অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুভৱ মহান্তি

অনুভৱ মহান্তি (ওড়িয়া: ଅନୁଭବ ମହାନ୍ତି) (জন্ম: ২০ জানুৱাৰী ১৯৭৭) ওড়িশাত বাস কৰা এজন ওড়িয়া চলচ্চিত্ৰৰ অভিনেতা, লোকসভাৰ সদস্য আৰু প্ৰাক্তন ৰাজ্যসভাৰ সদস্য। অনুভৱ মহান্তি ওড়িয়া চলচ্চিত্ৰ জগতৰ সৰ্ববৃহৎ ছুপাৰষ্টাৰ। বিশেষকৈ ওড়িশাত মহন্তৰ এক উল্লেখযোগ্য অনুৰাগী অনুসৰণকাৰী আছে।

হালনাগাদ: ৬ মে’ ২০২৬ ৭১২ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অনুভৱ মহান্তি (ওড়িয়া: ଅନୁଭବ ମହାନ୍ତି) (জন্ম: ২০ জানুৱাৰী ১৯৭৭) ওড়িশাত বাস কৰা এজন ওড়িয়া চলচ্চিত্ৰৰ অভিনেতা, লোকসভাৰ সদস্য আৰু প্ৰাক্তন ৰাজ্যসভাৰ সদস্য। অনুভৱ মহান্তি ওড়িয়া চলচ্চিত্ৰ জগতৰ সৰ্ববৃহৎ ছুপাৰষ্টাৰ। বিশেষকৈ ওড়িশাত মহন্তৰ এক উল্লেখযোগ্য অনুৰাগী অনুসৰণকাৰী আছে।১ অনুভৱ মহান্তিয়ে প্ৰথমে এলবাম ভিডিঅ'ৰ যোগেদি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তাৰ পিছত প্ৰথমে ব্ৰজৰাজ মুভি বেনাৰত চলচ্চিত্ৰত কাম কৰাৰ সুযোগ লাভ কৰিছিল, যাৰ নাম আছিল আই লাভ ইউ। এই ছবিখনে ওডিয়া চলচ্চিত্ৰ জগতত ইতিহাসৰ সৃষ্টি কৰিছিল। ২০০৪ চনত আই লাভ ইউ ছবিৰ জৰিয়তে তেওঁ ওড়িয়া চলচ্চিত্ৰৰ অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তদুপৰি তেওঁ সাথী আমাৰ নামৰ চলচ্চিত্ৰৰ মাধ্যমেৰে বাংলা চলচ্চিত্ৰতো অভিনয় জীৱন আৰম্ভ কৰে। ওড়িয়া চলচ্চিত্ৰৰ ভিতৰত অৰ্জুন, সথিৰে, প্ৰেমী নম্বৰ ৱান, কালি শংকৰ, ছতি চিড়ি দেলে তু, নেই যা ৰে মেঘ মতে, সুনা চড়েই মো ৰূপ চড়েই, আকাশে কি ৰং লগিলা, অভিমন্যু, বালুংগা টোকা, ছামথিং ছামথিং, অগস্ত্য, অভয় আদি উল্লেখযোগ্য। ২০২৪ চনত তেওঁ কৰ্মা চলচ্চিত্ৰৰ জৰিয়তে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। চলচ্চিত্ৰ জীৱনৰ বাহিৰেও ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কেন্দ্ৰপড়া লোকসভা সমষ্টিৰ পৰা নিকটতম প্ৰতিদ্বন্দ্বী বৈজয়ন্ত পাণ্ডাৰ হাতত পৰাস্ত হৈ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২

চলচ্চিত্ৰ জীৱন

অনুভ মহান্তিয়ে প্ৰথমে ওডিয়া মিউজিক ভিডিঅ'ত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছত ২০০৪ চনত নম্ৰতা থাপাৰ সৈতে আই লাভ ইউ ছবিত অভিনয় কৰি ওডিয়া চলচ্চিত্ৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০৪ চনত আই লাভ ইউ ৩ ৰ জৰিয়তে অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অনুভৱে এতিয়ালৈকে ৩৩খনতকৈও অধিক ওডিয়া আৰু বাংলা ছবিত অভিনয় কৰিছে।

