অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চনু সুদ

চনু সুদ (Sonu Sood; सोनू सूद; সোনু সুদ; জন্ম: ৩০ জুলাই ১৯৭৩) এগৰাকী ভাৰতীয় মডেল, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক যিয়ে মূলতঃ হিন্দী, তেলেগু, কন্নড় আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে৷ ২০০৯ চনত তেওঁ তেলেগু ব্লকবাষ্টাৰ ছবি অৰুন্ধতীত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ খলনায়কৰ বাবে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক নন্দী বঁটা আৰু…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪৫৭ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চনু সুদ (Sonu Sood; सोनू सूद; সোনু সুদ; জন্ম: ৩০ জুলাই ১৯৭৩) এগৰাকী ভাৰতীয় মডেল, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক যিয়ে মূলতঃ হিন্দী, তেলেগু, কন্নড় আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে৷

২০০৯ চনত তেওঁ তেলেগু ব্লকবাষ্টাৰ ছবি অৰুন্ধতীত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ খলনায়কৰ বাবে অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক নন্দী বঁটা আৰু শ্ৰেষ্ঠ সহ অভিনেতাৰ (তেলেগু) ফিল্মফেয়াৰ বঁটা লাভ কৰে।১ ২০১০ চনত তেওঁ বলীউডৰ ডাবাং চলচ্চিত্ৰত নেতিবাচক চৰিত্ৰত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অপ্সৰা বঁটা আৰু নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ পাৰদৰ্শিতা দেখুওৱাৰ বাবে আইফা বঁটা (IIFA Award) লাভ কৰে।২ ২০১২ চনত তেওঁ জুলায়ী চলচ্চিত্ৰত কৰা নেতিবাচক চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ (তেলেগু) চিমা বঁটা লাভ কৰে।৩ তেওঁ যুৱ (২০০৪), আথাদু (২০০৫), আশিক বনায়া আপনে (২০০৫), অশোক (২০০৬), জোধা আকবৰ (২০০৮), অৰুন্ধতী (২০০৯), দুকুদু (২০১১), শ্বুটআউট এট ৱাডালা (২০১৩), হেপ্পী নিউ ইয়াৰ (২০১৫), কুংফু যোগা (২০১৭) আৰু চিম্বা (২০১৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে অধিক পৰিচিত।৪৫ তেওঁ এপ’লো টায়াৰ আৰু এয়াৰটেলৰ বিজ্ঞাপনতো অভিনয় কৰিছিল।৬৭

২০১৬ চনৰ জুলাই মাহত তেওঁ প্ৰডাকচন হাউচ শক্তি সাগৰ প্ৰডাকচন স্থাপন কৰে, যাক পিছলৈ তেওঁৰ পিতৃৰ নামেৰে শক্তি সাগৰ সুদ নামকৰণ কৰা হয়। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত তেওঁ কৰা মানৱীয় কৰ্মৰ বাবে তেওঁক সংযুক্ত ৰাষ্ট্ৰ বিকাশ কাৰ্যসূচী (চমুকৈ ইউএনডিপি) -য়ে “এছডিজি বিশেষ মানৱীয় কাৰ্য বঁটা” (SDG Special Humanitarian Action Award) -ৰ বাবে বাছনি কৰিছিল।৮৯১০

শিক্ষা

চনু সুদে মোগাৰ চিক্ৰেড হাৰ্ট স্কুল (Sacred Heart School) ১১ আৰু নাগপুৰ স্থাপিত যশৱন্তৰাৱ চৱান অভিযান্ত্ৰিক মহাবিদ্যালয় (YCCE) -ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল৷১২

কৰ্মজীৱন

১৯৯৯ চনত চনু সুদে ছবি জগতত তামিল চলচ্চিত্ৰ কাল্লাঝাগাৰ আৰু নেঞ্জিনিলেৰ যোগেদি পৰিচয় লাভ কৰে৷ তাৰ পিছত তেওঁক ২০০০ চনত তেলেগু চলচ্চিত্ৰ হেণ্ডচ আপ!ত এগৰাকী বিৰোধী হিচাপে দেখা যায়৷ ২০০১ চনত তেওঁ মাজুনু চলচ্চিত্ৰত উপস্থিত হয়। তাৰ পিছত তেওঁ ২০০২ চনত হিন্দী চলচ্চিত্ৰ শ্বহীদ-ই-আজম নামৰ চলচ্চিত্ৰত ভগৎ সিংৰ চৰিত্ৰত অভিনয় কৰি হিন্দী চলচ্চিত্ৰ জগতত খোজ দিয়ে। ছুডে ২০০৪ চনত মণি ৰত্নমৰ যুৱত অভিষেক বচ্চনৰ ভাতৃৰ চৰিত্ৰত অভিনয় কৰি আৰু ২০০৫ চনত আশিক বনায়া আপনেৰ যোগেদি স্বীকৃতি লাভ কৰে।৭

