জেহৰা লাইলা জাভেৰী ( Zehra Laila Javeri; জন্ম: ১৫ অক্টোবৰ ১৯৭১) এগৰাকী পাকিস্তানী শিল্পী। বৰ্তমান তেওঁ পাকিস্তানৰ কৰাচীত বাস কৰে। ২০১৪ চনৰ জানুৱাৰী মাহত কৰাচীৰ কেনভাছ গেলেৰীত মুকলি কৰা হৈছিল জাভেৰীৰ প্ৰথমখন একক প্ৰদৰ্শনী ‘উইডছ’। তেওঁৰ পেহীয়েক শিল্পী লাইলা শ্বাহজাদাৰ দ্বাৰা জাভেৰী বহু পৰিমাণে প্ৰভাৱিত হৈছিল।১ জাভেৰীৰ দ্বিতীয়টো অ-একক অনুষ্ঠান 'পাকিস্তান আৰ্ট টুডে' শীৰ্ষক অনুষ্ঠান ভাৰতৰ দিল্লীৰ ললিত হোটেলত অনুষ্ঠিত হৈছিল।১
প্ৰাথমিক জীৱন
জেহৰা জাভেৰী জুৱেলাৰী হাছান আলী মহম্মদ জাভেৰী আৰু আয়েছা জাভেৰীৰ কন্যা। ফটোগ্ৰাফাৰ টাপু জাভেৰী আৰু জ্যেষ্ঠ চৰকাৰী কৰ্মচাৰী ৰবিয়া জাভেৰী আঘাকে ধৰি তেওঁলোকৰ চাৰিজন ভাই-ভনী আছে। প্ৰাথমিক শিক্ষাৰ বাবে কনভেণ্ট অৱ জিছুছ এণ্ড মেৰীলৈ যায় আৰু তাৰ পিছত মেছাচুচেটছৰ মাউণ্ট হলিয়ক কলেজলৈ গৈ নৃতত্ত্ব অধ্যয়ন কৰে। ইয়াৰ পিছত লণ্ডন স্কুল অৱ ইকনমিক্সত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ইংলেণ্ডলৈ যায় আৰু পাকিস্তানলৈ উভতি আহে।
জাভেৰীয়ে (মুম্বাইৰ জাভেৰী বজাৰৰ নাম এই পৰিয়ালটোৰ পৰা দিয়া হয়) তেওঁৰ পূৰ্বপুৰুষৰ বাসস্থান গুজৰাটৰ জামনগৰত আছিল, তাত তেওঁৰ পূৰ্বপুৰুষসকল কুচৰ নবাবসকলৰ পৰা দৰবাৰৰ গহনা ব্যৱসায়ী কৰিছিল।২
কেৰিয়াৰ
কম বয়সৰ পৰাই জাভেৰীয়ে চিত্ৰ অংকন আৰু শিল্প সৃষ্টি কৰি আহিছে।৩ কৰাচীৰ কেনভাছ গেলেৰীত তেওঁৰ প্ৰথম শ্ব' আছিল “অপতৃণ’’। পাকিস্তানী সমালোচক মাৰ্জাৰী হুছেইনে কয় যে, "তেওঁ নিজৰ কামত বহুতো বিশ্বব্যাপী বিষয়বস্তু অন্তৰ্ভুক্ত কৰিছে, বিশেষকৈ লিংগ সম্পৰ্কে।"
দিল্লীৰ ললিত হোটেলত অনুষ্ঠিত হৈছিল তেওঁৰ দ্বিতীয়টো নন-একক অনুষ্ঠান ‘পাকিস্তান আৰ্ট টুডে’। ইয়াত ১১জন পাকিস্তানী শিল্পীৰ কাম প্ৰদৰ্শিত হৈছিল আৰু "ইছলামবাদস্থিত গেলেৰী মাইআৰ্টৱৰ্ল্ডে ইয়াক কিউৰেট কৰিছিল আৰু দিল্লীলৈ বৃহত্তৰ আলিছান পাকিস্তান বাণিজ্য প্ৰদৰ্শনীৰ অংশ হিচাপে গঠন কৰিছিল।" জাভেৰীৰ লগত আন বহু পাকিস্তানী শিল্পী যেনে ভাস্কৰ্য শিল্পী আমিন গুলগী, ফটোগ্ৰাফাৰ টাপু জাভেৰী, ক্ষুদ্ৰ শিল্পী ছাহিৰ ছায়েদ আৰু পপ শিল্পী সুম্যায়া জিল্লানীও উপস্থিত আছিল। "প্ৰদৰ্শনীখনৰ আকৰ্ষণীয় দিশ আছিল আৰ্ট আইকন সতীশ গুজৰালৰ অংশগ্ৰহণ যিয়ে শ্ব'টো মুকলি কৰিবলৈ বন্তি প্ৰজ্জ্বলন কৰিছিল আৰু লগতে লাইভ পেইণ্টিঙৰ আৰম্ভণিও কৰিছিল।" আচলতে জাভেৰী আৰু আন কেইজনমান পাকিস্তানী শিল্পীয়ে গুজৰালৰ সৈতে এখন ছবি নিৰ্মাণ কৰিছিল।১
তথ্যসূত্ৰ
- ↑ (22 January 2014). Debut exhibition: Zehra Javeri unveils 20 years' worth of artworks. The Express Tribune
- ↑ Sexy and they know it. The Telegraph
- ↑ UP CLOSE AND PERSONAL WITH ZEHRA JAVERI. Sunday
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেহৰা লাইলা জাভেৰী” প্ৰবন্ধৰ সংশোধন ৪৯১২৭০ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।