অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সাৰন্য পোনভান্নন

সাৰন্য পোনভান্নন ( Saranya Ponvannan; জন্ম ২৬ এপ্ৰিল ১৯৭০) এগৰাকী জনপ্ৰিয় দক্ষিণ ভাৰতীয় অভিনেত্ৰী, যাৰ জন্মৰ নাম শীলা ক্ৰিষ্টিনা। তামিল, তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ কমকৈ কন্নড় ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।

হালনাগাদ: ২ আগষ্ট ২০২৫ ২৯১ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সাৰন্য পোনভান্নন ( Saranya Ponvannan; জন্ম ২৬ এপ্ৰিল ১৯৭০) এগৰাকী জনপ্ৰিয় দক্ষিণ ভাৰতীয় অভিনেত্ৰী, যাৰ জন্মৰ নাম শীলা ক্ৰিষ্টিনা। তামিল, তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ কমকৈ কন্নড় ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। মণি ৰত্নমৰ ‘নায়কন’(১৯৮৭) ছবিৰ এটা মুখ্য চৰিত্ৰৰ অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তাৰপিছত ১৯৯৬ চনলৈ তেওঁ বহু কেইখন ছবিৰ মুখ্য ভূমিকাত অভিনয় কৰি গৈছে। আঠ বছৰৰ বিৰতিৰ পিছত ২০০৩ চনত এগৰাকী চৰিত্ৰাভিনেত্ৰীৰ ৰূপত, বিশেষকৈ নায়কৰ মাকৰ চৰিত্ৰত তেওঁৰ চলচ্চিত্ৰ জগতলৈ প্ৰত্যাৱৰ্তন ঘটে।১

কৰ্মজীৱন

১৯৮৭ চনত মণি ৰত্নমৰ ‘নায়কন’ত কমল হাচানৰ বিপৰীতে নায়িকাৰ ভূমিকাত অভিনয়তেৰে সাৰন্যই তামিল চলচ্চিত্ৰত প্ৰবেশ কৰে।২ তেলুগু চলচ্চিত্ৰত নিৰঞ্জনম ছবিযোগে ১৯৮৯ চনত প্ৰথম ভূমুকি মাৰে। তেওঁৰ প্ৰথম মালায়লম ছবি অৰ্থম (১৯৮৯)। অৰ্থমত তেওঁ মামুতিৰ বিপৰীতে অভিনয় কৰিছিল। নায়িকাৰ চৰিত্ৰত অভিনয় কৰাৰ প্ৰায় সামৰণি পৰাৰ সময়তে ১৯৯৬ চনত ‘আপ্পাজি’ৰ যোগে কন্নড়ত ছবিত তেওঁ প্ৰথম ভূমুকি মাৰে। ৩

১৯৯৫ চনত বিয়া হৈ যোৱাৰ পিছত তেওঁ অভিনয় এৰি দিছিল যদিও ২০০০ চনত পুনৰ কমেডী টেলিভিচন ধাৰাবাহিক ‘ভিট্টুকু ভিডু লোট্টি’ত মূল ভূমিকাত অভিনয় কৰে। লগতে অন্য কিছু প্ৰকল্পতো সহযোগী অভিনেত্ৰী ৰূপে কাম কৰে। ২০০৬ চনত তেওঁ চান টিভিত সম্প্ৰচাৰিত পাৰিবাৰিক বিষয়ক ধাৰাবাহিক ‘মুগাঙ্গল’ত অভিনয় কৰে।২

এক দীঘলীয়া বিৰতিৰ পিছত ২০০৩ চনত তামিল ছবি ‘আলাই’ৰ যোগে তেওঁ চলচ্চিত্ৰ জগতলৈ পুনৰ উভতি আহে।‘আলাই’ত তেওঁ অভিনেতা ৰঘুবৰণৰ (চৰিত্ৰৰ নাম শিলাম্বৰষণ) মাকৰ ভূমিকাত অভিনয় কৰে। তেতিয়াৰে পৰা তেওঁক ২০০০ দশকৰ মাজভাগৰ ছবি ‘ৰাম’ (২০০৫), ‘থাৱমাই থাৱমিৰুন্ধু’, ‘এম মগন’ আদি ছবিত বিশেষকৈ মাকৰ ভুমিকাত দেখা গৈছে।৪