২০০৪ চনত তেওঁৰ আন দুখন চলচ্চিত্ৰ সাথিৰে আৰু "বৰ্ষা মাই ডাৰ্লিং" মুক্তি লাভ কৰিছিল। ইয়াৰ পিছত তেওঁৰ কেইবাখনো ছবি, যেনে - নেই যা ৰে মেঘ মোতে (২০০৮), সুনা চড়েই মো ৰূপ চড়েই (২০০৯), আকাশে কি ৰংগ লগিলা (২০০৯), অভিমন্যু (২০০৯), আম' ভিতৰে কিছি অছি (২০১০), দিৱানা (২০১০), কিয়ে সে ডাকুছি কৌঠি মোতে (২০১১), বালুংগা টোকা (২০১১), ছামথিং ছামথিং (২০১২), মেট্ৰিক ফেইল (২০১২), এচিপি ৰণবীৰ (২০১২), মো দুনিয়া তু হি তু (২০১৩), হাত ধৰি চালুথা (২০১৩), কেহি জেন ভল লাগেৰে (২০১৩), ছামথিং ছামথিং ২ ( ২০১৪), গপ হেলে বি সত (২০১৫), অগস্ত্য (২০১৬), অভয় (২০১৭), কাবুলা বাৰাবুলা (২০১৭), প্ৰেম কুমাৰ: ছেলাৰ্চ অৱ দ্য ইয়েৰ (২০১৮) ব্যৱসায়িকভাৱে সফল হৈছিল। এতিয়া - অনুভৱ মহান্তিয়ে বহুতো টেগ লাইন পাইছে, যেনে, ওড়িয়া ফিল্মছৰ বাদশ্বাহ, ছুপাৰষ্টাৰ অনুভৱ মহান্তি, ভাইজান অৱ ওড়িশা, মেগাষ্টাৰ অনুভৱ মহান্তি। বহু বছৰ কাম কৰাৰ পিছত অনুভৱ মহান্তিয়ে বহুতো বঁটা লাভ কৰিছে। ২০১২ চনত বালুংগা টোকাৰ সফলতাৰ পিছত তেওঁ বিষ্ণুপ্ৰিয়া আৰ্টছ এণ্ড গ্ৰাফিক্স নামেৰে নিজাকৈ প্ৰডাকচন হাউচ সৃষ্টি কৰে। ২০১২ চনৰ আটাইতকৈ হিট ছবিখন আছিল ছামথিং ছমথিং। অনুভৱে বাংলা চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল সাথী আমাৰ চিনেমাখনেৰে ৰচনা বেনাৰ্জীৰ সৈতে বিশেষভাৱে অভিনয় কৰি।৪৫ ২০১৯ চনত অনুভৱ মহান্তিয়ে তেওঁৰ আটাইতকৈ দামী ওডিয়া ছবি বিজু বাবু প্ৰযোজিত নীল মাধৱ পণ্ডা৬ চলচ্চিত্ৰত অভিনয় কৰে, যিখন ছবিয়ে কিছু ৰাজনৈতিক বিতৰ্কৰ বাবে বক্স অফিচত আশা কৰা ধৰণে ভাল কাম কৰিব নোৱাৰিলে। ৪ বছৰীয়া এটা দীঘলীয়া ব্যৱধানৰ পিছত অনুভৱ মহান্তিয়ে চিনেমাৰ জগতলৈ ঘূৰি আহি লাভ ইন লণ্ডন নামৰ এখন ছবি নিৰ্মাণ কৰে। ছবিখন বিপুল হিট হৈ পৰিল। তাৰ পিছত ২০২৪ চনৰ ৰাজা মহোৎসৱৰ সময়ত অনুভৱ মহন্তই বেলেগ কাহিনী আৰু চৰিত্ৰৰ কুহুদিত এখন চিনেমা কৰিছিল যিখন ছবিয়ে ৰাইজে ভাল সমাদৰ লাভ কৰিছিল। শেহতীয়াকৈ অনুভৱ মহান্তিক দেখা গৈছিল ২০২৪ চনৰ দশহেৰাৰ দিনা মুক্তি লাভ কৰা কৰ্মা ছবিখনত, যিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন অভিলেখ গঢ়ি তুলিছিল। এতিয়া অনুভৱ মহান্তিৰ আগন্তুক ছবি আৰু ওড়িয়া চলচ্চিত্ৰ জগতৰ আটাইতকৈ প্ৰত্যাশিত চিনেমা ৰাৱনৰ বাবে সকলোৱে উৎসাহিত হৈ পৰিছে।

