অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনু চৌধুৰী

অনসুয়া দাশ চৌধুৰী, যি পেছাদাৰীভাৱে অনু চৌধুৰী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ যিয়ে মূলতঃ ওড়িয়া, বঙালী, তেলুগু আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত মা গোজাবায়ানি আছিল তেওঁৰ প্ৰথম ওড়িয়া বোলছবি।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৬ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অনসুয়া দাশ চৌধুৰী, যি পেছাদাৰীভাৱে অনু চৌধুৰী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ যিয়ে মূলতঃ ওড়িয়া ভাষা, বঙালী ভাষা, তেলুগু ভাষা আৰু হিন্দী ভাষা চলচ্চিত্ৰত কাম কৰে। ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত মা গোজাবায়ানি আছিল তেওঁৰ প্ৰথম ওড়িয়া বোলছবি।১

প্ৰাৰম্ভিক জীৱন

অনু চৌধুৰীৰ জন্ম হৈছিল ওড়িশাৰ ভুৱনেশ্বৰত। ভুৱনেশ্বৰৰ বিজু পাটনায়ক মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চ শিক্ষা আৰু ৰামদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত অভিনয় বৃত্তি হিচাপে গ্ৰহণ কৰে।

ৰাজনৈতিক জীৱন

২০১৮ চনৰ জানুৱাৰী মাহত চৌধুৰীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।২৩ তেওঁ ২০১৯ চনৰ নিৰ্বাচনত পাটকুৰা সমষ্টিত,৪ ২০২১ চনৰ পিপিলি উপ-নিৰ্বাচনত আৰু ২০২২ চনৰ খাল্লীকোট পঞ্চায়ত নিৰ্বাচনত দলটোৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে।৫৬৭

চৌধুৰী বিজেপি ওড়িশাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বিশেষ আমন্ত্ৰিত সদস্য।৮ ২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত ভুৱনেশ্বৰৰ সাংসদ অপৰাজিতা ষড়ংগীয়ে তেওঁক সংসদীয় সমষ্টিটোৰ অন্তৰ্গত বেগুনিয়া বিধানসভা সমষ্টিৰ বাবে সাংসদৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়ে।৯ ২০২১ চনৰ ২০ ফেব্ৰুৱাৰীত চৌধুৰীক ওড়িশা বিজেপি মহিলা মৰ্চাৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল,১০ আৰু তেওঁ ২০২৩ চনত পৰৱৰ্তী নতুন দল নিযুক্তি নিদিয়া পৰ্যন্ত এই পদত আছিল।১১

ব্যক্তিগত জীৱন

চৌধুৰীয়ে বিজু পাটনায়ক বিজ্ঞান আৰু শিক্ষা মহাবিদ্যালয়ৰপৰা শিক্ষা সমাপ্ত কৰে আৰু ৰামা দেৱী মহিলা বিশ্ববিদ্যালয়ৰপৰা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ মণিপাল উচ্চ শিক্ষা একাডেমীৰ (মণিপাল বিশ্ববিদ্যালয়) পৰা তথ্য প্ৰযুক্তি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।১২

২০০৬ চনত তেওঁ ব্যৱসায়ী সন্দীপ মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, কিন্তু ২০০৮ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।১৩

তথ্যসূত্ৰ

  1. ↑ (27 December 2017). ଏହି ଓଲିଉଡ଼୍‍ ନାୟିକାଙ୍କୁ ମିଳିଥିଲା ପ୍ରଥମ ସିନେମାରେ ବିବାହିତା ମହିଳା ଭୂମିକା. Sambad
  2. ↑ (20 January 2018). Odisha actors Mihir Das, Anu Choudhury turn real-life politicians. Sambad English
  3. ↑ (13 February 2018). Mahasweta joins BJP. The New Indian Express
  4. ↑ (11 July 2019). BJD, BJP announce star campaigners for Patkura poll. Here're the lists. Sambad
  5. ↑ (2021). List of Star Campaigners for 110-Pipili AC Bye-Election. CEO Odisha
  6. ↑ (3 March 2022). High profile names do rounds for Bhubaneswar Mayor race. The New Indian Express
  7. ↑ (9 April 2024). Is Ollywood beginning to move away from politics?. The New Indian Express
  8. ↑ State Executive. odisha.bjp.org
  9. ↑ (20 February 2020). ଅନୁ ଚୌଧୁରୀଙ୍କୁ ନୂଆ ଦାୟିତ୍ୱ ଦେଲେ ସାଂସଦ ଅପରାଜିତା ଷଡ଼ଙ୍ଗୀ. Sambad
  10. ↑ (20 February 2021). Sincere thanks to @dpradhanbjp ji @SamirMohantyBJP ji @Manas_BJP ji & @SmrutiPattnaik6 ji for keeping faith in me the responsibility in State Mahila Morcha. Will try me best towards building "New India". @VanathiBJP @MrsGandhi @smritiirani
  11. ↑ (4 August 2023). Odisha BJP appoints office bearers ahead of Shah visit. Deccan Herald
  12. ↑ (10 March 2013). Devoted student. The New Indian Express
  13. ↑ (16 January 2008). Actress files for divorce. The Telegraph

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনু চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬০৩০৯২ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।