যশপাল ভাট্টি (Jaspal Singh Bhatti; ৩ মাৰ্চ ১৯৫৫ – ২৫ অক্টোবৰ ২০১২) আছিল এগৰাকী ভাৰতীয় কৌতুক শিল্পী, প্ৰযোজক আৰু পৰিচালক। সাধাৰণ জনতাৰ বিভিন্ন সমস্যাৰাজি কৌতুকৰ মাধ্যমেৰে উপস্থাপন কৰি জনপ্ৰিয় হৈ পৰা যশপাল ভাট্টি নব্বৈৰ দশকৰ দুখন বিখ্যাত হাস্য বংগ্য ধাৰাবাহিক "ফ্লপ শ্ব'" আৰু "উল্টা পুল্টাৰ" বাবে বিখ্যাত হৈ পৰে।১ ২৫ অক্টোবৰ ২০১২ত এইগৰাকী কৌতুক শিল্পীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়।
জন্ম
১৯৫৫ চনৰ ৩ মাৰ্চ পঞ্জাবৰ অমৃতসৰৰ এক ৰাজপুট শিখ পৰিয়ালত যশপাল ভাট্টিৰ জন্ম হয়। চণ্ডীগড়ৰ পঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকতা বিভাগৰ স্নাতক যশপাল ভাট্টি মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কালত "দ্য নন্ছেন্স ক্লাব"ৰ দৰে বিভিন্ন বাটৰ নাটসমূহৰ বাবে জনপ্ৰিয় হৈ পৰে। তেওঁৰ বেছিভাগ নাটেই মূলতঃ আছিল সমাজত চলি থকা দুৰ্নীতি ভ্ৰষ্টাচাৰ সমূহৰ বিপক্ষে প্ৰতিবাদ।২ যশপাল ভাট্টি চণ্ডীগড়ৰ পৰা প্ৰকাশিত "দা ট্ৰিবিউন" কাকতখনৰ এগৰাকী কাৰ্টুনিষ্ট হিচাবেও আত্মপ্ৰকাশ কৰিছিল।
ফ্লপ শ্ব'
নব্বৈৰ দশকৰ দূৰদৰ্শনৰ কম বাজেটৰ হাস্য বংগ্য ধাৰাবাহিক ‘ফ্লপ শ্ব’ৰ বাবে যশপাল ভাট্টি বিখ্যাত হৈ পৰে।২ তেওঁৰ পত্নী সবিতা ভাট্টিয়ে প্ৰযোজনা কৰা এই ধাৰাবাহিকখন আছিল মাথোঁ দহটা খণ্ডৰ। তথাপিও ধাৰাবাহিকখন আজিও দূৰদৰ্শনপ্ৰেমী দৰ্শকৰ বাবে চিৰসেউজ২।
পৰৱৰ্তী কৰ্মৰাজী
ভাট্টিয়ে পিছলৈ দূৰদৰ্শনৰ বাবে জনপ্ৰিয় টেলিভিছন চিৰিজ "উল্টা পুল্টা" আৰু "নন্চেন্স প্ৰাইভেট লিমিটেড" পৰিচালনা কৰাৰ লগতে অভিনয় কৰে। ১৯৯৯ চনত পঞ্জাব আৰক্ষীৰ বিষয়ে ব্যঙ্গ কাহিনীৰে "মাহৌল থিক হেই" আছিল পঞ্জাবী ভাষাত তেখেতৰ পৰিচালনাত প্ৰথম পূৰ্ণাঙ্গ বোলছবি। ইয়াৰ বাহিৰে তেখেতে " আ অব লৌত চলে", "ফানা", "কই মেৰে দিল চে পুচে", "কুচ মিঠা হো যায়ে" আদি চলচ্চিত্ৰত অভিনয় কৰে।
চাব টিভিৰ অনুষ্ঠান "কমেডী কা কিং কৌন"ত তেখেতে দিব্যা দত্তৰ লগত বিচাৰকৰ ভূমিকা পালন কৰিছিল। ২০০৮ চনত ষ্টাৰ প্লাছ চেনেলৰ নৃত্য অনুষ্ঠান "নাছ বলিয়ে" যশপাল ভাট্টিয়ে তেখেতৰ পত্নীৰ লগত অংশগ্ৰহণ কৰিছিল।৩
যশপাল ভাট্টিয়ে ম'হালিত এখন চলচ্চিত্ৰ প্ৰশিক্ষণ বিদ্যালয় আৰু ষ্টুডিঅ' স্থাপন কৰিছিল।৪ ২০০৯ চনত এই বিদ্যালয়ৰ পৰা ছোৱালীৰ ভ্ৰুণ হত্যাৰ ওপৰত নিৰ্মিত এনিমেছন চলচ্চিত্ৰ "নন্হী চিড়িয়া"ই এড্ভাণ্টেজ ইণ্ডিয়াত দ্বিতীয় স্থান লাভ কৰে।৫
প্ৰথম "গ'ল্ডেন কে'লা বঁটা" অনুষ্ঠানত যশপাল ভাট্টিয়ে জীৱনযোৰা সাধনাৰ বঁটা লাভ কৰিছিল।৬
ব্যক্তিগত জীৱন
২৪ মাৰ্চ ১৯৮৫ চনত যশপাল ভাট্টি, সবিতা ভাট্টিৰ লগত বিবাহ পাশত আৱদ্ধ হয়। পৰিয়ালৰ অইন সদস্যসকলৰ ভিতৰত – পুত্ৰ যশৰাজ ভাট্টি আৰু জীয়ৰী ৰাবিয়া ভাট্টি।৭
মৃত্যু