২০০৫ চনত টোলীউডৰ চুপাৰ নামৰ চলচ্চিত্ৰখন মুক্তিৰ লগতে তেওঁ তেওঁৰ কামৰ বাবে অধিক স্বীকৃতি লাভ কৰিছিল।১৩ এই চলচ্চিত্ৰখনত তেওঁৰ সহ-অভিনেতা নাগাৰ্জুন এগৰাকী উচ্চ-প্ৰযুক্তিৰ চোৰ হয়। তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰখন আছিল আথাদু। ২০০৬ চনত অশোকত তেওঁ পুনৰ এগৰাকী বিৰোধীৰ চৰিত্ৰত অভিনয় কৰে।

২০০৯ চনত তেওঁ অৰুন্ধতীত পশুপতিৰ চৰিত্ৰত অভিনয় কৰে। টোলীউডত অৰুন্ধতীৰ মুক্তিৰ পিছত তেওঁ আশুতোষ গোৱাৰিকাৰৰ দ্বাৰা পৰিচালিত ভাৰতীয় ইপিক ফিল্ম যোধা আকবৰতত ৰাজকুমাৰ সুজামালৰ চৰিত্ৰত অভিনয় কৰে। ২০০৯ চনত তেওঁ ৰবি তেজাৰ বিপৰীতে অঞ্জানীয়ুলুত গেংষ্টাৰ বাডাৰ চৰিত্ৰত অভিনয় কৰে। ২০০৯ চনৰ শেষাৰ্ধত তেওঁ আন এখন তেলেগু চলচ্চিত্ৰ এক নিৰঞ্জনত অভিনয় কৰে, য’ত তেওঁক পুনৰ এগৰাকী বিৰোধীৰ চৰিত্ৰত দেখা যায়৷ ২০১০ চনত তেওঁ অভিনৱ কাশ্যপ পৰিচালিত ডাবাংত চলমান খানৰ সৈতে মুখ্য বিৰোধীৰ চৰিত্ৰত অভিনয় কৰে।১৪ তেওঁৰ কন্নড় আত্মপ্ৰকাশ ছবি সুদীপ, বিষ্ণুবৰ্ধন (২০১১) চলচ্চিত্ৰত তেওঁৰ প্ৰদৰ্শনৰ ইতিবাচক পৰ্যালোচনা লাভ কৰে।১৫ ৰাজ্যিক নিৰ্বাচন আয়োগে তেওঁক "পাঞ্জাৱৰ ৰাজ্যিক আইকন" ("The state icon of Punjab") হিচাপে নিযুক্ত কৰিছিল।১৬

