ভাৰতীয় অভিনেতা
১০৭ প্ৰবন্ধ
-
ৰোমিত ৰাজ
ৰোমিত ৰাজ প্ৰাসাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা যিয়ে জি টিভি ছিৰিয়ালৰ ঘৰ কী লক্ষ্মী বেটিয়াত যুৱৰাজ গাৰোদিয়াৰ চৰিত্ৰত আৰু মায়াক জীৎ খুৰানাৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
আকৰ্ষ খুৰানা
আকৰ্ষ খুৰানা(Akarsh Khurana) এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেতা। তেঁও অভিনেতা, পৰিচালক আকাশ খুৰানাৰ পুত্ৰ। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহ হৈছে টিভিএফ ট্ৰিপলিং (এজন লেখক হিচাপে), ইয়ে মেৰী ফেমীলি (অভিনেতা), মিচমেচ্চড (পৰিচালক হিচাপে) আৰু কৃষ (এজন সহায়ক চিত্ৰনাট্য লেখক হিচাপে)।
-
আচৰানী
গোৱৰ্ধন আচৰানী (Govardhan Asrani) (জন্ম: ১ জানুৱাৰী ১৯৪১) জনপ্ৰিয়ভাৱে আছৰানী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু পৰিচালক৷ তেওঁৰ বলিউডত কেৰিয়াৰ পাঁচ দশকৰো অধিক দীঘলীয়া। আছৰানীয়ে ৩৫০ খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছে। তেওঁ মুখ্য চৰিত্ৰ, কমেডী চৰিত্ৰ আৰু সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
ইব্ৰাহিম আলী খান (অভিনেতা)
ইব্ৰাহিম আলী খান পাটাউদী (Ibrahim Ali Khan Pataudi; জন্ম: ৫ মাৰ্চ ২০০১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ অভিনেতা ছাইফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ পুত্ৰ। ইব্ৰাহিমে শিশুকালতেই, তাছান (২০০৮) নামৰ ছবি এখনত প্ৰথম অভিনয় কৰিছিল।
-
চেলিম কুমাৰ
চেলিম কুমাৰ (১০ অক্টোবৰ ১৯৬৯ – ৬ জুন ২০২৬) আছিল এজন ভাৰতীয়অভিনেতা, পৰিচালক আৰু লেখক, যিয়ে প্ৰধানকৈ মালয়ালম চলচ্চিত্ৰ জগতত কাম কৰিছিল। মালয়ালম চিনেমাৰ ইতিহাসত অন্যতম বিশিষ্ট আৰু প্ৰভাৱশালী অভিনেতা হিচাপে পৰিগণিত কুমাৰে তিনি দশক জোৰা কেৰিয়াৰত ৩০০ৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
দিব্যেন্দু ভট্টাচাৰ্য
দিব্যেন্দু ভট্টাচাৰ্য (Dibyendu Bhattacharya(জন্ম ১১ নৱেম্বৰ ১৯৭৫) হিন্দী আৰু বাংলা চিনেমা আৰু ৱেব ছিৰিজত কাম কৰা এজন ভাৰতীয় অভিনেতা। তেওঁ দেৱ ডি, হটষ্টাৰৰ ৱেব ছিৰিজ ক্ৰিমিনেল জাষ্টিছত লায়ক তালুকদাৰ আৰু চনীলিভৰ ৱেব ছিৰিজ আনদেখীত ডেপুটি এছপি বৰুণ ঘোষৰ চৰিত্ৰত অভিনয় কৰি পৰিচয় অৰ্জন কৰে।
-
দুৰ্গেশ কুমাৰ
দুৰ্গেশ কুমাৰ (Durgesh Kumar) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ বিহাৰৰ বাসিন্দা। তেওঁ মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু ৱেব ছিৰিজসমূহত অভিনয় কৰে।
-
দৰ্শীল ছাফাৰী
দৰ্শীল ছাফাৰী (জন্ম ৯ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় অভিনেতা, তেওঁ হিন্দী, গুজৰাটী ছবি আৰু টেলিভিছনত অভিনয় কৰে। ছাফাৰীয়ে আমিৰ খানৰ পৰিচালনাত মুক্তিলাভৰ কৰা তাৰে জমিন পৰ (২০০৭)ত চলচ্চিত্ৰত ডিছলেক্সিয়া ছাত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত অভিষেক ঘটায়, যাৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ…
-
ধৃতিমান চট্টোপাধ্যায়
