পংকজ ত্ৰিপাঠী (Pankaj Tripathi) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। হিন্দী ছবিত কৰা অভিনয়ৰ বাবে তেওঁক জনা যায়। ২০০৪ চনত মুক্তিপ্ৰাপ্ত ৰাণ নামৰ হিন্দী ছবিখনত এটা সৰু চৰিত্ৰ ৰূপায়ণেৰে পংকজ ত্ৰিপাঠীয়ে চলচ্চিত্ৰজগতত প্ৰৱেশ কৰে। ২০১২ চনত মুক্তিপ্ৰাপ্ত গেংছ অৱ্ ৱাছেপুৰ নামৰ চলচ্চিত্ৰ ছিৰিজখনৰ যোগেদি তেওঁ চলচ্চিত্ৰপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
জন্ম আৰু শিক্ষা
১৯৭৬ চনত বিহাৰৰ গোপালগঞ্জ জিলাৰ এক হিন্দু ব্ৰাহ্মণ পৰিয়ালত পংকজ ত্ৰিপাঠীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম বাৰাণশ ত্ৰিপাঠী আৰু মাতৃৰ নাম হেমৱন্তী দেৱী। ত্ৰিপাঠীৰ পিতৃ এগৰাকী কৃষক আৰু পুৰোহিত আছিল।১ শৈশৱতে ত্ৰিপাঠীয়ে নিজৰ গাঁৱত হোৱা নাটকসমূহত মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল আৰু গাঁওবাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। এই কথাটোৱ তেওঁক পৰৱৰ্তী সময়ত অভিনয়ত মনোনিৱেশ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।২ ইয়াৰপাছত তেওঁ পাটনালৈ যায় আৰু ইনষ্টিটিউট অৱ্ হোটেল মেনেজমেণ্ট,হাজিপুৰত পঢ়িবলৈ লয়। কলেজীয়া দিনত ত্ৰিপাঠী সক্ৰিয়ভাৱে ৰাজনীতি আৰু নাটকৰ লগত জড়িত আছিল।৩ অভিনয়ত সফলতা লাভ কৰিব নোৱাৰিব বুলি ভাৱি ত্ৰিপাঠীয়ে এখন পঞ্চতাৰকাযুক্ত হোটেলত কাম কৰিবলৈ লয়। সাত বছৰ এনেকৈ কাম কৰাৰ পাছত তেওঁ দিল্লীলৈ যায় আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা ২০০৪ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।৪৫
অভিনয় জীৱন
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতে তেওঁ নিজকে সাজু কৰি মুম্বাইলৈ আহে। সেই সময়ত তেওঁ কিছুমান সৰু সৰু চৰিত্ৰ কৰিবলৈ পায়। তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ ৰাণত তেওঁৰ চৰিত্ৰটোৰ মাত্ৰ দুটা দৃশ্য আছিল আৰু চৰিত্ৰটোৰ কোনো নাম নাছিল।৬ ত্ৰিপাঠীয়ে এক সাক্ষাৎকাৰত উল্লেখ কৰামতে তেওঁ অভিনয়ৰ বাবে কৰা সংগ্ৰামখনত তেওঁ কেতিয়াও সহানুভূতিৰ দৃষ্টিৰে নাচাইছিল। তেওঁৰ দৃঢ়বিশ্বাস আছিল যে সফলতা আহিবই।৭২০১২ চনত মুক্তিপ্ৰাপ্ত গেংছ অৱ্ ৱাছেপুৰ নামৰ চলচ্চিত্ৰ ছিৰিজ খনৰ জৰিয়তে তেওঁ চিত্ৰপ্ৰেমী আৰু চিত্ৰসমালোচকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এই চিনেমাখনত অভিনয়ৰ বাবে তেওঁ আঠ ঘণ্টা পৰ্যন্ত অ'ডিচন দিব লগাত পৰিছিল।৮৯
