গীতা শাহী (ইংৰাজী ভাষা: Gita Shahi; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী নেপালী ভাষা অভিনেত্ৰী আৰু মডেল। ২০০৫ চনত নেপালী চলচ্চিত্ৰ বান্ধকীৰ জৰিয়তে 'শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী' হিচাপে লাভ কৰা জনপ্ৰিয়তা আৰু টেলিভিছন ধাৰাবাহিক মোড, অপৰাজিতা, পাঠ ভ্ৰষ্ট আৰু থোৰাই ভায়ে পুগী সাৰীত কৰা অভিনয়ৰ বাবে শাহী বিশেষভাৱে পৰিচিত। শাহীয়ে কেইবাখনো চলচ্চিত্ৰত কাম কৰিছে, যেনে— জংলী মায়া, পাণ্ডৱ, খেলাড়ী, জংলী মাঞ্ছে, নৈনা ৰেশম আৰু নেৱাৰী ভাষাৰ ছবি যেনে— নিফো স্বান, মায়া ৰে ৰত্ন আৰু মতিনা।১২৩৪৫৬৭৮৯১০১১
শাহীয়ে কেইবাটাও মিউজিক ভিডিঅ', বিজ্ঞাপন আৰু ফেশ্বন শ্ব'ত মডেলিং কৰিছে। তেওঁ জনস্বাস্থ্য আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু নেপালী ৰাষ্ট্ৰীয় ৰেডিঅ' চেনেল ৰেডিঅ' নেপালৰপৰা সম্প্ৰচাৰিত হোৱা জন স্বাস্থ্য কাৰ্যক্ৰমৰ দৰে ৰেডিঅ' নাটক পৰিচালনা কৰিছে। শাহীয়ে নেপালী ৰাষ্ট্ৰীয় টিভি চেনেল নেপাল টেলিভিছনৰ দুখন সজাগতামূলক ধাৰাবাহিক থোৰাই ভায়ে পুগী সাৰী আৰু শংকাত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছে। নেপাল টেলিভিছনৰদ্বাৰা সম্প্ৰচাৰিত জনপ্ৰিয় মনোৰঞ্জনমূলক অনুষ্ঠান সংগীত সন্ধ্যা আৰু কান্তিপুৰ টেলিভিছনৰদ্বাৰা সম্প্ৰচাৰিত ৰজতপতত ভিডিঅ' জকী হিচাপে কৰা কামৰ বাবেও তেওঁ পৰিচিত।১২
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
নেপালৰ সাংস্কৃতিক চহৰ ভক্তপুৰত জন্মগ্ৰহণ কৰা শাহী শিৱ শাহী আৰু সৰস্বতী শাহীৰ কন্যা। তেওঁ নেপালী মূলৰ আৰু মূলতঃ নেৱাৰী সম্প্ৰদায়ৰ। তেওঁৰ শৈশৱ মৰমিয়াল ককা-আইতাকৰ তত্ত্বাৱধানত অতিবাহিত হৈছিল। শাহীৰ দুগৰাকী জ্যেষ্ঠ ভগ্নী আৰু এজন কনিষ্ঠ ভাতৃ আছে। তেওঁ স্থানীয় বিদ্যালয়ৰপৰা প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিল আৰু তাৰপৰাই স্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষাত উত্তীৰ্ণ হৈ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। স্কুলীয়া দিনত তেওঁ সাংস্কৃতিক কাৰ্যসূচীবোৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত তেওঁ জনপ্ৰিয় আছিল। নৃত্যৰ প্ৰতি তেওঁৰ প্ৰবল আগ্ৰহ আছিল আৰু সময়ৰ লগে লগে তেওঁ ইয়াত অধিক পাৰ্গত হৈ উঠিছিল। তেওঁৰ নিপুণ নৃত্য আৰু উৎসৰ্গাই তেওঁক স্থানীয় সমাজত খ্যাতি আনি দিছিল। ইয়াৰ পিছতে তেওঁ স্থানীয় নৃত্য আৰু অভিনয় কাৰ্যসূচী, মূলতঃ সাংস্কৃতিক অনুষ্ঠানবোৰত অংশগ্ৰহণৰ বাবে প্ৰস্তাৱ লাভ কৰিবলৈ আৰম্ভ কৰিছিল।১৩
