ছৈয়েদ ইচটিয়াক আহমেদ জাফ্ৰি (২৯ মাৰ্চ, ১৯৩৯ - ৮ জুলাই, ২০২০)১ এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান। তেখেত জগদীপ নামেৰে জনপ্ৰিয়। তেখেতে চাৰিশতকৈও অধিক চিনেমাত অভিনয় কৰিছে। ইয়াৰে উল্লেখযোগ্য চৰিত্ৰকেইটা হ'ল- শ্ব'লে (১৯৭৫) চিনেমাত চুৰমা ভুপালী, পুৰাণা মন্দিৰ (১৯৮৪) ছবিত মাছছাৰ আৰু অন্দাজ অপনা অপনা (১৯৯৪)ত ছলমান খানৰ দেউতাকৰ চৰিত্ৰ। তেওঁ নিজে পৰিচালনা কৰা চুৰমা ভুপালী নামৰ ছবিখনত এজন প্ৰটাগনিষ্টৰ চৰিত্ৰত অভিনয় কৰিছিল।২ বি আৰ চোপ্ৰাৰ অফছানা ছবিত এজন শিশু-শিল্পী ৰূপে তেখেতে অভিনয় জীৱন আৰম্ভ কৰে আৰু অৱ দিল্লী দূৰ নহী, কে এ আব্বাছৰ মুন্না, গুৰু দত্তৰ আৰ-পাৰ, বিমল ৰয়ৰ দৌ বিঘা জমীন আদিৰ দৰে সফল ছবিত কাম কৰে। ২০২০ চনৰ ৮ জুলাই তাৰিখে বয়সজনিত কাৰণত তেখেতৰ মৃত্যু হয়।
চলচ্চিত্ৰপঞ্জী
- গলি গলি চৌৰ হ্যে (২০১২)
- লাইফ পাৰ্টনাৰ (২০০৯)
- বম্বে টু গোৱা (২০০৭)
- কহী প্যাৰ না হৌ জায়ে (২০০০)
- চাইনা গেট (১৯৯৮)
- হচিনা অঔৰ নগিনা (১৯৯৬)
- অন্দাজ অপনা অপনা (১৯৯৪)
- ইনচান বনা চৈতান (১৯৯২)
- ফুল অঔৰ কাঁটে (১৯৯১)
- খুনী পঞ্জা (১৯৯১)
- চাহেনছাহ (১৯৮৮)
- বাত বন জায়ে (১৯৮৬)
- পুৰাণা মন্দিৰ (১৯৮৪)
- কুৰবাণী (১৯৮০)
- মৰ্চা (১৯৮০)
- ফিৰ ৱহী ৰাত (১৯৮০)
- কালী ঘটা (১৯৮০)
- এক বাৰ ক'হ' (১৯৮০)
- সুৰক্ষা (১৯৭৯)
- যুৱৰাজ (১৯৭৯)
- স্বৰ্গ নৰক (১৯৭৮)
- এজেণ্ট বিনোদ (১৯৭৭)
- আইনা (১৯৭৭)
- শ্বলে (১৯৭৫)
- বিদাই (১৯৭৪)
- গৌৰা অঔৰ কালা (১৯৭২)
- ফুড্ডু (১৯৭০)
- খিলৌনা (১৯৭০)
- তিন বহুৰাণীয়া (১৯৬৮)
- নঔনিহাল (১৯৬৭)
- বৰ্খা (১৯৫৯)
- ভাভী (১৯৫৭)
- কিছমত কা খেল (১৯৫৬)
- আৰ পাৰ (১৯৫৪)
- মুন্না (১৯৫৪)
- লেইলা মজনু (১৯৫৩)
- অফছানা (১৯৫১)
তথ্যসূত্ৰ
- ↑ (8 July 2020). Veteran actor Jagdeep, 81, dies in Mumbai. India Tv News
- ↑ www.imdb.com/name/nm0415556/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগদীপ” প্ৰবন্ধৰ সংশোধন ৬০৩৯৪৩ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।