অনুৰাধা (জন্ম: সুলোচনা দেৱী) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী। তেওঁ মূলতঃ ১৯৮০ আৰু ১৯৯০ৰ দশকত সক্ৰিয় আছিল। তেওঁ বিশেষকৈ নিজৰ আইটেম নম্বৰসমূহৰ বাবে পৰিচিত আছিল। তেওঁ তামিল ভাষা, মালয়ালম ভাষা, তেলুগু ভাষা, কন্নড় ভাষা, হিন্দী ভাষা আৰু ওড়িয়া ভাষা ভাষাৰ ছবিত অভিনয় কৰিছে।
কৰ্মজীৱন
পৰিচালক কে. জি. জৰ্জে মাত্ৰ ১৩ বছৰ বয়সতে সুলোচনাক চলচ্চিত্ৰ জগতত চিনাকি কৰাই দিছিল। সেই বয়সতে তেওঁ যথেষ্ট ওখ আছিল বাবে পৰিচালকে তেওঁক অনুৰাধা নামটো দিছিল। সেই সময়ৰ তেওঁ আটাইতকৈ ওখ অভিনেত্ৰী আছিল। তেওঁ নায়িকা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত আইটেম নম্বৰৰ সৈতে জড়িত হৈ পৰে। নিজৰ সেই উল্লেখনীয় উচ্চতাৰ সত্ত্বেও অনুৰাধাই ৭০০তকৈও অধিক ছবিত অভিনয় কৰিবলৈ সক্ষম হৈছিল, যিটো এক ডাঙৰ সাফল্য। বিশেষকৈ সেই সময়ৰ বেছিভাগ সহ-অভিনেতা বা নায়ক তেওঁতকৈ বহুত চাপৰ আছিল। তেওঁ সমৰকলাৰ প্ৰশিক্ষণো লৈছিল আৰু কোনো ডুপ্লিকেট অবিহনেই একচন দৃশ্যসমূহ সম্পন্ন কৰিছিল। তেওঁ এগৰাকী মটৰচাইকেল চালক আছিল আৰু জাভা, এনফিল্ড বুলেটৰ দৰে মটৰচাইকেল চলাইছিল। তেওঁক চ্ছান টিভিৰ কেইবাখনো ধাৰাবাহিকত দেখা গৈছে, যাৰ ভিতৰত থঙ্গম, কান্নানা কান্নে, মুথাৰাম আৰু দৈৱমগল অন্যতম।
ব্যক্তিগত জীৱন
চলচ্চিত্ৰৰ নৃত্য পৰিচালক কৃষ্ণ কুমাৰ আৰু অভিনেত্ৰীসকলৰ কেশবিন্যাস শিল্পী (hairdresser) চৰোজা দেৱীৰ ঘৰত অনুৰাধাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল মহাৰাষ্ট্ৰীয় আৰু মাতৃ অন্ধ্ৰপ্ৰদেশৰ।১ ১৯৮৭ চনত তেওঁ নৃত্য নিৰ্দেশক সতীশ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ অভিনয়শ্ৰী (জন্ম: ১৯৮৩) আৰু কালীচৰণ (জন্ম: ১৯৯১) নামৰ দুটা সন্তান আছে, যিসকলে অভিনেতা হিচাপে কাম কৰিছে।২
অৱশ্যে, ১৯৯৬ চনৰ ৭ নৱেম্বৰত কুমাৰ এক মটৰচাইকেল দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত তেওঁৰ মগজুৰ গুৰুতৰ ক্ষতি হয়। ২০০৭ চনত খাদ্য গ্ৰহণ কৰি থকা অৱস্থাত উশাহ-নিশাহৰ বিসংগতিৰ বাবে তেওঁৰ মৃত্যু হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Virundhinar Pakkam · Actress Anuradha. sunnetwork.in
- ↑ (6 April 2017). Sara Deva on a roll
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৯২৯৭৮ (২৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।