অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জীতেন্দ্ৰ কুমাৰ

জীতেন্দ্ৰ কুমাৰ (Jitendra Kumar; জন্ম: ১ ছেপ্টেম্বৰ ১৯৯০) হৈছে এগৰাকী ভাৰতীয় অভিনেতা। দ্য ভাইৰেল ফিভাৰৰ বিভিন্ন কৌতুকধৰ্মী-ব্যংগাত্মক অনুষ্ঠানত আগবঢ়োৱা অভিনয়ৰ জৰিয়তে তেখেত জনাজাত হয়। য'ত তেওঁ জীতু, মুন্না জজবাটি, গীট্টু আদি চৰিত্ৰসমূহ ৰূপায়ণ কৰে।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৬ ৫৩১ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জীতেন্দ্ৰ কুমাৰ (Jitendra Kumar; জন্ম: ১ ছেপ্টেম্বৰ ১৯৯০) হৈছে এগৰাকী ভাৰতীয় অভিনেতা। দ্য ভাইৰেল ফিভাৰৰ বিভিন্ন কৌতুকধৰ্মী-ব্যংগাত্মক অনুষ্ঠানত আগবঢ়োৱা অভিনয়ৰ জৰিয়তে তেখেত জনাজাত হয়।১ য'ত তেওঁ জীতু, মুন্না জজবাটি, গীট্টু আদি চৰিত্ৰসমূহ ৰূপায়ণ কৰে।২ আৰু অৰ্জুন কেজৰিৱাল হিচাপে৩ ভাৰতীয় ৰাজনীতিবিদ আৰু দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পেৰদি সংস্কৰণত আগবঢ়োৱা অভিনয়ৰ বাবেও তেওঁ পৰিচিতি লাভ কৰে। কোটা ফেক্টৰী নামৰ ক'লা-বগা ৱেব-ছিৰিজখনত তেওঁ "জীতু ভায়া"ৰ চৰিত্ৰটি ৰূপায়ণ কৰে। পৰৱৰ্তী কালত হিন্দী ছবি "শুভ মংগল জ্যাদা সাৱধান", এমাজন প্ৰাইমৰ ৱেব-চিৰিজ "পঞ্চায়ত" আদিত তেওঁ অভিনয় কৰে।৪

জীৱনী

জীতেন্দ্ৰ কুমাৰৰ জন্মভূমি হৈছে ৰাজস্থানৰ আলৱাৰ জিলাৰ খৈৰথাল।৫ তেওঁ আইআইটি খড়গপুৰৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী অৰ্জন কৰে।

আইআইটি খড়গপুৰত পঢ়ি থকা অৱস্থাতেই জীতেন্দ্ৰই হিন্দী প্ৰযুক্তিবিদ্যা সংঘৰ অধ্যক্ষ হিচাপে কেইবাখনো মঞ্চ নাটত অংশ লয়। তাতেই তেওঁ বিশ্বপতি সৰকাৰক লগ পায়। আৰু পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ ২০১২ চনত সৰকাৰেই তেওঁক টিভিএফলৈ আমন্ত্ৰিত কৰে।৬

অভিনয়-জীৱন

২০১৩ চনত জীতেন্দ্ৰ কুমাৰে 'মুন্না জজবাটি: দ্য কিউটিয়াপ্পা ইণ্টাৰ্ণ'ত অভিনয় কৰে। যিটো ভিডিঅ' ততালিকে ভাইৰেল হৈ পৰে আৰু তিনি মিলিয়নতকৈও অধিক দৰ্শন লাভ কৰে। তেতিয়াৰ পৰা, জীতেন্দ্ৰ কুমাৰে টিভিএফত বহুকেইটা চৰিত্ৰ ৰূপায়ণ কৰি আহিছে; যেনে, 'Tech Conversations With Dad', 'A Day With' ধাৰাবাহিক আদি। জীতেন্দ্ৰ কুমাৰৰ অন্যতম সফল কৰ্ম হৈছে কোটা ফেক্টৰী। টিভিএফ, ৱেব-চিৰিজ আৰু কমেডি ভিডিঅ'ৰ বাহিৰেও জীতেন্দ্ৰই কিছু সংখ্যক ছবিতো অভিনয় কৰিছে।৭ টিভিএফ পিটচাৰ্ছ নামৰ ৱেব-চিৰিজটোৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ 'জীতেন্দ্ৰ মহেশ্বৰী'ৰ ৰূপায়ণৰ জৰিয়তে তেওঁ জনপ্ৰিয় হৈ পৰে। পাৰমানেণ্ট ৰুমমেটছৰ গিট্টু নামৰ চৰিত্ৰটোও সমানেই জনপ্ৰিয়, যিটো চৰিত্ৰ আছিল এগৰাকী দৰাৰ। শুৰুৱাত কা ইণ্টাৰভেল নামৰ ছবিখনত জীতেন্দ্ৰক দেখা পোৱা গৈছিল।৮'''

