অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেণুকা সাহানে

ৰেণুকা সাহানে ( Renuka Shahane), (জন্ম: ৭ অক্টোবৰ ১৯৬৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰ আৰু কেইবাখনো টেলিভিছন প্ৰযোজনাৰ বাবে বহুলভাৱে পৰিচিত।

হালনাগাদ: ১৩ আগষ্ট ২০২৫ ৪৭১ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰেণুকা সাহানে ( Renuka Shahane), (জন্ম: ৭ অক্টোবৰ ১৯৬৬)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰ আৰু কেইবাখনো টেলিভিছন প্ৰযোজনাৰ বাবে বহুলভাৱে পৰিচিত। দূৰদৰ্শনৰ টিভি শ্ব' সুৰভি(১৯৯৩–২০০১)ৰ সহ-উপস্থাপিকা হিচাপে তেওঁ বেছিকৈ পৰিচিত।[2] মাৰাঠী ফিল্মফেয়াৰ এৱাৰ্ডকে ধৰি তেওঁ কেইবাটাও বঁটা আৰু বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।

প্ৰাৰম্ভিক জীৱন

ৰেণুকা সাহানেৰ জন্ম হৈছিল বম্বে (বৰ্তমানৰ মুম্বাই)ৰ এটা মাৰাঠী পৰিয়ালত।২৩ তেওঁৰ পিতৃ লেফটেনেণ্ট চি.ডি.আৰ. বিজয় কুমাৰ সাহানে, ভাৰতীয় নৌসেনাৰ এজন বিষয়া আছিল।৩ তেওঁৰ মাতৃ শান্তা গোখলে এগৰাকী নাটকৰ সৈতে জড়িত ব্যক্তি আৰু চলচ্চিত্ৰ সমালোচক, যিয়ে মূলতঃ মাৰাঠী থিয়েটাৰত কাম কৰিছিল। ৰেণুকাৰ অতি কম বয়সতে মাকে পিতৃক বিবাহ বিচ্ছেদ কৰি চলচ্চিত্ৰ নিৰ্মাতা অৰুণ খোপকাৰক বিয়া কৰায়।৪ দ্বিতীয় বিবাহৰো বিচ্ছদৰ দ্বাৰা অন্ত পৰিছিল আৰু তাৰ পিছত শান্তা গোখালেএ জেৰী পিণ্টোৰ সৈতে দীঘলীয়া বন্ধুত্ব আৰম্ভ কৰে, যি তেওঁৰ দৰেই এজন চলচ্চিত্ৰ সাংবাদিক আছিল। ৰেণুকা আৰু তেওঁৰ একমাত্ৰ ভাতৃ গিৰীশ সাহানে মুম্বাইত মাকৰ সৈতে ডাঙৰ-দীঘল হৈছিল। ৰেণুকাই ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা মনোবিজ্ঞানত স্নাতক (বি.এ.) ডিগ্ৰী লাভ কৰে আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ক্লিনিকেল চাইক'লজিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫

তেওঁৰ ভাতৃ গিৰীশ সাহানে এজন তদানীন্তন সময়ৰ এগৰাকী লেখক, শিল্প সমালোচক আৰু শিল্পী যিয়ে কেইবাখনো শিল্প মেলাৰ সৈতে জড়িত আৰু Scroll.in ৰ এগৰাকী স্তম্ভলেখক।৬৭

ব্যক্তিগত জীৱন

ৰেণুকাই দুবাৰ বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ প্ৰথম বিবাহ হৈছিল মাৰাঠী নাট্যকাৰ আৰু পৰিচালক বিজয় কাংকাৰেৰ সৈতে যদিও তেওঁলোকৰ বিবাহ বেছি দিন নিটিকিল আৰু অতি সোনকালেই তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।৮ ইয়াৰ পিছত ৰেণুকাই আশুতোষ ৰাণা (মূল নাম আশুতোষ নিখৰা)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, যি এজন বলীউডৰ অভিনেতাও।৯ তেওঁলোকৰ দুটি পুত্ৰ সন্তান আছে, তেওঁলোকৰ নাম শৌৰ্য্যমন নিখৰা আৰু সত্যেন্দ্ৰ নিখৰা।১০১১

কৰ্মজীৱন

মাৰাঠী ছবি হাচ সুনবাইচা ভাউৰ জৰিয়তে ৰেণুকা সাহানে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ হিন্দী ভাষাৰ বিপুল জনপ্ৰিয় টিভি শ্ব’ সুৰভীৰ দুগৰাকী এংকৰৰ ভিতৰত এগৰাকী হিচাপে কাম কৰিছিল আৰু এইটোৱেই তেওঁৰ নামটো ঘৰে ঘৰে সোমাই পৰিছিল। তেওঁৰ খোলা হাঁহিটো সেই যুগত মোহনীয়াতৰ আন নাম হৈ পৰিছিল৷ যেতিয়া দূৰদৰ্শন ভাৰতৰ একমাত্ৰ টিভি চেনেল আছিল আৰু তেতিয়া ৰেণুকা নিশ্চিতভাৱে ১৯৮০ চনৰ অন্যতম জনপ্ৰিয় টিভি ব্যক্তিত্ব হৈ পৰিছিল।১২১৩ ১৯৯৪ চনত সুৰভীৰ উপস্থাপন কৰাৰ সময়ত খ্যাতিৰ উচ্চতাত থকাৰ সময়তে ৰেণুকাই হম আপকে হায় কৌন..! চিনেমাখনত অভিনয় কৰাৰ সুযোগ পাইছিল, যিখন ছবি অতি সোনকালেই সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় চিনেমা হিচাপে পৰিগণিত হয়।১৪১৩ ছবিখনত তেওঁৰ ভূমিকাৰ উচ্চ প্ৰশংসা কৰা হৈছিল আৰু ই তেওঁৰ চৰিত্ৰক এক পৰম্পৰাগত মূল্যবোধৰ ভাবমূৰ্তি আনি দিছিল।১৫ তেওঁ মাৰাঠী ছবি আবোলি ত অভিনয় কৰিছিল, য’ত তেওঁৰ অভিনয়ৰ উচ্চ প্ৰশংসা কৰা হৈছিল আৰু ১৯৯৫ চনত তেওঁক মাৰাঠী ফিল্মফেয়াৰ বঁটাৰ মাৰাঠী শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল৷

