নেপালৰ ব্যক্তি
৬৫ প্ৰবন্ধ
-
টেনজিং নৰ্গে
টেনজিং নৰ্গে (Tenzing Norgay), এজন নেপালী ভাৰতীয় পৰ্বতাৰোহী, আৰু ১৯৫৩ চনত তেওঁ এডমণ্ড হিলাৰীৰ লগ হৈ পোন প্ৰথম বাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰে। টাইম আলোচনীয়ে তেখেত ২০ শতিকাৰ ১০০ জন সকলোতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছিল।
-
খড়্গ প্ৰসাদ শৰ্মা ওলী
খড়্গ প্ৰসাদ শৰ্মা ওলী (জন্ম ২২ ফেব্ৰুৱাৰী ১৯৫২, সাধাৰণতে কে পি শৰ্মা ওলী বা সৰলভাৱে কে পি ওলী বুলি জনা যায়) নেপালৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০১৫ চনৰপৰা ২০১৬ চনলৈ, ২০১৮ চনৰপৰা ২০২১ চনলৈ, আৰু ২০২৪ চনৰপৰা ২০২৫ চনলৈকে নেপালৰ ৩৮সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
টিকা ভাণ্ডাৰী
টিকা ভাণ্ডাৰী (, নেপালী: टीका भण्डारी) এগৰাকী নেপালৰ নেপালী ভাষাৰ গীতিকাৰ আৰু নেপালী সংগীতৰ গায়ক। তেওঁ ৫০০ তকৈও অধিক নেপালী আধুনিক গানৰ বাবে সংগীত ৰচনা কৰিছে আৰু মুঠ ২৩টা সংগীত এলবাম মুকলি কৰিছে। তেওঁ 'গোলী চিশাকো'ৰ দৰে গান ৰচনা কৰাৰ বাবে সৰ্বাধিক জনাজাত।
-
বিদ্যা দেৱী ভাণ্ডাৰী
বিদ্যা দেৱী ভাণ্ডাৰী (विद्या देवी भण्डारी; জন্ম: ১৯ জুন ১৯৬১) এগৰাকী ৰাজনীতিবিদ তথা নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। ২০১৫ চনত তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তেওঁ নেপালৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি।
-
ভানুভক্ত আচাৰ্য
ভানুভক্ত আচাৰ্য (भानुभक्त आचार्य, Bhanubhakta Acharya) (১৮১৪—১৮৬৮ খ্ৰীষ্টাব্দ, ১৮৭১—১৯২৫ বঙ্গাব্দ) এগৰাকী নেপালী লেখক, কবি, আৰু অনুবাদক আছিল। তেওঁক নেপালী ভাষাৰ আটাইতকৈ পুৰণি কবি হিচাপে বৰ্তমানে গণ্য কৰা হয়, আৰু সেয়ে তেওঁক 'আদিকবি'ও বোলা হয়।
-
অনুৰাধা কৈৰালা
অনুৰাধা কৈৰালা (Anuradha Koirala; জন্ম: ১৪ এপ্ৰিল ১৯৪৯) এগৰাকী নেপালী সমাজকৰ্মী আৰু নেপালৰ এক অলাভজনক সংগঠন মাইতি নেপালৰ প্ৰতিষ্ঠাপক। এই সংগঠন বলপূৰ্বক যৌনকাৰ্যৰ বাবে মানৱ সৰবৰাহৰ ভুক্তভোগীসকলক সহায় কৰিবলৈ সমৰ্পিত।
-
কেকী অধিকাৰী
কেকী অধিকাৰী (केकी अधिकारी; জন্ম: ১৭ ডিচেম্বৰ, ১৯৮৯) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ইতিমধ্যে কেইবাটাও সংগীত ভিডিঅ’, দূৰদৰ্শন বিজ্ঞাপন, ছপা বিজ্ঞাপন আৰু নেপালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে সংগীত ভিডিঅ’ত অভিনয় কৰিছিল।
-
গীতা ত্ৰিপাঠী
গীতা ত্ৰিপাঠী ( Geeta Tripathee; জন্ম: ২৮ জুন ১৯৭২) এগৰাকী নেপালী কবি, গীতিকাৰ, নিবন্ধকাৰ, সাহিত্য সমালোচক আৰু পণ্ডিত। নেপালী ভাষাৰ এগৰাকী উল্লেখযোগ্য লেখিকা গীতা ত্ৰিপাঠীৰ কৃতিত্ব দুটা খণ্ডৰ কবিতা সংকলন, এখন গীতি-কবিতাৰ আৰু সাতখন অন্যান্য সাহিত্য ধাৰাৰ গ্ৰন্থ।
