ৰাহুল বসু (Rahul Bose; জন্ম ২৭ জুলাই ১৯৬৭) এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, সমাজকৰ্মী আৰু ৰাগবী ফুটবল খেলুৱৈ। বসুৱে মিষ্টাৰ এণ্ড মিছেছ আয়াৰ, কালপুৰুষ, অণুৰণন, অন্তহীন, লেপটপ, দ্য জাপানীজ ৱাইফ ইত্যাদি বহুকেইখন বঙালী চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও বহুকেইখন হিন্দী চলচ্চিত্ৰ যেনে প্যাৰ কে ছাইড এফেক্টছ, মান গয়ে মোগল-এ-আজম, ঝংকাৰ বীট্ছ, কুছ লাভ জেইছা, চমেলি আদিতো অভিনয় কৰিছে। ২০১৩ চনৰ তামিল-হিন্দী চলচ্চিত্ৰ বিশ্বৰূপমত তেওঁ মূল খলনায়কৰ ভূমিকাত অৱতীৰ্ণ হয়।১ ইংলিছ, আগষ্ট আৰু মিষ্টাৰ এণ্ড মিছেছ আয়াৰ আদি সমান্তৰাল চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে টাইম আলোচনীয়ে তেওঁক "ভাৰতীয় কলাত্মক চিনেমাৰ তাৰকা (superstar)" আখ্যা দিয়ে আৰু মেক্সিম আলোচনীয়ে তেওঁক "প্ৰাচ্যৰ ছবিজগতৰ Sean Penn" আখ্যা দিয়ে।২ সমাজহিতৈষী কামৰ বাবেও তেওঁৰ সুনাম আছে। ২০০৪ চনৰ বক্সিং ডে' ছুনামিত ক্ষতিগ্ৰস্ত লোকৰ সাহায্যৰ বাবে তেওঁ আগবাঢ়ি আহিছিল। তেওঁ "দ্য ফাউণ্ডেশ্যন" নামেৰে এটা anti-discrimination এন জি অ'ৰ প্ৰতিষ্ঠাপক।৩
সন্মান
- ২০০৭ – "Artiste for Change" কৰ্মবীৰ পুৰস্কাৰ৪
- ২০০৮ – IBN Eminent Citizen Journalist Award৫
- ২০০৯ – Youth Icon Award for Social Justice and Welfare৬
- ২০১০ – Green Globe Foundation Award for Extraordinary Work by a Public Figure৭
- ২০১২ – Hakim Khan Sur Award for National Integration – Maharana Mewar Charitable Foundation৮
- ২০১২ – Lt. Governor's Commendation Award for services to Andaman & Nicobar Islands৯
তথ্যসূত্ৰ
- ↑ Vats, Rohit. (29 August 2011). Why Rahul Bose is perfect for 'Vishwaroopam'. IBN Live
- ↑ World Youth Peace Summit. (2003). Rahul Bose: Actor/Producer/Humanitarian
- ↑ Ayaz, Shaikh. (23 November 2006). Rapid fire with Rahul Bose. DNA
- ↑ (30 November 2007). The Changing Climate. Businessworld. ABP Group
- ↑ (17 October 2008). CJ Awards: Honouring you in your right to fight. CNN-IBN
- ↑ (27 September 2009). Rahul, Priyanka, Hrithik bag youth icon awards. The Times of India
- ↑ (6 February 2010). Akshay's son wins Green Globe Foundation Award. NDTV
- ↑ Mukherjee, Roshini. (23 February 2012). Rahul Bose to be honoured in Udaipur. The Times of India
- ↑ Dalal, Sayantan. Rahul Bose gets felicitated. DNA India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাহুল বসু” প্ৰবন্ধৰ সংশোধন ৫৩২১১৫ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।