ভাৰতীয় অভিনেতা
১০৭ প্ৰবন্ধ
-
ৰাহুল বসু
ৰাহুল বসু (Rahul Bose; জন্ম ২৭ জুলাই ১৯৬৭) এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, সমাজকৰ্মী আৰু ৰাগবী খেলুৱৈ। বসুৱে মিষ্টাৰ এণ্ড মিছেছ আয়াৰ, কালপুৰুষ, অণুৰণন, অন্তহীন, লেপটপ, দ্য জাপানীজ ৱাইফ ইত্যাদি বহুকেইখন বঙালী চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও বহুকেইখন হিন্দী চলচ্চিত্ৰ যেনে প্যাৰ…
-
কাদেৰ খান
কাদেৰ খান (Kader Khan; ২২ অক্টোবৰ ১৯৩৭ — ৩১ ডিচেম্বৰ ২০১৮) এজন ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক। অভিনেতা হিচাপে তেওঁ ৩০০ তকৈও বেছি বোলছবিত অভিনয় কৰিছে। তেওঁ ৰাজেশ খান্না অভিনীত ছবি "দাগ"ৰ জৰিয়তে বলিউডত অভিনয়ৰ পাতনি মেলিছিল।
-
জিৎ (অভিনেতা)
জিতেন্দ্ৰ মদনানী (Jeetendra Madnani), যি জিৎ নামে পৰিচিত, হৈছে এগৰাকী ভাৰতীয় অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা যি মূলতঃ বঙালী চলচ্চিত্ৰত অভিনয় কৰে।
-
মুকেশ খান্না
মুকেশ খান্না (Mukesh Khanna; জন্ম: ২৩ জুন, ১৯৫৮) হৈছে এগৰাকী ভাৰতীয় টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেতা যিয়ে জনপ্ৰিয় দূৰদৰ্শনৰ টেলিভিচন ধাৰাবাহিক শক্তিমানৰ চৰিত্ৰত আৰু বি.আৰ.চোপ্ৰাৰ মহাভাৰতত ভীষ্ম পিতামহৰ চৰিত্ৰৰ বাবে পৰিচিত।
-
এম জি ৰামচন্দ্ৰন
এম. জি. ৰামচন্দ্ৰন (M. G. Ramachandran; ১৯১৭-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ।
-
জগদীপ
ছৈয়েদ ইচটিয়াক আহমেদ জাফ্ৰি (২৯ মাৰ্চ, ১৯৩৯ - ৮ জুলাই, ২০২০) এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান। তেখেত জগদীপ নামেৰে জনপ্ৰিয়। তেখেতে চাৰিশতকৈও অধিক চিনেমাত অভিনয় কৰিছে।
-
মিহিৰ দাস
মিহিৰ দাস (ମିହିର ଦାସ, ১৭ ফেব্ৰুৱাৰী ১৯৫৯ – ১১ জানুৱাৰী ২০২২) এজন উল্লেখযোগ্য অভিনেতা ওড়িয়া চলচ্চিত্ৰ জগতত দীৰ্ঘদিন ধৰি অভিনয় কৰি থকা। মূল চৰিত্ৰ বা নায়কৰ পৰা আৰম্ভ কৰি হাস্য অভিনেতা, খলনায়ক আদি বিভিন্ন চৰিত্ৰত তেখেতে অভিনয় কৰিছে। ওড়িয়াৰ বাহিৰেও তেখেতে বাংলা চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
শিলামবৰ্ষণ ৰাজেন্দৰ
শিলামবৰ্ষণ ঠেছিংগু ৰাজেন্দৰ (சிலம்பரசன் ராஜேந்தர; Silambarasan Thesingu Rajendar) হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, নেপথ্য গায়ক, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ।
-
শিৱাজী গণেশন
ৱিল্লুপুৰম ছিন্নায়া মনৰায়ৰ গণেশমূৰ্তি (১ অক্টোবৰ ১৯২৮ – ২১ জুলাই ২০০১) এজন ভাৰতীয় অভিনেতা আৰু প্ৰযোজক, যি তেওঁৰ অভিনয় জগতৰ নাম শিৱাজী গণেশন বুলিহে অধিক পৰিচিত। কুৰি শতিকাৰ দ্বিতীয়াৰ্দ্ধত তেওঁ তামিল চলচ্চিত্ৰত সক্ৰিয় আছিল।
-
ৰাম চৰণ তেজা
ৰাম চৰণ তেজা (Ram Charan Teja; জন্ম: ২৭ মাৰ্চ ১৯৮৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, নিৰ্মাতা আৰু উদ্যোক্তা। তেওঁ মূলতঃ তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ তেলুগু চলচ্চিত্ৰৰ খুব জনপ্ৰিয় অভিনেতা।
-
আৰ মাধৱন
