ৰাম চৰণ তেজা (Ram Charan Teja; জন্ম: ২৭ মাৰ্চ ১৯৮৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, নিৰ্মাতা আৰু উদ্যোক্তা। তেওঁ মূলতঃ তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ তেলুগু চলচ্চিত্ৰৰ খুব জনপ্ৰিয় অভিনেতা।১ ৰাম চৰণে তেওঁৰ অভিনয় জীৱনত বহুতো সন্মান ও বঁটা লাভ কৰিবলৈ সক্ষম হয়, তাৰ ভিতৰত- 'ফিল্মফেয়াৰ বঁটা' (৩টা), নন্দী বঁটা (২টা), চিনেমা বঁটা (২টা), চেণ্ট’চাম বেষ্ট এক্ট’ৰ এৱাৰ্ড (২টা) আদি। তেওঁ অভিনেতা চিৰঞ্জীৱী আৰু সুৰেখাৰ পুত্ৰ।
২০০৭ চনৰ ২৮ চেপ্তেম্বৰত মুক্তিলাভ কৰা 'চিৰুথা' চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জগতত কৰ্মজীৱনৰ পাতনি মেলা ৰাম চৰণে সেইখন চলচ্চিত্ৰৰ জৰিয়তে 'ফিল্মফেয়াৰ বঁটা' লাভ কৰিবলৈ সক্ষম হয়।
এচ.এচ. ৰাজমৌলিৰ কাল্পনিক এক্সন ছবি অভিনেত্ৰী কাজল আগৰৱালৰ সৈতে কৰা 'মাগাধীৰা' (২০০৯) যিখন আছিল সফল তথা সৰ্বোচ্চ উপাৰ্জনকাৰী চলচ্চিত্ৰ।
চৰণে টলিউডৰ শীৰ্ষস্থানৰ অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে। তেওঁৰ বাণিজ্যিকভাৱে সফল ছবিসমূহ যেনে- 'ৰচা' (২০১২), 'নায়ক' (২০১৩), 'য়েভাডু' (২০১৪), 'ধ্ৰুৱ' (২০১৬) আৰু 'ৰাঙ্গাস্থালাম' (২০১৮), যিবোৰে তেওঁৰ মুক্তি পোৱা সৰ্বাধিক উপাৰ্জনমূলক ছবি হিচাপে স্থান পাইছে। ২০১৮ চনৰ ৩০ মাৰ্চত মুক্তি লাভ কৰা 'ৰাঙ্গাস্থালাম' চলচ্চিত্ৰখনৰ বাবে তেওঁ দ্বিতীয়বাৰ 'ফিল্মফেয়াৰ বঁটা' লাভ কৰিবলৈ সক্ষম হয়।
২০১৬ চনত, চৰণে তেওঁৰ নিজস্ব প্ৰডাকচন হাউচ প্ৰতিষ্ঠা কৰে, 'কোনিদেলা প্ৰডাকচন কোম্পানী', যাৰ সহায়ত তেওঁ চলচ্চিতসমূহ প্ৰযোজনা কৰে।২ চলচ্চিত্ৰ কেৰিয়াৰৰ বাহিৰেও তেওঁ প’ল’ টীমৰ মালিক ৰাম চৰণ হায়দ্ৰাবাদ প’ল’ ৰাইডিং ক্লাব।৩
ব্যক্তিগত জীৱন
১৯৮৫ চনৰ ২৭ মাৰ্চ তাৰিখে জন্মগ্ৰহণ কৰা ৰাম চৰণ মাদ্ৰাজৰ (বৰ্তমানৰ চেন্নাই) তেলুগু চলচ্চিত্ৰ অভিনেতা চিৰঞ্জিৱী আৰু তেওঁৰ স্ত্ৰী সুৰেখাৰ পুত্ৰ। তেওঁৰ দুগৰাকী ভনী। তেওঁ আল্লু ৰমা লিঙ্গাইয়াৰ নাতি আৰু নাগেন্দ্ৰ বাবু, পবন কল্যাণ, আৰু আল্লু অৰবিন্দৰ ভাগিন।
ফিল্ম’গ্ৰাফী
এগৰাকী মুখ্য অভিনেতা হিচাপে
| +টোকা | এতিয়াও মুক্তি লাভ কৰা নাই |
| চন | শিৰোনাম | চৰিত্ৰ | পৰিচালক | টোকা |
|---|---|---|---|---|
| 2007 | চিৰুথা | চৰণ | পুৰী জগন্নাথ | |
| ২০০৯ | মাগাধীৰা | কাল ভৈৰৱ / হৰ্ষ | কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলী | |
| ২০১০ | অৰেঞ্জ | ৰাম | ভাস্কৰ | |
| ২০১২ | ৰচা | বেটিং ৰাজ | সম্পত নন্দী | |
| ২০১৩ | নায়ক | চৰণ "চেৰী" / সিদ্ধাৰ্থ নায়ক | ভি. ভি. বিনায়ক | |
| যনজীৰ | এচিপি বিজয় খান্না | অপূৰ্ব লখিয়া | বিলিংগুৱেল হিন্দী আৰু তেলুগু (তুফান ৰূপে) নেপথ্য গায়কো ("মুম্বাই কে হিৰ’") | |
| ২০১৪ | য়েবাদু | চৰণ / সত্য / ৰাম | বংশী পৈদিপাল্লী | |
| গোবিন্দুদু এণ্ডাৰিভাদেলে | অভিৰাম | কৃষ্ণ বংশী | ||
| ২০১৫ | ব্ৰুচলী: দ্য ফাইটাৰ | কাৰ্তিক / ব্ৰুচলী / আইবি অভিচাৰ বিক্ৰম কুমাৰ | শ্ৰীণু ভৈত্লা | |
| ২০১৬ | ধ্ৰুৱ | ধ্ৰুৱ | সুৰেন্দৰ ৰেড্ডী | |
| 2018 | ৰাঙ্গাস্থালাম | চেল্লুবইনা চিট্টি বাবু | সুকুমাৰ | |
| ২০১৯ | বিনয়া বিধেয়া ৰাম | কোনিদেলা ৰাম | বোয়াপাত্তী শ্ৰীণু | |
