অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জনী লিভাৰ

জন প্ৰকাশ ৰাও জানুমালা, (John Prakash Rao Janumala) মঞ্চনাম জনী লিভাৰ (জন্ম ১৪ আগষ্ট ১৯৫৭)দ্বাৰা অধিক পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান৷ হিন্দী চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সৰ্বপৰিচিত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৭৭১ শব্দ · ৪ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

জন প্ৰকাশ ৰাও জানুমালা১, (John Prakash Rao Janumala) মঞ্চনাম জনী লিভাৰ (জন্ম ১৪ আগষ্ট ১৯৫৭২)দ্বাৰা অধিক পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান৷ হিন্দী চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সৰ্বপৰিচিত। ভাৰতৰ অন্যতম স্বীকৃতিপ্ৰাপ্ত কমেডী অভিনেতা আৰু ভাৰতীয় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ কমেডিয়ান হিচাপে লিভাৰক বহুলভাৱে গণ্য কৰা হয়।৩ কমেডী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ বঁটাৰ তেৰটা মনোনয়নকে ধৰি জনী লিভাৰে বহু প্ৰশংসা লাভ কৰিছে আৰু দুবাৰকৈ এই বঁটা লাভ কৰিছে৷ বঁটাপ্ৰাপ্ত ছবি দুখন আছিল দীৱানা মস্তানা (১৯৯৭) আৰু দুলহে ৰাজা (১৯৯৮)। ১৯৮৪ চনত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰি এতিয়ালৈকে তিনিশতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছে।৪৫

প্ৰাৰম্ভিক জীৱন

১৯৫৭ চনৰ ১৪ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশমত তেলেগু খ্ৰীষ্টান পৰিয়ালত জনী লিভাৰৰ জন্ম হয়।১৬ ২ তেওঁৰ পিতৃয়ে হিন্দুস্তান ইউনিলিভাৰ প্লাণ্টত অপাৰেটৰ হিচাপে কাম কৰিছিল য'ত লিভাৰেও ছবছৰ শ্ৰমিক হিচাপে কাম কৰিছিল।৭ মুম্বাইৰ মাটুংগাৰ কিংছ চাৰ্কল এলেকাত লিভাৰ ডাঙৰ-দীঘল হৈছিল। তিনিগৰাকী ভগ্নী আৰু দুজন ভাতৃ (সৰু ভাতৃ জিমি মোজেছকে ধৰি)ৰে গঠিত পৰিয়ালটোৰ ভিতৰত তেওঁ ডাঙৰ।

লিভাৰে পৰিয়ালৰ আৰ্থিক সমস্যাৰ বাবে অধিক পঢ়িব নোৱাৰিলে৷ তেওঁ সপ্তম শ্ৰেণীলৈকে অন্ধ্ৰ শিক্ষা সমাজ ইংৰাজী হাইস্কুলত অধ্যয়ন কৰিছিল।৮ ইয়াৰ পিছত তেওঁ স্কুল ত্যাগ কৰাৰ সিদ্ধান্ত লয় আৰু কিছুমান বিচিত্ৰ কাম কৰিবলৈ আৰম্ভ কৰে, যেনে-সেই সময়ৰ কিছুমান বিখ্যাত হিন্দী চলচ্চিত্ৰ তাৰকাক অনুকৰণ কৰি মুম্বাইৰ ৰাজপথত কলম বিক্ৰী কৰা, অথবা হিন্দী চলচ্চিত্ৰ তাৰকাৰ গীতত নৃত্য কৰা। হায়দৰাবাদৰ এখন পুৰণি চহৰ ইয়াকুতপুৰাতো তেওঁ প্ৰাৰম্ভিক বছৰবোৰ কটায়, য'ত তেওঁ কমেডী অভিনয়ৰ অনন্য শৈলী শিকিছিল।৯