কেৰিয়াৰ
শাহীয় ১৭ বছৰ বয়সৰপৰাই পেছাদাৰীভাৱে অভিনয়ৰ সৈতে জড়িত হয় আৰু চলচ্চিত্ৰত নেপথ্য নৃত্যশিল্পী (background dancer) হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০২ চনত তেওঁ 'মিষ্টাৰ এণ্ড মিছ ভক্তপুৰ' প্ৰতিযোগিতাত 'মিছ ফটোজেনিক' খিতাপ অৰ্জন কৰে, যিয়ে তেওঁক প্ৰাৰম্ভিক জনপ্ৰিয়তা প্ৰদান কৰিছিল। প্ৰায় ১০খন ছবিত নেপথ্য নৃত্যশিল্পী হিচাপে কাম কৰাৰ পাছত ১৮ বছৰ বয়সত তেওঁ 'থোৰাই ভায়ে পুগী সাৰী' আৰু 'শংকা' নামৰ দুখন ধাৰাবাহিকত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে। এই দুয়োখনেই আছিল জনস্বাস্থ্য আৰু পৰিয়ালৰ কল্যাণৰ বাবে নিৰ্মাণ কৰা সজাগতামূলক ধাৰাবাহিক। 'শংকা' আছিল পলিঅ' সজাগতা সম্পৰ্কীয় আৰু 'থোৰাই ভায়ে পুগী সাৰী'ত তেওঁ এগৰাকী নাতিনীৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে কেৱল পৰিত্যক্ত ককা-আইতাকক বিচাৰি উলিয়ায়ে নহয়, লগতে পিতৃ-মাতৃক তেওঁলোকৰ দায়িত্বৰ বিষয়েও নৈতিক শিক্ষা দিয়ে। ৰাইজৰ মাজত তেওঁৰ এই চৰিত্ৰটোৱে যথেষ্ট সমাদৰ লাভ কৰিছিল। এই ধাৰাবাহিকসমূহত কৰা উন্নত কাম আৰু খ্যািয়ে তেওঁৰ বাবে নেপালী চলচ্চিত্ৰ জগতত (যাক কলীউড বুলিও জনা যায়) প্ৰৱেশৰ পথ প্ৰশস্ত কৰে। তেওঁ 'বান্ধকী' নামৰ ছবিখনৰ জৰিয়তে অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰে, যিখন ছবি বক্স অফিচত সফল হয় আৰু ১০০ দিন অতিক্ৰম কৰে।১৪ এই প্ৰথম ছবিখনৰ বাবেই তেওঁ ২০০৫ চনত 'শ্ৰেষ্ঠ নৱাগতা মহিলা অভিনেত্ৰী'ৰ বঁটা লাভ কৰে। নেপালৰ চলচ্চিত্ৰ উন্নয়ন ব'ৰ্ডে আয়োজন কৰা এই অনুষ্ঠানত মহাৰাজ জ্ঞানেন্দ্ৰ বীৰ বিক্ৰম শাহ দেবে তেওঁক এই বঁটা প্ৰদান কৰিছিল।
প্ৰথম ছবিখনৰ অভূতপূৰ্ব সফলতাৰ পিছত শাহীয়ে নেপাল টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক 'এমঅ'ডি'ত (MOD) মুখ্য অভিনেত্ৰী হিচাপে কাম কৰে।১৫ 'এমঅ'ডি' আছিল এখন অতি সফল ধাৰাবাহিক য'ত তেওঁ 'সখা' নামৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁ মিউজিক ভিডিঅ'তো মডেল হিচাপে কাম আৰম্ভ কৰে। তেওঁৰ কেইটামান জনপ্ৰিয় মিউজিক ভিডিঅ' আছিল 'আফুনো মান আফাই সাংগা', 'বৰ্তা গৰাই দিউ', 'কে ছা খবৰ হজুৰ কো' আদি। 'চৰী ভায়ে আউথে উদয়ৰা' আছিল তেওঁৰ জীৱনৰ প্ৰথমটো মিউজিক ভিডিঅ'।
