জীনত আব্দুল্লাহ চান্নাহ (ইংৰাজী ভাষা: Zeenat Abdullah Channah; ৪ জানুৱাৰী ১৯১৯ — ১২ জুলাই ১৯৭৪) পাকিস্তানৰ সিন্ধু প্ৰদেশৰ এগৰাকী শিক্ষাবিদ আৰু লেখিকা আছিল। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পিছত সিন্ধী কাহিনী লিখা তেওঁ প্ৰথমগৰাকী মহিলা লেখিকাৰ ভিতৰত অন্যতম আছিল। জীনত চান্নাহে মাহেকীয়া আলোচনী 'মাৰ্ভী'ৰ সম্পাদিকা হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ গ্ৰাম্য সিন্ধুৰ অভিভাৱকসকলক নিজৰ কন্যাক শিক্ষিত কৰিবলৈ উৎসাহিত কৰিছিল। এগৰাকী শিক্ষয়িত্ৰী আৰু গল্পকাৰ হোৱাৰ উপৰিও তেওঁ সাহিত্যিক প্ৰবন্ধও লিখিছিল।১
শৈশৱ আৰু ব্যক্তিগত জীৱন
জীনত আব্দুল্লাহ চান্নাহৰ জন্ম ১৯১৯ চনৰ ৪ জানুৱাৰীত পাকিস্তানৰ সিন্ধু প্ৰদেশৰ জামশুৰো জিলাৰ চেহৱান শ্বৰীফত হৈছিল। তেওঁৰ পিতৃ মুহাম্মদ চালেহ চান্নাহ এজন প’ষ্টমাষ্টাৰ আছিল। তেওঁৰ ভাতৃ মেহবুব চান্নাহ এজন বিশিষ্ট পণ্ডিত আৰু লেখক আছিল। জীনতে নিজৰ গৃহ চহৰ চেহৱানত শিক্ষা লাভ কৰাৰ পিছত হাইদৰাবাদৰ মহিলা প্ৰশিক্ষণ মহাবিদ্যালয়ত অধ্যয়ন কৰে।২ তেওঁ চেহৱান শ্বৰীফৰ ওচৰৰ তালটি চহৰত এগৰাকী স্কুলীয়া শিক্ষয়িত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰে।
১৯৪৪ চনৰ ১৩ আগষ্টত তেওঁ আব্দুল্লাহ খান চান্নাহৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ স্বামী এজন গৱেষক আৰু লেখক হোৱাৰ লগতে চেহৱানৰ ডেপুটি কালেক্টৰ আছিল। তেওঁলোকৰ তিনিগৰাকী কন্যা— নুচৰত, নিঘাত আৰু তালাত; তথা এজন পুত্ৰ চৌকত চান্নাহ আছিল।
সাহিত্যিক অৱদান
১৯৪৭ চনৰ পিছত জীনত চান্নাহ সিন্ধী ভাষাৰ অন্যতম শ্ৰেষ্ঠ গল্পকাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ কাহিনীসমূহ 'মেহৰাণ' আৰু 'নাঈন জিন্দেগী'ৰ দৰে সন্মানীয় সিন্ধী আলোচনীত প্ৰকাশ পাইছিল। তেওঁ বহুতো উন্নত মানদণ্ডৰ সাহিত্যিক প্ৰবন্ধ আৰু ৰচনাও ৰচনা কৰিছিল।৩ তেওঁৰ কেইটামান শ্ৰেষ্ঠ গল্পৰ ভিতৰত আছে— ৰান্দিকো (খেলনা), ওন্ধাহী (আন্ধাৰ) আৰু মিঠী (মধুৰ)। তেওঁ মহিলাৰ মাহেকীয়া আলোচনী 'মাৰ্ভী'ৰ সম্পাদিকা হিচাপে কাম কৰিছিল। ১৯৫৮ চনত তেওঁ য়াদগাৰ-ই-লতিফ নামৰ এখন গ্ৰন্থ সংকলন কৰিছিল।৪
মৃত্যু
১৯৭৪ চনৰ ১২ জুলাইত পাকিস্তানৰ সিন্ধু প্ৰদেশৰ হাইদৰাবাদত তেওঁৰ মৃত্যু হয়।৪
তথ্যসূত্ৰ
- ↑ Qāz̤ī K̲h̲ādimu. (2007). The Glorious Past. Kavita Publications. পৃ. 60
- ↑ چنا زينت: (Sindhianaسنڌيانا). encyclopediasindhiana.org
- ↑ Mir, Hajjan Mir. (2014). سيوھڻ جون ادبي شخصিতون. Sachai Publishing House. পৃ. 125
- ↑ Mir, Hajan Mir. (2014). سيوھڻ جون ادبي شخصিতون. Sacai Publishing House. পৃ. 125
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীনত আব্দুল্লাহ চান্নাহ” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৭৩ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।