অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অঞ্জনা সুখানী

অঞ্জনা সুখানী (ইংৰাজী: Anjana Sukhani; জন্ম: ১০ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, মূলতঃ হিন্দী আৰু কেইখনমান তেলুগু চলচ্চিত্ৰৰ লগতে এখন কন্নড় চলচ্চিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অঞ্জনা সুখানী (ইংৰাজী ভাষা: Anjana Sukhani; জন্ম: ১০ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, মূলতঃ হিন্দী ভাষা আৰু কেইখনমান তেলুগু ভাষা চলচ্চিত্ৰৰ লগতে এখন কন্নড় ভাষা চলচ্চিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

অঞ্জনাৰ জন্ম ১৯৭৮ চনৰ ১০ ডিচেম্বৰত জয়পুৰৰ এটা সিন্ধী হিন্দু পৰিয়ালত হৈছিল।১২৩ তেওঁ প্ৰীতি আৰু ওম সুখানীৰ কন্যা আৰু তেওঁৰ এজন ককায়েক আছে।২৪ তেওঁ কাৰ্ডিফ মেট্ৰ’পলিটান ইউনিভাৰ্চিটিৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৪

চলচ্চিত্ৰ আৰু মডেলিং কেৰিয়াৰ

লেকমী ফেশ্বন উইকত ৰেম্প ৱাক কৰা অৱস্থাত অঞ্জনা সুখানী
লেকমী ফেশ্বন উইকত ৰেম্প ৱাক কৰা অৱস্থাত অঞ্জনা সুখানীছবি: Bollywood Hungama · CC BY 3.0

সুখানীয়ে অভিনয়ৰ স্বাৰ্থত নিজৰ শৈক্ষিক ক্ষেত্ৰখনক পিছত পেলাই থৈছিল। তেওঁৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক বছৰবোৰত বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনৰ সৈতে কেডবেৰী ডেইৰী মিল্ক চকলেটৰ এটা টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল।৫ ঘৰ যায়েগী শীৰ্ষক ৰিমিক্স হিন্দী সংগীতৰ ভিডিঅ'টোতো তেওঁৰ অভিনয় মন কৰিবলগীয়া আছিল। চলচ্চিত্ৰ জগতৰ কোনো পটভূমি নাথাকিলেও তেওঁ ২০০৭ চনৰ বহু তাৰকা অভিনীত সফল কথাছবি চালাম-এ-ইস্কত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল।৬ ইয়াৰ পিছত তেওঁ ২০০৬ চনৰ জনপ্ৰিয় ছবি গোলমালৰ ছিকুৱেল গোলমাল ৰিটাৰ্ণছত অভিনয় কৰে। তেওঁৰ আন কেইখনমান মুক্তিপ্ৰাপ্ত ছবি আছিল জয় বীৰু, জশ্বন আৰু গণেশ তথা যুৱিকা চৌধুৰীৰ সৈতে অভিনয় কৰা তেওঁৰ প্ৰথম কানাড়া ছবি মালেয়ালি জথেয়ালি। ২০০৫ চনৰ না উপিৰিৰ পিছত তেওঁক টলীউড অভিনেতা ৰবি তেজাৰ ছবি ডন চিনুত দেখা গৈছিল, যিখন আছিল তেওঁৰ দ্বিতীয় তেলেগু ছবি। ২০১৬ চনত অঞ্জনাই স্বপ্নীল যোশীৰ বিপৰীতে সঞ্জয় লীলা ভাঞ্চালী প্ৰডাকচনৰ আৰু স্বপ্না ৱাঘমাৰে যোশীৰ পৰিচালনাত নিৰ্মিত ছবি লাল ইস্কৰ জৰিয়তে মাৰাঠী চলচ্চিত্ৰ জগতত খোজ পেলায়।৭৮

তথ্যসূত্ৰ

  1. ↑ (10 December 2011). Anjana Sukhani's birthday cake goes the designer way. Bollywood Hungama News Network
  2. ↑ (19 August 2010). As 'Fear Factor' host Priyanka has taken on a man's job: Anjana Sukhani. Sify. Indo-Asian News Service
  3. ↑ Batra, Ankur. (30 March 2014). Anjana Sukhani wants to promote Sindhi films. The Times of India
  4. ↑ Sundaresan, Satish. (10 December 2009). Exclusive: Looking back at Anjana Sukhani's growing up years. Bollywood Hungama
  5. ↑ (10 December 2008). Wishing Anjana Sukhani Happy Birthday!. Screen India
  6. ↑ Elley, Derek. (1 February 2007). Salaam-e-Ishq. Variety
  7. ↑ IANS. (26 May 2016). I'm very proud of Laal Ishq: Sanjay Leela Bhansali. The Indian Express
  8. ↑ Rege, Harshada. (12 October 2015). Anjana to romance Swapnil Joshi in her Marathi debut film. DNA

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জনা সুখানী” প্ৰবন্ধৰ সংশোধন ৬০০০৩২ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।