ৰংগনাথন মাধৱন (Ranganathan Madhavan; জন্ম:- ১ জুন ১৯৭০) এজন ভাৰতীয় অভিনেতা, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালক৷ তেওঁ প্ৰধানকৈ তামিল আৰু হিন্দী চিনেমাত কাম কৰে।
-
পংকজ মল্লিক
পংকজ কুমাৰ মল্লিক ( Pankaj Kumar Mullick; ১০ মে' ১৯০৫ – ১৯ ফেব্ৰুৱাৰী ১৯৭৮) এজন ভাৰতীয় সুৰকাৰ, নেপথ্য তথা ৰবীন্দ্ৰ সংগীতৰ কণ্ঠশিল্পী আৰু অভিনেতা। ১৯৭০ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। ১৯৭২ চনত ভাৰতীয় চলচ্চিত্ৰলৈ সমগ্ৰ জীৱন জুৰি আগবঢ়োৱা অৱদানৰ বাবে লাভ কৰে দাদাচাহেব ফাল্কে বঁটা।
-
প্ৰাণ (অভিনেতা)
প্ৰাণ কৃষণ ছিকন্দ আহলুৱালিয়া ( Pran Krisshan Sicannd Ahluwalia; ১২ ফেব্ৰুৱাৰী ১৯২০-১২ জুলাই ২০১৩) এজন ভাৰতীয় অভিনেতা, ভাৰতীয় চিনেমাৰ ইতিহাসত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ খলনায়ক হিচাপে পৰিচিত আৰু হিন্দী চলচ্চিত্ৰৰ চৰিত্ৰাভিনেতা হিচাপে পৰিচিত আছিল।
-
আশ্ৰাফুল হক
আশ্ৰাফুল হক (Ashraful Haque, জন্ম: ৩ নৱেম্বৰ ১৯৬৯, মৃত্যু: ১৭ ফেব্ৰুৱাৰী, ২০১৫) অসমৰ গোৱালপাৰা জিলাত জন্মলাভ কৰা এজন ভাৰতীয় অভিনেতা। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হকে ৩০ খনতকৈয়ো অধিক চলচ্চিত্ৰ, ৩০ৰো অধিক নাটকৰ উপৰি বহুকেইখন টিভি ধাৰাবাহিক আৰু বিজ্ঞাপনতো অভিনয় কৰে।
-
চনু সুদ
চনু সুদ (Sonu Sood; सोनू सूद; সোনু সুদ; জন্ম: ৩০ জুলাই ১৯৭৩) এগৰাকী ভাৰতীয় মডেল, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক যিয়ে মূলতঃ হিন্দী, তেলেগু, কন্নড় আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে৷ ২০০৯ চনত তেওঁ তেলেগু ব্লকবাষ্টাৰ ছবি অৰুন্ধতীত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ খলনায়কৰ বাবে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক নন্দী বঁটা আৰু…
-
জীতেন্দ্ৰ কুমাৰ
জীতেন্দ্ৰ কুমাৰ (Jitendra Kumar; জন্ম: ১ ছেপ্টেম্বৰ ১৯৯০) হৈছে এগৰাকী ভাৰতীয় অভিনেতা। দ্য ভাইৰেল ফিভাৰৰ বিভিন্ন কৌতুকধৰ্মী-ব্যংগাত্মক অনুষ্ঠানত আগবঢ়োৱা অভিনয়ৰ জৰিয়তে তেখেত জনাজাত হয়। য'ত তেওঁ জীতু, মুন্না জজবাটি, গীট্টু আদি চৰিত্ৰসমূহ ৰূপায়ণ কৰে।
-
নানা পাটেকৰ
বিশ্বনাথ পাটেকৰ (Vishwanath Patekar; জন্ম ১ জানুৱাৰী ১৯৫১) যি নানা পাটেকৰ নামে পৰিচিত হৈছে এগৰাকী ভাৰতীয় অভিনেতা, লেখক, সমাজ সেৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰে।
-
পংকজ ত্ৰিপাঠী
পংকজ ত্ৰিপাঠী (Pankaj Tripathi) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। হিন্দী ছবিত কৰা অভিনয়ৰ বাবে তেওঁক জনা যায়। ২০০৪ চনত মুক্তিপ্ৰাপ্ত ৰাণ নামৰ হিন্দী ছবিখনত এটা সৰু চৰিত্ৰ ৰূপায়ণেৰে পংকজ ত্ৰিপাঠীয়ে চলচ্চিত্ৰজগতত প্ৰৱেশ কৰে।
-
বাবুশান মহান্তি
বাবুশান মহান্তি (ବାବୁଶାନ୍ ମହାନ୍ତି) ওড়িশাৰ চলচ্চিত্ৰৰ এজন সফল আৰু জনপ্ৰিয় অভিনেতা তথা সঙ্গীতশিল্পী। তেওঁৰ আচল নাম তন্ময় মহান্তি।
-
ভাৰতীয় চলচ্চিত্ৰৰ অভিনেতাসকল
এইটো উল্লেখযোগ্য ভাৰতীয় চলচ্চিত্ৰ পুৰষ অভিনেতাসকলৰ এখন তালিকা।
-
ভিকি কৌশল
