ফাতিমা মুজিব বিলকিছ ( জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৩৬ আৰু মৃত্যু ৭ ফেব্ৰুৱাৰী, ২০১৬) আছিল এগৰাকী পাকিস্তানৰ বিজ্ঞানী, পৰজীৱী বিজ্ঞানৰ বিশেষজ্ঞ।১২৩ তেওঁ পৰজীৱী বিজ্ঞানৰ ক্ষেত্ৰত আন্তৰ্জাতিক ভাবে বিখ্যাত ব্যক্তি আছিল।
প্ৰাথমিক জীৱন
১৯৩৬ চনৰ ১০ ফেব্ৰুৱাৰীত বিলকেছৰ জন্ম হৈছিল। ১ ১৯৬৬ চনত টৰণ্টো বিশ্ববিদ্যালয়ৰপৰা পৰজীৱী বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে। ১৯৭৯ চনত ষ্টেটছৰপৰা উচ্চ ডক্টৰেট ডিগ্ৰী (Sc.D) আৰু কৰাচী বিশ্ববিদ্যালয়ৰপৰা ডি.এছ.চি১ লাভ কৰে।
কৰ্মজীৱন
বিলকীছে উৰ্দু ভাষা] ভাষাত বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশ কৰি বিজ্ঞানী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেওঁ এই ভাষাত ৭৫টাতকৈও অধিক বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশ কৰিছিল। ইংৰাজী ভাষা ভাষাত ৫০০ৰো অধিক গৱেষণা পত্ৰৰ লগতে একাধিক গ্ৰন্থও প্ৰকাশ কৰে।১
১৯৮৫ চনত তেওঁ ঠপাকিস্তান জাৰ্নেল অৱ পেৰাচাইট’লজী আৰম্ভ কৰে, যিয়ে এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গৱেষণামূলক কাম প্ৰকাশ কৰে। এই আলোচনীখন বছৰত দুবাৰকৈ প্ৰকাশ কৰা হয় য'ত পৰজীৱী গোটৰ সকলো দিশৰ ওপৰত গৱেষণা পত্ৰ, পৰ্যালোচনামূলক প্ৰবন্ধ আৰু গ্ৰন্থতালিকা সামৰি লোৱা হয়।৪
ইয়াৰ উপৰি তেওঁ বিভিন্ন একাডেমিক ছ'চাইটি যেনে হেলমিনথ'লজিকেল ছ'চাইটি অৱ ৱাশ্বিংটন আৰু অৰ্গেনাইজেচন ফৰ উইমেন ইন চাইন্স ফৰ দ্য ডেভেলপিং ৱৰ্ল্ডৰ সদস্য আছিল। ২ পাকিস্তানৰ প্ৰাণীবিজ্ঞান সমাজত ‘উপ-ৰাষ্ট্ৰপতি (দক্ষিণ)’ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ১
ব্যক্তিগত জীৱন
বিলকেছৰ দুগৰাকী কন্যা আছিল।১
২০১৬ চনৰ ৭ ফেব্ৰুৱাৰীত ৭৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১
সিন্ধ বিশ্ববিদ্যালযত কৰ্মজীৱন১
উত্তৰাধিকাৰ
তেওঁৰদ্বাৰা প্ৰায় ১০০০টা কৃমি আৱিষ্কাৰ কৰা হৈছে আৰু তেওঁৰ নামেৰে ৪০টা নতুন প্ৰজাতিৰ নামকৰণ কৰা হৈছে। ১৩ বহু বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীৰ অধ্যাপকৰ দেৱালতো তেওঁৰ স্থান আছে কাৰণ তেওঁ বেলুচিস্তান বিশ্ববিদ্যালয়, মহিলাৰ বাবে জিন্না বিশ্ববিদ্যালয়, ফেডাৰেল উৰ্দু বিশ্ববিদ্যালয় আৰু সিন্ধ বিশ্ববিদ্যালয়কে ধৰি বহু বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ গৱেষণা কাৰ্যসূচীৰ তদাৰক কৰিছিল।
বঁটাসমূহ
বিলকীছে তেওঁৰ শৈক্ষিক কামৰ বাবে তলত দিয়া ডাঙৰ বঁটা লাভ কৰে:১
- পৰজীৱবিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ আজীৱন গৱেষণামূলক অৱদানৰ স্বীকৃতি স্বৰূপে পাকিস্তানৰ জুলজিকেল ছ'চাইটি৬ৰদ্বাৰা জীৱনকালীন সাফল্য বঁটা।
- কাৰাচী বিশ্ববিদ্যালয়দ্বাৰা উদ্ভিদ নেমেট'লজীত বৈজ্ঞানিক অৱদানৰ বাবে ঢাল।
- কৰচী বিশ্ববিদ্যালয়ৰদ্বাৰা নিশান-ই-আজমত-ই-ইলম
- প্ৰাণীবিজ্ঞানত তেওঁৰ গৱেষণামূলক অৱদানৰ স্বীকৃতি স্বৰূপে "পাকিস্তান একাডেমী অৱ চাইন্সেছ"ৰপৰা স্বৰ্ণ পদক।
- পাকিস্তানৰ ৰাষ্ট্ৰপতিৰপৰা মহিলা বিজ্ঞানী বঁটা।
মৃত্যু
২০১৬ চনত ৭৯ বছৰ বয়সত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ দুগৰাকী জীয়ৰী আৰু দুই নাতি -নাতিনী এৰি থৈ যায়।
বাহ্যিক সংযোগ
A new species Axinoides belangerii n.sp (Monogenea: Axinidae) on ...
Author Bilqees, Fatima Mujib - Tuklas
PDF OBITUARY NOTE
Works by Fatima, Bilqees
Oxyuridae) from a Lagomorph host Lepus capensis Linn in ...
তথ্যসূত্ৰ
- ↑ Khan, Aly; Nisa, Noor. OBITUARY NOTE. Zoological Society of Pakistan
- ↑ Fatima Bilqees Mujib. The Organization for Women in Science for the Developing World
- ↑ Khan, A.; Ghazi, R. R. Uroproctepisthmium bilqeesae n.sp. (Digenea: Echinostomatidae) in a bird from Sindh, Pakistan. International Journal of Biology and Biotechnology (Pakistan)
- ↑ ABOUT PAKISTAN JOURNAL OF PARASITOLOGY (PJP). PAKISTAN JOURNAL OF PARASITOLOGY
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাতিমা মুজিব বিলকীছ” প্ৰবন্ধৰ সংশোধন ৫৬৯৩৯৪ (১৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।