২০১০ চনত তেওঁৰ শততম মুক্তিপ্ৰাপ্ত ছবি, তামিল ভাষাৰ ‘থেনমেৰকু পাৰুৱকাত্ৰু’ত প্ৰেম আৰু অধিকাৰৰ টনা-আজোৰাত জৰাজীৰ্ণ হোৱা এগৰাকী বিধবা মাতৃ ‘বিৰায়ি’ৰ ভাওত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা দখল কৰিবলৈ সক্ষম হৈছিল।৫ ২০০৫ চনৰ এখন গুৰুত্বপূৰ্ণ তামিল ছবি ‘থাৱামাই থাৱামিৰুন্ধু’ৰ যোগে তেওঁ দক্ষিণ ভাৰতৰ এগৰাকী শীৰ্ষস্থানীয় আৰু বিশিষ্ট অভিনেত্ৰী ৰূপে নিজকে সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। ২০১৭ চনলৈ তেওঁ দক্ষিণৰ আটাইতকৈ অধিক মাননি পোৱা সহযোগী অভিনেত্ৰী হৈছিল।৫

২০১৪ চনত তেওঁ ‘ডিজাইন এণ্ড স্কুল অফ ফেচন টেকনোলজী’ (DSOFT) নামেৰে চেন্নাইত এখন ফেচন প্ৰতিষ্ঠান স্থাপন কৰে।৬৭২০১৬ চনৰ ছবি ‘আচামিন্দ্ৰি’ত তেওঁ খলনায়িকাৰ চৰিত্ৰত অভিনয় কৰে।৮৯

ব্যক্তিগত জীৱন

কেৰালাৰ আলাপ্পুঝাৰ এটা খ্ৰীষ্টিয়ান পৰিয়ালত তেওঁৰ জন্ম হৈছিল। মালায়লম ছবিৰ পৰিচালক এ.বি. ৰাজ তেওঁৰ দেউতাক।১০ দেউতাক এ.বি. ৰাজে ৭৫খনতকৈও অধিক চলচ্চিত্ৰ পৰিচালনা কৰিছে। ১৯৯৫ চনত তেওঁ অভিনেতা তথা পৰিচালক পোনভান্ননক বিয়া কৰায়। পোনভান্নন দম্পত্তিৰ দুজনী জীয়েক আছে।১১

তথ্যসূত্ৰ

  1. ↑ Distinguished Alumnae. Women's Christian College
  2. ↑ (25 November 2006). Back into form with a bang. The Hindu
  3. ↑ Nair, Vidya. (14 October 2018). Screen-mother to Superstar. Deccan Chronicle
  4. ↑ Ashok Kumar, S.R. (15 December 2005). An actress who plays her roles with aplomb. The Hindu
  5. ↑ (20 May 2011). Best actor – female: Saranya Ponvannan takes it in her stride – The Times of India. The Times Of India
  6. ↑ Subhakeerthana, S. (14 May 2018). Saranya Ponvannan: Nobody calls me 'madam' on the sets, I'm always their 'Amma'. The New Indian Express
  7. ↑ Anantharam, Chitra Deepa. (16 October 2017). Meet the multi-talented Amma. The Hindu
  8. ↑ Krishnakumar, Ranjani. (13 August 2018). Ms. En Scene: In Praise Of Saranya Ponvannan, The Mother That I Never Had. Silverscreen
  9. ↑ Subramamian, Anupama. (23 December 2016). Saranya Ponvannan: From adorable mom to angry woman. Deccan Chronicle
  10. ↑ (11 June 2011). National Film Awards: Malayalam film 'Adaminte Makan Abu' Best feature film, Salim Kumar Best actor. Malayalam Movies
  11. ↑ (21 June 2011). I never expected the National Award. Rediff

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৰন্য পোনভান্নন” প্ৰবন্ধৰ সংশোধন ৫২৯৮৬০ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।