প্ৰতিৱেশী এজনক দেখি লিভাৰে ১৪ বছৰ বয়সৰ পৰাই মিমিক্ৰি কৰা আৰম্ভ কৰিছিল৷ হিন্দুস্তান ইউনিলিভাৰ কোম্পানীত শ্ৰমিক হিচাপে কাম কৰি থাকোঁতে এটা অনুষ্ঠানৰ সময়ত তেওঁ কেইজনমান জ্যেষ্ঠ বিষয়াৰ অনুকৰণ কৰি অভিনয় কৰিছিল৷ পৰৱৰ্তী সময়ত শ্ৰমিকসকলে তেওঁক জনী লিভাৰ বুলি মাতিবলৈ লৈছিল। পিছলৈ যেতিয়া তেওঁ চলচ্চিত্ৰ জগতত যোগদান কৰে, তেতিয়া তেওঁ জনী লিভাৰকে পৰ্দাৰ নাম হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়।১০

কেৰিয়াৰ

ষ্টেণ্ড-আপ কমেডি কেৰিয়াৰ

জনী লিভাৰে মিউজিকেল শ্ব’ (অৰ্কেষ্ট্ৰা), টাবাছুম হিট পেৰেডত ষ্টেণ্ড আপ কমেডী পৰিবেশন কৰিবলৈ আৰম্ভ কৰে আৰু খ্যাতি অৰ্জন কৰাৰ পিছত সংগীত পৰিচালনাৰ যুটি কল্যাণজী-আনন্দজীৰ গোটত যোগদান কৰে। লিভাৰ ভাৰতৰ প্ৰথম ষ্টেণ্ড-আপ কমেডিয়ানসকলৰ ভিতৰত অন্যতম আৰু তেওঁক ভাৰতৰ ষ্টেণ্ড-আপ কমেডী বৃত্তিৰ পথ প্ৰদৰ্শক হিচাপে বহুলভাৱে গণ্য কৰা হয়।১১১২ হিন্দুস্তান ইউনিলিভাৰ (HUL)ত যোগদান কৰাৰ পূৰ্বেও তেওঁ মঞ্চত অভিনয় কৰি আছিল। ক্ৰমবৰ্ধমান অনুপস্থিতিৰ বাবে আৰু যিহেতু তেওঁ মঞ্চ অনুষ্ঠানৰ পৰা ভাল উপাৰ্জন কৰি আছিল, গতিকে ১৯৮১ চনত তেওঁ HUL ত্যাগ কৰে। তেওঁলোকৰ সৈতে লিভাৰে বহু শ্ব' কৰিছিল৷ লগতে বিশ্ব ভ্ৰমণৰ সুযোগো পাইছিল৷ ১৯৮২ চনত অমিতাভ বচ্চনৰ সৈতে কৰা ভ্ৰমণটো তেওঁৰ এটা গুৰুত্বপূৰ্ণ ভ্ৰমণ আছিল।

তেওঁ হাছি কে হাংগেমে নামৰ কমেডী কেছেট ৰেকৰ্ডিং কৰিছিল যিয়ে তেওঁক অডিঅ’ সংস্কৰণৰ জৰিয়তে ঘৰুৱা স্বীকৃতি দিছিল। এই সময়ছোৱাত তেওঁ শেখৰ কাপুৰৰ পৰিচালনাত কচুৱা ছাপ ধূপৰ দুই এটা বিজ্ঞাপনো কৰিছিল। ১৯৮৬ চনত তেওঁ হিন্দী চলচ্চিত্ৰ জগতৰ সদস্যসকলৰ সন্মুখত ফিলাৰ হিচাপে এটা চেৰিটি শ্ব’ হোপ ৮৬ত অভিনয় কৰে। তেওঁৰ প্ৰতিভাক স্বীকৃতি দিয়া হয়, যাৰ ফলত প্ৰযোজক গুল আনন্দই তেওঁক নাছিৰুদ্দিন শ্বাহৰ সৈতে জলৱা ছবিৰ প্ৰস্তাৱ দিয়ে।১৩১৪