২০২০ চনত জীতেন্দ্ৰই এমাজন প্ৰাইমৰ ৱেব-চিৰিজ পঞ্চায়তত অভিনয় কৰে। চিৰিজটোত তেওঁ উত্তৰ প্ৰদেশৰ ফুলেৰা নামৰ গ্ৰামাঞ্চলত থকা পঞ্চায়ত কাৰ্যালয় এটাৰ তৰুণ সচিব অভিষেক ত্ৰিপাঠিৰ চৰিত্ৰ ৰূপায়ণ কৰে। চিৰিজটো টিভিএফৰ দ্বাৰা প্ৰযোজিত। দীপক কুমাৰ মিশ্ৰৰ দ্বাৰা পৰিচালিত আৰু চন্দন কুমাৰৰ দ্বাৰা লিখিত চিৰিজটোৱে সমালোচক আৰু দৰ্শক উভয়পক্ষৰে পৰা সমাদৰ আৰু প্ৰশংসা লাভ কৰে। চাৰিটা ষ্টাৰ প্ৰদান কৰি "টাইমছ অৱ ইণ্ডিয়া"ই মন্তব্য কৰে যে, "Jitendra Kumar as Abhishek Tripathi is effortlessly convincing..."।৯ আইএমডিবিত চিৰিজটোৱে ৮.৮ ষ্টাৰ (১০ৰ ভিতৰত) পাবলৈ সক্ষম হয়।১০১১১২১৩১৪১৫১৬১৭

২০১৯ চনত জীতেন্দ্ৰ কুমাৰে "গ'ন কেশ" নামৰ ছবিখনত অভিনয় কৰে। মুখ্য চৰিত্ৰত শ্বেতা ত্ৰিপাঠি অভিনীত "গ'ন কেছ"ৰ পৰিচালক হৈছিল কাছিম খালাও। ছবিখনত "এলোপেছিয়া" নামৰ বিৰল ৰোগ এটিত আক্ৰান্ত যুৱতী এগৰাকীৰ জীৱন-যাত্ৰা দেখুউৱা হয়। জীতেন্দ্ৰ কুমাৰৰ অভিনয়ৰ প্ৰসংগত হিন্দুস্তান টাইমছে কয় যে, "Jitendra Kumar as Sujoy is competent and charming. He aptly supports Shweta with a realistic performance."।১৮১৯

২০২০ চনত জীতেন্দ্ৰ কুমাৰ অভিনীত "শুভ মংগল জ্যাদা সাৱধান" ছবিখনে মুক্তি লাভ কৰে। হীতেশ কেৱল্য পৰিচালিত ছবিখনে দৰ্শক-সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰে। বলিউদৰ আন এজন অভিনেতা আয়ুস্মান খুড়ানাইও এইখন ছবিত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰে। সমকামিতাৰ বিষয়টোক আধাৰ হিচাপে লৈ নিৰ্মিত হোৱা ছবিখনত গজৰাজ ৰাও, নীনা গুপ্তাৰ দৰে অভিনয়-শিল্পীয়েও অভিনয় কৰে।২০

২০২০ চনত জীতেন্দ্ৰ কুমাৰ অভিনীত আন এখন ছবি "চমন বাহাৰ"-এ নেটফ্লিক্সত মুক্তি লাভ কৰে।২১ জীতেন্দ্ৰ কুমাৰে ছবিখনত বন বিভাগৰ চাকৰি এৰি আহি পাণদোকানী হোৱা যুৱক "বিল্লু"ৰ চৰিত্ৰত অভিনয় কৰে। ছবিখনৰ কাহিনী গঢ়ি উঠে চত্তিছগড়ৰ লুৰ্মী জিলাত। ২০১৮ চনতেই নিৰ্মাণ সমাপ্ত হোৱা "চমন বাহাৰ" জীতেন্দ্ৰ কুমাৰৰ প্ৰথমখন ছবি হ'ব বুলি ভবা হৈছিল। ফিল্ম কম্পেনিয়নৰ সমালোচক অনুপমা চোপ্ৰাই জীতেন্দ্ৰ কুমাৰ আৰু ছবিখনৰ প্ৰসংগত কয় যে, "Even as you sympathize with his character’s predicament, you’re smiling because his seething has an in-built comical streak. In Chaman Bahaar, he once again finds this sweet spot. Sadly, the film doesn’t."। ছবিখনৰ পৰিচালক হৈছে অপূৰ্ব ধৰ বদগায়ান। গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত ৰিতিকা বদিয়ানী আৰু আলম খান আদিয়ে অভিনয় কৰে।২২

