খড়্গ প্ৰসাদ শৰ্মা ওলী (জন্ম ২২ ফেব্ৰুৱাৰী ১৯৫২, সাধাৰণতে কে পি শৰ্মা ওলী বা সৰলভাৱে কে পি ওলী বুলি জনা যায়) নেপালৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০১৫ চনৰপৰা ২০১৬ চনলৈ, ২০১৮ চনৰপৰা ২০২১ চনলৈ, আৰু ২০২৪ চনৰপৰা ২০২৫ চনলৈকে নেপালৰ ৩৮সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
জলী ২০১৪ চনৰপৰা নেপালৰ কমিউনিষ্ট পাৰ্টি (ইউনিফাইড মাৰ্ক্সবাদী–লেনিনবাদী)ৰ সভাপতি হিচাপে কাৰ্যভাৰ লৈ আছে।১২
তেওঁ পূৰ্বে দুবাৰ প্ৰধানমন্ত্ৰী আছিল, প্ৰথমবাৰ ২০১৫ চনৰ অক্টোবৰপৰা ২০১৬ চনৰ আগষ্টলৈকে,৩ আৰু দ্বিতীয়বাৰ ২০১৮ চনৰ ফেব্ৰুৱাৰী পৰা ২০২১ চনৰ জুলাইলৈকে।৪
২০১৭ চনৰপৰা তেওঁ ফেডাৰেল সংসদত ঝাপা ৫ আসনৰ সাংসদ হৈ আছে। ইয়াৰ পূৰ্বে তেওঁ ঝাপা ৬, ঝাপা ২ আৰু ঝাপা ৭ আসনৰো সাংসদ আছিল।
ওলীয়ে ২০১৫ চনৰ মধেশীয়ে নেপাল অৱৰোধ কৰাৰ বিৰোধিতা কৰিছিল।৫ তেওঁ ভাৰতৰ সৈতে নেপালৰ পৰম্পৰাগত ঘনিষ্ঠ বাণিজ্যিক সম্পৰ্কৰ বিকল্প হিচাপে চীনৰ সৈতে সম্পৰ্ক দৃঢ় কৰিছিল।৬
ওলীয়ে নিজৰ কাৰ্যকালত সঘনাই ব্যঙ্গাত্মক মন্তব্য, সংবাদমাধ্যম আৰু সমালোচকৰ প্ৰতি কটুকথা,৭ আৰু পৃষ্ঠপোষকতা তথা দুৰ্নীতিৰ অভিযোগৰ বাবে বিতৰ্কিত হৈ পৰিছে।৮
২০২৫ চনৰ ৯ ছেপ্টেম্বৰত সংবাদ মাধ্যমে প্ৰকাশ কৰে যে তেওঁ দুৰ্নীতি-বিৰোধী আন্দোলনৰ সাংবিধানিক সমাধানৰ বাবে পদত্যাগ কৰিছে।৯
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৫২ চনৰ ২২ ফেব্ৰুৱাৰীত তেহৰথুমৰ ইৱাত কে পি শৰ্মা ওলীৰ জন্ম হৈছিল।১০ তেওঁৰ পিতৃ মোহন প্ৰসাদ ওলী এজন ব্ৰাহ্মণ কৃষক আছিল আৰু শিক্ষা সীমিত আছিল। তেওঁৰ বয়স যেতিয়া চাৰি বছৰ আছিল তেতিয়া তেওঁৰ মাতৃ মধুমায়া ওলী ছমপক্স ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। দেউতাকৰ দ্বিতীয় বিবাহৰপৰা তেওঁৰ এজন সৰু ভাই আৰু তিনিগৰাকী সৰু ভনীয়েক আছিল। ওলীয়ে ওচৰৰ প্ৰণামী মধ্যবিদ্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত কৰে। ১৯৫৮ চনত তেওঁৰ পৰিয়াল ঝাপাৰ সুৰুংগালৈ গুচি যায় যদিও কংকাই নদীৰ বানপানীৰ পিছত তেওঁলোক ভূমিহীন হৈ পৰে আৰু ওলী ককা-আইতাকৰ লগত থাকিবলৈ লয়। তাৰ পিছত তেওঁৰ পৰিয়াল ১৯৬২ চনত ঝাপা গৰমণিলৈ প্ৰব্ৰজন কৰে। ১৯৭০ চনত আদৰ্শ মাধ্যমিক বিদ্যালয়ৰপৰা এছ এল চি পৰীক্ষা সম্পূৰ্ণ কৰে। ঝাপাত থকাৰ সময়ত ওলী পঞ্চায়ত আৰু নক্সালবাৰী বিৰোধী আন্দোলনৰদ্বাৰা প্ৰভাবিত হয়। তেওঁৰ কমিউনিষ্ট প্ৰৱণতাৰ বাবে তেওঁৰ দূৰৈৰ ককাক ৰামনাথ দাহালক কৃতিত্ব দিয়ে।১১১২
