ছামিনা ৰাজা (জন্ম: ১১ ছেপ্টেম্বৰ ১৯৬১; মৃত্যু: ৩০ অক্টোবৰ ২০১২)১ এগৰাকী পাকিস্তানী উৰ্দু কবি,২ লেখিকা, সম্পাদিকা, অনুবাদক, শিক্ষাবিদ আৰু সম্প্ৰচাৰক। তেওঁ পাকিস্তানৰ ইছলামাবাদত বাস কৰিছিল আৰু নেচনেল লেংগুৱেজ অথৰিটি আৰু নেচনেল বুক ফাউণ্ডেচনত বিষয় বিশেষজ্ঞ হিচাপে কাম কৰিছিল।৩
ব্যক্তিগত জীৱন
ৰাজাৰ জন্ম হৈছিল পাকিস্তানৰ বাহাৱালপুৰত। তেওঁ লাহোৰৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু ভাষা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৩ চনত কবিতা লিখিবলৈ আৰম্ভ কৰা ৰাজাৰ এই পৰ্যন্ত বাৰখন কবিতা পুথি, দুখন কুলিয়াট আৰু এখন নিৰ্বাচিত ৰোমান্টিক কবিতা প্ৰকাশ হৈছে। তেওঁ উৰ্দু গদ্যত কিছুমান গ্ৰন্থ লিখিছিল আৰু ইংৰাজী ভাষাৰ পৰা উৰ্দুলৈ কিছুমান মূল্যৱান গদ্য গ্ৰন্থ সম্পাদনা আৰু অনুবাদ কৰিছিল।৪
১৯৯৮ চনত নেচনেল বুক ফাউণ্ডেশ্যনত পৰামৰ্শদাতা হিচাপে আৰু মাহেকীয়া কিতাবৰ সম্পাদক হিচাপে যোগদান কৰে। ১৯৯৮ চনত তেওঁ মাহেকীয়া আছাৰত সম্পাদক হিচাপেও যোগদান কৰে।
১৯৯৫ চনৰ পৰা পাকিস্তান টেলিভিছন (পিটিভি)ত অল পাকিস্তান মুছাইৰা পৰিচালনা কৰিছিল। পিটিভিত সাহিত্য অনুষ্ঠান উৰ্দু আদাব মেই ঔৰত কা কিৰদাৰ ("উৰ্দু সাহিত্যত নাৰীৰ ভূমিকা") নামৰ অনুষ্ঠান উপস্থাপন কৰিছিল।
ৰাজাই ইছলামাবাদৰ ৰাষ্ট্ৰীয় ভাষা কৰ্তৃপক্ষৰ বিষয় বিশেষজ্ঞ হিচাপে কাম কৰিছিল আৰু খোৱাবগাৰ(সপোন নিৰ্মাতা) নামৰ এখন নতুন সাহিত্য আলোচনীও প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল৷ ছামিনা ৰাজাক দুটা বঁটা দিয়া হৈছিল – প্ৰধানমন্ত্ৰী বঁটা আৰু ৰাইটাৰ্ছ বঁটা – কিন্তু তেওঁৰ লগতে অযোগ্য লোকৰ মনোনয়নৰ উদাহৰণ দি তেওঁ সেইবোৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বহু সময়ত তেওঁ সাহিত্যিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল য’ত মুখ্য অতিথি আছিল সাহিত্যৰ সৈতে কোনো সম্পৰ্ক নথকা লোকসকল।’ ছামিনা ৰাজাই বহুতো অনন্য কৌশল (আইডিয়া)ৰ দ্বাৰা লিখাৰ কাম প্ৰকাশ কৰিছিল। তেওঁৰ এটা (উচ্চাকাংক্ষা) আছিল কোৰআনক উৰ্দু ভাষাত অনুবাদ কৰি উৰ্দু অনুবাদক কবিতালৈ ৰূপান্তৰ কৰা, যিটো পৃথিৱীৰ কোনোৱে কেতিয়াও কৰা নাছিল। এইটোৱেই তেওঁৰ জীৱনৰ শেষ প্ৰজেক্ট হ'ব বুলি নাজানিছিল আৰু তেওঁ নিজৰ প্ৰজেক্টটো আৰম্ভ কৰিছিল, অসুস্থ হোৱাৰ ঠিক আগতেই তেওঁ "ছুৰা ই বাকাৰাহ"ৰ পৰা আৰম্ভ কৰিছিল আৰু আগবাঢ়ি গৈছিল, তেওঁ এই কাম সম্পূৰ্ণ কৰি প্ৰকাশ কৰিব বিচাৰিছিল যদিও শেষ কৰিব নোৱাৰিলে।
২০১২ চনৰ ৩১ অক্টোবৰত ইছলামাবাদত কৰ্কট ৰোগত আক্ৰান্ত হৈ ৰাজাৰ মৃত্যু হয়। তেওঁ তিনিজন পুত্ৰক এৰি থৈ যায়।১
তথ্যসূত্ৰ
- ↑ (31 October 2012). Poet Samina Raja passes away. Pakistan News Today
- ↑ Bhai, Munnoo. (4 May 2003). The class issue. Daily Times
- ↑ ahya. http://tribune.com.pk/story/458817/poet-samina-raja-passes-away/, Retrieved 25 July 2014
- ↑ jamiaashrafia. http://www.dawn.com/news/760521/poet-samina-raja-laid-to-rest, Retrieved 25 July 2014
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছামিনা ৰাজা” প্ৰবন্ধৰ সংশোধন ৪৭১৪১৫ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।