ৰাজনৈতিক কেৰিয়াৰ

২০১৩ চনৰ ২৭ এপ্ৰিলত তেওঁ আঞ্চলিক ৰাজনৈতিক দল বিজেডিত যোগদান কৰে।৭ ২০১৪ চনৰ জুন মাহত তেওঁ ৰাজ্যসভাৰ আটাইতকৈ কম বয়সীয়া সংসদ সদস্য হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হয়।৮ ২০১৯ চনৰ ২৩ মে'ত পূৰ্বতে নিৰ্বাচিত বৈজয়ন্ত পণ্ডাক পৰাস্ত কৰি কেন্দ্ৰপাৰা (লোকসভা সমষ্টি)ৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়।৯

চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰ
২০০৪আই লাভ ইউ ১০
টোপাএ সিন্দুৰ দিটোপা লুহ
সাথীৰে
নায়ক নূহে খলনায়ক
২০০৫প্ৰিয়া মোৰ প্ৰিয়া
বৰ্ষা মাই ডাৰ্লিং
প্ৰথম প্ৰেম
অৰ্জুন
প্ৰেমী নং ১
সাথী আমাৰ (বাংলা)
2006থেংক ইউ ভগৱান
স্বাৰ্থপৰ (বাংলা)
এৰি নাম প্ৰেম (বাংলা)
জীবন সাথী (বাংলা)
২০০৭মহানায়ক
কালি শংকৰ (বাংলা-ওড়িয়া)
তো বীনা মো কাহানী অধা
২০০৮ধন ৰে ৰাখিবু শপথ মোৰ
চুপ কিএ আসুছি
মোতে ত লভ হেলাৰে
ছাতি চিড়ি দেলে তু
মুন্না-এ লভ ষ্ট'ৰী
আ জন্‌হৰে লেখিবা না
২০০৯নেই যা ৰে মেঘ মোতে
সূনা চড়েই ৰূপা চড়েই
আকাশে কি‌ ৰংগ লাগিলা ১১
সাত সুৰে বন্ধা এই জীৱন
অভিমন্যু ১২
২০১০ডন
আম ভিতৰে কিছি অছি
মুঁ কোন এতে খৰাপ
দিৱানা ১৩
২০১১মষ্ট ৱাণ্টেড
কিয়েসে ডাকুছি কৌঠি মোতে
বালুঙ্গা টোকা ১৪
২০১২ছামথিং ছামথিং ১৫
মেট্ৰিক ফেইল
ACP ৰণৱীৰ
২০১৩মোৰ দুনীয়া তু হি তু ১৬
হাত ধৰি চালুথা ১৭
কেহি জনে ভল লাগেৰে
20১৪ছামথিং ছামথিং ২ ১৮
মেণ্টাল
২০১৫গপ হেলে বি সত ১৯
জঘা হাতে পঘা ২০
২০১৬গোটে সুঅ' গোটে শাৰী ২১
অগস্ত্য
বেবী ২২
২০১৭অভয়
কাবুলা বাৰাবুলা
২০১৮প্ৰেম কুমাৰ: Salesman of the Year
২০১৯বিজু বাবু
২০২৩লাভ ইন লণ্ডন
২০২৪বিগুল
কুহুড়ী
কৰ্মা - When Destiny Strikes Back

