অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সাহিত্য জগন্নাথন

সাহিত্য জগন্নাথন (ইংৰাজী: Sahithya Jagannathan) এগৰাকী ভাৰতীয় ক্ৰীড়া ঘোষিকা, ভিজে, স্তম্ভলেখক, মডেল, অভিনেত্ৰী আৰু ২০০৯ চনৰ মিছ চেন্নাই প্ৰতিযোগিতাৰ বিজয়ী।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

সাহিত্য জগন্নাথন (ইংৰাজী ভাষা: Sahithya Jagannathan) এগৰাকী ভাৰতীয় ক্ৰীড়া ঘোষিকা, ভিজে, স্তম্ভলেখক, মডেল, অভিনেত্ৰী আৰু ২০০৯ চনৰ মিছ চেন্নাই প্ৰতিযোগিতাৰ বিজয়ী।১২

কেৰিয়াৰ

২০০৯ চনত মিছ চেন্নাই খিতাপ জয় কৰাৰ পাছত সাহিত্যই ২০১০ চনত কোৰিয়াৰ চিউলত অনুষ্ঠিত ৱৰ্ল্ড মিছ ইউনিভাৰ্চিটি প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু মিছ স্পীচ খিতাপ অৰ্জন কৰিছিল।৩ তেওঁ চেন্নাইৰ এম.অ'.পি. বৈষ্ণৱ কলেজ ফৰ উইমেনত সাংবাদিকতাৰ ডিগ্ৰী লাভ কৰাৰ লগতে মডেলিং কেৰিয়াৰো সমান্তৰালভাৱে চলাই গৈছিল।৩৪ এগৰাকী মডেল হিচাপে তেওঁ চেন্নাই আন্তঃৰাষ্ট্ৰীয় ফেশ্বন উইকৰ প্ৰথম আৰু তৃতীয় সংস্কৰণত ৰেম্প ৱাক কৰিছিল। ইয়াৰ উপৰি তেওঁ সব্যসাচী মুখাৰ্জী, ৰিহানে, ৰিতু কুমাৰৰ দৰে প্ৰখ্যাত ভাৰতীয় ডিজাইনাৰৰ প্ৰদৰ্শনী আৰু ফক্সৱাগন, ৰেংগলাৰ, ৰীবক, টনি এণ্ড গাই আৰু জিআৰটি জুৱেলাৰীৰ দৰে ব্ৰেণ্ডৰ বাবে কাম কৰিছে। সাহিত্য ২০১৪ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ শীৰ্ষ ২৫ গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিছিল।৫

গৌতম বাসুদেৱ মেননৰ দ্বিভাষিক ছবি নীথানে এন পনভাসান্থামৰ জৰিয়তে সাহিত্যই অভিনয় জীৱনৰ পাতনি মেলে। ইয়াত তেওঁ সামান্থাৰ চৰিত্ৰটোৰ স্কুলীয়া দিনৰ এগৰাকী বান্ধৱীৰ ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত আৰ পাৰ্থিবানে তেওঁক তেওঁৰ পৰিচালিত ছবি কথাই থিৰাইকথাই ভাসনম ইয়াক্কাম (২০১৪)ত অভিনয়ৰ বাবে নিৰ্বাচিত কৰে, য’ত তেওঁ এগৰাকী সহকাৰী পৰিচালকৰ চৰিত্ৰ ৰূপায়িত কৰিছিল। ছবিখনে ইতিবাচক সঁহাৰি লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ অন্ধধী (২০১৫) ছবিত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।৬

২০১৭ চনত সাহিত্যই ষ্টাৰ স্পৰ্টছৰ হৈ তামিল আৰু ইংৰাজী উভয় ভাষাতে প্ৰ' কাবাডী লীগৰ আঁত ধৰিছিল।৭ তেওঁ ২০১৭ চনত ভাৰত-অষ্ট্ৰেলিয়া ক্ৰিকেট শৃংখলাৰ বাবে ষ্টাৰ স্পৰ্টছ তামিলৰ দলটোৰ অংশ আছিল। পৰৱৰ্তী সময়ত তেওঁ ক্ৰীড়া ভাষ্যকাৰ হিচাপে কেৰিয়াৰ চলাই যায় আৰু ইণ্ডিয়ান ছুপাৰ লীগ (ISL) ২০১৭-১৮ তথা প্ৰিমিয়াৰ বেডমিণ্টন লীগ (PBL) ২০১৮-ত ষ্টাৰ স্পৰ্টছৰ ঘোষিকা হিচাপে কাম কৰে।৭ তেওঁ ডিটি নেক্সটৰ বাবে এটা সাপ্তাহিক স্তম্ভও লিখে।২৮

তথ্যসূত্ৰ

  1. ↑ (22 July 2009). Beauty contest winners relive the final crowning moment. দ্য হিন্দু
  2. ↑ (2017-10-06). I like my life spicy, just like my sambhar: Sahithya Jagannathan. dtNext.in
  3. ↑ Reddy, T. Krithika. (8 December 2010). Seoul Curry. The Hindu
  4. ↑ (14 April 2014). …Models, made in Madras. The Hindu
  5. ↑ (12 March 2014). Femina Miss India 2014: Sri Lanka to Host Pageant; Top 25 Finalists Announced. International Business Times
  6. ↑ Miss India finalist Sahithya Jagannathan bags Tamil film - Beauty Pageants - Indiatimes. Femina Miss India
  7. ↑ I thoroughly enjoy hosting sports events: Sahithya. The Times of India
  8. ↑ (2017-10-07). Don't cry over boys, do some squats and make them cry!. dtNext.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেলমিছ চেন্নাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাহিত্য জগন্নাথন” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৯৯ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।