প্ৰাণ কৃষণ ছিকন্দ আহলুৱালিয়া ( Pran Krisshan Sicannd Ahluwalia; ১২ ফেব্ৰুৱাৰী ১৯২০-১২ জুলাই ২০১৩) এজন ভাৰতীয় অভিনেতা, ভাৰতীয় চিনেমাৰ ইতিহাসত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ খলনায়ক হিচাপে পৰিচিত আৰু হিন্দী চলচ্চিত্ৰৰ চৰিত্ৰাভিনেতা হিচাপে পৰিচিত আছিল।১ তেওঁ আছিল ১৯৪০ চনৰ পৰা ১৯৯০ চনলৈকে সক্ৰিয় হৈ থকা ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম অতি সফল আৰু সন্মানীয় প্ৰবীণ অভিনেতা। তেওঁ নিজৰ সময়ৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতাসকলৰ ভিতৰত অন্যতম আছিল।
১৯৪০ৰ পৰা ১৯৪৭ চনলৈকে তেওঁ নায়কৰ চৰিত্ৰত, ১৯৪২ চনৰ পৰা ১৯৯১ চনলৈকে নেতিবাচক চৰিত্ৰত আৰু ১৯৬৭ চনৰ পৰা ২০০৭ চনলৈকে সহযোগী আৰু চৰিত্ৰাভিনেতা হিচাপে অভিনয় কৰিছিল। ১৯৪০ৰ দশকৰ শেষৰ ফালে, ১৯৫০, ১৯৬০ আৰু ১৯৭০ দশকৰ আৰম্ভণিত খলনায়ক চৰিত্ৰাভিনেতা হিচাপে তেওঁৰ শীৰ্ষতম সময় আছিল; তেওঁ আছিল ভাৰতীয় পৰ্দাত "দুষ্ট"ৰ প্ৰথম অৱতাৰ। পৰ্দাত তেওঁৰ নেতিবাচক বা খলনায়ক চৰিত্ৰৰ চিত্ৰণৰ তীব্ৰতাই ইমানেই ফলপ্ৰসূ আছিল যে ১৯৫০ আৰু ৬০ৰ দশকত আৰু তাৰ পিছত যেতিয়া প্ৰাণ খলনায়কৰ শিখৰত আছিল, ভাৰতীয় জনসাধাৰণে নিজৰ সন্তানৰ নাম "প্ৰাণ" ৰখাৰ পৰা বিৰত আছিল। দীৰ্ঘ আৰু উজ্জ্বল কৰ্মজীৱনত প্ৰাণে ৩৬২ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। খানদান (১৯৪২), পিলপিলী চাহেব (১৯৫৪) আৰু হালাকু (১৯৫৬) আদি ছবিত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। মধুমতী (১৯৫৮), জিছ দেশ মেইন গংগা বেহতি হ্যায় (১৯৬০), শ্বহীদ (১৯৬৫), উপকাৰ (১৯৬৭), ৰাম ঔৰ শ্যাম (১৯৬৭), আঁছু বন গয়ে ফুল (১৯৬৯), পূৰব ঔৰ পশ্চিম (১৯৭০), জনী মেৰা নাম (১৯৭০), ভিক্টোৰিয়া নং ২০৩ (১৯৭২), বে-ইমান (১৯৭২), জঞ্জিৰ (১৯৭৩), মজবুৰ (১৯৭৪), অমৰ আকবৰ এন্থনী (১৯৭৭), ডন (১৯৭৮), শৰাবী (১৯৮৪), দুনিয়া (১৯৮৪) আদি ছবিৰ তেওঁ পৰিচিত আছিল।
প্ৰাণে নিজৰ কৰ্মজীৱনত বহু বঁটা আৰু সন্মান লাভ কৰিছে। ১৯৬৭, ১৯৬৯ আৰু ১৯৭২ চনত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা আৰু ১৯৯৭ চনত ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰিছিল। ২০০০ চনত ষ্টাৰডাষ্টে তেওঁক ভিলেইন অফ দ্য মিলেনিয়াম বঁটা প্ৰদান কৰে।২ কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০১৩ চনত তেওঁক পদ্মভূষণ উপাধিৰে সম্বৰ্ধনা জনায়। ২০১৩ চনত চলচ্চিত্ৰ শিল্পীলৈ আগবঢ়োৱা সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰে। ২০১০ চনত তেওঁ চি.এন.এন.ৰ সৰ্বকালৰ শীৰ্ষ ২৫ জন এছিয় অভিনেতাৰ তালিকাত স্থান পায়।৪৫
মুম্বাইৰ লীলাৱতী হাস্পাতালত দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হৈ ২০১৩ চনৰ ১২ জুলাইত ৯৩ বছৰ বয়সত প্ৰাণৰ মৃত্যু হয়।৬
বঁটা আৰু সন্মান
অসামৰিক বঁটা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- ২০১৩ – দাদাচাহেব ফাল্কে বঁটা৯
ফিল্মফেয়াৰ বঁটা
- ১৯৬৭ – উপকাৰ ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা৭
- ১৯৬৯ –আচু বন গয়ে ফুল ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা৭
- ১৯৭২ –বে-ইমান ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা৭
- ১৯৯৭ – ফিল্মফেয়াৰ বিশেষ বঁটা৭
বেংগল ফিল্ম জাৰ্ণেলিষ্ট এচোছিয়েচন বঁটা
- ১৯৬১ – জিচ দেশ মে গংগা বেহতি হ্যায় ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা ১০
- ১৯৬৬ – শ্বহীদ ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা ১১
- ১৯৭৩ – জঞ্জিৰ ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা ১২
অধিক জানিবলৈ পঢ়ক
- ...and PRAN, a Biography, by Bunny Ruben. HarperCollins, India, 2004. .
- The Life of A Villain-Pran by Chobay Gill (2005), HarperCollins New Delhi, 446 pages.
বাহ্যিক সংযোগ
- PRAN – The legend of Hindi Cinema – Official Website
- Interview with Pran Kishen Sikand at Rediff.com
- 92 Facts You Didn't Know About Pran
তথ্যসূত্ৰ
- ↑ গুলজাৰ, Govind Nihalani, Saibal Chatterjee. (2003). Encyclopaedia of Hindi Cinema. Encyclopædia Britannica (India) Pvt. Ltd. পৃ. 605. ISBN 8179910660
- ↑ Pran, Bollywood's black gold. NDTV
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (5 March 2010). Big B in CNN's top 25 Asian actors list. হিন্দুস্তান টাইমছ
- ↑ Asia's Best Actors. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Legendary actor Pran dies at 93. NDTV
- ↑ PRAN – Awards
- ↑ Lata, Bismillah Khan get Bharat Ratnas Rediff, 25 January 2001. "The Padma Bhushan...veteran actor Pran,"
- ↑ Actor Pran to receive this year's Dadasaheb Phalke Award. The Times of India
- ↑ 1962:25th Annual BFJA Awards – Awards For The Year 1961 BFJA Awards website
- ↑ 1967:30th Annual BFJA Awards – Awards For The Year 1966 BFJA Awards website
- ↑ 1974: 37th Annual BFJA Awards – Awards For The Year 1973 BFJA Awards website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাণ (অভিনেতা)” প্ৰবন্ধৰ সংশোধন ৬৩৫৫১৩ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।