অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তেহমিনা দুৰানী

তেহমিনা দুৰানী (Tehmina Durrani; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৫৩) এগৰাকী পাকিস্তানী লেখিকা যি তেওঁৰ বেষ্টচেলাৰ গ্ৰন্থ মাই ফিউডেল লৰ্ডৰ বাবে পৰিচিত৷ তেওঁ এগৰাকী শিল্পী, আৰু এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ তেওঁ পত্নী।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

তেহমিনা দুৰানী (Tehmina Durrani; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৫৩) এগৰাকী পাকিস্তানী লেখিকা যি তেওঁৰ বেষ্টচেলাৰ গ্ৰন্থ মাই ফিউডেল লৰ্ডৰ বাবে পৰিচিত১৷ তেওঁ এগৰাকী শিল্পী, আৰু এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ তেওঁ পত্নী।

জীৱন

পাকিস্তানৰ কৰাচীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা পৈতৃক পষ্টুন আৰু মাতৃৰ ফালৰ পৰা মিশ্ৰিত পাঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰা তেহমিনা দুৰানী ষ্টেট বেংক অৱ পাকিস্তানৰ প্ৰাক্তন গৱৰ্ণৰ তথা পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সৰ পৰিচালন সঞ্চালক শ্বাহকুৰ উল্লা ডুৰানীৰ কন্যা আছিল। তেহমিনা দুৰানীৰ পৈতৃক পিতৃৰ নাম আছিল মেজৰ মহম্মদ জামান দুৰানী।২তেহমিনাৰ মাতৃ সমীনা দুৰানী পূৰ্বৰ ৰাজকীয় ৰাজ্য পাটিয়ালাৰ প্ৰধানমন্ত্ৰী নবাব ছাৰ লিয়াকত হায়াত খানৰ কন্যা। ছাৰ লিয়াকত হায়াত খানৰ ভাতৃ ছাৰ চিকন্দৰ হায়াত খান ১৯৪৭ চনৰ পূৰ্বৰ পঞ্জাৱ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰনেতা আৰু নেতা আছিল।

সোতৰ বছৰ বয়সত তেওঁ আনীছ খানক বিয়া কৰাইছিল আৰু দুয়োৰে এগৰাকী কন্যা সন্তান জন্ম হৈছিল। ১৯৭৬ চনত দুৰানী আৰু খানৰ বিবাহ বিচ্ছেদ হয়। পৰৱৰ্তী সময়ত দুৰানীয়ে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যপাল গোলাম মুস্তাফা খাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। খাৰৰ ইতিমধ্যে পাঁচবাৰ বিয়া হৈছিল। দুৰানী আৰু খাৰৰ চাৰিটা সন্তান আছিল। কেইবাবছৰ ধৰি খাৰৰ নিৰ্যাতনৰ সহি তেওঁ চৈধ্য বছৰৰ পাছত খাৰৰ লগত বিবাহ৩বিবাহ কৰে।

১৯৯১ চনত দুৰানীয়ে খাৰৰ দ্বাৰা সন্মুখীন হোৱা নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি মাই ফিউডেল লৰ্ড শীৰ্ষক এখন আত্মজীৱনী লিখিছিল।৪ তেখেতে কিতাপখনত যুক্তি দিছিল যে খাৰৰ দৰে সামন্তীয় মালিকৰ প্ৰকৃত ক্ষমতা ইছলামৰ বিকৃত সংস্কৰণৰ পৰাই উদ্ভৱ হৈছে যাক নাৰী আৰু সামগ্ৰিকভাৱে সমাজৰ মৌনতাই সমৰ্থন কৰে।৫

খাৰৰ চৰিত্ৰ উন্মোচনকাৰী এই কিতাপখনৰ প্ৰতিক্ৰিয়া হিচাপে পিতৃ আৰু মাতৃ দুয়োটা ফালৰ পৰিয়ালে তেওঁক আৰু তেওঁৰ পাঁচটা সন্তানক তেৰ বছৰ ধৰি অস্বীকাৰ কৰিছিল।৬

দ্বিতীয় স্বামী খাৰক এৰি যোৱাৰ পৰৱৰ্তী বছৰসমূহত এটা বিশিষ্ট পৰিঘটনা আছিল ১৯৯৩ চনত চৰকাৰী দুৰ্নীতি আৰু নতুনকৈ উদ্ভাৱন হোৱা শব্দ ‘জবাবদিহিতা’ৰ (accountability)ৰ বিৰুদ্ধে দুৰানীৰ অনশন৷ সাত দিনৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ যেতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী মইন কুৰাইছি তেওঁৰ ওচৰলৈ আহি তেওঁৰ উপবাস ভংগ কৰে তেতিয়াহে তেওঁৰ প্ৰতিবাদৰ অন্ত হয়৷৭

২০১৬ চনত দুৰানী, আব্দুল ছাত্তাৰ ইধিৰ সৈতে
২০১৬ চনত দুৰানী, আব্দুল ছাত্তাৰ ইধিৰ সৈতেছবি: Vinita pande · CC BY-SA 4.0

তেহমিনা দুৰানী সংস্থা

২০১৫ চনত প্ৰতিষ্ঠা হোৱা তেহমিনা দুৰানি ফাউণ্ডেচনে (www.tehminadurranifoundation.org) ২০১৭ চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে নিজৰ কাৰ্যকলাপ আৰম্ভ কৰে।৮ তেহমিনা দুৰানীয়ে বুজাইছে, "আমি এধিৰ মিছন বাছি লৈছো, য'লৈ তেওঁ গুচি গৈছিল। তেওঁৰ কৰ্তব্য আছিল জাতি আৰু ধৰ্মৰ পাৰ্থক্য নোহোৱাকৈ মানৱতাৰ সেৱা কৰা – আৰু আমাৰো উদ্দেশ্য তেনেকুৱাই।"৯

তথ্যসূত্ৰ

  1. ↑ My Feudal Lord. Penguin Books Australia
  2. ↑ Happy Things in Sorrow Times – TDF. www.tehminadurranifoundation.org
  3. ↑ Tehmina Durrani: If he can treat his own women this way, how will he treat the nation?. India Today
  4. ↑ BLOCH, HANNAH. (20 August 2001). The Evil That Men Do. Time
  5. ↑ Tehmina Durrani. sawnet.org
  6. ↑ Founder TDF – TDF. www.tehminadurranifoundation.org
  7. ↑ Tehmina Durrani. tehminadurrani.com
  8. ↑ (2017-01-10). Tehmina Durrani Launches Social Welfare Movement. Newsweek Pakistan
  9. ↑ Reporter, The Newspaper's Staff. (2017-01-11). Tehmina Durrani Foundation – 'extension of Edhi model'. DAWN.COM

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিপাকিস্তানৰ মহিলা অধিকাৰ কৰ্মীলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেহমিনা দুৰানী” প্ৰবন্ধৰ সংশোধন ৪৯১৩৫২ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।