অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অঞ্জৰী অলঘ

অঞ্জৰী অলঘ (ইংৰাজী: Anjori Alagh) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ অভিনেত্ৰী মায়া অলঘ আৰু সুনীল অলঘৰ কন্যা। তেওঁ মাত্ৰ ৪ বছৰ বয়সতে এটা বিজ্ঞাপনৰ জৰিয়তে প্ৰথম আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ অভিষেকী চলচ্চিত্ৰ আছিল বিক্ৰম ভাটৰ লাইফ মেইন কভী কভী (২০০৭)।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অঞ্জৰী অলঘ (ইংৰাজী ভাষা: Anjori Alagh) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ অভিনেত্ৰী মায়া অলঘ আৰু সুনীল অলঘৰ কন্যা। তেওঁ মাত্ৰ ৪ বছৰ বয়সতে এটা বিজ্ঞাপনৰ জৰিয়তে প্ৰথম আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ অভিষেকী চলচ্চিত্ৰ আছিল বিক্ৰম ভাটৰ লাইফ মেইন কভী কভী (২০০৭)। তেওঁ এগৰাকী প্ৰশিক্ষিত কথক নৃত্যশিল্পী।১

পটভূমি

অঞ্জৰীৰ জন্ম পঞ্জাবৰ লুধিয়ানাত এটা পঞ্জাবী পৰিয়ালত হৈছিল। তেওঁৰ মাতৃ মায়া অলঘ এগৰাকী জনপ্ৰিয় বলীউডৰ চৰিত্ৰ অভিনেত্ৰী আৰু পিতৃ সুনীল অলঘ ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) আছিল। অঞ্জৰীৰ চাৱৰী নামৰ এগৰাকী ভগ্নীও আছে, যি এনডিটিভিৰ মুখ্য কাৰ্যবাহী বিষয়া সমীৰ নায়াৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

কৰ্মজীৱন

অঞ্জৰী অলঘে চাৰি বছৰ বয়সৰপৰাই অভিনয় আৰম্ভ কৰিছিল আৰু প্ৰহ্লাদ কক্কৰৰ সৈতে মেগী আৰু কোডাকৰ বাবে বহুতো বিজ্ঞাপন কৰিছিল। ১০ বছৰ বয়সত অঞ্জৰীয়ে পঢ়া-শুনা সম্পূৰ্ণ কৰিবলৈ অভিনয় ত্যাগ কৰে। তেওঁ ওহিঅ'ত অৰ্থনীতি আৰু ব্যৱসায় পৰিচালনা পঢ়িবলৈ আমেৰিকালৈ যায়। ষ্টেনফৰ্ড এক্টিং স্কুলত গ্ৰীষ্মকালীন শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ পঢ়া-শুনা সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহে আৰু কিশোৰ নমিত কাপুৰ এক্টিং ইনষ্টিটিউটত প্ৰশিক্ষণ লয়। মাতৃয়ে অঞ্জৰীক তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতে পথ প্ৰদৰ্শন কৰিছিল আৰু চলচ্চিত্ৰ নিৰ্মাতা বিক্ৰম ভাটৰ সৈতে চিনাকি কৰাই দিছিল। অঞ্জৰীয়ে ভাটৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু কেইমাহমানৰ পিছত তেওঁ ভাটৰপৰা এটা ফোন কল পাইছিল যিয়ে তেওঁক তেওঁৰ চলচ্চিত্ৰ লাইফ মেইন কভী কভীত এটা চৰিত্ৰৰ প্ৰস্তাৱ দিছিল। ভাট তেওঁৰ অভিনয়ত মুগ্ধ হৈছিল আৰু ২০০৮ চনত তেওঁৰ পৰৱৰ্তী ছবি ১৯২০ত তেওঁক পুনৰ অভিনয়ৰ সুযোগ দিছিল, যিখন বক্স অফিচত সমালোচনাত্মক আৰু ব্যাৱসায়িকভাৱে সফল হৈছিল। অঞ্জৰীয়ে এনডিটিভি ইমাজিনৰ ধাৰাবাহিক সীতা ঔৰ গীতাত অভিনয় কৰিছে।

তথ্যসূত্ৰ

  1. ↑ (14 March 2007). I liked the lovemaking scene in KANK, says Anjori Alagh. Daily News and Analysis

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জৰী অলঘ” প্ৰবন্ধৰ সংশোধন ৫৯৮৪৫০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।