ইশানী শ্ৰেষ্ঠ (নেপালী ভাষা: इशानी श्रेष्ठ) (জন্ম: ৫ মে' ১৯৯১) এগৰাকী নেপালী টিভি আঁতধৰোঁতা, উদ্যোক্তা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০১৩ চনৰ মিছ নেপাল ৱৰ্ল্ডৰ মুকুট লাভ কৰিছিল।১ তেওঁ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৩ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ শীৰ্ষ ১০-ত স্থান লাভ কৰি আৰু 'বিউটি উইথ এ পাৰপাজ' খিতাপ জয় কৰি এক ইতিহাস ৰচনা কৰিছিল।২৩
প্ৰাৰম্ভিক জীৱন
ইশানী শ্ৰেষ্ঠৰ জন্ম আৰু ডাঙৰ-দীঘল নেপালৰ ৰাজধানী কাঠমাণ্ডুত হৈছিল। তেওঁৰ তিনিজন কনিষ্ঠ ভাই-ভনী আছে। তেওঁ কাঠমাণ্ডুৰ ত্ৰিয়োগ হাইস্কুলত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ আমেৰিকাৰ কলৰাডোৰ বোল্ডাৰলৈ প্ৰব্ৰজন কৰে আৰু ২০০৯ চনত ফেয়াৰভিউ হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৪ তাৰ পিছত তেওঁ ইউনিভাৰ্ছিটি অৱ কলৰাডোৰ বিজনেছ স্কুলত অধ্যয়ন কৰে।
শিক্ষা
শ্ৰেষ্ঠই কাঠমাণ্ডুৰ ত্ৰিয়োগ হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ কলৰাডোৰ বোল্ডাৰৰ ফেয়াৰভিউ হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ইউনিভাৰ্ছিটি অৱ কলৰাডো বিজনেছ স্কুলত অধ্যয়ন কৰে। শ্ৰেষ্ঠই কাঠমাণ্ডুৰ পিপলছ ডেন্টাল কলেজত দন্তচিকিৎসা অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও দ্বিতীয় বৰ্ষতে সেয়া বাদ দিছিল।
কৰ্মজীৱন
শ্ৰেষ্ঠ এতিয়া এগৰাকী সুপৰিচিত সংবাদ মাধ্যমৰ ব্যক্তিত্ব, মডেল আৰু উদ্যোক্তা। তেওঁ নেপালত ৱৰ্ল্ড ৱাইল্ডলাইফ ফাণ্ডৰ (WWF) হৈ তৰুণ সংৰক্ষণ দূত হিচাপেও কাম কৰিছিল।
মিছ নেপাল ২০১৩
ইশানীয়ে আমেৰিকাৰ কলৰাডোৰ পৰা আহি মিছ নেপাল ২০১৩ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ মিছ নেপাল ৱৰ্ল্ড ২০১৩ খিতাপৰ লগতে মিছ কেটৱাক খিতাপো অৰ্জন কৰিছিল।
মিছ ৱৰ্ল্ড ২০১৩
ইশানী শ্ৰেষ্ঠক "বিউটি উইথ পাৰপাজ ২০১৩" খিতাপ প্ৰদান কৰা হৈছিল।৫ তেওঁৰ উৎকৃষ্ট ভিডিঅ' প্ৰেজেণ্টেশ্যন আৰু সমাজসেৱাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল। সমাজসেৱাৰ বাবে তেওঁ নেপালৰ গ্ৰাম্য অঞ্চলসমূহ ভ্ৰমণ কৰি মানুহৰ মাজত মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা (Oral Hygiene) সম্পৰ্কে সজাগতা বৃদ্ধি কৰিছিল। মিছ ৱৰ্ল্ড ২০১৩-ত নিজৰ দেশৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰাৰ সুযোগ পোৱা এঘাৰগৰাকী প্ৰতিযোগীৰ ভিতৰত ইশানী অন্যতম আছিল। তেওঁ ‘ডান্স অফ দ্য ৱৰ্ল্ড’ত "মাইতি ঘৰ" গীতটোত সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছিল। প্ৰতিযোগিতাখনত তেওঁ মিছ ৱৰ্ল্ড ২০১৩-ৰ মাল্টি মিডিয়া শিতানত দ্বিতীয় ৰানাৰ আপ হোৱাৰ লগতে আন কেইবাখনো প্ৰতিযোগিতাত চূড়ান্ত প্ৰতিযোগী আছিল।
তেওঁ মিছ ৱৰ্ল্ড ২০১৩-ত 'দ্য পিপলছ চেম্পিয়ন' (মাল্টিমিডিয়া) খিতাপৰ বাবেও দ্বিতীয় ৰানাৰ আপ হৈছিল।৬ ইশানী শ্ৰেষ্ঠ মিছ ৱৰ্ল্ড ২০১৩-ৰ শীৰ্ষ ১০ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত আছিল; যিটো আছিল সেই সময়লৈকে কোনো নেপালী প্ৰতিযোগীয়ে লাভ কৰা সৰ্বোচ্চ স্থান।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2013-03-20). Ishani Shrestha crowned Miss Nepal World 2013 MYREPUBLICA.com - News in Nepal: Fast, Full & Factual, POLITICAL AFFAIRS, BUSINESS & ECONOMY, SOCIAL AFFAIRS, LIFESTYLE, SPORTS, OPINION, INTERVIEW, INTERNATIONAL, THE WEEK news in English in Nepal. Myrepublica.com
- ↑ Ishani Shrestha crowned Fanta Miss Nepal 2013 - Detail News: Nepal News Portal. The Himalayan Times
- ↑ Ninja - xinix. (2013-02-26). Ishani Shrestha wins Miss Nepal 2013. Winner of Miss Nepal 2013.. Sathiz.com
- ↑ Fairview Alum Competes in Miss World 2013 - the Royal Banner
- ↑ Miss World
- ↑ Challenge Winners Announced!
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইশানী শ্ৰেষ্ঠ” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৭০ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।