| ২০২২ | আৰআৰআৰ | আল্লুৰি সীতাৰাম ৰাজু | কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলী |
গেষ্ট এপিয়াৰেঞ্চ আৰু নিৰ্মাতা
| +টোকা | এতিয়াও মুক্তি লাভ কৰা নাই |
| চন | শিৰোনাম | চৰিত্ৰ | পৰিচালক | টোকা |
|---|---|---|---|---|
| ২০১৭ | খিলাড়ী নং ১৫০ | নিজে | ভি ভি বিনায়ক | স্পেচিয়েল এপিয়াৰেঞ্চ, নিৰ্মাতা |
| ২০১৯ | চয়ে ৰা নৰসিংহ ৰেড্ডী | সুৰেন্দৰ ৰেড্ডী | নিৰ্মাতা | |
| ২০২০ | আচৰ্য্য | কোৰতালা শিৱ | ফিল্মিং, নিৰ্মাতা |
বঁটা আৰু মনোনয়ন
| চন | বঁটা | ধৰণ | চলচ্চিত্ৰ | ফলাফল | Ref(s) |
|---|---|---|---|---|---|
| ২০০৮ | নন্দী বঁটা | স্পেচিয়েল জুৰি বঁটা | চিৰুথা | ৪ | |
| ২০১০ | স্পেচিয়েল জুৰি বঁটা | মাগাধীৰা | ৫ | ||
| ২০১৮ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | শ্ৰেষ্ঠ পুৰুষ অভিষেক – দক্ষিণ | চিৰুথা | ৬ | |
| ২০১০ | শ্ৰেষ্ঠ অভিনেতা – তেলুগু | মাগাধীৰা | ৭ | ||
| ২০১২ | ৰচা | ||||
| ২০১৩ | নায়ক | ||||
| ২০১৬ | ধ্ৰুৱ | ৮ | |||
| ২০১৯ | ৰাঙ্গাস্থলম | ৯ | |||
| ২০১৯ | দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেতা – তেলুগু | ৰাঙ্গাস্থলম | ||
| ২০১০ | সন্তুসম ফিল্ম এৱাৰ্ডচ্ | শ্ৰেষ্ঠ অভিনেতা | মাগাধীৰা | ||
| ২০১৫ | শ্ৰেষ্ঠ অভিনেতা | গোবিন্দুদু এণ্ডাৰিভাদেলে | |||
| ২০১৬ | ৰিটজ আইকন এৱাৰ্ড | মষ্ট এডমাইৰড চেলিব্ৰিটী আইকন এৱাৰ্ড | — | ||
| ২০১৬ | এচিয়াভিচন এৱাৰ্ডচ্ | ইউথ আইকন অফ ইণ্ডিয়া | — | ১০ | |
| ২০১৪ | টিএছআৰ – টিভি৯ নেচনেল ফিল্ম এৱাৰ্ডচ্ | বেষ্ট হিৰ’ | নায়ক | ||
| ২০১৬ | শ্ৰেষ্ঠ অভিনেতাৰ স্পেচিয়েল জুৰি বঁটা | ধ্ৰুৱ | ১১ | ||
| ২০১০ | চিনেমা বঁটা | শ্ৰেষ্ঠ অভিনেতা – পুৰুষ | মাগাধীৰা | ||
| ২০১৯ | জি চিনে এৱাৰ্ডচ্ তেলুগু | লীডিং ৰোলৰ শ্ৰেষ্ঠ অভিনেতা – পুৰুষ | ৰাঙ্গাস্থলম |
তথ্যসূত্ৰ
- ↑ Highest paid actors in Tollywood. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Ram Charan to produce his father Chiranjeevi's 150th film. Times of India
- ↑ Abhishek Raje Ram Charan Tej's polo team wins its debut match . The Times of India. 3 September 2011. Retrieved on 3 August 2011
- ↑ (12 January 2008). Nandi awards 2007 announced. idlebrain.com
- ↑ (7 October 2010). Nandi awards 2009 announced. idlebrain.com
- ↑ NTR bags Filmfare award – Telugu Movie News. IndiaGlitz.com
- ↑ (9 August 2010). Filmfare Awards winners. The Times of India
- ↑ Filmfare Awards South 2017 Telugu Nominations · Filmfare. filmfare.com
- ↑ (22 December 2019). Winners of the 66th Filmfare Awards (South) - 2019. Filmfare
- ↑ James, Anu. (15 November 2016). Asiavision Movie Awards 2016 announced: Sonam Kapoor, Nivin Pauly, Radhika Apte, Ram Charan, others to be honoured. International Business Times, India Edition
- ↑ SR-TV9 Awards 2015 & 2016 Winners List
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম চৰণ তেজা” প্ৰবন্ধৰ সংশোধন ৩৮৩৫০৩ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।