চলচ্চিত্ৰ কেৰিয়াৰ

১৯৮০ৰ সময়ছোৱাত

লিভাৰে প্ৰথমটো সুযোগ লাভ কৰিছিল ‘টুম পাৰ হাম কুৰবান’ৰ জৰিয়তে- য’ত বিখ্যাত টিভি আৰু মঞ্চাভিনেত্ৰী বেবী টাবাছমে নিজৰ পুত্ৰ হোছাং গ’ভিলক কেন্দ্ৰীয় অভিনেতা হিচাপে প্ৰক্ষেপ কৰিছিল৷ তাৰ পিছত দৰ্দ কা ৰিষ্টা ছবিখনৰ জৰিয়তে তাবাছুম আৰু প্ৰয়াত সুনীল দত্তৰ জৰিয়তে লিভাৰে সুযোগ পাইছিল। তাৰ পিছৰ পৰা তেওঁ তেজাব, কাছাম, খটৰনাক আৰু কিষান কানহাইয়া আদিকে ধৰি পৰৱৰ্তী সময়ত ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। দৰ্দ কা ৰিষ্টাৰ পিছত তেওঁক নাছিৰুদ্দিন শ্বাহৰ সৈতে হিৰো হীৰালালৰ জলৱাত দেখা গৈছিল।

১৯৯০ৰ সময়ছোৱাত

তেওঁৰ প্ৰথম বৃহৎ সফলতাটো আহে বাজিগৰৰ জৰিয়তে৷ তাৰ পিছত তেওঁক চিনেমাত সহযোগী অভিনেতা/কমেডিয়ান হিচাপে দেখা গৈছিল। চিনেমাৰ চৰিত্ৰত ব্যস্ত থকাৰ পিছতো তেওঁ লাইভ শ্ব’ কৰি থাকিল। তেওঁৰ অন্যতম স্মৰণীয় লাইভ অভিনয় আছিল ১৯৯৯ চনৰ ফিল্মফেয়াৰ এৱাৰ্ডত মাইকেল জেকচনৰ অনুকৰণ। তেওঁৰ আটাইতকৈ প্ৰশংসিত অভিনয় আছিল আব্বাছ-মাস্তানৰ পৰিচালনাত নিৰ্মিত বাজিগৰ ছবিখনৰ "বাবুলাল" চৰিত্ৰ। তেওঁৰ আন কিছুমান বিখ্যাত চৰিত্ৰ, যেনে-"ছোট্টা চত্ৰী", "আছলম ভাই"ৰ বাবেও তেওঁক স্মৰণ কৰা হয়।১৫

নোবেল বঁটা ২০১৯ৰ চতুৰ্থ সংস্কৰণৰ সময়ত জনী লিভাৰক বঁটা প্ৰদান কৰা হৈছে।]]

২০১০ৰ সময়ছোৱাত

তেওঁ তুলু ভাষাৰ ছবি ৰং ছবিতো অভিনয় কৰিছিল।১৬তেওঁৰ প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ তামিল ছবি আছিল ২০১১ চনত মুক্তি পোৱা আনবীৰক্কু আলাভিল্লাই।১৭ তেওঁ কানাড়া ছবি গৰাতো অভিনয় কৰিছিল।১৮

টেলিভিছনৰ মাধ্যমত

লিভাৰে প্ৰথমবাৰৰ বাবে ১৯৯৩ চনত জনী উটোলেণ্ডেণ্ডৰ চৰিত্ৰত চিটকম জৱান সম্ভালকেৰ এটা খণ্ডত অভিনয় কৰিছিল।১৯লিভাৰে নিজৰ অনুষ্ঠান জনী আলা ৰেত (জি টিভিত) অভিনয় কৰিছিল।২০ ২০০৭ চনত তেওঁ ষ্টেণ্ড-আপ ৰিয়েলিটি শ্ব' কমেডী চাৰ্কাছত বিচাৰক হিচাপে থাকে।২১ ২০১৭ চনত লিভাৰে পাৰ্টনাৰ্ছৰ কাষ্টত আয়ুক্ত গুগল চেটাৰ্জী হিচাপে যোগদান কৰে।২২