শাহীৰ দ্বিতীয়খন ছবি আছিল 'পাণ্ডৱ'। ইয়াৰ পিছত তেওঁ 'গ্লেমাৰ প্লাছ মেগাজিন', 'কামনা মেগাজিন' আৰু 'মধ্যপুৰ মেগাজিন'ৰ দৰে আলোচনীৰ বেটুপাতত স্থান লাভ কৰে। নেপাল টেলিভিছনৰ আন এখন ধাৰাবাহিক 'অপৰাজিতা'ত তেওঁ 'চলীনা' নামৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ নেপালী আধুনিক গীত, লোক গীত (লোক দোহাৰী) আৰু ভজনৰ মিউজিক ভিডিঅ'তো কাম কৰিছিল।
শাহীৰ তৃতীয়খন ছবি 'জংলী মায়া'ত তেওঁ 'ৰুমতী' নামৰ এটি চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী বছৰবোৰত তেওঁ 'জংলী মাঞ্ছে', 'খেলাড়ী' আৰু কেইবাখনো নেৱাৰী ভাষাৰ ছবিত অভিনয় কৰে। ইয়াৰ ভিতৰত 'মায়া ৰে ৰত্ন', 'নিফো স্বান' আৰু 'মতিনা' উল্লেখযোগ্য। 'জংলী মাঞ্ছে' শাহীৰ আন এখন বক্স অফিচ হিট ছবি আছিল যিখনে ৫২ দিন অতিক্ৰম কৰিছিল। তেওঁ 'নৈনা ৰেশম' ছবিত অতিথি শিল্পী হিচাপেও ভূমুকি মাৰিছিল।
শাহীয়ে নেপাল টেলিভিছনৰ 'সংগীত সন্ধ্যা' আৰু কান্তিপুৰ টেলিভিছনৰ 'ৰজতপত'ৰ দৰে মনোৰঞ্জনমূলক অনুষ্ঠানত 'ভিডিঅ' জকী' হিচাপেও কাম কৰিছিল। ইয়াৰ উপৰি তেওঁ বহুতো নামী ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছে। তেওঁ 'মেৰিনা ইম্পেক্স', 'হিমাল চিমেণ্ট' আদিৰ বিজ্ঞাপনত অভিনয় কৰাৰ উপৰি গৰ্ভাৱস্থাৰ যত্ন আৰু ষ্ট্ৰেচাৰ ব্যৱহাৰ সম্পৰ্কীয় স্বাস্থ্য সজাগতামূলক বিজ্ঞাপনতো কাম কৰিছে।
ব্যক্তিগত জীৱন
২০১৫ চনৰ জুলাই মাহত শাহীয়ে ছফ্টৱেৰ ইঞ্জিনিয়াৰ জ্ঞানেশ বুদাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ এখন পৱিত্ৰ হিন্দু মন্দিৰত হিন্দু ৰীতি-নীতি অনুসৰি এই বিবাহ সম্পন্ন হৈছিল। বৰ্তমান তেওঁ স্বামীৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি আছে। দম্পতীটোৰ দুটি সন্তান আছে— এজন চাৰিবছৰীয়া পুত্ৰ আৰু এজনী চাৰে ছয় মহীয়া কন্যা সন্তান।১৬
অৱদানসমূহ
চলচ্চিত্ৰ
| ক্ৰমিক নং | শীৰ্ষক | শ্ৰেণী | চৰিত্ৰ | টোকা |
|---|---|---|---|---|
| ১ | বান্ধকী১৭১৮১৯ | নেপালী চলচ্চিত্ৰ | সুন কেশৰী (মুখ্য অভিনেত্ৰী) | বক্স অফিচত সফল, ১০০ দিন অতিক্ৰম কৰিছে |
| ২ | জংলী মাঞ্ছে | নেপালী চলচ্চিত্ৰ | মুখ্য অভিনেত্ৰী | বক্স অফিচত সফল, ৫১ দিন অতিক্ৰম কৰিছে |
| ৩ | পাণ্ডৱ | নেপালী চলচ্চিত্ৰ | মুখ্য অভিনেত্ৰী | অেকচনধৰ্মী চলচ্চিত্ৰ |
| ৪ | জংলী মায়া২০২১ | নেপালী চলচ্চিত্ৰ | ৰুমতী (মুখ্য অভিনেত্ৰী) | ৰাউটে সম্প্ৰদায়ৰ এগৰাকী গাঁৱলীয়া ছোৱালী হিচাপে |
