অনু সীতাৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ মালয়ালম ছবিত অভিনয় কৰে।১ তামিল কিছুমান ছবিতো অভিনয় কৰিছে। ২০১৩ চনত শিশু শিল্পী পট্টাছ বম হিচাপে অভিষেক ঘটা অনুৰ লগতে এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী আৰু মঞ্চ অনুষ্ঠানৰ বাবে সুপৰিচিত।
ব্যক্তিগত জীৱন
১৯৯৫ চনৰ ২১ আগষ্ট মাহত২৩৪ ৰেণুকা আৰু আব্দুল চালামৰ ঘৰত অনুৰ জন্ম হয়। তেওঁৰ এগৰাকী সহোদৰা ভনী, অনু সোনোৰা।৫৬৭ সীতাৰাই কলপেটাৰ এছ কে জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু পিছলৈ ডব্লিউ এম অ’ আৰ্টছ এণ্ড ছায়েন্স কলেজৰ পৰা বি.কম ডিগ্ৰী লাভ কৰিছিল। তেওঁ নৃত্যৰ ক্লাছত সদায় সক্ৰিয় আছিল আৰু তেতিয়াৰ পৰা অনুৱে বহু পুৰস্কাৰ লাভ কৰিছে। কেৰালাৰ কলামণ্ডলমৰ তেওঁ পৰা শাস্ত্ৰীয় নৃত্য শিকিছিল। ২০১৫ চনত তেওঁৰ প্ৰেমিক বিষ্ণু প্ৰসাদৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৮
অভিনয় জীৱন
২০১৩ চনত অভিনয়ৰ ক্ষেত্ৰখনত খোজ দিয়া সীতাৰাই মালয়ালম চিনেমাত পোটাছ বম নামৰ চিনেমাৰ জৰিয়তে অভিনয় জীৱনত আত্মপ্ৰকাশ কৰে। পিছলৈ ছুপাৰ হিট ছবি অৰু ইণ্ডিয়ান প্ৰাণায়াকাধত তেওঁ এটা সৰু চৰিত্ৰত অভিনয় কৰে। ২০১৫ চনত শচীৰ ছবি আনাৰকলিত আথিৰাৰ নামৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল। তেতিয়াৰ পৰাই তেওঁ হেপি ৱেডিং, কেম্পাছ ডায়েৰী, মৰুপদী আদি চিনেমাত অভিনয় কৰি আহিছে।
২০১৭ চনত অনু সীতাৰাই কুঞ্চাকো বোবানৰ সৈতে ৰমান্তে এডানথটম ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালনা কৰিছিল ৰঞ্জিত শংকৰে। ছবিখন সফল হোৱাৰ লগতে দৰ্শক আৰু সমালোচকৰ পৰাও ইতিবাচক সমালোচনা লাভ কৰে। পিছলৈ আচায়ন, সৰ্বপৰী পলাক্কাৰণ, আনা আলাৰালোদালাৰাল আদি ছবিত অভিনয় কৰে। তাৰ পিছত তেওঁ কেপ্তেইন ছবিখনত অভিনয় কৰে আৰু তেওঁৰ ভূমিকাৰ বাবে দৰ্শক সমালোচকৰ বিশেষ প্ৰশংসা লাভ কৰে। ইয়াৰ পিছত টভিনো থমাছৰ সৈতে অৰু কুপ্ৰসিদ্ধ পায়্যান নমাৰ ছবিত অভিনয় কৰি ২০১৯ চনত শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালমৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। মালয়ালম ভাষা ভাষাৰ ছবিত অভিনয় কৰাৰ উপৰিও অনুৱে ২০১৮ চনত পোধু নলন কাৰুধি নামৰ তামিল ছবিৰে তামিল চিনেমাত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে; ছবিখনত তেওঁ কৰুণাকৰনৰ বিপৰীতে মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছিল।
২০১৯ চনত শ্ৰীজা কৃষ্ণনৰ চৰিত্ৰত শুভৰাত্ৰি নামৰ ছবিত অভিনেতা দিলীপৰ সৈতে একেখন পৰ্দাতে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পৰিচালনা আৰু ৰচনা কৰিছিল ব্যাসন কে.পি.ৰ। পিছলৈ এম পদ্মকুমাৰৰ পৰিচালিত একচন-ড্ৰামা মামংগামত অভিনয় কৰে। মামমুক্কা, উন্নী মুকুন্দন, আৰু ছিদ্দিকতো অভিনয় কৰে। ২০২০ চনত উন্নিময়া(পাৰ্শ্ব চৰিত্ৰ) নামৰ চৰিত্ৰত মনিয়াৰায়লে অশোকন ছবিত সহ অভিনয় কৰাৰ পিছত অনুক শেষবাৰৰ বাবে ১২ নং মেন ছবিখনত মেৰিনৰ চৰিত্ৰত দেখা গৈছিল। জীথু জোচেফৰ পৰিচালনাত মোহনলালে মুখ্য চৰিত্ৰত অভিনয় কৰা এইখন এখন থ্ৰিলাৰ চিনেমা আছিল।
বঁটা-সন্মান
অনু সীতাৰাই বিভিন্ন বঁটা আৰু সন্মান লাভ কৰে৷ উল্লেখযোগ্য কেইটামান: ২০১৮ চনত মালায়ালম ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে৷৯ সেই একেটা বছৰতে ৬৫সংখ্যক দক্ষিণ ফিল্মফেয়াৰ বঁটাৰো মনোনয়ন লাভ কৰে৷১০ ২০১৯ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে৷১১ ২০১৯ত অৰু কুপ্ৰসিদ্ধ প্যায়ান ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ এছিয়ানেট ফিল্ম এৱাৰ্ড লাভ কৰে৷
তথ্যসূত্ৰ
- ↑ Elizabeth Thomas. (7 June 2015). The perfect desi girl: Anu Sithara. Deccan Chronicle
- ↑ (21 August 2019). Happy birthday Anu Sithara: Here are 5 lesser known facts the about the actress. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Happy Birthday Anu Sithara: 5 videos of the danseuse that you must watch right away!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Nimisha Sajayan's lovely note for Anu Sithara on her birthday. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Soman, Deepa. Anu Sithara's sister debuts in Mollywood. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ അനിയത്തിയ്ക്കൊപ്പം പാട്ടും ഡാൻസുമായി അനു സിത്താര; ഇത് ബെസ്റ്റ് കോംബോ ആണെന്ന് ആരാധകർ. ManoramaOnline
- ↑ അച്ഛൻ അബ്ദുൽ സലാം; അമ്മ രേണുക; 95 ൽ ആണ് ജനിച്ചത്; അവരുടെ ചിങ്ങിണിയാണ് താനെന്നും അനു സിത്താര!. Samayam Malayalam
- ↑ (5 July 2019). My husband supports me a lot, says Anu Sithara
- ↑ 65th Jio Filmfare Awards South 2018: Official list of nominations. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (8 June 2015). Nominations for the 65th Jio Filmfare Awards South 2018. filmfare
- ↑ Best Malayalam Actor in Leading Role Female 2019 Nominees · Filmfare Awards. filmfare.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনু সীতাৰা” প্ৰবন্ধৰ সংশোধন ৫০৭০১১ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।