তেওঁ MAAM (Mimicry Artist Association Mumbai) ৰ সভাপতি৷ তেওঁ সমগ্ৰ বিশ্বতে হাজাৰ হাজাৰ লাইভ শ্ব’ কৰিছে।২৩

ব্যক্তিগত জীৱন

১৯৮৪ চনত তেওঁ সুজাথা লিভাৰক বিয়া কৰায় আৰু তেওঁৰ দুটা সন্তান জেমী আৰু জেছি২৪ তেওঁৰ সৰু ভাতৃ জিমি মোজেছ এজন কমেডিয়ান আৰু অনুকৰণ শিল্পীও২৫ অভিনেত্ৰী জেমী লিভাৰ তেওঁৰ কন্যা।

লিভাৰ এজন খ্ৰীষ্টান। প্ৰচাৰক হিচাপে তেওঁৰ পৰিৱৰ্তনৰ বিষয়ে সোধাত লিভাৰে উত্তৰ দিছিল:

সেয়া ঈশ্বৰৰ ইচ্ছা। মই সদায় ধৰ্মীয় ব্যক্তি আছিলোঁ যদিও এটা ঘটনাই মোৰ জীৱন সলনি কৰি দিলে। মোৰ ল’ৰাটোৰ ডিঙিত টিউমাৰ ধৰা পৰিছিল। মই অসহায় হৈ ভগৱানৰ ওচৰত সহায় বিচাৰিলোঁ। চিনেমাৰ কাম বন্ধ কৰি তেওঁৰ বাবে প্ৰাৰ্থনা কৰি সকলো সময় কটালোঁ। দহ দিনৰ পাছত যেতিয়া তেওঁক পৰীক্ষাৰ বাবে লৈ যোৱা হ’ল, তেতিয়া ডাক্তৰসকলে আচৰিত হ’ল কাৰণ কেন্সাৰ নাইকিয়া হৈ গৈছে। মোৰ বাবে সেয়া আছিল এক নতুন জীৱনৰ আৰম্ভণি।২৬২৭

বঁটা আৰু মনোনয়ন

বৰ্ষশিতানকৰ্মফলাফল
ফিল্মফেয়াৰ বঁটা
১৯৯৪কমিক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়বাজিগৰ
১৯৯৬কৰণ অৰ্জুন
১৯৯৭ৰাজা হিন্দুস্তানী
১৯৯৮দিৱানা মস্তানা
জুদাই
১৯৯৯দুলহে ৰাজা
কুচ কুচ হোতা হ্যেয়
২০০০আনাড়ী নম্বৰ ওৱান
২০০১কোঁৱাৰা
ফিৰ ভি দিল হ্যেয় হিন্দুস্তানী
২০০২আজনবী
২০০৩হামৰাজ
২০০৪কোই....মিল গয়া
আইফা বঁটা
২০০১কমিক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়ফিৰ ভি দিল হ্যেয় হিন্দুস্তানী
২০০২আজনবী
২০০৪কোই....মিল গয়া
২০১০দে দনা দন
ভাৰতীয় টেলিভিছন একাডেমী এৱাৰ্ডছ
২০১৮শ্ৰেষ্ঠ অভিনেতা-কমেডি
প্ৰডিউছাৰচ গিল্ড
২০১৮কমিক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়হাউচফুল ২
স্ক্ৰীণ বঁটা
১৯৯৭শ্ৰেষ্ঠ কমেডিয়ানৰাজা হিন্দুস্তানী
২০০২আজনবী
২০০৩আৱাৰা পাগল দিৱানা
২০১১গোলমাল ৩
জি চিনে এৱাৰ্ড
২০০২কমিক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়লাৱ কি লিয়ে কুচ্ছ ভি কৰেগা
২০০৪কোই.... মিল গয়া