বঁটা আৰু মনোনয়ন

বছৰচলচ্চিত্ৰবঁটাবিভাগফলাফলতথ্যসূত্ৰ
২০১০আকাশে কি ৰঙ্গ লাগিলাবাৰ্ষিক বাণীচিত্ৰ চিনে বঁটাশ্ৰেষ্ঠ অভিনেতা (পুৰুষ)২৩
অভিমন্যুতৰঙ্গ চিনে এৱাৰ্ডশ্ৰেষ্ঠ অভিনেতা (পুৰুষ)২৪
২০১১আকাশে কি ৰঙ্গ লাগিলাওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেতা২৫২৬
দিৱানাইটিভি ওড়িয়া ফিল্ম বঁটাশ্ৰেষ্ঠ অভিনেতা২৭
২০১২বালুঙ্গা টোকাতৰঙ্গ চিনে এৱাৰ্ডশ্ৰেষ্ঠ অভিনেতা (পুৰুষ)২৮
ইটিভি ওড়িয়া ফিল্ম বঁটাশ্ৰেষ্ঠ অভিনেতা২৯
লালচান্দ মনোৰঞ্জন বঁটাশ্ৰেষ্ঠ অভিনেতা৩০
ওড়িশা ফিল্মফেয়াৰ বঁটা‌ শ্ৰেষ্ঠ অভিনেতা৩১
২০১৩ছামথিং ছামথিংতৰঙ্গ চিনে এৱাৰ্ডশ্ৰেষ্ঠ অভিনেতা (পুৰুষ)৩২
২০১৪হাত ধৰি চালুথা৩৩
ফিল্মফেয়াৰ এৱাৰ্ডছ ইষ্টশ্ৰেষ্ঠ অভিনেতা (পুৰুষ)৩৪৩৫
মো দুনীয়া তু হি তু
২০১৫ছামথিং ছামথিং টুতৰঙ্গ চিনে এৱাৰ্ডশ্ৰেষ্ঠ অভিনেতা (পুৰুষ)৩৬
২০১৮অভয়ষ্টাৰ এণ্টাৰটেইনমেণ্ট অৱ দ্য ইয়েৰ৩৭

অন্যান্য বঁটা, মনোনয়ন, আৰু স্বীকৃতি

  • ২০০৪–০৫: ৰাজীৱ গান্ধী প্ৰতিভা সন্মান

বৈবাহিক জীৱন

অনুভৱে ২০১৪ চনৰ ৮ ফেব্ৰুৱাৰীত অভিনেত্ৰী বৰষা প্ৰিয়াদৰ্শনীৰ সৈতে বিবাহপাশত আবদ্ধ হয়,৩৮৩৯ অৱশ্যে ২০২০ চনত বছৰাই অনুভৱৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰি ঘৰুৱা হিংসাৰ গোচৰ ৰুজু কৰাত তেওঁলোকৰ বৈবাহিক জীৱন যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়।৪০৪১ ইয়াৰ উত্তৰত অনুভৱে ২০২০ চনৰ জুলাই মাহত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়, যাৰ ফলত এক অতি প্ৰচাৰিত আইনী যুদ্ধৰ সৃষ্টি হয়।৪২৪৩ এই দম্পতীহালৰ বিবাদৰ বিষয়ে সংবাদ মাধ্যমত বহুলভাৱে প্ৰকাশ পাইছে, ইয়াৰ ভিতৰত আদালতৰ নিৰ্দেশেও ইজনে সিজনৰ বিষয়ে ৰাজহুৱাভাৱে মন্তব্য কৰাত বাধা আৰোপ কৰিছে।৪৪