ধৃতিমান চট্টোপাধ্যায় (ইংৰাজী: Dhritiman Chatterjee, প্ৰকৃত নাম: সুন্দৰ চট্টোপাধ্যায়) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ১৯৭০ চনত সত্যজিৎ ৰায়ৰ “প্ৰতিদ্বন্দ্বী” (The Adversary) নামৰ চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰ হিচাপে অভিনয় কৰি নিজৰ চলচ্চিত্ৰজীৱন আৰম্ভ কৰিছিল।
-
নাগা চৈতন্য
নাগা চৈতন্য আক্কিনানি (জন্ম ২৩ নৱেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। ২০০৯ চনত বাসু বাৰ্মাৰ দ্বাৰা পৰিচালিত আৰু দিল ৰাজুৰ দ্বাৰা প্ৰযোজিত জোছ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰে।
-
প্ৰণৱ কৰ নাথ
প্ৰণৱ কৰ নাথ (ইংৰাজী: Pranab Kr Nath; বাংলা: প্ৰণব কব় নাথ; জন্ম: ১৮ ডিচেম্বৰ ১৯৯১) হৈছে ভাৰতৰ ত্ৰিপুৰাৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু সংগীতশিল্পী। তেওঁ মূলতঃ স্বতন্ত্ৰ চুটি ছবি, কলাত্মক চলচ্চিত্ৰ আৰু সংগীত ভিডিঅ' নিৰ্মাণৰ সৈতে জড়িত।
-
বিশাল জেঠৱা
বিশাল জেঠৱা (Vishal Jethwa; জন্ম ৬ জুলাই ১৯৯৪) এজন ভাৰতীয় অভিনেতা। তেওঁ ভাৰত কা বীৰ পুত্ৰ-মহাৰাণা প্ৰতাপত আকবৰৰ ভূমিকাত অভিনয় কৰি পৰিচিতি লাভ কৰিছিল। ধাৰাবাহিকখন চ’নি টিভিত সম্প্ৰচাৰিত হৈছিল। ইয়াৰ পিছত তেওঁ মৰ্দানী২ (২০১৯) ছবিত অভিনয় কৰে।
-
ব্ৰহ্মানন্দম
কান্নেগন্তি ব্ৰহ্মানন্দম (Conneganti Brahmanndam; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৫৬) তেলেগু চিনেমাত আগবঢ়োৱা অভিনয়-কৰ্মৰ বাবে পৰিচিত এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান। তেওঁ ভাৰতৰ সৰ্বাধিক দৰমহাপ্ৰাপ্ত কমিক অভিনেতা হিচাপে স্বীকৃতি পাইছে।
-
মাখনমণি মংছাবা
মাখনমণি মংছাবা (ইংৰাজী: Makhonmani Mongsaba, জন্ম: ১ মাৰ্চ ১৯৫৯) ইম্ফল, মণিপুৰৰ এগৰাকী ভাৰতীয় লেখক, অভিনেতা, প্ৰযোজক আৰু দৰ্শক। তেওঁ মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি অৰ্জন কৰিছিল। ২০১৩ চনত তেওঁ তেওঁৰ ভ্ৰমণবৃত্তান্তমূলক কিতাপ চিংলোন আমাডাগি আমাডাৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
শ্বৰীব হাছমী
শ্বৰীব হাছমী (Sharib Hashmi; জন্ম: ২৫ জানুৱাৰী ১৯৭৬) হিন্দী চিনেমাজগতৰ এজন ভাৰতীয় অভিনেতা, লেখক, প্ৰযোজক আৰু পৰিচালক। আমাজন প্ৰাইম ভিডিঅ’ৰ ধাৰাবাহিক দ্য ফেমিলি মেন (২০১৯-২০২১)ত জে কে টালপেডৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
ৰাকিব আৰ্শ্বাদ
ৰাকিব আৰ্শ্বাদ (Raquib Arshad) হৈছে এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ বিশেষকৈ হিন্দী ৱেব ছিৰিজ ৰাগিনী এমএমএছ: ৰিটাৰ্ণছ্ (২০১৭-১৮)-ত খলনায়ক (অংশুমান) চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে আৰু জিঙ টিভিৰ ধাৰাবাহিক প্যাৰ তুনে ক্যা কিয়া (২০২০)-ত 'সাত্বিক' চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
ৰোহিত খান্দেলৱাল
ৰোহিত খান্দেলৱাল (জন্ম: ১৯ আগষ্ট, ১৯৮৯) এজন ভাৰতীয় মডেল, অভিনেতা আৰু টেলিভিজন ব্যক্তিত্ব। তেওঁ ২০১৫ চনত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৬ চনত মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ জয় কৰে। মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতা জয় কৰা তেওঁ প্ৰথম গৰাকী এছিয়ান তথা ভাৰতীয়।