| ৫ | খেলাড়ী২২ | নেপালী চলচ্চিত্ৰ | অভিনেত্ৰী | প্ৰেমকাহিনী / একচন |
| ৬ | ভৱিষ্য২৩ | নেপালী চলচ্চিত্ৰ | মুখ্য অভিনেত্ৰী | পাৰিবাৰিক চলচ্চিত্ৰ |
| ৭ | ঘায়েল মাঞ্ছে২৪ | নেপালী চলচ্চিত্ৰ | মুখ্য অভিনেত্ৰী | প্ৰেমকাহিনী / একচন |
| ৮ | ত্ৰি দেৱ২৫ | নেপালী চলচ্চিত্ৰ | মুখ্য অভিনেত্ৰী | একচনধৰ্মী চলচ্চিত্ৰ |
| ৯ | মায়া ৰে ৰত্ন২৬ | নেৱাৰী চলচ্চিত্ৰ | হাচানা (মুখ্য অভিনেত্ৰী) | প্ৰেমকাহিনীমূলক চলচ্চিত্ৰ |
| ১০ | নিফো স্বান২৭২৮ | নেৱাৰী চলচ্চিত্ৰ | প্ৰকৃতি (মুখ্য অভিনেত্ৰী) | পাৰিবাৰিক চলচ্চিত্ৰ |
| ১১ | মতিনা | নেৱাৰী চলচ্চিত্ৰ | মুখ্য অভিনেত্ৰী | প্ৰেমকাহিনীমূলক চলচ্চিত্ৰ |
| ১২ | নৈনা ৰেশম২৯ | নেপালী চলচ্চিত্ৰ | অভিনেত্ৰী | অতিথি শিল্পী |
ধাৰাবাহিক
| ক্ৰমিক নং | শীৰ্ষক | চৰিত্ৰ | শ্ৰেণী | চেনেল | টোকা |
|---|---|---|---|---|---|
| ১. | থোৰাই ভায়ে পুগী সাৰী৩০ | অভিনেত্ৰী | টেলিভিছন ধাৰাবাহিক | নেপাল টেলিভিছন | জনসজাগতামূলক ধাৰাবাহিক |
| ২. | এমঅ’ডি৩১ | সখা (মুখ্য শিল্পী) | টেলিভিছন ধাৰাবাহিক | নেপাল টেলিভিছন | পাৰিবাৰিক নাটক |
| ৩. | অপৰাজিতা | চলীনা (মুখ্য শিল্পী) | টেলিভিছন ধাৰাবাহিক | নেপাল টেলিভিছন | পাৰিবাৰিক নাটক |
| ৪. | শংকা | মুখ্য অভিনেত্ৰী | টেলিভিছন ধাৰাবাহিক | নেপাল টেলিভিছন | জনসজাগতামূলক ধাৰাবাহিক |
| ৫. | পাঠ ভ্ৰষ্ট | মুখ্য অভিনেত্ৰী | টেলিভিছন ধাৰাবাহিক | নেপাল টেলিভিছন | পাৰিবাৰিক নাটক |
| ৬. | প্ৰসুনা | মুখ্য অভিনেত্ৰী | টেলিভিছন ধাৰাবাহিক | নেপাল টেলিভিছন | পাৰিবাৰিক নাটক |
| ৭. | প্ৰাৰম্ভ | মুখ্য অভিনেত্ৰী | টেলিভিছন ধাৰাবাহিক | নেপাল টেলিভিছন | জনসজাগতামূলক ধাৰাবাহিক |
ৰেডিঅ' নাটক
| ক্ৰমিক নং | শীৰ্ষক | চৰিত্ৰ | শ্ৰেণী | চেনেল | টোকা |
|---|---|---|---|---|---|
| ১. | জন স্বাস্থ্য কাৰ্যক্ৰম | নাটক শিল্পী | ৰেডিঅ' নাটক | ৰেডিঅ' নেপাল | জনস্বাস্থ্য সজাগতামূলক ৰেডিঅ' নাটক |
ভিডিঅ' জকী (VJ)
| ক্ৰমিক নং | শীৰ্ষক | চৰিত্ৰ | শ্ৰেণী | চেনেল | টোকা |
|---|---|---|---|---|---|
| ১. | সংগীত সন্ধ্যা | ভিডিঅ' জকী | টিভি মনোৰঞ্জন অনুষ্ঠান | নেপাল টেলিভিছন | সংগীত, গীত আৰু মিউজিক ভিডিঅ' সম্পৰ্কীয় মনোৰঞ্জনমূলক অনুষ্ঠান |
