অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দাউদ কামাল

দাউদ কামাল (Daud Kamal; ৪ জানুৱাৰী ১৯৩৫ - ৫ ডিচেম্বৰ ১৯৮৭) এজন পাকিস্তানী কবি৷তেওঁ বেছিভাগ লেখা-মেলা ইংৰাজী ভাষাত কৰি‍ছিল। এজৰা পাউণ্ড, ডব্লিউ. বি. ইয়েটছ আৰু টি. এছ. এলিয়ট দৰে আধুনিক ইংৰাজী ভাষাৰ কবিসকলৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দাউদ কামাল (Daud Kamal; ৪ জানুৱাৰী ১৯৩৫ - ৫ ডিচেম্বৰ ১৯৮৭) এজন পাকিস্তানী কবি৷তেওঁ বেছিভাগ লেখা-মেলা ইংৰাজী ভাষাত কৰি‍ছিল।১

এজৰা পাউণ্ড, ডব্লিউ. বি. ইয়েটছ আৰু টি. এছ. এলিয়ট দৰে আধুনিক ইংৰাজী ভাষাৰ কবিসকলৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল।

শিক্ষা আৰু কৰ্মজীৱন

১৯৩৫ চনত ব্ৰিটিছ ৰাজৰ এবটাবাদত তেওঁৰ জন্ম; দাউদ আছিল পেছাৱৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰা চৌধুৰী মহম্মদ আলীৰ পুত্ৰ৷ ১৯৬৪ চনত জিন্না কলেজ ফৰ উইমেন প্ৰতিষ্ঠা কৰা দাউদ কামালে পেছাৱৰৰ ইছলামিয়া কলেজলৈ যোৱাৰ আগতে বাৰ্ন হল এবটাবাদৰ পৰা প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল, তাৰ পিছত শ্ৰীনগৰৰ বাৰ্ন হ'লত। তাৰ পিছত তেওঁ পেছাৱৰ বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক আৰু ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ট্ৰিপ'ছ ডিগ্ৰী সম্পূৰ্ণ কৰে।২

২৯ বছৰ ধৰি তেওঁ পেছাৱৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক আৰু অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১

কিতাপসমূহ

  • ৰিম'ট বিগিনিঙচ ১
  • কম্পাছ অফ লভ এণ্ড আদাৰ পয়েমচ ১
  • ৰিকগনিশ্বনচ ১
  • বিফৰ দা কাৰ্নেচনচ ৱাইদাৰ ১

অধ্যাপক দাউদ কামালে ফৈজ আহমেদ ফয়েজ আৰু মিৰ্জা গালিবৰ কিছু নিৰ্বাচিত কবিতা উৰ্দুৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছিল।১

বঁটা আৰু স্বীকৃতি

কোৱা হয় যে ১৯৭০ৰ দশকত তেওঁ "আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰাইটন কলেজৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত তিনিটা আন্তঃৰাষ্ট্ৰীয় কবিতা প্ৰতিযোগিতাত তিনিটা স্বৰ্ণ পদক লাভ কৰিছিল"।

তেওঁ ১৯৮৭ চনত ফয়েজ আহমেদ ফয়েজ বঁটা আৰু ১৯৯০ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ পৰা মৰণোত্তৰভাৱে প্ৰাইড অফ পাৰ্ফমেন্স বঁটা লাভ কৰে।২

মৃত্যু

১৯৮৭ চনৰ ৫ ডিচেম্বৰত আমেৰিকাত অধ্যাপক দাউদ কমলৰ মৃত্যু হয়।পিছত তেওঁক ২৯ বছৰ ধৰি অধ্যাপনা কৰা একেখন বিশ্ববিদ্যালয়ৰ কবৰস্থানত, পাষ্টো একাডেমীৰ সন্মুখত পেছাৱৰ বিশ্ববিদ্যালয়ৰ কবৰস্থানত সমাধিস্থ কৰা হয়।১২

তথ্যসূত্ৰ

  1. ↑ Shinwari, Sher Alam. (6 December 2014). English poet late Professor Daud Kamal paid tribute for his literary work. Dawn (newspaper)
  2. ↑ (5 December 2013). Celebrating the unsung: After the carnations wither. The Express Tribune (newspaper)

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাউদ কামাল” প্ৰবন্ধৰ সংশোধন ৪৫৪৪৬১ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।