ভিকি কৌশল (; জন্ম: ১৬ মে' ১৯৮৮) মূলতঃ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰা কৌশলে ২০১৯ চনৰ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনতো স্থান লাভ কৰিছে।
-
ৰোনিত ৰয়
ৰোনিত ৰয় (Ronit Roy; জন্ম: ১১ অক্টোবৰ ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেতা, তেখেত ভাৰতীয় টেলিভিচন আৰু ভাৰতীয় চলচ্চিত্ৰ জগতত কাম কৰাৰ বাবে সুপৰিচিত। ৰয় তেওঁৰ পেচাত ফিল্মফেয়াৰ বঁটা, দু্খন স্ক্ৰিন বঁটা, পাঁচখন আইটিএ বঁটা আৰু ছয়খন ভাৰতীয় টেলিট বঁটা সহ অসংখ্য প্ৰশংসা লাভ কৰিছে।
-
অনুভৱ মহান্তি
অনুভৱ মহান্তি (ওড়িয়া: ଅନୁଭବ ମହାନ୍ତି) (জন্ম: ২০ জানুৱাৰী ১৯৭৭) ওড়িশাত বাস কৰা এজন ওড়িয়া চলচ্চিত্ৰৰ অভিনেতা, লোকসভাৰ সদস্য আৰু প্ৰাক্তন ৰাজ্যসভাৰ সদস্য। অনুভৱ মহান্তি ওড়িয়া চলচ্চিত্ৰ জগতৰ সৰ্ববৃহৎ ছুপাৰষ্টাৰ। বিশেষকৈ ওড়িশাত মহন্তৰ এক উল্লেখযোগ্য অনুৰাগী অনুসৰণকাৰী আছে।
-
অৰবিন্দ ত্ৰিবেদী
অৰবিন্দ ত্ৰিবেদী (Arvind Trivedi; ৮ নৱেম্বৰ ১৯৩৮ – ৬ অক্টোবৰ ২০২১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ৪০ বছৰৰো অধিক কাল ধৰি গুজৰাটী চলচ্চিত্ৰত কাম কৰিছিল। ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে…
-
জনী লিভাৰ
জন প্ৰকাশ ৰাও জানুমালা, (John Prakash Rao Janumala) মঞ্চনাম জনী লিভাৰ (জন্ম ১৪ আগষ্ট ১৯৫৭)দ্বাৰা অধিক পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান৷ হিন্দী চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সৰ্বপৰিচিত।
-
টাইগাৰ শ্ৰফ
জয় হেমন্ত শ্ৰফ (জন্ম: ২ মাৰ্চ ১৯৯০), পেছাগতভাৱে টাইগাৰ শ্ৰফ (Tiger Shroff) নামেৰে পৰিচিত, মূলতঃ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ একচন ৰোমাঞ্চধৰ্মী ছবি হেৰোপন্তী (২০১৪)ত অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।
-
নিথিন
পেছাগতভাৱে নিথিন নামেৰে পৰিচিত, নিথিন কুমাৰ ৰেড্ডী (Nithin Kumar Reddy; জন্ম: ৩০ মাৰ্চ ১৯৮৩) এজন ভাৰতীয় অভিনেতা আৰু প্ৰযোজক। তেওঁ প্ৰধানকৈ তেলেগু চিনেমাৰ সৈতে জড়িত।
-
বৰুণ ধৱন
বৰুণ ধৱন (; জন্ম: ২৪ এপ্ৰিল ১৯৮৭) মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১৪ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে।
-
যশপাল ভাট্টি
যশপাল ভাট্টি (Jaspal Singh Bhatti; ৩ মাৰ্চ ১৯৫৫ – ২৫ অক্টোবৰ ২০১২) আছিল এগৰাকী ভাৰতীয় কৌতুক শিল্পী, প্ৰযোজক আৰু পৰিচালক। সাধাৰণ জনতাৰ বিভিন্ন সমস্যাৰাজি কৌতুকৰ মাধ্যমেৰে উপস্থাপন কৰি জনপ্ৰিয় হৈ পৰা যশপাল ভাট্টি নব্বৈৰ দশকৰ দুখন বিখ্যাত হাস্য বংগ্য ধাৰাবাহিক "ফ্লপ শ্ব'" আৰু "উল্টা পুল্টাৰ" বাবে…
-
শক্তি কাপুৰ
শক্তি কাপুৰ (Shakti Kapoor) ভাৰতৰ হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। তেওঁৰ প্ৰকৃত নাম সুনীল সিকান্দাৰলাল কাপুৰ (Sunil Sikanderlal Kapoor)। হিন্দী চলচ্চিত্ৰত তেওঁ খলনায়ক আৰু কমেডিয়ান চৰিত্ৰত অভিনয় কৰাৰ বাবে বেছি পৰিচিত, তেওঁ কৰ্মজীৱনত ৭০০খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।