ৰংগনাথন মাধৱন (Ranganathan Madhavan; জন্ম:- ১ জুন ১৯৭০) এজন ভাৰতীয় অভিনেতা, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালক৷ তেওঁ প্ৰধানকৈ তামিল আৰু হিন্দী চিনেমাত কাম কৰে। তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পাঁচটা ফিল্মফেয়াৰ বঁটা-দক্ষিণ, দুটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু ৫টা SIIMA বঁটা লাভ কৰিছে। ২০২৩ চনৰ হিচাপত মাধৱন পুনেস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ সভাপতি হয়।১২
মাধৱনে মণি ৰত্নমৰ ৰোমাণ্টিক-ড্ৰামা ছবি আলাই পাইউথে (২০০০)ৰ জৰিয়তে তামিল চিনেমাত অভিষেক কৰে আৰু তাৰ পিছত গৌতম বাছুদেৱ মেননৰ পৰিচালনাৰ প্ৰথম ছবি মিনালে (২০০১) আৰু মাদ্ৰাজ টকীজৰ ডাম ডাম ডাম (২০০১)ত ৰোমাণ্টিক চৰিত্ৰত অভিনয় কৰে।৩৪তেওঁ ৰাণ (২০০২), জে জে (২০০৩), থাম্বি (২০০৬) আৰু ৰেণ্ডু (২০০৬) ছবিৰ জৰিয়তে অধিক ব্যৱসায়িক সফলতা লাভ কৰে আৰু কান্নাথিল মুথামিত্তল (২০০২), আনবে শিৱম (২০০৩), নলা দময়ন্তী (২০০৩) আৰু আয়ুথা এজুথু (২০০৪) ছবিত তেওঁৰ অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰে।৫৬৭ একবিংশ শতিকাৰ প্ৰথমটো দশকত মাধৱনে তিনিখন অতি সফল প্ৰডাকচনৰ ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰি হিন্দী ছবিজগতত নিজৰ স্থান মজবুত কৰে৷ সেইকেইখন হৈছে-দেশপ্ৰেমমূলক ছবি ৰং দে বাসন্তি (২০০৬), মণি ৰত্নমৰ বায়'পিক গুৰু (২০০৭) আৰু কমেডী-ড্ৰামা থ্ৰি ইডিয়টছ (২০০৯), যিখন ছবি মুক্তিৰ সময়ত সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।৮ একে সময়তে তেওঁ ইভানো অৰুভান (২০০৭) আৰু ইয়াভাৰুম নালাম (২০০৯)ৰ দৰে তামিল ছবিত অভিনয় কৰিছিল।৯
টনু ৱেডছ মানু (২০১১) আৰু ভেট্টাই (২০১২) ছবিৰে বক্স অফিচত সফলতা লাভ কৰাৰ পিছত মাধৱনে অভিনয়ৰ পৰা বিৰতি লয়। ২০১৫ চনত তিনি বছৰীয়া বিশ্ৰামৰ পিছত উভতি আহি তেওঁৰ তনু ৱেডছ মনু ৰিটাৰ্ণছ (২০১৫), দ্বিভাষিক ক্ৰীড়া-ড্ৰামা ইৰুধি সূত্ৰ (২০১৬) আৰু অপৰাধমূলক ছবি বিক্ৰম ৱেধা (২০১৭)ত অভিনয় কৰে৷ আটাইকেইখনেই সমালোচনাত্মকভাৱে আৰু বাণিজ্যিক দিশৰ পৰা সফল।১০১১ ইৰুধি সুত্ৰুত তেওঁ এজন বুৰিছ বক্সিং প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰি ফিল্মফেয়াৰ, আইআইএফএ আৰু চিআইএমএ অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।১২১৩১৪ মাধৱনে ৰকেট্ৰি: দ্য নাম্বি ইফেক্ট (২০২২) ছবিত পৰিচালক হিচাপে অভিষেক ঘটায়, য'ত তেওঁ ভাৰতীয় ৰকেট বিজ্ঞানী নম্বি নাৰায়ণনৰ চৰিত্ৰত অভিনয় কৰে, যিয়ে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি সাৰ্বজনীন প্ৰশংসা আৰু সন্মান লাভ কৰে১৫১৬