চলচ্চিত্ৰপুঞ্জী

চনশিৰোনামচৰিত্ৰভাষাটোকা
১৯৯৯কাল্লাঝাগাৰমৌম্যা নাৰায়ণন (Priest)তামিল
নেঞ্জিনিলেগেংষ্টাৰতামিল
২০০০হেণ্ডচ আপ!টোগলকতেলেগু
সন্ধিথা বেলইসন্দিপতামিল
২০০১মাজুনুহীনাৰ ভাতৃতামিল
২০০২শ্বহীদ-ই-আজমভগৎ সিংহিন্দী
জিন্দাগী খুবসুৰাত হেমুৰাডহিন্দী
ৰাজাভৱানীতামিল
২০০৩আম্মায়িলু আব্বায়িলুৰাকেশতেলেগু
কবিলপাট্টী বীৰলক্ষ্মীৰাজীৱ মাথুৰতামিল
কাহা হো তুম (Kahan Ho Tum)কাৰণহিন্দী
২০০৪নেতাজী সুবাস চন্দ্ৰ বসু:দ্য ফোৰগোটেন হিৰোচাহ নাৱাজ খানহিন্দী
মিশ্যন মুম্বাই (Mission Mumbai)কেপ্টেইন ৰাজীৱ সিংহিন্দী
যুৱগোপাল সিংহিন্দী
২০০৫শীশাৰাজহিন্দী
চন্দ্ৰমুখীঔমায়াণতামিল
চুপাৰচনুতেলেগু
আথাডুমাল্লীতেলেগু
আশিক বনায়া আপনেকাৰণ অবেৰোইহিন্দী
শিচকীয়া (Siskiyaan)ড° বিশ্বাসহিন্দী
দিভৰ্চ:নট বিটউইন হাচবেণ্ড এণ্ড ৱাইফসিদ্ধাৰ্থ যোশীহিন্দী
২০০৬অশোককে কেতেলেগু
ৰকি মেৰা (Rockin' Meera)প্ৰাইঞ্চইংৰাজী
২০০৮জোধা আকবৰপ্ৰাইঞ্চ সুজামালহিন্দীমনোনীত, ফিল্মফেয়াৰ বেষ্ট চাপৰ্টিং এক্টোৰ এৱাৰ্ড
মিষ্টাৰ মেধাৱীসিদ্ধাৰ্থতেলেগু
সিং ইজ কিংলখন 'লাকী' সিং (Lakhan 'Lucky' Singh)হিন্দী
এক বিবাহ এইসা ভীপ্ৰেম আজমেৰাহিন্দী
২০০৯অৰুন্ধতীপশুপতিতেলেগুনন্দী এৱাৰ্ড ফৰ বেষ্ট ভিলেইন ফিল্মফেয়াৰ বেষ্ট চাপৰ্টিং এক্টোৰ এৱাৰ্ড (তেলেগু)
ধুন্‌তে ৰেহ জাৱগেআৰিয়ানহিন্দী
অঞ্জানীয়ুলুবাডাতেলেগু
বাংগাৰু বাবুৰাজেন্দ্ৰতেলেগু
এক নিৰঞ্জনজনী ভাাইতেলেগু
চিটী অৱ লাইফবসু/পেটাৰ পেটাৰইংৰাজী
২০১০ডাবাংচেড্ডী সিংহিন্দীনেতিবাচক চৰিত্ৰত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অপ্সৰা বঁটা নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ পাৰদৰ্শিতা দেখুওৱাৰ বাবে আইফা বঁটা
২০১১শক্তিমুকটাৰতেলেগু
থীনমাৰসূধীৰতেলেগু
ব্বুদ্দাহ... হোগা তেৰা বাপএচিপি কাৰণ মালহত্ৰাহিন্দী
কান্দীৰেগাভৱানীতেলেগু
দুকুডুনায়কতেলেগুনেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা
বিষ্ণুবৰ্ধনআদিশেষকন্নড় ভাষামনোনীত, চিমা এৱাৰ্ড ফৰ বেষ্ট এক্ট’ৰ ইন এ নিগেটিভ ৰোল - কন্নড় (SIIMA Award for Best Actor in a Negative Role - Kannada) Nominated, চণ্ডালউড ষ্টাৰ এৱাৰ্ড ফৰ বেষ্ট এক্ট’ৰ ইন এ নিগেটিভ ৰোল (Sandalwood Star Award for Best Actor in a Negative Role) মনোনীত, বেঙ্গালোৰ টাইমচ ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্ট’ৰ ইন এ নিগেটিভ ৰোল মেল (Bangalore Times Film Award for Best Actor in a Negative Role Male)
অচথেবক্সাৰ ডানেইলতামিল
২০১২মেক্সিমামইন্সপেক্টৰ প্ৰতাপ পণ্ডিতহিন্দী
উউ কোডাথাৰা? উলিক্কি পডাথাৰৰা?ফনীন্দ্ৰ ভূপতিতেলেগু
জুলাইবিট্টুতেলেগুমনোনীত, চিমা এৱাৰ্ড ফৰ বেষ্ট এক্ট’ৰ ইন এ নিগেটিভ ৰোল (তেলেগু)
মাধা গাজা ৰাজাঅজ্ঞাততামিলমুক্তি পোৱা নাই
২০১৩শ্বুটআউট এট বাডালাদিলৱাৰ ইমটিয়াজ হাকচাৰহিন্দী
ৰাম্যা বস্তাভাইয়াৰঘুবীৰহিন্দী
ভাইজেমচতেলেগু
আৰ... ৰাজকুমাৰশিৱৰাজ গুৰজাৰহিন্দী
২০১৪ইণ্টাৰটেইনমেণ্টঅৰ্জুনহিন্দী
আগাডুদামোদৰতেলেগু
হেপ্পী নিউ ইয়াৰজগমোহন প্ৰকাশ (জগ)হিন্দী
২০১৬চাগাচামবিট্টুতামিল
জিয়াংযাং (Xuanzang)হৰ্ষমান্য চীনা
ইস্ক পজিটিভনিজেউৰ্দু ভাষাপাকিস্থানী চলচ্চিত্ৰ কেমিঅ’ এপিয়াৰেঞ্চ
দেৱীৰাজ খান্নাতামিল
অভিনেত্ৰীতেলেগু
টুটাক টুটাক টুটিয়াহিন্দীপ্ৰযোজকো
২০১৭কুং ফু যোগাৰানডাল্লমান্য চীনা হিন্দী ইংৰাজী
২০১৮পল্টনমেজৰ বিশেন সিংহিন্দী
চিম্বাধুৰ্ব ৰানডেহিন্দী
২০১৯কুৰুক্ষেত্ৰঅৰ্জুনকন্নড়
দেৱী ২ৰাজ খান্নাতামিলকেমিঅ’ এপিয়াৰেঞ্চ
অভিনেত্ৰী ২তেলেগু
সীতাবাসাবাৰাজুতেলেগু১৭১৮
২০২১আল্লুড্ডু আধুৰ্চগাজাতেলেগু
আচাৰ্যতেলেগুফিল্মিং১৯
পৃথিৱীৰাজহিন্দীফিল্মিং
থামিলাৰাচানতামিলফিল্মিং