অভিনয় জীৱনৰ আৰম্ভণিতে অধিকাংশ ঋণাত্মক বা ভিলেইন চৰিত্ৰ ৰূপায়ণ কৰা ত্ৰিপাঠী বাস্তৱ জীৱনত এগৰাকী ৰসিক মানুহ। তেওঁ এক সাক্ষাৎকাৰত উল্লেখ কৰামতে জনসাধাৰণে তেওঁ কৰা ঋণাত্মক চৰিত্ৰবোৰক প্ৰশংসা কৰিলে তেওঁ অলপ অস্বস্তিবোধ কৰে। ত্ৰিপাঠীয়ে উল্লেখ কৰা মতে পৰ্দাত ৰূপায়ণ কৰা প্ৰতিটো চৰিত্ৰৰ জৰিয়তেহে আচলতে এগৰাকী অভিনেতাৰ অভিনয় কলাৰ বিকাশ সাধন হয়। তেওঁ কয়, "মই কৰা প্ৰতিটো ঋণাত্মক চৰিত্ৰতে মই চৰিত্ৰটোৰ মানৱীয় দিশটো প্ৰকাশ কৰিবলৈ যত্ন কৰো। কিয়নো বাস্তৱত কোনো ব্যক্তিয়েই ভিলেইন নহয় বা কোনো ব্যক্তিয়েই হিৰ'ও নহয়। প্ৰত্যেক ব্যক্তিয়েই ভাল-বেয়াৰ এক ধূসৰিত অৱস্থাত জীয়াই থাকে। " মাচান চলচ্চিত্ৰখনৰ তেওঁ অভিনয় কৰা সদ্ধ্যা জী নামৰ চৰিত্ৰটোৰ লগত তেওঁৰ ব্যক্তিত্বৰ মিল আছে বুলি ত্ৰিপাঠীয়ে উল্লেখ কৰে।১০
২০১৭ চনত মুক্তিপ্ৰাপ্ত গুৰগাঁও নামৰ চলচ্চিত্ৰখনত তেওঁ প্ৰথমবাৰলৈ প্ৰধান চৰিত্ৰত অভিনয় কৰে।১১২০১৭ চনত মুক্তিপ্ৰাপ্ত তেওঁ আন এখন ছবি নিউটনে অকাডেমী বঁটাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ শিতানত ভাৰতৰ হৈ আনুষ্ঠানিক প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।১২
২০১৮ চনত মিৰ্জাপুৰ নামৰ এখন ৱেবছিৰিজটো তেওঁ অভিনয় কৰে।১৩
চলচ্চিত্ৰপঞ্জী
| + সংকেত | সূচায় / মুক্তি নোপোৱা চলচ্চিত্ৰ/নাটক |
চলচ্চিত্ৰ
| চন | চলচ্চিত্ৰ | চৰিত্ৰ | টোকা |
|---|---|---|---|
| 2003 | চিৰুগুড়িয়া কানাছো | Shankar College Friend (কানাড়া চলচ্চিত্ৰ) | |
| 2004 | Run|ৰাণ | ||
| 2005 | Apaharan | Gaya Singh's Crony | |
| 2006 | Omkara | Kichlu | |
| 2007 | Dharm | Suryaprakash | |
| 2008 | Mithya | Tipnis | |
| Shaurya | Major Virendra Rathore | ||
| 2009 | Chintu Ji | Paplu Yadav | |
| Barah Aana | Inspector | ||
| 2010 | Valmiki Ki Bandook | BDO Tripathi | Short film |
| Raavan | |||
| Aakrosh | Kishore | ||
| 2011 | Chillar Party | Secretary Dubey | |
| 2012 | Agneepath | Surya | |
| Gangs of Wasseypur – Part 1 | Sultan Qureshi | ||
| Gangs of Wasseypur – Part 2 | |||
| Dabangg 2 | Filawar | ||
| 2013 | ABCD: Any Body Can Dance | Vardha Bhai | |
| Rangrezz | Brijbihari Pande | ||
| Fukrey | Pandit | ||
| Anwar Ka Ajab Kissa | Amol | ||
| Maazii | Rathiji | ||
| Janta v/s Janardan – Bechara Aam Aadmi | |||
| Doosukeltha | Dilleeswara Rao | Telugu film | |
| 2014 | Gunday | Lateef | |
| Singham Returns | Altaf | ||
| 2015 | Manjhi – The Mountain Man | Ruab | |
| Life Biryani | |||
| Masaan | Sadhya Ji | ||
| Dilwale | Anwar | ||
| 2016 | Nil Battey Sannata | Principal Srivastava | |
| Global Baba | Damru | ||
| Mango Dreams | Salim | English film | |
| 2017 | Coffee with D | Girdhari | |
| Anaarkali of Aarah | Rangeela | ||
| Newton | Atma Singh | ||
| Gurgaon | Kehri Singh | ||
| Bareilly Ki Barfi | Narottam Mishra | ||
| Fukrey Returns | Pandit | ||
| Munna Michael | Balli | ||