-
দুৰ্গা চোব
দুৰ্গা চোব ( Durga Sob) জন্ম ৩ জুলাই, ১৯৬৬ চন; এগৰাকী নেপালী নাৰীবাদী সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। চোবে নিজকে দলিত বুলিও পৰিচয় দিয়ে আৰু নেপালত নাৰীবাদী দলিত সংগঠন (FEDO)ৰ তেওঁ প্ৰতিষ্ঠাপক। দেশৰ মানৱ অধিকাৰ কৰ্মী হিচাপে কাম কৰা চোবে নেপাল ছ’চিয়েলিষ্ট পাৰ্টিৰ সৈতে জড়িত।
-
নাৰায়ণ গোপাল
নাৰায়ণ গোপাল গুৰুবাচাৰ্য (Narayan Gopal Gurubacharya) আৰু নেপালী ভাষাত नारायणगोपाल गुरबाचार्य (জন্ম হৈছিল ৪ অক্টোবৰ ১৯৩৯ – মৃত্যু ৫ ডিচেম্বৰ ১৯৯০), পেছাদাৰীভাৱে নাৰায়ণ গোপাল আৰু এন গোপাল নামেৰে জনাজাত।
-
নিৰ্মল পূৰ্জা
নিৰ্মল পূৰ্জা (Nirmal Purja; নেপালী: निर्मल पुर्जा; ২৫ জুলাই ১৯৮৩ – ৩০ জুলাই ২০২৬) নিমছ বা নিমছদাই নামেৰে পৰিচিত এজন নেপালী-ব্ৰিটিছ পৰ্বতাৰোহী৷ পৰ্বতাৰোহণক কেৰিয়াৰ হিচাপে গঢ়ি তোলাৰ পূৰ্বে তেওঁ ব্ৰিগেড অৱ গোৰ্খাৰ সৈতে ব্ৰিটিছ সেনাবাহিনীত আৰু পাছলৈ ৰয়েল নেভিৰ বিশেষ বাহিনীৰ ইউনিট স্পেচিয়েল ব’ট…
-
বালেন্দ্ৰ শ্বাহ
বালেন্দ্ৰ শ্বাহ (Balendra Shah, বালেন নামেৰে জনাজাত; জন্ম: ২৭ এপ্ৰিল ১৯৯০) এগৰাকী নেপালী ৰাজনীতিবিদ, গাঁথনিগত অভিযন্তা (ষ্ট্ৰাকচাৰেল ইঞ্জিনীয়াৰ) আৰু ৰেপাৰ, যিয়ে ২০২৬ চনৰপৰা নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ৩৬ বছৰ বয়সত তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া সেৱা আগবঢ়োৱা ৰাষ্ট্ৰপ্ৰধান।
-
মহাৰাণী ললিত ত্ৰিপুৰা সুন্দৰী দেৱী
ত্ৰিপুৰাসুন্দৰী (১৭৯৪ – ৬ এপ্ৰিল ১৮৩২), ললিত ত্ৰিপুৰা সুন্দৰী দেৱী নামেৰেও জনাজাত, নেপালৰ ৰজা ৰাণা বাহাদুৰ শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হৈ নেপালৰ এগৰাকী ৰাণী পত্নী আছিল। অতি কম বয়সতে বিধৱা আৰু সন্তানহীন হৈ দীৰ্ঘদিন ধৰি ৰাজ্যৰ ৰিজেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মহাৰাণী সুবৰ্ণ প্ৰভা দেৱী
সুবৰ্ণ প্ৰভা দেৱী (প্ৰায় ১৭৭৯–১৮০৬) ১৮০২ চনৰপৰা ১৮০৬ চনৰ ভিতৰত গিৰভান যুদ্ধ বিক্ৰম শ্বাহৰ কম বয়সীয়া অৱস্থাত নেপালৰ ৰাণী ৰিজেণ্ট আছিল।
-
সুশীলা কাৰ্কী
সুশীলা কাৰ্কী (सुशीला कार्की, Sushila Karki) নেপালৰ এগৰাকী ৰাজনীতিবিদ আৰু প্ৰাক্তন আইনবিদ যিয়ে জেন জী প্ৰতিবাদৰ পিছত ২০২৫ চনৰ ১২ ছেপ্টেম্বৰৰ পৰা নেপালৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। প্ৰধানমন্ত্ৰী হিচাপে নেপাল চৰকাৰৰ নেতৃত্ব দিয়া তেৱেঁই প্ৰথমগৰাকী মহিলা।
-
ৰাজ ৰাজেশ্বৰী দেৱী
