আইল্যা গোপালকৃষ্ণন (জন্ম: ২৯ মাৰ্চ ১৯৮৭), যিজনী পেছাগতভাৱে অনন্যা (ইংৰাজী ভাষা: Ananya) নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ মালয়ালম ভাষা আৰু তামিল ভাষা ভাষাৰ চলচ্চিত্ৰৰ লগতে কেইখনমান তেলুগু ভাষা আৰু কন্নড় ভাষা ছবিত অভিনয় কৰে। তেওঁ এগৰাকী কণ্ঠশিল্পী আৰু এগৰাকী ধনুৰ্ধৰো।
২০০৮ চনত মালয়ালম ছবি পজিটিভৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে আৰু পিছৰ বছৰত নাডোডীগল ছবিখনৰ জৰিয়তে তামিল ছবিত আত্মপ্ৰকাশ কৰে, যিখন ছবি সমালোচনাত্মক আৰু ব্যাৱসায়িকভাৱে সফল প্ৰমাণিত হয়।১ তেওঁ ২০১২ চনত দূৰে নামৰ টেলিফিল্মখনৰ বাবে কেৰালা ৰাজ্যিক টেলিভিছন বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আৰু ২০১১ চনত এংগেইয়ুম এপপোথুম ছবিৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (তামিল ভাষা) লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
কেৰালাৰ কচিত চলচ্চিত্ৰ প্ৰযোজক গোপালকৃষ্ণন নায়াৰ আৰু প্ৰসীতাৰ ঔৰসত আইল্যা নামেৰে অনন্যাৰ জন্ম হৈছিল।২ অৰ্জুন নামৰ তেওঁৰ এজন কনিষ্ঠ ভাতৃ আছে। তেওঁৰ নামটো তেওঁৰ জন্ম নক্ষত্ৰ আশ্লেষাৰপৰা লোৱা হৈছে, যাক মালয়ালম ভাষাত আইল্যম বুলি কোৱা হয়। তেওঁ কচিৰ চেইণ্ট জোচেফ হাইস্কুলত অধ্যয়ন কৰিছিল আৰু তাৰ পিছত আলুভাৰ চেইণ্ট জেভিয়াৰ্ছ কলেজ ফৰ ৱমেনত কমিউনিকেটিভ ইংলিছত স্নাতক ডিগ্ৰী লাভ কৰে।২৩
শৈশৱত তেওঁ এগৰাকী ধনুৰ্ধৰ আছিল আৰু ৰাজ্যিক চেম্পিয়নশ্বিপ জয় কৰিছিল।৪ এখন টেলিভিছন ৰিয়েলিটি শ্ব’ ষ্টাৰ ৱাৰ্ছত তেওঁ নিজৰ মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি থকাৰ সময়তে বিভিন্ন চলচ্চিত্ৰ পৰিচালকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে। প্ৰায় পাঁচটা প্ৰকল্প নাকচ কৰাৰ পাছত শেষত তেওঁ এবাৰ চেষ্টা কৰি চাবলৈ সিদ্ধান্ত লয় আৰু পজিটিভ ছবিত অভিনয় কৰিবলৈ মান্তি হয়।৩ তেওঁ তেওঁৰ পিতৃৰদ্বাৰা প্ৰযোজিত এখন ছবি (কাৰ্যবাহী প্ৰযোজক) পাই ব্ৰাদাৰ্ছত (১৯৯৫) শিশু শিল্পী হিচাপে অভিনয় কৰিছিল।৩ তেওঁৰ ঘৰ পেৰুম্বাভুৰত অৱস্থিত।৫
চলচ্চিত্ৰ জীৱন
তেওঁৰ প্ৰথমখন তামিল ছবি নাডোডীগলত কাম কৰি থকাৰ সময়তে তেওঁৰ পৰিচিত নাম সলাই অনন্যা কৰা হৈছিল।৪ ছবিখন ব্যাৱসায়িকভাৱে যথেষ্ট সফল হৈছিল আৰু এই ছবিখনত কৰা অভিনয়ৰ বাবে অনন্যায় বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ একেখন ছবিৰে মালয়ালম ৰিমেক ইথু নাম্মুডে কথাতো একেটা চৰিত্ৰতে অভিনয় কৰে।৬ মোহনলালৰ সৈতে কৰা শিকাৰ ছবিখনৰ জৰিয়তে তেওঁ মালয়ালম চলচ্চিত্ৰত এক ডাঙৰ সুযোগ লাভ কৰে। ছবিখনৰ ক্লাইমেক্সত তেওঁ কৰা কিছুমান ৰোমাঞ্চকৰ দৃশ্যই মোহনলালক ইমানেই আপ্লুত কৰিছিল যে তেওঁ অনন্যাক মালয়ালম ছবিৰ "বিজয়শাশান্তি" বুলি অভিহিত কৰিছিল।৭ ইয়াৰ উপৰি তেওঁ কান্দাহাৰ ছবিতো এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল য’ত তেওঁ মোহনলাল আৰু অমিতাভ বচ্চনৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল।৮ ২০১১ চনত অনন্যায় এংগেইয়ুম এপপোথুমত অন্যতম মুখ্য মহিলা চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবিয়ে ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে এক ‘শ্লিপাৰ হিট’ হিচাপে পৰিগণিত হৈছিল।৯১০
২০১৪ চনত তিনি বছৰৰ বিৰতিৰ পিছত তেওঁৰ প্ৰথম তামিল ছবি পুলিভাল মুক্তি পায়।১১
তথ্যসূত্ৰ
- ↑ ml:സിനിമയല്ലാതെ മറ്റൊന്നും മോഹിപ്പിക്കുന്നില്ല
- ↑ MediaMatiqx. MediaMatiqx
- ↑ Shilpa Nair Anand. (16 September 2011). Life & Style / Metroplus: Arching towards success. The Hindu
- ↑ Keerthy Ramachandran DC Kochi. (3 September 2011). Name to fame. Deccan Chronicle
- ↑ MediaMatiqx. www.mediamatiqx.com
- ↑ Ithu Nammude Katha Review. Rediff.com
- ↑ Ananya Films. zimbio.com
- ↑ Ananya Profile. zimbio.com
- ↑ Nandita Ravi. (6 November 2011). Engaeyum Eppothum is aiming for a century. The Times of India. TNN
- ↑ (21 October 2011). 'Didn't think people would love Amudha so much'. Rediff.com
- ↑ Zachariah, Ammu. 'Chappa Kurishu' turns 'Pulival' in Kollywood. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনন্যা” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৬৪ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।