জাইটুন বানো (Zaitoon Bano; ১৮ জুন ১৯৩৮ – ১৪ ছেপ্টেম্বৰ ২০২১) এগৰাকী পাকিস্তানী কবি, চুটিগল্প লেখক, ঔপন্যাসিক, সম্প্ৰচাৰক আৰু খাইবাৰ পখতুনখোৱাত নাৰী অধিকাৰৰ সমৰ্থক আছিল। তেওঁ মূলতঃ পাষ্টো আৰু উৰ্দু ভাষাত লিখিছিল। কেতিয়াবা, তেওঁক খাতুন-ই-আৱাল (প্ৰথম মহিলা) বা "পাষ্টো কল্পকাহিনীৰ প্ৰথম মহিলা" বুলিও কোৱা হয়, যিটো সন্মানীয় উপাধি পষ্টুনসকলৰ নাৰী অধিকাৰৰ প্ৰতি তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক প্ৰদান কৰা হয়। তেওঁ চৌবিশখনতকৈও অধিক গ্ৰন্থ লিখিছিল, য'ত তেওঁৰ প্ৰথম চুটিগল্প হিন্দৰা (আইনা) আছিল যিটো পাষ্টো ভাষাৰ অন্যতম বিশিষ্ট লেখা হিচাপে প্ৰকাশ পাইছে।১২৩
শিক্ষা আৰু নেপথ্য
জাইটুনে চহৰৰ এখন বিদ্যালয়ৰ পৰা প্ৰাথমিক বিদ্যালয় আৰু মেট্ৰিক লাভ কৰে ১আৰু পিছলৈ ইছলামিয়া কলেজ বিশ্ববিদ্যালয়ৰ পৰা ব্যক্তিগত ছাত্ৰ হিচাপে পাষ্টো আৰু উৰ্দু ভাষাত স্নাতকোত্তৰ ডিগ্ৰীলাভ কৰে।৪ শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যাপনা কৰে, বিশেষকৈ পেছাৱাৰ পাব্লিক স্কুলত আৰু পিছলৈ পাকিস্তান ব্ৰডকাষ্টিং কৰ্প'ৰেশ্যনত যোগদান কৰে আৰু প্ৰযোজক হিচাপে কাম কৰে।১লেখাৰ ক্ষেত্ৰত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তেওঁ ৰেডিঅ' পাকিস্তান৫ আৰু চৰকাৰী মালিকানাধীন টেলিভিছন চেনেল পাকিস্তান টেলিভিছন কৰ্প'ৰেশ্যনৰ সৈতে জড়িত আছিল৷
সাহিত্যিক জীৱন
বানোৱে ১৯৫৮ চনত নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়তে হিন্দৰা (আইনা) নামৰ প্ৰথমটো চুটিগল্পৰ জৰিয়তে নিজৰ সৃষ্টিযাত্ৰা আৰম্ভ কৰিছিল। ১৯৫৮ চনৰ পৰা ২০০৮ চনৰ ভিতৰত উৰ্দু আৰু পাষ্টো ভাষাত কল্পকাহিনী গ্ৰন্থ আৰু চুটিগল্প লিখিছিল। তেওঁৰ প্ৰকাশনসমূহৰ ভিতৰত আছে মাত বাংগ্ৰী, খোবুনা (১৯৫৮), জুয়াণ্ডি ঘমুনা (১৯৫৮), বাৰ্জে আৰ্জু (১৯৮০), আৰু ৱাকট কী ডেহলিজ পাৰ (১৯৮০)। তেখেতে ১৯৫৮ চনৰ পৰা ২০১৭ চনৰ ভিতৰত লিখা দা শ্বাগু মাজাল (বালিৰ মাজেৰে যাত্ৰা) নামৰ চুটিগল্প প্ৰকাশ কৰে।৬
মৃত্যু
২০২১ চনৰ ১৪ ছেপ্তেম্বৰ তাৰিখে পাকিস্তানৰ পেছাৱৰৰ লেডি ৰিডিং চিকিৎসালয়ত ৰোগজনিত কাৰণত তেওঁ মৃত্যু হয়৷৭৮
তথ্যসূত্ৰ
- ↑ Shinwari, Sher Alam. (11 May 2019). Zaitoon Bano, 'first lady of Pashto fiction', says women writers have more freedom than ever before. Dawn.com Images
- ↑ (26 October 2016). Zaitoon Bano a strong Pakhtun feminine voice. Dawn.com
- ↑ British Pukhtun Association arranges function. Thenews.com.pk
- ↑ (9 March 2014). Tales of the times: The bold and the literary. Tribune.com.pk
- ↑ 'Radio Pakistan has always promoted arts, culture of provinces'. PakistanToday.com.pk
- ↑ "Pashtun women still need a strong voice" | Literati. Thenews.com.pk
- ↑ (2021-09-15). Fiction writer Zaitoon Bano dies at 83. Dawn.com
- ↑ اردو, گلوبلی. (September 14, 2021). پشتو اور اردو کی مشہور مصنفہ زیتون بانو انتقال کر گئیں. Urdu Globally
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাইটুন বানো” প্ৰবন্ধৰ সংশোধন ৬০৩৯৬৪ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।