ৰাজ ৰাজেশ্বৰী দেৱী (মৃত্যু ৫ মে ১৮০৬) নেপালৰ ৰাণী পত্নী আৰু দুবাৰকৈ ৰজাৰ প্ৰতিনিধি আছিল। তেওঁ নেপালৰ ৰাণা বাহাদূৰ শ্বাহৰ ৰাণী পত্নী আছিল। ১৭৯৯ চনত পুত্ৰ গিৰভান যুদ্ধ বিক্ৰম শ্বাহ কম বয়সৰ হৈ থকা সময়ত, আৰু ১৮০১–১৮০৪ চনত তেওঁ সিংহাসনৰ প্ৰতিনিধি হিচাপে শাসন কৰিছিল।
-
অংগীৰা পাছিৰ মৃত্যু
২০২০ চনৰ ২৩ মে’ত নেপালৰ দেৱদাহাত গছত ওলমি থকা ১৩বছৰীয়া কিশোৰী অংগীৰা পাছিৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ আগদিনা ২৫বছৰীয়া বীৰেন্দ্ৰ ভৰে তাইক ধৰ্ষণ কৰাৰ খবৰ পোৱা গৈছে, তাৰ পিছত স্থানীয় বাসিন্দা আৰু ৱাৰ্ড সদস্য অমৰ বাহাদুৰ চৌধুৰীয়ে আলোচনা কৰি পাছিৰ বিয়া ভৰৰ সৈতে হ’ব বুলি সিদ্ধান্ত লয়।
-
অনুপমা ঔৰা গুৰুং
অনুপমা ঔৰা গুৰুং (নেপালী: अनुपमा गुरुङ; জন্ম: ১৬ আগষ্ট ১৯৮৮) এগৰাকী ছিংগাপুৰীয়-নেপালী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ নেপাল আৰ্থ ২০১১ খিতাপ জয় কৰিছিল। তেওঁ ২০১১ চনৰ ১২ নৱেম্বৰত থাইলেণ্ডৰ পাটায়াত অনুষ্ঠিত মিছ আৰ্থ ২০১১ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
ইশানী শ্ৰেষ্ঠ
ইশানী শ্ৰেষ্ঠ (নেপালী: इशानी श्रेष्ठ) (জন্ম: ৫ মে' ১৯৯১) এগৰাকী নেপালী টিভি আঁতধৰোঁতা, উদ্যোক্তা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০১৩ চনৰ মিছ নেপাল ৱৰ্ল্ডৰ মুকুট লাভ কৰিছিল।
-
উপাসনা সিং ঠাকুৰী
উপাসনা সিং ঠাকুৰী (उपासना सिंह ठकुरी) এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ নেপালৰ নৱ প্ৰজন্মৰ মেধাৱী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। তেওঁৰ অভিনয়ৰ নিজস্ব সুকীয়া শৈলী আৰু চলচ্চিত্ৰত নিজৰ চৰিত্ৰৰ সৈতে গভীৰভাৱে সংযোগ স্থাপনৰ ক্ষমতা আছে।
-
উষা খড্গী
উষা খড্গী (নেপালী: उषा खड्गी; ইংৰাজী: Usha Khadgi) এগৰাকী নেপালী মডেল, টেলিভিছন পৰিচালিকা, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু ব্যৱসায়ী। ২০০০ চনত তেওঁ সপ্তম মিছ নেপালৰ খিতাপ লাভ কৰিছিল। ২০২২ চনৰ পৰা তেওঁ নিউজ ২৪ চেনেলত আমা নামৰ এখন টক শ্ব’ৰ চতুৰ্থ ছিজনৰ আঁত ধৰিবলৈ আৰম্ভ কৰে।
-
উষা শেৰচন
উষা শেৰচন (জন্ম: ২২ আগষ্ট ১৯৫৫) এগৰাকী নেপালী কবি, গীতিকাৰ আৰু লেখিকা। তেওঁ তিনিখন কবিতা সংকলন, এখন চুটি গল্প সংকলন আৰু এখন উপন্যাস প্ৰকাশ কৰিছে। লগতে তেওঁ পাঁচটা সংগীত এলবামৰ বাবে গীত ৰচনা কৰিছে। তেওঁৰ কবিতা আৰু গল্পসমূহত সামাজিক বিষয় আৰু নাৰীবাদী চিন্তাধাৰাৰ প্ৰতিফলন দেখা যায়।
-
ঋচা শৰ্মা
ঋচা শৰ্মা (ऋचा शर्मा) এজনী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, আৰু ভিডিঅ’ জকী। তেওঁ মিছ নেপাল ২০০৭ প্ৰতিযোগিতাৰ শীৰ্ষ দহজনৰ ভিতৰত আছিল তেওঁৰ অভিনয় আৰম্ভ হয় নেপালী চলচ্চিত্ৰ ফাৰ্ষ্ট লভ (২০১০)ৰ জৰিয়তে। পিছত ২০১১ চনত মেৰো লভ ষ্ট’ৰি আৰু হাইৱেত অভিনয় কৰে।