| ২. | ৰজতপত | ভিডিঅ' জকী | টিভি মনোৰঞ্জন অনুষ্ঠান | কান্তিপুৰ টেলিভিছন | চলচ্চিত্ৰ সংবাদ, অনুষ্ঠান আৰু চেলিব্ৰিটি ৰিপৰ্ট সম্বলিত অনুষ্ঠান |
মডেলিং
মিউজিক ভিডিঅ'ত উপস্থিতি
| ক্ৰমিক নং | শীৰ্ষক | শ্ৰেণী | গায়ক / চলচ্চিত্ৰ |
|---|---|---|---|
| ১ | মুছল ধাৰে পানী পৰয়াছ৩২ | মিউজিক ভিডিঅ' | বিমলৰাজ ছেত্ৰী, ৰাজেন্দ্ৰ লামছাল ছেত্ৰী আৰু বিষ্ণু মাঝি |
| ২ | অন্তিমপল্টা ভেট গৰৌ হাই৩৩ | মিউজিক ভিডিঅ' | খুমন অধিকাৰী আৰু বিষ্ণু মাঝি |
| ৩ | বৰ্তা গৰাই দিউ | মিউজিক ভিডিঅ' | সিন্ধু মাল্লা আৰু ৰাম চন্দ্ৰ কাফ্লে |
| ৪ | আফুনো মান আফাই সাংগা ধাটনা নমিলনে | মিউজিক ভিডিঅ' | ৰাহুল বৈদ্য |
| ৫ | বটুৱা লে ফাৰ্কে ৰা হেৰ্লা, চকলেট সুপাৰী | মিউজিক ভিডিঅ' | বলৰাম সমল আৰু অঞ্জনা গুৰুং |
| ৬ | কে ছা খবৰ হজুৰ কো | মিউজিক ভিডিঅ' | জগদীশ সমল |
| ৭ | দাৰ্জিলিং কো ঘুমতী মা ঘুময়ো ৰেল | মিউজিক ভিডিঅ' | ৰাম চন্দ্ৰ কাফ্লে |
| ৮ | কে তুমি মালাই জীৱন ভৰ সাথ দিঞ্চৌ ৰা | মিউজিক ভিডিঅ' | প্ৰদীপ সাপকোটা আৰু মাধৱী ত্ৰিপাঠী |
| ৯ | ভীৰ মা চদ্যো মালী গাই | মিউজিক ভিডিঅ' | খুমন অধিকাৰী আৰু দেৱী ঘৰ্তী |
| ১০ | শংকৰ ভোলে বম, দৰ্শন গৰ্না পশুপতি জাম | মিউজিক ভিডিঅ' | পণ্ডিত ঈশ্বৰ কৃষ্ণ ভুৰ্টেল |
| ১১ | ৰেশমী ডোৰী মা | মিউজিক ভিডিঅ' | ৰাম চন্দ্ৰ কাফ্লে |
| ১২ | এ থুলে | মিউজিক ভিডিঅ' | কৃষ্ণ থাপা আৰু বিষ্ণু মাঝি |
| ১৩ | ভাৱনা কো সাগৰ | মিউজিক ভিডিঅ' | লেখ নাথ ঢাকাল |
| ১৪ | চৰী ভায়ে আউথে উদয়ৰা | মিউজিক ভিডিঅ' | চন্দ্ৰ শৰ্মা, ৰাজু পৰিয়াৰ আৰু লক্ষ্মী নেউপালে |
| ১৫ | লাহুৰে কো কৰিমা | মিউজিক ভিডিঅ' | ৰাজু পৰিয়াৰ আৰু বীমা কুমাৰী দুৰা |
| ১৬ | মহিগা বহানী (নেৱাৰী) | মিউজিক ভিডিঅ' | হিকমত বাহাদূৰ মালী |
| ১৭ | সুৰ্খেত মা বুলবুল তাল | চলচ্চিত্ৰৰ গীত | বান্ধকী চলচ্চিত্ৰ |
| ১৮ | দুনীয়া যো গোল ছা৩৪ | চলচ্চিত্ৰৰ গীত | নৈনা ৰেশম চলচ্চিত্ৰ |
| ১৯ | লিউ লিউ নিও নিও ৱয়া (নেৱাৰী) | চলচ্চিত্ৰৰ গীত | নিফো স্বান চলচ্চিত্ৰ |
| ২০ | সুমধুৰ জীৱনে ঠাউ নেফো স্বান হোলা (নেৱাৰী) | চলচ্চিত্ৰৰ গীত | নিফো স্বান চলচ্চিত্ৰ |
| ২১ | হাই ৰে ৰত্ন (নেৱাৰী) | চলচ্চিত্ৰৰ গীত | মায়া ৰে ৰত্ন চলচ্চিত্ৰ |
| ২২ | স্বৰ্গ কী পৰী হৌ যা তুমি ধৰ্তী কী সুন্দৰী হৌ৩৫ | চলচ্চিত্ৰৰ গীত | জংলী মায়া চলচ্চিত্ৰ |
| ২৩ | ঝাসুকা তাসন৩৬ | চলচ্চিত্ৰৰ গীত | লোচন ভট্টৰাই, নিফো স্বান চলচ্চিত্ৰ |