ডাবিং কেৰিয়াৰ

চলচ্চিত্ৰৰ শিৰোনামঅভিনেতাচিত্ৰডাব ভাষামূল ভাষামূল মুক্তি বৰ্ষটোকা
দ্য লিজেণ্ড অৱ হাৰকিউলিচহাৰকিউলিচকেল্লান লুটজহাৰকিউলিচ/আলকাইডচহিন্দীইংৰাজী২০১৪

ব্যক্তিগত জীৱন

চনু সুদৰ জন্ম ১৯৭৩ চনৰ ৩০ জুলাইত পঞ্জাৱৰ মোগাত হৈছিল৷ তেওঁৰ বিবাহ ১৯৯৬ চনত তেওঁ তেলেগু মহিলা সোণালীৰ সৈতে হয়৷২০ তেওঁৰ সন্তান দুগৰাকীৰ নাম হৈছে- অয়ন আৰু ইশান্ত৷২১

তথ্যসূত্ৰ

  1. ↑ Joshi, Tushar. (October 26, 2009). Sonu Sood Wins Nandi Award For Arundhati. Mid Day
  2. ↑ Krishna, Rege, Bal, Manisha. (June 26, 2011). Dabangg Wins Big at IIFA Awards. The Newswire
  3. ↑ Barma, Nnimi. (February 23, 2018). Latest Movies of Sonu Sood: 5 Latest Bollywood Movies of Sonu Sood. Medium
  4. ↑ Devi. (29 January 2009). TELUGU CINEMASS: Sonu Sood's, Another Hit Arundhati. Telugucinemass.blogspot.com
  5. ↑ Udasi, Harshikaa. (22 April 2013). Snippets: Finally a nod. দ্য হিন্দু
  6. ↑ (1 November 2011). Sonu Sood turns producer with Lucky Unlucky. দ্য হিন্দু
  7. ↑ Top 100 Handsome Indian Men - Sonu Sood. Webindia123.com
  8. ↑ (29 Sep 2020). Sonu Sood's UNDP award makes his personal brand even taller. ET Brand Equity.com
  9. ↑ (29 Sep 2020). Sonu Sood joins the likes of Angelina Jolie, Leonardo Decaprio as he receives UN award. Wionews.com
  10. ↑ (29 Sep 2020). Sonu Sood receives SDG special humanitarian action award by UNDP. Business Standard
  11. ↑ Service, Tribune News. Actor Sonu Sood’s father dies. Tribuneindia News Service
  12. ↑ News, Nagpur. Interview with Sonu Sood. www.nagpurtoday.in
  13. ↑ (7 May 2005). Super - Telugu film - Nagarjuna, Ayesha Takia, Sonu Sood. Idlebrain.com
  14. ↑ Sonu's on a high. starboxoffice.com
  15. ↑ (11 December 2011). Kannada Review: 'Only Vishnuvardhana' is racy. IBNLive.in.com. CNN-News18
  16. ↑ Sonu Sood Appointed As State Icon Of Punjab By Election Commission. NDTV.com
  17. ↑ Vijayakumar, Sindhu. (6 April 2019). Tamil cinema is my first love: Sonu Sood. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  18. ↑ Iyengar, Anusha. (3 April 2019). Kajal Aggarwal shares a 'chilling' shot from her upcoming Telugu film, Sita (PHOTO). Times Now
  19. ↑ (20 December 2020). Sonu Sood on shooting with Chiranjeevi: He refused to hit me on screen, saying people will curse him
  20. ↑ Interview with Sonu Sood - Times of India. The Times of India
  21. ↑ Garoo, Rohit. (2016-11-15). Sonu Sood Marriage: The First Love Is Forever For This Actor. The Bridal Box

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চনু সুদ” প্ৰবন্ধৰ সংশোধন ৬৩৯৬০৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।