ভিকি কৌশল (; জন্ম: ১৬ মে' ১৯৮৮) মূলতঃ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰা কৌশলে ২০১৯ চনৰ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনতো স্থান লাভ কৰিছে।
ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰাৰ পিছত কৌশলে অনুৰাগ কাশ্যপৰ সহকাৰী পৰিচালক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। কাশ্যপৰ অপৰাধমূলক চলচ্চিত্ৰ গেংছ অৱ ৱাছেপুৰ (২০১২)ত সৰু চৰিত্ৰ এটিত অভিনয়েৰে তেওঁ ছবিজগতত খোজ দিয়ে আৰু মাছানৰ (২০১৫) মুখ্য চৰিত্ৰত কৰা অভিনয়েৰে অভিনেতা ৰূপে নজৰলৈ আহে। তাৰ পিছত তেওঁ কাশ্যপৰ মানসিক থ্ৰিলাৰধৰ্মী ছবি ৰমন ৰাঘৱ ২.০ (২০১৬)ত অভিনয় কৰিছিল। ২০১৮ চনত কৌশলে সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ ৰাজী আৰু সঞ্জুত সহযোগী চৰিত্ৰত অভিনয় কৰি ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰে। সঞ্জুৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটাও লাভ কৰে।
২০১৯ চনৰ যুদ্ধমূলক ছবি উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইকত এগৰাকী সামৰিক বিষয়াৰ চৰিত্ৰত অভিনয় কৰি তেওঁ এগৰাকী আগশাৰীৰ অভিনেতা হিচাপে প্ৰতিষ্ঠিত হয় আৰু শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। পুনৰ জীৱনীমূলক চলচ্চিত্ৰ চৰ্দাৰ উধাম (২০২১)ত উধাম সিঙৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰাৰ লগতে ভূয়সী প্ৰশংসা লাভ কৰে। তেওঁ ২০২৩ চনত মুক্তিপ্ৰাপ্ত ৰোমান্টিক কমেডী জাৰা হত্কে জাৰা বচ্কে, বায়'পিক ছেম বাহাদুৰ আৰু কমেডী-ড্ৰামা ডাংকীত অভিনয় কৰে আৰু আটাইকেইখন ছবিয়েই ব্যৱসায়িক সফলতা লাভ কৰে। ডাংকীৰ বাবে তেওঁ পুনৰবাৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
অভিনয় জীৱনৰ উপৰিও কৌশলে কেইবাটাও ব্ৰেণ্ড আৰু প্ৰডাক্টৰ সমৰ্থন কৰে। তেওঁ ইতিমধ্যে কেইবাটাও বঁটা প্ৰদান অনুষ্ঠানৰ সহ-আয়োজন আৰু পৰিৱেশন কৰিছে। ২০২১ চনত অভিনেত্ৰী কেটৰিনা কাঈফৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়।
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
১৯৮৮ চনৰ ১৬ মে’ত মুম্বাইৰ এখন উপনগৰ, চাউলত ভাৰতীয় ছবিৰ একচন পৰিচালক শ্বাম কৌশল আৰু গৃহিণী বীণা কৌশলৰ গৃহত ভিকিয়ে জন্মগ্ৰহণ কৰিছিল।১২ তেওঁৰ ভায়েক ছানী কৌশলও হিন্দী ছবিৰ এগৰাকী অভিনেতা।৩ পাঞ্জাবী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা,৪ ভিকিৰ পূৰ্বপুৰুষসকল পঞ্জাৱৰ হোছিয়াৰপুৰৰ আছিল।৫ কৌশলে নিজকে "পঢ়া-শুনা, ক্ৰিকেট খেলা আৰু চিনেমা চোৱাৰ প্ৰতি আগ্ৰহী এজন সাধাৰণ ল'ৰা" বুলি অভিহিত কৰিছে।২ তেওঁৰ পিতৃয়ে ভবামতেই তেৱোঁ শ্ব’-বিজনেছৰ পৰা আঁতৰত সুস্থিৰ কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহী আছিল আৰু তেনেকৈয়ে তেওঁ ২০০৯ চনত মুম্বাইৰ ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেচনত অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল।৬২