আলোচনীৰ মডেলিং
| ক্ৰমিক নং | নাম | শ্ৰেণী | উপস্থিতি |
|---|---|---|---|
| ১. | গ্লেমাৰ প্লাছ | ফেশ্বন আলোচনী | বেটুপাত |
| ২. | কামনা | মনোৰঞ্জনমূলক আলোচনী | বেটুপাত |
| ৩. | মধ্যপুৰ | সাংস্কৃতিক আলোচনী | বেটুপাত |
বিজ্ঞাপন
| ক্ৰমিক নং | শীৰ্ষক | শ্ৰেণী | চৰিত্ৰ | চেনেল |
|---|---|---|---|---|
| ১. | মেৰিনা ইম্পেক্স | পোছাক | মডেল | নেপাল টেলিভিছন |
| ২. | হিমাল চিমেণ্ট | গৃহ নিৰ্মাণ | মডেল | নেপাল টেলিভিছন |
| ৩. | নাম্বাৰ ১ | কণ্ডম | মডেল | নেপাল টেলিভিছন |
| ৪. | প্ৰেগনেন্সী কেয়াৰ | স্বাস্থ্য সজাগতা | মডেল | নেপাল টেলিভিছন |
| ৫. | ষ্ট্ৰেচাৰছ ইউজ | স্বাস্থ্য সজাগতা | মডেল | নেপাল টেলিভিছন |
বঁটা আৰু সন্মান
| বৰ্ষ | বঁটা | শ্ৰেণী | ক্ষেত্ৰ | ফলাফল |
|---|---|---|---|---|
| ২০০৫ | নেপালী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, নেপাল | শ্ৰেষ্ঠ নৱাগতা মহিলা অভিনেত্ৰী | চলচ্চিত্ৰ (বান্ধকী) | বিজয়ী |
| ২০০২ | মিষ্টাৰ এণ্ড মিছ ভক্তপুৰ, নেপাল | মিছ ফটোজেনিক | মডেলিং | বিজয়ী |
তথ্যসূত্ৰ
- ↑ Geeta Shahi:: Profile & Gallery by FilmNepal.com. filmnepal.com
- ↑ Bandhaki (2004) – Full Cast. reelnepal
- ↑ Movies · TexasNepal · Page 5. www.texasnepal.com
- ↑ PNP MEDIA PVT LTD. (May 26, 2015). MOD · · Superhit Nepali Serial · · Episode 27
- ↑ canadanepaltv. (September 17, 2010). Thorai Baye pugi sari September 17th 2010 Part 1 of 2
- ↑ Music Nepal. (August 6, 2014). Nepali Movie · · JUNGLEE MAYA · · " जंगली माया "
- ↑ Sairam Pictures. (April 16, 2015). Nepali Movie: Kheladi
- ↑ Music Nepal. (May 27, 2016). New Nepali Movie · · NAINA RESHAM "नैना रेशम" · Ft.Nisha Adhikari · Biraj Bhatt
- ↑ surendra thapa. (October 3, 2012). best newari song
- ↑ Niranjan Malakar. (February 17, 2008). Sumadhur Jigu Bagaichaye.Nepal/Nepali/Nepalese Language Song
- ↑ newatube. (July 15, 2010). newari song ( Lyu 2 nhyo 2 Waya )
- ↑ Nepalntv. (January 28, 2011). Thorai Bhaye Pugisari 28th Jan 2011 Part 1
- ↑ Gita Shahi – Early Life. gitashahi.blogspot.com
- ↑ (October 3, 2014). Nepali Movie – Bandaki. TexasNepal