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

মুক্তি নোহোৱা ছবিসমূহ
বৰ্ষনামচৰিত্ৰতথ্যসূত্ৰ
২০১৪শুৰুৱাত কা ইণ্টাৰভেল| |লক্ষ্মণ | | |- |২০১৯ |গ'ন কেশ |শ্ৰীজয় ৰয় | |- |rowspan=2|২০২০ |শুভ মংগল জ্যাদা সাৱধান |অমন ত্ৰিপাঠী |২৩২৪ |- |চমন বাহাৰ''বিল্লু

ৱেব চিৰিজ

বৰ্ষনামচৰিত্ৰতথ্যসূত্ৰখণ্ড
২০১৪পাৰমেনেণ্ট ৰুমমেটছপ্ৰতীক (গীট্টু)৪
২০১৫টিভিএফ পিটচাৰ্ছজীতেন্দ্ৰ মহেশ্বৰী (জীতু)২৫সকলোতে
২০১৭টিভিএফ বেচেলৰছ চিজন ২জীতু২৬সকলোতে
বিষ্ট, প্লিজ! ! গিৰিশ গোয়েল৬
F.A.T.H.E.R.S.জীতু৪
২০১৮মিষ্টাৰ এণ্ড মিছেন:চিজন ১বীৰেণ৬
২০১৯ইমমেচ্যুৰনাটকৰ শিক্ষক২
টিভিএফ ট্ৰিপলিংঅভিনেতা১ আৰু ৫
কোটা ফেক্টৰীজিতু ভায়া২৭সকলোতে
হিউমাৰাছলি ইয়ৰছ্আৰ জে মস্তিখোৰ মিশ্ৰ২
ছিজকেকনীল২৮সকলোতে
২০২০পঞ্চায়তঅভিষেক ত্ৰিপাঠী২৯সকলোতে

তথ্যসূত্ৰ

  1. ↑ Ram, Sharmila Ganesan. (16 February 2014). Age of parody. Times of India. TNN
  2. ↑ Permanent Roommates (TV Series 2014– )
  3. ↑ (2016-10-28). Meet Jitendra Kumar, the actor who faced off with Kejriwal, dressed as Kejriwal. Hindustan Times
  4. ↑ Panchayat Web Series movie review Trailer Release Date Cast Episodes – Amazon Prime
  5. ↑ (2020-05-09). From IIT To Bollywood, 'Shubh Mangal Zyada Saavdhan' Star Jitendra Kumar's Story Defines Hope. HuffPost India
  6. ↑ IIT Is Not The End Of The World: Jitendra Kumar. BW Education
  7. ↑ Kumar, Jitendra. Jitendra Kumar. IMDb. Internet Movie Database
  8. ↑ 12 Things To Know About Jitendra Kumar: The Prince of TVF (The Viral Fever) · Tomatoheart
  9. ↑ timesofindia.indiatimes.com/web-series/reviews/h
  10. ↑ www.imdb.com/title/tt12004706/
  11. ↑ Kumar, Jitendra. Jeetu. IMDb. Internet Movie Database
  12. ↑ Jitendra Kumar about Ayushmann and homosexuality
  13. ↑ Jitendra Kumar says he takes YouTube comments as reality checks
  14. ↑ About Jitendra Kumar
  15. ↑ Jitendra Kumar about his show Cheesecake and more
  16. ↑ Meet Jitendra Kumar, the actor who faced off with Kejriwal, dressed as him
  17. ↑ ‘Loved seeing myself on the big screen’: How TVF’s ‘Jeetu’ went from IIT to web series to films
  18. ↑ www.imdb.com/title/tt10017956/fullcredits?ref_=t
  19. ↑ www.hindustantimes.com/bollywood/gone-kesh-revie
  20. ↑ www.filmcompanion.in/reviews/bollywood-review/sh
  21. ↑ www.thequint.com/entertainment/hot-on-web/chaman
  22. ↑ www.filmcompanion.in/reviews/bollywood-review/ch
  23. ↑ (10 September 2019). Shubh Mangal Zyada Saavdhan pushed to March 13 next year; film to clash with Gunjan Saxena: The Kargil Girl. Times Now News
  24. ↑ (7 June 2019). Shubh Mangal Zyada Saavdhan makers looking for the right man to cast as Ayushmann Khurrana's love interest. Hindustan Times
  25. ↑ TVF Pitchers (TV Series 2015)
  26. ↑ TVF Bachelors
  27. ↑ Kota Factory Review
  28. ↑ Cheesecake Review
  29. ↑ Panchayat Review

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীতেন্দ্ৰ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪৬৩১ (৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।