অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিলচাদ ৱাডছাৰিয়া

দিলচাদ ৱাডছাৰিয়া (ইংৰাজী: Dilshad Vadsaria; জন্ম: প্ৰায় ১৯৮৫ তেওঁ বিশেষকৈ এ.বি.চি. ফেমিলীৰ টেলিভিছন ধাৰাবাহিক গ্ৰীকত ৰেবেঁকা লোগানৰ চৰিত্ৰত আৰু ৩০ মিনিটছ অৰ লেছ নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

দিলচাদ ৱাডছাৰিয়া (ইংৰাজী ভাষা: Dilshad Vadsaria; জন্ম: প্ৰায় ১৯৮৫) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী।১২ তেওঁ বিশেষকৈ এ.বি.চি. ফেমিলীৰ টেলিভিছন ধাৰাবাহিক গ্ৰীকত ৰেবেঁকা লোগানৰ চৰিত্ৰত আৰু ৩০ মিনিটছ অৰ লেছ নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ৱাডছাৰিয়াৰ জন্ম পাকিস্তানৰ কৰাচীত হৈছিল। তেওঁ গুজৰাটী ভাষা আৰু পৰ্তুগীজ ভাষা বংশোদ্ভূত।৩ ৬ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায় আৰু শৈশৱৰ বেছিভাগ সময় চিকাগো, ৰিচমণ্ড আৰু ফিলাডেলফিয়াত অতিবাহিত কৰে। তেওঁ ডেলাৱেৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।২

কৰ্মজীৱন

ৱাডছাৰিয়াৰ পেছাদাৰী অভিনয় জীৱন ২০০৬ চনত টেলিভিছন ধাৰাবাহিক ভেনিশ্বডৰ এটা খণ্ডত অভিনয়েৰে আৰম্ভ হৈছিল। ২০০৭ চনত তেওঁ গ্ৰীক নামৰ টেলিভিছন ধাৰাবাহিকখনত এটা নিয়মীয়া চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে।৪ ইয়াত তেওঁ জেটা বিটা জেটা ভগ্নীসকলৰ ভিতৰত অন্যতম ৰেবেঁকা লোগানৰ চৰিত্ৰত অভিনয় কৰিছিল।৫

তেওঁ ৰেপচাৰ নামৰ ছবিখনতো অভিনয় কৰিছিল। ২০১১ চনত ৱাডছাৰিয়া কমেডী ছবি ৩০ মিনিটছ অৰ লেছত কেট ফ্লেনিং হিচাপে অভিনয় কৰে। এই ছবিখনত তেওঁ আজিজ আনছাৰীৰ চৰিত্ৰ চেটৰ যমজ ভগ্নীৰ চৰিত্ৰত আছিল।৬

তেওঁ এন.চি.আই.এছ.ৰ এটা খণ্ডত শাকিৰা হিচাপে অভিনয় কৰিছিল। ২০১০ চনত তেওঁ বনছ ধাৰাবাহিকৰ পঞ্চম ছিজনত পদ্মা বুথ হিচাপে অভিনয় কৰিছিল আৰু ২০১৫ চনত পুনৰ এই চৰিত্ৰটোত অভিনয় কৰে।৭ ২০১২ চনত তেওঁ ধাৰাবাহিক ৰিভেঞ্জত এটা পুনঃপৌনিক চৰিত্ৰত কাম আৰম্ভ কৰে।৮

২০১৫ চনত ৱাডছাৰিয়াক ফক্সৰ ফেণ্টাচী ড্ৰামা ধাৰাবাহিক ছেকেণ্ড চান্সত মেৰী গুডউইনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰটোত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হয়।৯

