ধাৰাবাহিক নামকৰণত অৱনীৰ চৰিত্ৰত অভিনয় কৰিছিল।৬ ধাৰাবাহিকখনৰ কাহিনীত ১৫বছৰীয়া জাঁপ (leap) মৰাৰ পাছত তেওঁ আৰ্ছিন নামদাৰৰ স্থান লৈ এই অনুষ্ঠানত প্ৰৱেশ কৰিছিল।৭
২০২১ চনত তেওঁ ষ্টাৰ প্লাছৰ অনুষ্ঠান আপকী নজৰোঁ নে সমঝাত খলনায়িকা ড° চৰ্মী হিচাপে যোগদান কৰে।৮৯ ২ বছৰৰ বিৰতিৰ পিছত ২০২৩ চনত তেওঁ ছনী ছাবৰ অনুষ্ঠান আংগন – আপনো কাত তন্বী "তনু" শৰ্মা ত্ৰিপাঠী হিচাপে অভিনয় কৰে।১০
সংবাদ মাধ্যমত
অদিতি ৰাথোৰক ২০১৮ চনৰ ইষ্টাৰ্ণ আইৰ এছিয়াৰ চৰ্বাধিক আবেদনময়ী মহিলাৰ তালিকাত ২৩তম স্থান আৰু ২০১৮ চনৰ বিজ এছিয়াৰ টিভি পাৰ্চনেলিটি তালিকাত ১২তম স্থান প্ৰদান কৰা হৈছিল।১১
তথ্যসূত্ৰ
- ↑ (15 March 2018). Naamkarann actor Aditi Rathore: Have been extremely lucky to play varied shades in one show. The Indian Express
- ↑ Naamkarann: Avni aka Aditi Rathore talks about her drastic transformation post the leap. India Today
- ↑ Naamkaran's Aditi Rathore reunites with her cast and celebrates her birthday - Times of India. The Times of India
- ↑ Everything you need to know about TV sweetheart, Aditi Rathore
- ↑ Naamkarann's new lead Aditi Rathore is dating this hot guy; see pics. India Today
- ↑ Zain Imam would like to marry Aditi Rathore - Times of India. timesofindia.com
- ↑ It's confirmed: Aditi Rathore is the grown-up Avni in Naamkarann. India Today
- ↑ A, Nagarathna. (10 July 2021). Aapki Nazron Ne Samjha To Take 3 Years LEAP; Aditi Rathore Makes Entry & Richa Rathore Gets New Look. Filmibeat
- ↑ Maheshwri, Neha. (25 June 2021). Aditi Rathore of Naamkarann fame replaces Kritika Singh Yadav in Aapki Nazron Ne Samjha. The Times of India
- ↑ (5 December 2023). Aditi Rathore, who is a part of ‘Aangan - Aapno Kaa’, talks about the show’s unique premise and how her role connects with her. Tribune India
- ↑ TV Personality List 2018. Biz Asia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদিতি ৰাথোৰ” প্ৰবন্ধৰ সংশোধন ৬২৮৬৩৮ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।