| 2018 | Kaalakaandi | ||
| Kaala | Pankaj Patil | Tamil film | |
| Angrezi Mein Kehte Hain | Feroz | ||
| Phamous | Tripathi | ||
| Stree | Rudra | ||
| Harjeeta | Coach | Punjabi film | |
| Bhaiaji Superhit | Builder Gupta | ||
| Yours Truly | Vijay | World premiere at the 23rd BIFF in October 2018.১৪ | |
| 2019 | Luka Chuppi | Babulal | |
| The Tashkent Files | Gangaram Jha | ||
| Super 30 | Shri Ram Singh | ||
| Kissebaaz | Chuttan Shukla | ||
| Arjun Patiala | Film Producer | Guest appearance | |
| Drive | Hamid | ||
| 2020 | Angrezi Medium | Tony | ১৫ |
| এক্সট্ৰেক্চন | Ovi Mahajan Senior | নেটফ্লিক্স Film১৬ | |
| গুঞ্জন সক্সেনা | গুঞ্জনৰ পিতৃ | নেটফ্লিক্স | |
| Sandeep Aur Pinky Faraar | Kartaar Singh | Post-production | |
| 83 | Man Singh১৭ | Filming | |
| Ludo | TBA | postponed. | |
| Romeo | TBA | Pre-Production | |
| Mumbai Saga | Devraj Chaudhary | Filming |
টেলিভিছন
| চন | শিৰোনাম | চৰিত্ৰ | নেটৱ'ৰ্ক | টোকা |
|---|---|---|---|---|
| 2010–11 | Zindagi Ka Har Rang...Gulaal | Giga Kaka | ষ্টাৰ প্লাছ | |
| 2010 | Powder|পাউদাৰ | Naved Ansari | Sony TV|ছ'নী টিভি | |
| 2015–16 | সৰোজিনী | Dushyant Singh | জী টিভি |
ৱেব-ছিৰিজ
| চন | শিৰোনাম | চৰিত্ৰ | প্লেটফ'ৰ্ম | টোকা |
|---|---|---|---|---|
| 2018–2019 | Sacred Games|ছেক্ৰেড গেম্ছ | গুৰুজী | নেটফ্লিক্স | |
| 2018–present | Mirzapur|মিৰ্জাপুৰ | Akhandanand "Kaleen" Tripathi | প্ৰাইম ভিডিঅ' | |
| 2019 | Criminal Justice|ক্ৰিমিনেল জাষ্টিছ | মাধৱ মিশ্ৰ | হটষ্টাৰ | ১৮ |
বঁটা/সন্মান
- নিউটন (হিন্দী) চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিশেষ উল্লেখ১৯২০
- নিউটন (হিন্দী) চলচ্চিত্ৰৰ বাবে News18 REEL Movie Awards ৰ শ্ৰেষ্ঠ সহঃ অভিনেতাৰ ৰ্বঁটা২১
- মিৰ্জাপুৰ ৱেবছিৰিজৰ বাবে iReel Awards ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান২২
- স্ত্ৰী চলচ্চিত্ৰৰ বাবে Screen Award (২০১৮)ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান
- স্ত্ৰী চলচ্চিত্ৰৰ বাবে Zee Cine Award (2019) ৰ শ্ৰেষ্ঠ সংলাপৰ সন্মান
তথ্যসূত্ৰ
- ↑ www.thebetterindia.com/133177/pankaj-tripathi-in
- ↑ (22 September 2017). Oscar में इस बिहारी एक्टर की मूवी, अभी भी मिट्टी के चूल्हे पर बनता है खाना. dainikbhaskar
- ↑ Story of Pankaj Tripathi: From jail cell, hotel kitchen to big screen - Times of India. The Times of India
- ↑ Danish Raza. (5 August 2017). Pankaj Tripathi, the scene-stealer of ‘Gurgaon’. Hindustan Times