স্নাতক বৰ্ষত আইটি কোম্পানী এটালৈ ঔদ্যোগিক ভ্ৰমণলৈ যোৱাৰ সময়ত তেওঁ উপলব্ধি কৰিছিল যে অফিচৰ চাকৰিৰ প্ৰতি তেওঁৰ কোনো প্ৰকৃত আগ্ৰহ নাই আৰু তাহানিৰে পৰা তেওঁ চলচ্চিত্ৰত কেৰিয়াৰ গঢ়িবলৈ আকাংক্ষা কৰিবলৈ ধৰিলে।২৬ তেওঁ কিশোৰ নমিত কাপুৰৰ একাডেমীত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰাৰ লগতে একেসময়তে মানৱ কৌলৰ অৰণ্য গোট আৰু নাছিৰুদ্দিন শ্বাহৰ মটলি প্ৰডাকচনৰ সৈতে নাট্যক্ষেত্ৰত অংশগ্ৰহণ কৰিছিল; বেকষ্টেজ আৰু ঘোষণাৰ পৰা আৰম্ভ কৰি ষ্টেণ্ড-ইনলৈকে সকলো কাম কৰিছিল।৭ কৌশলে পৰৱৰ্তী দুবছৰ বিভিন্ন ধৰণৰ অডিচনলৈ গৈ কটালে, কিন্তু কোনো ভাল সুযোগ নাপালে।৬ ২০১১ চনত লাল পেঞ্চিল শীৰ্ষক নাট্য প্ৰযোজনাত তেওঁৰ অভিনয়ৰ প্ৰথম প্ৰচেষ্টা আছিল।৬
গেংছ অৱ ৱাছেইপুৰ (২০১২) নামৰ দুটা খণ্ডৰ অপৰাধমূলক নাটকত অনুৰাগ কাশ্যপৰ সহকাৰী পৰিচালক হিচাপে কাম কৰি চলচ্চিত্ৰ ক্ষেত্ৰখনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।৬৮ কৌশলে নিজৰ গুৰু হিচাপে গণ্য কৰা কাশ্যপৰ সৈতে কৰা কাম আৰু মৰমলগা স্মৃতিবোৰ সামাজিক মাধ্যমৰ আগত বৰ্ণনা কৰিছে।৯ ইয়াৰ পিছত তেওঁ কাশ্যপৰ প্ৰযোজনাৰ ছবি লাভ শ্বাভ তেই চিকেন খুৰানা (২০১২), বম্বে ভেলভেট (২০১৫) আৰু চুটি ছবি গীক আউট (২০১৩)ত সৰু সৰু চৰিত্ৰত অভিনয় কৰে।৬১০
তথ্যসূত্ৰ
- ↑ Singh, Deepali. (16 May 2018). 'Raazi has made my b'day special', says birthday boy Vicky Kaushal. Daily News and Analysis
- ↑ Khuranaa, Amann. (28 January 2017). 'Raman Raghav 2.0' actor Vicky Kaushal: I was born in a 10x10 chawl. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (13 August 2016). Vicky advised me not to be pretentious in Bollywood: Sunny Kaushal. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Gupta, Nidhi. (2 March 2016). Vicky Kaushal, the poster boy of Indian cinema's 'new wave'. GQ
- ↑ (26 January 2023). Vicky Kaushal enjoys warmth of his pind Hoshiarpur, 'playing taash and cricket under peepal tree'. Tribune India
- ↑ Chatterjee, Suprateek. (3 March 2016). Interview: Vicky Kaushal On 'Zubaan' And His Journey As An Actor. HuffPost
- ↑ Smriti, Kiran. (16 May 2016). The power of surprise and affability. mumbaifilmfestival.com
- ↑ Chatterjee, Arundhati. (25 June 2016). Vicky Kaushal: From being an engineer to becoming an actor. হিন্দুস্তান টাইমছ
- ↑ N, Patcy. (16 May 2016). I badly want to do an action film. Rediff.com
- ↑ Nayar Singh, Anjuri. (10 August 2016). Anurag is my family, my guardian in the industry, says Vicky Kaushal. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিকি কৌশল” প্ৰবন্ধৰ সংশোধন ৬১২১৪৮ (১৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।