অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিতা শ্ৰফ আদাজানিয়া

অনিতা শ্ৰফ আদাজানিয়া (ইংৰাজী: Anaita Shroff Adajania; জন্ম: ২৫ ফেব্ৰুৱাৰী, ১৯৭২) এগৰাকী ভাৰতীয় ফেশ্বন ষ্টাইলিষ্ট, পোছাক পৰিকল্পনাকৰ্তা (কষ্টিউম ডিজাইনাৰ) আৰু অভিনেত্ৰী। তেওঁ ভ’গ ইণ্ডিয়া ফেশ্বন আলোচনীৰ ফেশ্বন ডিৰেক্টৰ।

হালনাগাদ: ২৪ জুন ২০২৬ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অনিতা শ্ৰফ আদাজানিয়া (ইংৰাজী: Anaita Shroff Adajania; জন্ম: ২৫ ফেব্ৰুৱাৰী, ১৯৭২) এগৰাকী ভাৰতীয় ফেশ্বন ষ্টাইলিষ্ট, পোছাক পৰিকল্পনাকৰ্তা (কষ্টিউম ডিজাইনাৰ) আৰু অভিনেত্ৰী। তেওঁ ভ’গ ইণ্ডিয়া ফেশ্বন আলোচনীৰ ফেশ্বন ডিৰেক্টৰ।১

প্ৰাৰম্ভিক জীৱন

আদাজানিয়াৰ জন্ম ১৯৭২ চনৰ ২৫ ফেব্ৰুৱাৰীত২৩ মহাৰাষ্ট্ৰৰ বোম্বাইত (বৰ্তমান মুম্বাই) এটা পাৰ্চী পৰিয়ালত হৈছিল।৪৫ তেওঁ মুম্বাইৰ 'দা বোম্বে ইণ্টাৰনেচনেল স্কুল' আৰু 'চেইণ্ট জেভিয়াৰ্চ কলেজ'ত অধ্যয়ন কৰিছিল।৫

কৰ্মজীৱন

১৯৯৬ চনত ভাৰতত এলে আলোচনীখন মুকলি হোৱাৰ লগে লগে তেওঁ এগৰাকী সহকাৰী ফেশ্বন এডিটৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৬ পৰৱৰ্তী সময়ত তেওঁ ভ’গ ইণ্ডিয়াৰ ফেশ্বন ডিৰেক্টৰ হোৱাৰ পূৰ্বে এল’ফিচিয়েল ইণ্ডিয়াৰ সৈতে কাম কৰিছিল।৩৭

'ষ্টাইল চেল' কোম্পানীৰ স্বত্বাধিকাৰী আদাজানিয়াই কেইবাখনো বলীউডী ছবি যেনে ধুম ২, বিইং চাইৰাছ, এভ্ৰিবডী চেজ আই এম ফাইন! , লাভ আজ কাল (২০০৯) আৰু ককটেইলত কৰা ডিজাইনৰ কামৰ বাবে পৰিচিতি লাভ কৰিছে।৮৯ উল্লেখযোগ্য যে তেওঁ ধুম ধাৰাবাহিকৰ তিনিওখন ছবিৰে ষ্টাইলিং কৰিছে। ২০০৪ চনৰ ধুমত জন আব্ৰাহাম আৰু এশা দেউলৰ সাজ-সজ্জাৰ কাম কৰাৰ পাছত তেওঁ ধুম ২ত ঐশ্বৰ্য ৰায় বচ্চন, ঋত্বিক ৰোশন আৰু বিপাশা বসুৰ সৈতে কাম কৰিছিল। ইয়াৰ পৰৱৰ্তী ছবি ধুম ৩ত তেওঁ কেটৰিণা কাইফৰ ষ্টাইলিং কৰিছিল।১০

তেওঁৰ ডিজাইনসমূহ ভ’গ, এল’ফিচিয়েল, এলে আৰু ৰোলিং ষ্টোনৰ দৰে আলোচনীত প্ৰকাশ পাইছে।৪১১ শ্ৰফে বৰ্তমান অভিনেত্ৰী দীপিকা পাডুকনৰ সকলো অনুষ্ঠানৰ বাবে একচেটিয়াভাৱে ষ্টাইলিং কৰে।১২১৩

ইয়াৰ উপৰি তেওঁ বোলছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছে। যেনে দিলৱালে দুলহানিয়া লে জায়েংগে (১৯৯৫) বোলছবিত তেওঁ লণ্ডনত থকা চিমৰণৰ (কাজল) বান্ধৱী চিনাৰ চৰিত্ৰত অভিনয় কৰিছিল।১৪ আকৌ কাল হো না হো (২০০৩) বোলছবিত তেওঁ ৰোহিতৰ (চাইফ আলী খান) বান্ধৱী গীতাৰ চৰিত্ৰত অভিনয় কৰিছিল।১৪

তথ্যসূত্ৰ

  1. ↑ (29 March 2020). HT Brunch Cover Story: Some good-natured bawi banter!. Hindustan Times
  2. ↑ (25 February 2021). Kareena wishes Anaita Shroff on birthday but with a sassy comment for Saif. Hindustan Times
  3. ↑ (6 January 2013). Q&A With Vogue Fashion Director Anaita Shroff Adajania. Mumbai Boss
  4. ↑ (28 November 2006). Making Hrithik, Ash look super hot. Rediff.com, movies
  5. ↑ (29 July 2017). "It's a myth that fashionable clothes work only on skinny people," celebrity stylist Anaita Shroff Adajania shoots straight. Hindustan Times
  6. ↑ (17 July 2010). 5 steps to being a stylist: Anaita Shroff. Hindustan Times
  7. ↑ (12 August 2010). Fashion Director Anaita Shroff Adajania. www.vogue.in
  8. ↑ Wadhwani, Sita. (17 March 2015). Anaita Shroff Adajania, Fashion Director. The Business of Fashion
  9. ↑ (1 January 2007). Anaita Shroff - The stylist for Dhoom 2. OneIndia
  10. ↑ (20 December 2013). Dhoom 3: Body of work. Livemint
  11. ↑ (12 October 2004). Anaita Shroff Adajania. Indiatimes
  12. ↑ Blaggan, Ishita. (12 September 2014). NDTV Exclusive: Finding Fanny Designer Anaita Shroff on Dressing Dimple and the Sixth Oddball. NDTV
  13. ↑ (18 February 2013). Hrithik and Deepika have Anaita to thank. Emirates247.com
  14. ↑ (20 October 2020). Anaita Shroff Adajania on playing Kajol's friend Sheena in DDLJ: 'I did it for a laugh and a paid holiday to Europe'. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা শ্ৰফ আদাজানিয়া” প্ৰবন্ধৰ সংশোধন ৬১৪১৩৩ (২৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।