অভিনয় কেৰিয়াৰৰ উপৰিও মাধৱনে তেওঁৰ ছবিত লেখক হিচাপে কাম কৰিছিল৷ তেওঁ ব্ৰেণ্ড আৰু প্ৰডাক্টৰ এজন বিশিষ্ট চেলিব্ৰিটি এণ্ডাৰছাৰ।১৭ তেওঁ চলচ্চিত্ৰ প্ৰযোজক হিচাপেও কাম কৰিছিল৷ তেওঁ প্ৰথমে লিউকোছ ফিল্মছৰ সৈতে ইভানো অৰুভান নিৰ্মাণ কৰিছিল, তাৰ পিছত ছালা খাডুছ (২০১৬) প্ৰযোজনা কৰিবলৈ ট্ৰাইকলাৰ ফিল্মছ স্থাপন কৰিছিল। মাধৱন তেওঁৰ দানশীল কামৰ বাবে খ্যাত৷ তেওঁ পৰিৱেশ, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন কাৰণত প্ৰচাৰ কৰে। জীৱ-জন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে জড়িত মাধৱনে ২০১১ চনত পেটাৰ বছৰৰ ব্যক্তিৰ স্বীকৃতি লাভ কৰে। ২০২১ চনত কলা আৰু চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে কলহাপুৰৰ ডি ৱাই পাটিল এডুকেচন ছ'চাইটিয়ে তেওঁক ডক্টৰ অৱ লেটাৰ্ছৰ সন্মানীয় ডিগ্ৰী প্ৰদান কৰে।১৮
তথ্যসূত্ৰ
- ↑ Kumar, Devesh. (1 September 2023). Actor R Madhavan nominated as President of FTII. Mint
- ↑ R Madhavan is new FTII President, Minister Anurag Thakur congratulates him. India Today
- ↑ Kamath, Sudhish. (27 October 2001). More for Maddy's crowd. দ্য হিন্দু
- ↑ (28 December 2001). Memorable flicks that made it big. দ্য হিন্দু
- ↑ rediff.com: Movies: 'It's an out-and-out Madhavan film!'. Rediff.com
- ↑ Srihari, Gudipoodi. (4 March 2003). Worth watching. দ্য হিন্দু
- ↑ Rangan, Baradwaj. (2004). Aayutha Ezhuthu / Yuva. দ্য হিন্দু
- ↑ (5 January 2015). PK, Dhoom 3, Kick: Bollywood's 10 Biggest Blockbusters Ever. Rediff desk. Rediff
- ↑ (15 June 2009). BIG Pictures' 'Yaavarum Nalam' Completes 100 Days 'Yaavarum Nalam' Grosses Rs 13 Crore At The Box Office. Reliance Entertainment
- ↑ Tanu Weds Manu Returns - Movie - Box Office India
- ↑ (17 August 2017). VIKRAM VEDHA becomes R Madhavan's biggest Tamil blockbuster! – Trade News. BollywoodTrade.com
- ↑ (19 June 2017). Winners: 64th Jio Filmfare Awards 2017 (South). The Times of India
- ↑ I have no insecurites: R Madhavan on 'Saala Khadoos', 'Tanu Weds Manu Returns' and Kangana Ranaut. FirstPost
- ↑ 'Tanu Weds Manu Returns' Box Office Collection: Will Kangana-Madhavan Starrer Cross ₹150 Crore and Beat Salman's Movie Record by 6th Weekend?
- ↑ Madhavan hosts Rocketry: The Nambi Effect success party
- ↑ 69th National Film Awards: Allu Arjun, Alia Bhatt, Kriti Sanon, and 'Rocketry: The Nambi Effect' bag the honours
- ↑ (2010). Maddy's Oragadam turns out to be a hit. Sify
- ↑ PTI. (17 February 2021). R Madhavan receives honour for contribution to arts, cinema. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ মাধৱন” প্ৰবন্ধৰ সংশোধন ৫০৭৩২৯ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।