ওড়িশা উচ্চ ন্যায়ালয়ে তেওঁৰ পক্ষত ৰায় দি তেওঁক বিবাহ বিচ্ছেদৰ ডিক্ৰী প্ৰদান কৰে আৰু পত্নীৰ আচৰণৰ বাবে, তেওঁৰ স্থায়ী জীৱিকাৰ ধন অস্বীকাৰ কৰে।৪৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mohanty, Debabrata. (2 December 2004). Tolly pretty faces for Oriya film revival. The Telegraph (India)
  2. ↑ (2019-05-24). ବୈଜୟନ୍ତଙ୍କୁ ହରାଇଲେ ଅନୁଭବ. Sambad
  3. ↑ (31 May 2018). ଏହି ପପୁଲାର ନିର୍ଦ୍ଦେଶକଙ୍କ ସହ କାମ କରିନାହାନ୍ତି ଓଲିଉଡ ସୁପରଷ୍ଟାର ଅନୁଭବ. OdishaLIVE
  4. ↑ Wel Come To Orissa · About Orissa, Orissa Culture, Odissi, Oriya Songs, Purely Soul & Image of Orissa. welcomeorissa.com
  5. ↑ Orissa Film Celebrity. movies.fullodisha.com
  6. ↑ Panda Releases Biju Babu. Daily Pioneer
  7. ↑ Mohanty, Subhasish; Panda, Namita. Reel hero courts BJD – Chief minister inducts Anubhav Mohanty into party. The Telegraph
  8. ↑ Odisha: Anubhav Mohanty elected to Rajya Sabha uncontested and He has 1st most young parliamentarian of Rajyasabha still today. OdishaDiary
  9. ↑ Kendrapara Lok Sabha results 2019: Anubhav Mohanty wins with over 6.5 lakh votes, BJD set for a comeback. India Today
  10. ↑ (17 January 2012). He starts donning different hats. The New Indian Express
  11. ↑ (26 August 2011). Meet Archita, the bubbly actress. The New Indian Express
  12. ↑ (13 November 2009). Pagala karichhi paunji tora. The New Indian Express
  13. ↑ (12 December 2012). Double honour for Babushan - State film Awards 2010 announced, newcomer Riya bags Best Actress award. The Telegraph (India)
  14. ↑ (11 January 2017). I'm aiming for 8 packs: Anubhav Mohanty. The Times of India
  15. ↑ (9 October 2013). Success bash of 'Something Something'. The Times of India
  16. ↑ (10 March 2013). The remake Raja of Odia cinema. The New Indian Express
  17. ↑ (27 December 2013). Nothing to Cheer About. The New Indian Express
  18. ↑ (26 December 2014). No Hits, Few to Remember. newindianexpress.co
  19. ↑ 2015 is not a memorable Ollywood story to be told | Bhubaneswar News - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  20. ↑ Deluge of movies hit Ollywood in 2015
  21. ↑ Stars fight to grab eyeballs on Raja
  22. ↑ (17 January 2003). 2016: Neither Memorable nor a Forgettable Year for Ollywood
  23. ↑ (11 June 2010). Reason to rejoice, celebrating diamond jubilee. The New Indian Express
  24. ↑ (18 June 2010). More awards for entertainment industry. The New Indian Express
  25. ↑ (6 August 2011). Jayadev Award goes to Sadhu Meher, Mahashweta. The New Indian Express
  26. ↑ (10 August 2011). Starry Nite marks state film awards. CNN-News18
  27. ↑ ETV Oriya film award 2011 winners
  28. ↑ (12 March 2012). TARANG CINE AWARDS 2012 WINNERS. Incredible Orissa
  29. ↑ (13 March 2012). ‘Balunga Toka’ best film, Anubhav best actor. The New Indian Express
  30. ↑ (13 March 2012). Lalchand Entertainment Awards to be aired today. The New Indian Express
  31. ↑ (14 December 2012). Star studded Film Fair awards. The New Indian Express
  32. ↑ (4 March 2013). TARANG CINE AWARDS 2013 WINNERS. Incredible Orissa
  33. ↑ (10 March 2014). TARANG CINE AWARDS 2014 WINNERS. Incredible Orissa
  34. ↑ (27 March 2014). Nominations for the Best Actor (Oriya). Filmfare
  35. ↑ (29 March 2014). Filmfare Award 2013 – East Odia Film Nominations. OdiaLive
  36. ↑ (22 March 2015). 6TH TARANG CINE AWARDS 2015 WINNERS. Incredible Orissa
  37. ↑ (2 April 2018). 9th Tarang Cine Awards - Full Details. Odisha Files
  38. ↑ (9 February 2014). ସମଥିଙ୍ଗ ସମଥିଙ୍ଗରୁ ଜୀବନସାଥୀ. Dharitri
  39. ↑ (22 December 2023). Anubhav entitled to get divorce decree:HC. Times of India
  40. ↑ Varsha Priyadarshini files fresh case against Kendrapara MP Anubhav Mohanty. The New Indian Express
  41. ↑ Domestic violence, dowry case lodged against BJD MP Anubhav Mohanty after wife files complaint. India Today
  42. ↑ BJD MP Anubhav Mohanty breaks silence, says filed divorce in July. The New Indian Express
  43. ↑ BJD MP Anubhav Mohanty moves Delhi court seeking divorce. Deccan Herald
  44. ↑ Orissa high court restricts Biju Janta Dal MP Anubhav Mohanty from commenting against actress Varsha Priyadarshini. The Times of India
  45. ↑ (22 December 2023). Anubhav Mohanty Granted Divorce: Fast Track Justice For Sitting MP Vs Struggle For Common Men · Voice For Men India. Voice For Men

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাওড়িয়া চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুভৱ মহান্তি” প্ৰবন্ধৰ সংশোধন ৬০৪৭২৯ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।