অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনু আগৰৱাল

অনু আগৰৱাল (ইংৰাজী: Anu Aggarwal; জন্ম: ১১ জানুৱাৰী, ১৯৬৯) এগৰাকী প্ৰাক্তন ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ মূলত আচিকী, খল-নায়িকা, দা ক্লাউড ড'ৰ আৰু থিৰুদা থিৰুদা বোলছবিত কৰা কামৰ বাবে সৰ্বাধিক পৰিচিত।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অনু আগৰৱাল (ইংৰাজী ভাষা: Anu Aggarwal; জন্ম: ১১ জানুৱাৰী, ১৯৬৯) এগৰাকী প্ৰাক্তন ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ মূলত আচিকী, খল-নায়িকা, দা ক্লাউড ড'ৰ আৰু থিৰুদা থিৰুদা বোলছবিত কৰা কামৰ বাবে সৰ্বাধিক পৰিচিত।১

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

অনুৰ জন্ম ১৯৬৯ চনৰ ১১ জানুৱাৰীত দিল্লীত হৈছিল আৰু তেওঁ নতুন দিল্লীতে ডাঙৰ-দীঘল হৈছিল। স্কুলীয়া দিনৰপৰাই তেওঁ অভিনয়ৰ সৈতে জড়িত আছিল। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ এটা একলব্য নাট কৰিবলৈ কঠিন প্ৰতিযোগিতাত উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী বছৰত অষ্টম শ্ৰেণীত তেওঁ এটা থিয়েটাৰ গ্ৰুপ আৰম্ভ কৰে। নৱম শ্ৰেণীত তেওঁ এখন নাটকত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছিল। দশম শ্ৰেণীত তেওঁ এটা চিত্ৰনাট্য লিখিবলৈ আৰম্ভ কৰিছিল, যদিও ব’ৰ্ড পৰীক্ষাৰ বাবে তেওঁ সকলো কাম-বন্ধ কৰিবলগীয়া হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰপৰা সমাজবিজ্ঞানত স্বৰ্ণ পদক লাভ কৰিছিল।২ মডেলিং আৰু ভিডিঅ' জকী (VJ) হিচাপে কিছুদিন কাম কৰাৰ লগতে দূৰদৰ্শনৰ ধাৰাবাহিক ইচি বাহানে (১৯৮৮)-ত অভিনয় কৰাৰ পাছত তেওঁ মিউজিকেল ব্লকবাষ্টাৰ আচিকীৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে। এই ছবিখনৰ পিছতেই তেওঁৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পায়।২

১৯৯৭ চনত তেওঁ বিহাৰ স্কুল অৱ যোগত যোগদান কৰে আৰু এগৰাকী কৰ্মযোগী হিচাপে তাতে থাকে। ১৯৯৯ চনত তেওঁ নিজৰ বস্তু-বাহানি সামৰিবলৈ মুম্বাইলৈ উভতি আহে আৰু সেই সময়তে এক ভয়াবহ গাড়ী দুৰ্ঘটনাত পতিত হয়। আগৰৱাল ২৯ দিন ধৰি ক'মাত আছিল, যাৰ ফলত তেওঁৰ পূৰ্বৰ জীৱনৰ কোনো স্মৃতি নাছিল।৩ ইয়াৰ পিছত ২০০১ চনত তেওঁ এগৰাকী সন্ন্যাসিনী হয়। তেওঁ মুম্বাইত বাস কৰে আৰু বৰ্তমান অবিবাহিতা।৩ তেওঁ যোগাভ্যাস কৰে। তেওঁ এটা সাক্ষাৎকাৰত কৈছিল: "নিজক শক্তিশালী অনুভৱ কৰা, মানুহৰ মাজত অপৰিসীম আত্ম-বিশ্বাস আৰু শ্ৰেষ্ঠত্বৰ অনুভূতিৰে খোজ কঢ়াটো ভুল নহয়। শাৰীৰিক শক্তিৰ এই শ্ৰেষ্ঠত্বৰ ভাব মানৱ জাতিৰ দীৰ্ঘ ইতিহাসৰ লোককথা, গীত আৰু কবিতাত শক্তিশালী মহিলাসকলক জনোৱা সন্মানৰ জৰিয়তে প্ৰকাশ পায়।"

আগৰৱাল এগৰাকী টেড ফিচাৰ্ড মোটিভেচনেল স্পীকাৰ। তেওঁ মানসিক স্বাস্থ্য, পাৰিপাৰ্শ্বিক সুস্থতা, মানসিক চাপৰপৰা মুক্তি আৰু বৰ্তমানৰ প্ৰত্যাহ্বানমূলক সময়ত আনন্দ বিচাৰি পোৱাৰ লক্ষ্যৰে 'অনু আগৰৱাল ফাউণ্ডেশ্যন' পৰিচালনা কৰে।২

তথ্যসূত্ৰ

  1. ↑ Kulkarni, Vishwas. (4 May 2008). The Enigma of Arrival. Mumbai Mirror
  2. ↑ (9 December 2015). From Wonder Girl Of 'Aashiqui' To A Sanyasi, This Is Anu Aggarwal's Story In Her Own Words!. indiatimes.com
  3. ↑ (13 June 2010). Aashiqui star returns to life, turns author. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মডেলভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনু আগৰৱাল” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৬১ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।