অভিনয় তালিকা

+ টেলিভিছন আৰু চলচ্চিত্ৰ চৰিত্ৰসমূহ
বৰ্ষনামচৰিত্ৰটোকা
২০০৬ভেনিশ্বডএজেণ্ট নানজিখণ্ড° "The Tunnel"
২০০৬ৰেপচাৰচলচ্চিত্ৰ
২০০৭–২০১১গ্ৰীকৰেবেঁকা লোগানমুখ্য চৰিত্ৰ
২০০৯এন.চি.আই.এছ.শাকিৰা জায়েদখণ্ড° "Legend: Part 2"
২০১০, ২০১৫বনছপদ্মা দালাইখণ্ড° "The Dentist in the Ditch", "The Loyalty in the Lie"
২০১০চি.এছ.আই.: মায়ামীজোডীখণ্ড° "Miami, We Have a Problem"
২০১১৩০ মিনিটছ অৰ লেছকেট ফ্লেনিংচলচ্চিত্ৰ
২০১২মেলিনা এণ্ড জোয়ীএৰিয়েলখণ্ড° "Mixed Doubles"
২০১২–২০১৩ৰিভেঞ্জপদ্মা লহৰীপুনঃপৌনিক চৰিত্ৰ (ছিজন ২); ১৫টা খণ্ড
২০১৪মাৰ্ডাৰ ইন দ্য ফাৰ্ষ্টজেচমিন লীখণ্ড° "Who's Your Daddy", "Win Some, Lose Some"
২০১৫কেচেলএঞ্জেলাখণ্ড° "The Wrong Stuff"
২০১৬ছেকেণ্ড চান্সমেৰী গুডউইনমুখ্য চৰিত্ৰ
২০১৬নটোৰিয়াছচাৰা কিটন৩টা খণ্ড
২০১৭ফ্ৰিডম ফাইটাৰ্ছ: দ্য ৰেজেনী নাইট/ফেণ্টম লেডীৱেব ধাৰাবাহিক; মূল কণ্ঠশিল্পী
২০১৮দ্য লাইব্ৰেৰিয়ানছচাৰিনাখণ্ড° "And the Disenchanted Forest"
২০১৯ক্লোক এণ্ড ডেগাৰলিয়া দেৱানপুনঃপৌনিক চৰিত্ৰ (ছিজন ২)

বঁটা আৰু মনোনয়ন

বৰ্ষফলাফলবঁটাশ্ৰেণীমনোনীত কাম
২০১০মনোনীতNAMIC Vision Awardsশ্ৰেষ্ঠ অভিনয়: কমেডীগ্ৰীক

তথ্যসূত্ৰ

  1. ↑ (August 25, 2008). Dilshad Vadsaria Dishes 'Greek' Season Two. EveryJoe
  2. ↑ (September 3, 2009). A Chat with Dilshad Vadsaria. The Cornell Daily Sun
  3. ↑ Dilshad Vadsaria - Trivia. IMDb
  4. ↑ Kimberly Nordyke. (March 1, 2007). ABC Family OK for 'Greek' life. The Hollywood Reporter. Associated Press
  5. ↑ Barry Garron. (July 5, 2007). Greek. The Hollywood Reporter. Associated Press
  6. ↑ Kirk Honeycutt. (August 5, 2011). 30 Minutes or Less: Film Review. The Hollywood Reporter
  7. ↑ Matt Webb Mitovich. (August 10, 2015). Bones Exclusive: Dilshad Vadsaria Back as Padme Booth — But Where's Jared?. TVLine
  8. ↑ Philiana Ng. (August 6, 2012). 'Revenge' Casts 'Greek' Actress in Recurring Role. The Hollywood Reporter
  9. ↑ Denise Petski. (March 11, 2015). Dilshad Vadsaria Joins Fox's 'Frankenstein'; ABC's 'The Adversaries', 'The Catch', 'LA Crime' Add Cast. Deadline Hollywood

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিআমেৰিকান অভিনয় শিল্পীভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলচাদ ৱাডছাৰিয়া” প্ৰবন্ধৰ সংশোধন ৬০২৩৭১ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।