ৰেণুকা সাহানে বহু মাৰাঠী ছবিত অভিনয় কৰিছে। পৰিচালক হিচাপে তেওঁৰ প্ৰথমখন মাৰাঠী ছবি মুক্তি লাভ কৰে, যাৰ নাম আছিল ৰীতা। মাতৃ শান্তা গোখলেৰ উপন্যাস “ৰীতা ৱেলিংকাৰ’’ৰ পৰা নিৰ্মিত ছবিখনত১৬ ৰেণুকাই নায়িকা ৰীতাৰ এগৰাকী বন্ধু, পথ প্ৰদৰ্শক আৰু দাৰ্শনিকৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ৰীতাৰ অভিনেতা-অভিনেত্ৰী আছিল জেকী শ্ৰফ, পল্লৱ যোশী, সুহাচিনী মুলায় আৰু মোহন আগশ্বে। ৰাম গোপাল বাৰ্মাই প্ৰযোজনা কৰা এখন তেলেগু চিনেমা মানিতো অভিনয় কৰিছিল, যিখন চিনেমা যথেষ্ট হিট হৈছিল।

তেওঁ অভিনয় কৰা প্ৰাৰম্ভিক ভাৰতীয় টেলিভিছন ধাৰাবাহিকসমূহৰ ভিতৰত চাৰ্কাছ আছিল অন্যতম। তেতিয়াৰ তুলনামূলকভাৱে অচিনাকি শ্বাহৰুখ খানৰ চৰিত্ৰটোৰ প্ৰেমৰ আবেদনক চিত্ৰিত কৰা হৈছিল। আন এখন টেলিভিছন ধাৰাবাহিক ইমতিহান ত এগৰাকী দৃঢ় ইচ্ছাশক্তিৰে অভিনয় কৰা তেওঁৰ ভূমিকাক বহুতে প্ৰশংসা কৰিছিল। ত্ৰিভংগা হৈছে ৰেণুকা সাহানেৰ প্ৰথম হিন্দী পৰিচালনা য'ত কাজল, তনৱী আজমী, মিথিলা পালকাৰ, কুনাল ৰয় কাপুৰ, বৈভৱ ততৱাৱাড়ী, মানৱ গোহিল, কনৱালজীত সিং, শ্বেতা মেহেন্দলে, নিশাংক ভাৰ্মাই অভিনয় কৰিছে।১৭

তথ্যসূত্ৰ

  1. ↑ Renuka Shahane. (26 March 2014). @nirmalpathak @Wikipedia My birthday is on the 7th of October:-)
  2. ↑ Renuka Shahane - Marathi actresses without make-up. The Times of India
  3. ↑ Shah, Manasi. (13 September 2020). Is Mumbai a mini Pakistan? I am sorry, but it is not even close. The Telegraph
  4. ↑ (21 January 2021). Renuka Shahane says after her parents' divorce, kids were asked not to play with her as she came from a 'broken family'. Hindustan Times
  5. ↑ (21 August 2019). Renuka Shahane feels she has done good work, says 'I don't have regrets about my career'. Hindustan Times
  6. ↑ Girish Shahane. Huff Post (Huffington Post) India
  7. ↑ Girish Shahane's Profile, JNAF. Jehangir Nicholson Art Foundation
  8. ↑ (10 February 2017). "Talk To Your Boys About Periods, It's Important" Says Actor Renuka Shahane
  9. ↑ (9 October 2020). Renuka Shahane and Ashutosh Rana 'played phone a friend for 3 months' before confessing their love: Their old school love story. Hindustan Times
  10. ↑ (25 May 2020). Ashutosh Rana, Renuka Shahane celebrate 19 years of marriage with wedding pic, notes of love: 'I am forever yours'. Hindustan Times
  11. ↑ (11 July 2018). Thanks to Ashutosh Rana's A-certificate filmography, his kids have seen only one of his films. Hindustan Times
  12. ↑ Renuka Shahane to make a comeback on TV; a look at her 5 best TV shows. India Today
  13. ↑ (2 January 2018). Renuka Shahane on 'Surabhi': 'The osmosis that defines India can never be stopped'. Scroll.in
  14. ↑ Footman, Tim; Young, Mark C. (May 2001). Guinness World Records 2001. Bantam Books. পৃ. 147. ISBN 9780553583755
  15. ↑ (8 February 2018). Will be seen in more films now, says Hum Aapke Hain Koun actor Renuka Shahane. indiatvnews.com
  16. ↑ (19 April 2017). "Women Are Strong. Period!" Says Renuka Shahane
  17. ↑ (15 January 2021). Tribhanga Movie Review: Kajol, Renuka Shahne bring forth a tear-jerking and near-perfect tale of flawed-yet-real women. Bollywood Bubble

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণুকা সাহানে” প্ৰবন্ধৰ সংশোধন ৫৩২১৩৩ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।