২০১২ চনৰ ২৫ অক্টোবৰত যশপাল ভাট্টিৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়। সেই সময়ত তেখেতে ভাটিণ্ডাৰ পৰা জলন্ধৰলৈ তেখেতৰ বোলছবি "পাৱাৰ কাট"ৰ প্ৰচাৰৰ বাবে পুত্ৰ যশৰাজ আৰু অভিনেত্ৰী সুৰিলী গৌতমৰ লগত গৈ আছিল। মূৰত গুৰুতৰ আঘাত পোৱা ভাট্টিক জলন্ধৰৰ এখন চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে। তেখেতক চণ্ডীগড়ত সমাধিস্থ কৰা হয়।৮১
কথাছবি সমূহ
- পাৱাৰ কাট (২০১২) "পৰিচালক আৰু অভিনেতা",
- মৌচম (২০১১),
- হম তুম শ্বাবনা (২০১১) "অতিথি শিল্পী",
- চক দে ফাট্টে (২০০৯) "প্যাৰা সিং লভলী",
- এক: দা পাৱাৰ অফ ৱান (২০০৯),
- ফানা (২০০৬) "জলী গুড সিং",
- নালায়ক (২০০৬) "ডাকু মান সিং",
- মেৰা দিল লেকে দেখো (২০০৬),
- কুচ মিঠা হো যায়ে (২০০৫) "ৰাম চৰণ ডুবে",
- নালায়ক (২০০৫),
- কুচ না কহো (২০০৩) "মণ্টি আহলুৱালিয়া",
- তুঝে মেৰি কচম (২০০৩) "চৰ্দাৰজী",
- জানী দুচমন: এক অনোখী কাহানী (২০০২),
- কই মেৰে দিল চে পুচে (২০০২) "নাৰাজ শংকৰ",
- শক্তি: দা পাৱাৰ (২০০২),
- য়ে হে জলৱা (২০০২),
- হমাৰা দিল আপকে পাচ হে (২০০০),
- খৌফ (২০০০),
- ৱ বেৱফা থি (২০০০),
- কাৰ্টুজ (১৯৯৯),
- মাহৌল থিক হে (১৯৯৯),
- আ অব লৌত চলে (১৯৯৯),
- জানম চমঝা কৰ’ (১৯৯৯),
- কালা সাম্ৰাজ্য (১৯৯৯)
দূৰদৰ্শনৰ ধাৰাবাহিক সমূহ
| ধাৰাবাহিক | কেন্দ্ৰ | চৰিত্ৰ | টোকা |
|---|---|---|---|
| উল্টা পুল্টা | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | ||
| ফ্লপ শ্ব | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | ||
| ফুল টেনছন | |||
| থেংক ইউ জিজাজী | চাব টিভি৯ | ভিনিহীয়েক | |
| হাই জিন্দগী বাই জিন্দগী |
আৰু চাওক
বাহ্যিক সংযোগ
- Official Site যশপাল ভাট্টিৰ আনুষ্ঠানিক ৱেবছাইট
- IMDb'ত যশপাল ভাট্টি
- Official Blog যশপাল ভাট্টিৰ আনুষ্ঠানিক ব্ল'গ
- যশপাল ভাট্টিৰ আনুষ্ঠানিক ইউটিউব পৃষ্ঠা
তথ্যসূত্ৰ
- ↑ P Singh & Vibhor Mohan. (October 25, 2012). Jaspal Bhatti dies in road accident. The Times of India
- ↑ Gitanjali Roy. (October 25, 2012). Jaspal Bhatti: Thank you for the laughs. NDTV
- ↑ (September 18, 2008). Jaspal Bhatti in Nach Baliye 4. Tellychakkar.com
- ↑ MADArts – Jaspal Bhatti Film School
- ↑ Nanhi Chidiya flying to Italy. Punjabnesline
- ↑ Damini Berry. (January 23, 2010). Golden Kela Awards- Razzies of Bollywood. Merinews
- ↑ (2012 [last update]). Bhatti's film makes it to Sandfly Film Festival - Times Of India}. indiatimes.com
- ↑ (October 25, 2012). Jaspal Bhatti cremated in Chandigarh. NDTV
- ↑ Thank You Jijaji
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশপাল ভাট্টি” প্ৰবন্ধৰ সংশোধন ৫৬৬৬৩৯ (২৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।