- ↑ PNP MEDIA PVT LTD. (March 9, 2015). MOD · · Superhit Nepali Serial · · Episode 1
- ↑ Gita Shahi – Marriage Ceremony. gitashahi.blogspot.com
- ↑ Movies · TexasNepal · Page 5. www.texasnepal.com
- ↑ UMESH LIMBU. (October 2, 2016). SURKHETA MA BULBULE TAL · · Old Nepali Movie BANDHAKI Song
- ↑ Music Nepal. (September 30, 2014). Nepali Full Movie BANDHAKI "बन्धकी" · Dilip Rayamajhi · Niruta Singh · Biren Shrestha
- ↑ Jungali Maya (2009) – Nepali Movie. reelnepal
- ↑ Music Nepal. (August 6, 2014). Nepali Movie · · JUNGLEE MAYA · · " जंगली माया "
- ↑ Sairam Pictures. (April 16, 2015). Nepali Movie: Kheladi
- ↑ Gita Shahi – Nepalese Lead Actress. gitashahi.blogspot.com
- ↑ Gita Shahi – Nepalese Lead Actress. gitashahi.blogspot.com
- ↑ Gita Shahi – Nepalese Lead Actress. gitashahi.blogspot.com
- ↑ hari shrestha. (June 22, 2013). bishnu sakwo songs jila chanta yake dhuna
- ↑ Niranjan Malakar. (February 17, 2008). Sumadhur Jigu Bagaichaye.Nepal/Nepali/Nepalese Language Song
- ↑ santa4b. (May 31, 2009). Lyu 2 nhyo 2 Waya Newar Song
- ↑ Music Nepal. (May 27, 2016). New Nepali Movie · · NAINA RESHAM "नैना रेशम" · Ft.Nisha Adhikari · Biraj Bhatt
- ↑ entstoshows. (December 3, 2010). Thorai Vaye Puge Sari December 3rd Part 1 of 2
- ↑ PNP MEDIA PVT LTD. (May 11, 2015). MOD · · Superhit Nepali Serial · · Episode 23
- ↑ PRASHANTI DIGITAL. (July 9, 2015). Musal dhare pani paryaachha by Bimalraj Chhetri /Rajendra Lamsal Chhetri/Bishnu Majhi
- ↑ Music Nepal. (September 27, 2013). Antimpalta Bhet Garau Hai by Khuman Adhikari and Bishnu Majhi
- ↑ Music Nepal. (May 27, 2016). New Nepali Movie · · NAINA RESHAM "नैना रेशम" · Ft.Nisha Adhikari · Biraj Bhatt
- ↑ Music Nepal. (August 6, 2014). Nepali Movie · · JUNGLEE MAYA · · " जंगली माया "
- ↑ Swatantra Maharjan. (August 26, 2016). Jhasuka Tasan ...By Lochan Bhattarai NIFWA SWAN Newari Movie Song
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা শাহী” প্ৰবন্ধৰ সংশোধন ৫৯৪২২০ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।