-
কৰ্ণ শাক্য
কৰ্ণ শাক্য (জন্ম: ২ এপ্ৰিল, ১৯৪৩) এজন নেপালী পৰিৱেশবিদ, সংৰক্ষণবিদ, হোটেল উদ্যোগী, লেখক আৰু দানশীল ব্যক্তি। শিক্ষাৰফালৰপৰা শাক্য বনকৰ্মী। তেওঁ বন্যপ্ৰাণী বিষয়া হিচাপে কাম কৰিছিল আৰু নেপালত প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল।
-
গীতা শাহী
গীতা শাহী (ইংৰাজী: Gita Shahi; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী নেপালী অভিনেত্ৰী আৰু মডেল। ২০০৫ চনত নেপালী চলচ্চিত্ৰ বান্ধকীৰ জৰিয়তে 'শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী' হিচাপে লাভ কৰা জনপ্ৰিয়তা আৰু টেলিভিছন ধাৰাবাহিক মোড, অপৰাজিতা, পাঠ ভ্ৰষ্ট আৰু থোৰাই ভায়ে পুগী সাৰীত কৰা অভিনয়ৰ বাবে শাহী বিশেষভাৱে…
-
চনী ৰানা
চনী ৰানা (নেপালী: सोनी राणा), জন্ম: ১৭ অক্টোবৰ ১৯৬৫চন, নেপালৰ প্ৰথম মহিলা পাইলট। ১৯৯১ চনৰ ২৯ মাৰ্চত নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ পৰা ১১৯ নম্বৰ অনুজ্ঞাপত্ৰৰ অধীনত তেওঁ বিমান পৰিবহণৰ অনুজ্ঞাপত্ৰ লাভ কৰে। ইয়াৰ উপৰিও তেওঁ বয়িং জেট বিমানৰো প্ৰথম নেপালী মহিলা পাইলট।
-
চনু মুৰ্মু
চনু মুৰ্মু (ইংৰাজী: Sonu Murmu) এজন নেপালৰ ৰাজনীতিবিদ। তেওঁ জনমত পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য। তেওঁ বৰ্তমান নেপালৰ দ্বিতীয় ফেডাৰেল সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২২ চনৰ নেপালৰ সাধাৰণ নিৰ্বাচনত তেওঁ খিলঞ্জীয়া শ্ৰেণীৰ পৰা আনুপাতিক প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়।
-
ছফিয়া ভূজেল
ছফিয়া ভূজেল (নেপালী: सोफिया भुजेल) (জন্ম: ১ জানুৱাৰী ১৯৯৬) এগৰাকী নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু মডেল। তেওঁ মিছ ইউনিভাৰ্ছ নেপাল ২০২২ প্ৰতিযোগিতাত বিজয়ী হৈছিল আৰু মিছ ইউনিভাৰ্ছ ২০২২-ত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
তাৰা দেৱী (গায়িকা)
তাৰা দেৱী তাৰা দেৱী শ্ৰেষ্ঠা (জন্ম:১৫ জানুৱাৰী, ১৯৪৬ –মৃতু্্য: ২৩ জানুৱাৰী ২০০৬) পেছাদাৰীভাৱে তাৰা দেৱী নামেৰে জনাজাত। তেওঁ এগৰাকী নেপালী গায়িকা আছিল। তেওঁক "নেপালৰ নাইটিংগেল" বুলি জনা যায়। তেওঁৰ জীৱনকালত ৪,০০০ ৰো অধিক গান ৰেকৰ্ড কৰিছিল।
-
তুলসা থাপা
তুলাসা থাপা (Tulasa Thapa; ১৯৭০-১৯৯৫) এগৰাকী নেপালী মহিলা আছিল। তেওঁক ১৯৮২ চনত নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ওচৰৰ থানকোট নামৰ গাঁৱৰ পৰা ১৩ বছৰ বয়সত অপহৰণ কৰা হৈছিল। পিছত পাৰ্চা জিলাৰ সীমান্তচহৰ বীৰগঞ্জহৈ মুম্বাইলৈ চোৰাংকৈ অনা হৈছিল আৰু বলপূৰ্বকভাবে পতিতাবৃত্তি জড়িত কৰিবলৈ বিক্ৰী কৰা হৈছিল।