তথ্যসূত্ৰ

  1. ↑ चैहान, Jitesh Arpan Chauhan जीतेश सिंह. (1 February 2015). Dalits in Indian cinema. Forward Press
  2. ↑ Saxena, Akanksha. (14 August 2020). 'Tum jiyo hazaaron saal': Netizens wish 'king of comedy' Johnny Lever on his birthday. Times Now
  3. ↑ Shyam Benegal; William Van Der Heide. (12 June 2006). Bollywood Babylon: Interviews With Shyam Benegal. Berg. পৃ. 196–. ISBN 978-1-84520-405-1
  4. ↑ (7 January 2009). Comedy is serious business: Johnny Lever. The Hindu
  5. ↑ Awaasthi, Kavita. (2012-03-03). Johnny Lever feels his talent is under-utilised. Hindustan Times
  6. ↑ (10 December 2013). VHP threatens agitation against actors Nagma, Johnny Lever
  7. ↑ Johny Lever: In the film industry, there is dosti but no dost. indiatimes.com. Bennett, Coleman & Co. Ltd
  8. ↑ "Try Jesus" – Johnny Lever (Film Actor). hisprayerhouse.org. His Prayer House
  9. ↑ (13 May 2012). Interview: "I have learnt a lot from the UK" – Johnny Lever · Bollywood News UK
  10. ↑ This johnny's levered to fame. financialexpress.com. Indian Express Newspaper (Bombay) Ltd
  11. ↑ (12 October 2022). 17 Unknown Facts About Johnny Lever, The King Of Comedy. www.postoast.com
  12. ↑ Happy Birthday Johny Lever: The Ultimate Comedy King - ABP LIVE. www.news.abplive.com
  13. ↑ Johnny Lever on Phalke Awards
  14. ↑ (9 October 2011). Johny Lever: The missing comic in Hindi films · Latest News & Updates at Daily News & Analysis
  15. ↑ Johnny Lever Filmography. Dishant.com
  16. ↑ Mangalore: Popular comedian Johnny Lever shoots for Tulu movie. daijiworld. Daijiworld Media Pvt Ltd Mangalore
  17. ↑ Anbirkku Alavillai To Promote Marriage Counselling
  18. ↑ (15 March 2019). Comic relief – The Hindu. The Hindu
  19. ↑ (2015-10-11). Zabaan Sambhalke – Episode# 29 – Goondaraj – Best Tv Show
  20. ↑ Johny Aala Re, Bollywood comedian Johnny Lever, Zee TV show on Sify Max. Sify
  21. ↑ (26 June 2007). Sony innovates 'Comedy Circus'. Indiantelevision.com
  22. ↑ (2017-10-27). Johny Lever to make his TV debut with Partners. Here's everything to know about the show. The Indian Express
  23. ↑ (2013-08-14). 14th August 1957: Popular Bollywood Actor and Comedian Johnny Lever is Born -. What Happened on This Day in History - Maps of India
  24. ↑ (14 August 2010). Johnny Lever's kid is college fest fave. Hindustantimes.com
  25. ↑ (7 January 1950). Johnny Lever, Bollywood Johnny Lever, Johnny Lever Movies. Surfindia.com
  26. ↑ John, Ali. (17 April 2012). Johnny Lever turns preacher. হিন্দুস্তান টাইমছ
  27. ↑ Johnny Lever's son has battled cancer, hence goes viral on social media. Ajjtak

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাহিন্দী চলচ্চিত্ৰৰ অভিনেতাঅভিনয় শিল্পীঅন্ধ্ৰপ্ৰদেশৰ ব্যক্তিচলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিতেলেগু চলচ্চিত্ৰৰ অভিনেতাকন্নড় চলচ্চিত্ৰৰ অভিনেতাতামিল চলচ্চিত্ৰৰ অভিনেতাফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জনী লিভাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৪২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।