অনুৰাধা কৈৰালা (Anuradha Koirala; জন্ম: ১৪ এপ্ৰিল ১৯৪৯) এগৰাকী নেপালী সমাজকৰ্মী আৰু নেপালৰ এক অলাভজনক সংগঠন মাইতি নেপালৰ প্ৰতিষ্ঠাপক। এই সংগঠন বলপূৰ্বক যৌনকাৰ্যৰ বাবে মানৱ সৰবৰাহৰ ভুক্তভোগীসকলক সহায় কৰিবলৈ সমৰ্পিত।১ তেওঁক নেপাল চৰকাৰে (১৭ জানুৱাৰী ২০১৮ – ৩ নৱেম্বৰ ২০১৯) বাগমতী প্ৰদেশৰ প্ৰথম ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল।২
প্ৰাৰম্ভিক জীৱন
১৯৪৯ চনৰ ১৪ এপ্ৰিল তাৰিখে নেপালৰ ওখলধুঙ্গা জিলাৰ ৰুমজাতাৰ অঞ্চলত অনুৰাধা কৈৰালাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কাৰ্ণেল প্ৰতাপ সিং গুৰুং আৰু মাতৃ লক্ষ্মী গুৰু।
তেওঁ দশম শ্ৰেণীলৈকে ভাৰতৰ কালিম্পংমাত অধ্যয়ন কৰিছিল। তাৰপিছত তেওঁ কলিকতাৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯ বছৰ বয়সত তেওঁ কাঠমাণ্ডুৰ দীনেশ প্ৰসাদ কৈৰালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছে আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ মনীষ কৈৰালা 'প্ৰয়াস নেপাল' নামৰ বেচৰকাৰী সংগঠন পৰিচালনা কৰে।
সক্ৰিয়তা
তেওঁৰ দ্বাৰা পৰিচালিত মাইতি নেপালে বৰ্তমান কাঠমাণ্ডুত এটা পুনৰ্সংস্থাপন গৃহ, লগতে ইণ্ডো-নেপাল সীমান্ত চহৰসমূহত ট্ৰেঞ্জিট হোম, গ্ৰাম্য অঞ্চলত প্ৰতিৰোধমূলক ঘৰ আৰু কাঠমাণ্ডুত এখন একাডেমী পৰিচালনা কৰে। নেপালী ভাষাত "মাইতি"ৰ অৰ্থ হৈছে "মাতৃৰ ঘৰ।" ই ভাৰতৰ পতিতালয়ৰ পৰা উদ্ধাৰ হোৱা মহিলাসকলৰ বাবে এক আশ্ৰয়স্থল প্ৰদান কৰে। মহিলাসকলে তেওঁলোকৰ ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম নোহোৱালৈকে বা তেওঁলোকৰ পিতৃ-মাতৃ আৰু সমাজে গ্ৰহণ নকৰালৈকে মাইতি নেপালৰ দ্বাৰা পৰিচালিত ঘৰবোৰত থাকিব পাৰে। তেওঁলোকে আত্মনিৰ্ভৰশীল নোহোৱালৈকে এই আশ্ৰয় গৃহ সমূহত থাকিব পাৰে। ১৯৯৩ চনৰ পৰা ২০১১ চনৰ ভিতৰত তেওঁ আৰু তেওঁৰ সংগঠনে ১২,০০০ৰো অধিক মহিলা আৰু ছোৱালীক উদ্ধাৰ আৰু পুনৰ্বাসিত কৰাত সহায় কৰিছে।৩
তেওঁ মাইতি নেপালে উদ্ধাৰ কৰা মহিলাসকলক তেওঁলোকৰ পৰিয়ালৰ সৈতে পুনৰ মিলিত কৰা, আৰক্ষী আৰু অন্যান্য আইন প্ৰৱৰ্তনকাৰী কৰ্তৃপক্ষৰ সৈতে ভাৰত-নেপাল সীমান্তত টহল দিয়া আৰু ভাৰতীয় কৰ্তৃপক্ষৰ সহায়ত ভাৰতৰ পতিতালয়সমূহৰ পৰা সৰবৰাহ কৰা মহিলাসকলক উদ্ধাৰ কৰাৰ দৰে কামসমূহৰ লগতো জড়িত।৪
কৈৰালাই ২০০৬ চনৰ ২৫ আগষ্টত মেচাচুচেটছৰ শ্বেৰবৰ্ণৰ শান্তি এবেৰ পৰা বিবেকৰ সাহস বঁটা লাভ কৰে।৫ তেওঁ ২০১০ চনত চিএনএন হিৰো অফ দা ইয়েৰ বঁটা লাভ কৰিছিল। তেওঁৰ কামৰ বাবে তেওঁক নেপালৰ "মাদাৰ টেৰেছা" বুলি অভিহিত কৰা হৈছে।৬
আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে ২০১০ চনৰ এপ্ৰিলত মাইতি নেপালক ৫,০০,০০০ ডলাৰ দুবছৰীয়া অনুদান প্ৰদান কৰিছিল।৭
২০১৭ চনৰ নৱেম্বৰত কৈৰালাই নেপালী কংগ্ৰেছ দলত যোগদান কৰে।৮

