বৰুণ ধৱন (; জন্ম: ২৪ এপ্ৰিল ১৯৮৭) মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১৪ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে। ২০১২ চনৰ পৰা ২০১৮ চনলৈকে তেওঁৰ অভিনীত মুঠ ১১ খন ছবি বাণিজ্যিকভাৱে সফল হয়।১২৩৪
তেওঁ চলচ্চিত্ৰ পৰিচালক ডেভিদ ধৱনৰ কনিষ্ঠ পুত্ৰ। তেওঁ নটিংহাম ট্ৰেণ্ট বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে৷ তেওঁ মাই নেম ইজ খান (২০১০) ছবিখনত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল, আৰু তাৰ পিছত ২০১২ চনত জোহৰৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰৰ জৰিয়তে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। ৰোমান্টিক কমেডী ছবি মেই তেৰা হিৰো (২০১৪), হাম্প্টি শৰ্মা কি দুলহানিয়া (২০১৪), বদ্ৰীনাথ কি দুলহানিয়া (২০১৭), দিলৱালে (২০১৫), ডিশ্বুম (২০১৬), জুড়ৱা ২ (২০১৭), এবিচিডি ২ (২০১৫); আৰু ছুই ধাগা (২০১৮) আদি ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰে।
থ্ৰিলাৰ ছবি বদলাপুৰ (২০১৫)ত এগৰাকী প্ৰতিশোধকাৰীৰ চৰিত্ৰত আৰু অক্টোবৰ (২০১৮)ত এগৰাকী লক্ষ্যহীন ব্যক্তিৰ চৰিত্ৰত অভিনয়েৰেও ধৱনে ভূয়সী প্ৰশংসা লাভ কৰে। তিনিখন ছবি সমালোচনাত্মক তথা বাণিজ্যিকভাৱে বিফল হোৱাৰ পিছত তেওঁ ২০২২ চনত জুগজুগ জীয়ো আৰু ভেড়িয়া শীৰ্ষক দুখন সফল ছবিত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৮৭ চনৰ ২৪ এপ্ৰিলত৫ চলচ্চিত্ৰ পৰিচালক ডেভিদ ধৱন আৰু কৰুণা ধৱনৰ গৃহত তেওঁ জন্মগ্ৰহণ কৰিছিল।৬৭ তেওঁ পাঞ্জাবী হিন্দু সম্প্ৰদায়ৰ লোক।৮ তেওঁৰ ককায়েক ৰোহিত ধৱন এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰথম চলচ্চিত্ৰ দেশী বয়জৰ বাবে পৰিচিত। তেওঁৰ খুৰাক অনিল ধৱনো এগৰাকী অভিনেতা।৯ এইচ.আৰ. কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিকৰ শিক্ষা লাভ কৰিছিল। যুক্তৰাজ্যৰ নটিংহাম ট্ৰেণ্ট বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ব্যৱসায় অধ্যয়নত ডিগ্ৰী লাভ কৰে।১০১১ অভিনয় জীৱনৰ পূৰ্বে তেওঁ মাই নেম ইজ খান (২০১০) ছবিখনত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।১২
তথ্যসূত্ৰ
- ↑ (13 October 2016). https://www.forbes.com/sites/robcain/2017/10/13/with-9-straight-hits-judwaa-2-lead-varun-dhawan-has-become-a-bona-fide-bollywood-superstar/#4cfa19664a58
- ↑ (5 October 2017). The verdict is out: Varun Dhawan is officially a SUPERSTAR!. বলিউড হাংগামা
- ↑ (23 April 2018). Box Office: Varun Dhawan maintains his zero flops record with his tenth film October. বলিউড হাংগামা
- ↑ (4 October 2018). https://www.dnaindia.com/bollywood/report-varun-dhawan-adds-another-hit-to-his-kitty-with-sui-dhaaga-made-in-india-2671470
- ↑ (24 April 2016). Happy Birthday Varun Dhawan: 7 lesser known facts about the Dishoom star!. India.com
- ↑ Sangghvi, Bhavikk. (23 April 2013). Varun Dhawan will attract girls even when he's older?. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Singh, Prashant. (17 August 2013). I was a waiter at dad's party: Varun Dhawan. Hindustan Times
- ↑ (17 June 2016). I'm a Punjabi and I won't let them down: Varun Dhawan. Deccan Chronicle
- ↑ Gupta, Priya. (5 July 2014). Varun Dhawan considers his brother Rohit his real life Humpty. The Times of India
- ↑ (25 July 2013). Forget girlfriend, I'll now find myself a wife: Varun Dhawan. The Times of India
- ↑ Distinguished Alumni. ntu.ac.uk
- ↑ (31 December 2010). The new stars of Bollywood. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰুণ ধৱন” প্ৰবন্ধৰ সংশোধন ৪২৮০১৬ (৫ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।