- ↑ Ramnath, Nandini. (20 April 2016). The Pankaj Tripathi interview: ‘The audience should be in the same room as the character’. Scroll.in
- ↑ 'Tripathi bach jayega! ' Decoding Pankaj Tripathi and why India's drooling over this middle-aged guy. www.dailyo.in
- ↑ Kaushal, Ruchi. (28 January 2017). 'Nil Battey Sannata' is my story: Pankaj Tripathi – Times of India. The Times of India
- ↑ Joshi, Namrata. (19 September 2017). Acting is like a journey into unexplored terrain, says Pankaj Tripathi. The Hindu
- ↑ (8 July 2017). Kaala Karikaalan actor Pankaj Tripathi: Gurgaon is a very special film for me. The Indian Express
- ↑ (30 April 2016). Don’t like people appreciating my negative roles: Pankaj Tripathi. The Indian Express
- ↑ (2017-08-03). Gurgaon movie review: You wouldn’t want to be trapped in this dark, mean world. Hindustan Times
- ↑ (22 September 2017). ‘Newton’ is India’s official entry to Oscars 2018. The Hindu
- ↑ Mirzapur Review: Pankaj Tripathi and Ali Fazal's web series is an entertaining gorefest. www.timesnownews.com
- ↑ Busan Film Festival official site
- ↑ (13 April 2019). Pankaj Tripathi joins the cast of Irrfan Khan’s Angrezi Medium. Indian Express
- ↑ (7 April 2020). ‘Extraction’ trailer: Chris Hemsworth is all guns blazing in thrill-a-minute first look of Netflix film. The Hindu
- ↑ (7 February 2019). The man of the moment, @TripathiiPankaj, will inspire everyone with his role of #ManSingh. #CastOf83. Reliance Entertainment Twitter
- ↑ Rao, Soumya. (1 April 2019). ‘No one’s seen me in such a role’: Pankaj Tripathi on playing a lawyer in ‘Criminal Justice’. Scroll.in
- ↑ Desk, The Hindu Net. (13 April 2018). Sridevi wins posthumous National Award for 'Mom': Here is the full list of awardees. The Hindu
- ↑ (14 April 2018). Pankaj Tripathi Gets A Special Mention For His Performance In Newton At 65Th National Awards. Deccan Chronicle
- ↑ VIDEO: News18 REEL Movie Awards I Pankaj Tripathi Wins Best Supporting Actor for Newton. News18
- ↑ iReel Awards 2019: Pankaj Tripathi Beats Sacred Games 2 co-star Nawazuddin Siddiqui to win Best Actor (Drama) for Mirzapur. News18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পংকজ ত্ৰিপাঠী” প্ৰবন্ধৰ সংশোধন ৪০৪০৯২ (৩১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।