বঁটা আৰু সন্মান
অনুৰাধা কৈৰালাই ১৯৯৮ চনত বৰ্ষৰ শ্ৰেষ্ঠ সমাজকৰ্মী (নেপাল), ১৯৯৯ চনত প্ৰবাল গোৰ্খা দক্ষিণ বহু পদক (নেপাল), ২০০২ চনত ত্ৰিশক্তিপট্টা বঁটা, ২০০৬ চনত পিচ এবে ফাউণ্ডেচনৰ পৰা বিবেকৰ সাহস বঁটা, ২০০৭ চনত জাৰ্মান ইউএনআইএফইএম বঁটা আৰু ২০০৭ চনত কুইন ছফিয়া ৰূপৰ পদক বঁটা লাভ কৰিছিল।
তেওঁক কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত চিএনএন হিৰোজ বঁটা ২০১০ প্ৰদান কৰা হৈছিল। তেওঁক মঞ্চত ডেমি মূৰ আৰু এষ্টন কুচাৰে পৰিচয় কৰাইছিল।৯ চিএনএনৰ পৰা প্ৰশংসা ৰখাৰ বাবে তেওঁ ২৫,০০০ আমেৰিকান ডলাৰৰ উপৰিও মাইতি নেপালৰ সৈতে কাম অব্যাহত ৰাখিবলৈ ১,০০,০০০ আমেৰিকান ডলাৰ লাভ কৰিছিল।৯১০
তেওঁ ২০১৪ চনত মাদাৰ টেৰেছা বঁটা লাভ কৰিছিল।১১১২
কৈৰালাক ২০১৪ চনত অখিল ভাৰতীয় তেৰাপন্থ মহিলা মণ্ডলে আচাৰ্য তুলসী কাৰ্ত্ৰিতভা পুৰস্কাৰেৰে সন্মানিত কৰিছিল।
কৈৰালাক ২০১৭ চনৰ এপ্ৰিলত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰিছিল।১৩১৪১৫ ২০১৮ চনত কৈৰালাই জি অ'ডি বঁটা লাভ কৰে।১৬
তথ্যসূত্ৰ
- ↑ (21 November 2010). Anuradha Koirala named CNN Hero of the Year 2010. The Money Times
- ↑ www.tribuneindia.com
- ↑ CNN Hero working harder than ever to stop human trafficking, 23 June 2011, CNN
- ↑ Anuradha Koirala – Protecting the Powerless. Edition.cnn.com. Retrieved on 2012-05-20
- ↑ The Peace Abbey Courage of Conscience Recipients List. peaceabbey.org
- ↑ (6 May 2020). Nepal's 'Mother Teresa' Rescues Thousands From Sex Trafficking
- ↑ (27 April 2010). U.S. asks Nepal to meet the May deadline for new constitution. The Hindu
- ↑ (2017-11-12). CNN Hero awardee Anuradha Koirala joins NC
- ↑ (2012-03-23). Anuradha wins CNN Heroes Award 2010. CNN Edition
- ↑ (2012-03-23). Anuradha wins CNN Heroes Award
- ↑ Mother Teresa global awards for Anuradha Koirala, Amte. Business Standard
- ↑ (11 November 2014). Mother Teresa Memorial International Award for Social Justice held on Sunday. dna. Diligent Media Corporation Ltd
- ↑ Padma Awards 2017 announced. pib.gov.in
- ↑ (25 January 2017). List of Padma awardees 2017. The Hindu
- ↑ (2017-04-14). Anuradha Koirala Receives Padma Shri Award
- ↑ Reporter, India-West Staff. Maiti Nepal Founder Anuradha Koirala to Be Honored as Human Rights Icon of Asia by GOD Asia. India West
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা কৈৰালা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৩৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।