কাৰ্যকাল (২০১৫–২০২৫)
২০১৩ চনৰ সংবিধান বিধানসভা নিৰ্বাচনত ওলীয়ে ঝাপা ৭ৰ পৰা নিৰ্বাচিত হয়। প্ৰতিদ্বন্দ্বিতাত খনালক পৰাস্ত কৰি তেওঁ সংসদীয় দলৰ নেতাও হয়।১৩ ২০১৫ চনৰ জুলাই মাহত নৱম সাধাৰণ অধিৱেশনত ওলীয়ে পুনৰ দলৰ নেতৃত্বৰ বাবে প্ৰত্যাহ্বান জনায়। তেওঁ প্ৰাক্তন সাধাৰণ সম্পাদক মাধৱ কুমাৰ নেপালক পৰাস্ত কৰি দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।১৪১৫
নিৰ্বাচনী ইতিহাস
| নিৰ্বাচন | সদন | সমষ্টি | দল | ভোট | ফলাফল |
|---|---|---|---|---|---|
| ১৯৯১ | প্ৰতিনিধি সদন | ঝাপা ৬ | চিপিএন (ইউএমএল) | ২১,০৪৯ | নিৰ্বাচিত |
| ১৯৯৪ | প্ৰতিনিধি সদন | ঝাপা ৬ | চিপিএন (ইউএমএল) | ১৮,৮৬১ | নিৰ্বাচিত |
| ১৯৯৯ | প্ৰতিনিধি সদন | ঝাপা ২ | চিপিএন (ইউএমএল) | ১৮,৯০৯ | নিৰ্বাচিত |
| ঝাপা ৬ | ২৩,৭৪৯ | আসন খালী | |||
| ২০০৮ | সংবিধান সভা | ঝাপা ৭ | চিপিএন (ইউএমএল) | ১৪,৯৫৯ | পৰাজিত |
| ২০১৩ | সংবিধান সভা | ঝাপা ৭ | চিপিএন (ইউএমএল) | ১৯,২৮৭ | নিৰ্বাচিত |
| ২০১৭ | প্ৰতিনিধি সদন | ঝাপা ৫ | চিপিএন (ইউএমএল) | ৫৭,১৩৯ | নিৰ্বাচিত |
| ২০২২ | প্ৰতিনিধি সদন | ঝাপা ৫ | চিপিএন (ইউএমএল) | ৫২,৩১৯ | নিৰ্বাচিত |
ব্যক্তিগত জীৱন
ওলীৰ বিবাহ হৈছে ৰাধিকা শাক্যৰ সৈতে। ১৯৮৭ চনত পুলচ'ক কেম্পাছত শেহতীয়াকৈ মুক্তি পোৱা ৰাজনৈতিক বন্দীসকলৰ বাবে চিপিএন (মাৰ্ক্সবাদী–লেনিনবাদী)ৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত তেওঁ শাক্যক লগ পায়। সেই সময়ত শাক্য পাটন কেম্পাছত পঢ়ি থকাৰ লগতে নেপাল ৰাষ্ট্ৰ বেংকত অস্থায়ী কৰ্মী হিচাপে কাম কৰি আছিল। সেই বছৰৰ শেষৰফালে ২০ জন লোকে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত দুয়োৰে বিবাহ হয়।১৬১৭
বৰ্তমান তেওঁ ভক্তপুৰৰ বালকোটত বাস কৰে যদিও ঝাপাৰ দমকতো বাসগৃহ আছে।
স্বাস্থ্যজনিত সমস্যা
কাৰাগাৰত থকাৰ সময়ত ওলী যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল আৰু তেওঁ গেষ্ট্ৰিক আলচাৰতো আক্ৰান্ত হৈছিল। মুক্তিৰ সময়ত তেওঁক অত্যন্ত ক্ষীণ বুলি বৰ্ণনা কৰা হৈছিল। ১৯৯০ চনৰ বিপ্লৱৰ পিছত তেওঁৰ বৃক্কত সমস্যাৰ সৃষ্টি হয়।
২০০৭ চনত নতুন দিল্লীৰ এপ'ল' হাস্পতালত বৃক্ক সংৰোপণ কৰা হয় আৰু ২০২০ চনত কাঠমাণ্ডুৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ শিক্ষকতা চিকিৎসালয়ত দ্বিতীয়বাৰৰ বাবে বৃক্ক সংৰোপণ কৰা হয়।১৮১৯
২০১৯ চনৰ নৱেম্বৰ মাহত কিডনীজনিত ৰোগৰ বাবে ওলী ইনটেনচিভ কেয়াৰত ভৰ্তি হৈছিল আৰু সেই সময়ত তেওঁ ডায়েলাইচিছ কৰাইছিল।২০২১
গ্ৰন্থতালিকা
- (2016). Selected speeches of K P Sharma Oli. Central Office, Communist Party of Nepal – UML
বাহ্যিক সংযোগ
- K. P. Sharma Oli at the CPN UML official website
তথ্যসূত্ৰ
- ↑ KP Sharma Oli sworn in as prime minister. Kathmandu Post
- ↑ (15 July 2024). Nepal's New Prime Minister KP Sharma Oli Sworn In. Barron's
- ↑ Oli elected 38th Prime Minister of Nepal (Update). The Kathmandu Post
- ↑ (15 May 2021). Oli sworn in as prime minister. The Himalayan Times
- ↑ Nepali leader says India 'breaking international law'. Bangkok Post
- ↑ (1 August 2020). Want to push for continued advancement of China-Nepal ties: Xi Jinping. The Indian Express
- ↑ ओली आफैले उखान टुक्काको रहस्य यसरी खोले. pahilopost.com
- ↑ (9 December 2020). भ्रष्टाचार रोक्ने प्रधानमन्त्री ओलीको दृढता पुरा हुन 'गर्नै पर्ने चार मुख्य काम'. BBC News नेपाली
- ↑ (9 September 2025). Nepal prime minister resigns as anti-corruption protests over 'nepo kids' escalate. BBC News
- ↑ PM Oli to celebrate birthday at birthplace in Tehrathum. English.khabarhub.com
- ↑ KP Oli's early life and influences. Record Nepal
- ↑ Forged by hardship, communist rebellion. Kathmandu Post
- ↑ (4 February 2014). Oli elected as UML PP leader. eKantipur
- ↑ UML 9th GC: Oli wins leadership race against Nepal. Kathmandu Post
- ↑ (15 July 2014). Oli elected UML chairman mixed results in other posts. The Himalayan Times
- ↑ (15 January 2012). Jeevan saathi with Mr & Mrs. K.P. Oli
- ↑ Oli's Radhika. The Annapurna Express
- ↑ (3 March 2020). Nepal Prime Minister Oli in hospital for 2nd kidney transplant. The New Indian Express
- ↑ After successful kidney transplant, Oli recovers at Teaching Hospital. Kathmandu Post
- ↑ Nepal's KP Sharma Oli discharged from hospital after dialysis. Al Jazeera
- ↑ (4 December 2019). Hospital prepares to discharge PM Oli. OnlineKhabar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খড়্গ প্ৰসাদ শৰ্মা ওলী” প্ৰবন্ধৰ সংশোধন ৫৪০২০২ (২৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।