অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাৰায়ণ গোপাল

নাৰায়ণ গোপাল গুৰুবাচাৰ্য (Narayan Gopal Gurubacharya) আৰু নেপালী ভাষাত नारायणगोपाल गुरबाचार्य (জন্ম হৈছিল ৪ অক্টোবৰ ১৯৩৯ – মৃত্যু ৫ ডিচেম্বৰ ১৯৯০), পেছাদাৰীভাৱে নাৰায়ণ গোপাল আৰু এন গোপাল নামেৰে জনাজাত।

হালনাগাদ: ১৯ মে’ ২০২৬ ১,৩৩৫ শব্দ · ৭ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নাৰায়ণ গোপাল গুৰুবাচাৰ্য (Narayan Gopal Gurubacharya) আৰু নেপালী ভাষাত नारायणगोपाल गुरबाचार्य (জন্ম হৈছিল ৪ অক্টোবৰ ১৯৩৯ – মৃত্যু ৫ ডিচেম্বৰ ১৯৯০), পেছাদাৰীভাৱে নাৰায়ণ গোপাল আৰু এন গোপাল নামেৰে জনাজাত। নাৰায়ণ গোপাল নেপালৰ এজন জনপ্ৰিয় গায়ক আৰু নেপালী সংগীতৰ সুৰকাৰ আছিল।১নাৰায়ণ গোপালক নেপালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক আইকন হিচাপে বিবেচিত কৰা হয় আৰু তেওঁক নেপালৰ 'কণ্ঠ সম্ৰাট' (নেপালী: स्वर सम्राट) বুলি কোৱা হয়। তেওঁৰ কণ্ঠৰ পৰিসৰৰ বাবে তেওঁ প্ৰতিটো নেপালী ধাৰাৰ গান গাবলৈ সক্ষম আছিল। প্ৰায়ে, তেওঁৰ গানবোৰৰ সৈতে চেতাৰ, হাৰমনিয়াম আৰু বাঁহীৰ সৈতে পৰিবেশন কৰিছিল। তেওঁ ১৯৫০ ৰ দশকৰ পৰা ৭০ ৰ দশকলৈকে তেওঁ এজন বিখ্যাত সংগীত পৰিচালক আছিল আৰু পেছাদাৰী নেপালী গায়কসকলৰ প্ৰথম প্ৰজন্মৰ সংগীতশিল্পী সকলৰ ভিতৰত অন্যতম আছিল। তেওঁৰ নেপালৰ কেইবাখনো চলচ্চিত্ৰ আৰু নাটকত গীত পৰিৱেশন কৰিছিল।২৩নাৰায়ণ গোপালে তেওঁৰ জীৱনকালত ১৩৭টা গান মুকলি কৰিছিল। তেওঁৰ প্ৰথম গানবোৰ তেওঁৰ বন্ধু প্ৰেম দোজ প্ৰধান আৰু মাণিক ৰত্নৰ দ্বাৰা ৰচিত আছিল।৪৫ নাৰায়ণ গোপাল বিংশ শতিকাৰ নেপালৰ এজন প্ৰসিদ্ধ আৰু প্ৰভাৱশালী সংগীতজ্ঞ আছিল আৰু তেওঁৰ জীৱনকালত বহুতো বঁটা লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

নাৰায়ণ গোপাল গুৰুচাৰ্যৰ জন্ম হৈছিল ১৯৩৯ চনৰ ৪ অক্টোবৰ তাৰিখে নেপালৰ কাঠমাণ্ডুৰ কিলাগল টোলেত। পিতৃ-মাতৃৰ নাম আছিল যথাক্ৰমে আশা গোপাল গুৰুচাৰ্য আৰু ৰাম দেৱী গুৰুচাৰ্য।৬৭ তেওঁ এটা পৰম্পৰাগত নেৱাৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ পাঁচজন ভাতৃ আৰু তিনিগৰাকী ভগ্নী আছিল। তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত (এছএলচি) সম্পূৰ্ণ কৰাৰ পিছত ত্ৰি-চন্দ্ৰ মহাবিদ্যালয়ত অধ্যয়ন কৰে আৰু মানৱবিজ্ঞানত কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীত অধ্যয়ন কৰিবলৈ ভাৰতৰ বৰোদাৰ মহাৰাজ সায়াজিৰাও বিশ্ববিদ্যালয়লৈও গৈছিল কিন্তু পঢ়া শুনা সম্পূৰ্ণ নকৰাকৈ নেপাললৈ উভতি আহিছিল। পাছত তেওঁ পেমালা লামাক বিয়া কৰাইছিল। পিছত তেওঁ 'ৰাষ্ট্ৰীয় নাচ ঘৰ' (ৰাষ্ট্ৰীয় নৃত্য থিয়েটাৰ)ত যোগদান কৰে আৰু মেনেজাৰ (হাকিম) পদত অধিষ্ঠিত হয়। তেওঁ ইয়াৰ সংগীত আলোচনী 'বাগিনাৰ' প্ৰথম তিনিটা সংখ্যাৰ সম্পাদক হিচাপেও কাম কৰিছিল। তেওঁ 'সংস্কৃতিক সংস্থান(সাংস্কৃতিক কেন্দ্ৰ)'ৰ পৰিচালনা সঞ্চালক আৰু যোগাযোগ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা হিচাপে আৰু ললিত কলা চৌহদৰ সহযোগী অধ্যাপক হিচাপেও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। তেওঁ 'কাঞ্চী মাচিয়াং '(कान्छी मस्याङ) শীৰ্ষক এখন সংগীতনাটক লিখিছিল।৮

সংগীত জীৱনৰ আৰম্ভণি

তেওঁৰ কণ্ঠপ্ৰতিভাৰ সম্ভাৱনা প্ৰথমে চিনাক্ত কৰিছিল তেওঁৰ বন্ধু মাণিক ৰত্ন স্থাপিতে। মাণিক ৰত্ন নাৰায়ণ গোপালৰ একে চুবুৰী পিউখা টোলেত বাস কৰিছিল আৰু অন্য এজন বন্ধু প্ৰেম ধোজ প্ৰধান তেওঁ ভেদা সিং টোলেত বাস কৰিছিল। তিনিওজন বন্ধুৱে মাণিক ৰত্নৰ ঘৰত একেলগে হিন্দী গান গোৱাৰ অনুশীলন কৰিবলৈ লৈছিল। সেই সময়ত মাণিক ৰত্নৰ খুৰাক সিদ্ধি ৰত্ন স্থানপিত এজন দক্ষ বাদ্যযন্ত্ৰৰ বাবে তেওঁৰ ঘৰখন প্ৰকৃত সংগীত বিদ্যালয় হৈ পৰিছিল। গোপালে হাইস্কুল শিক্ষান্ত পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত বন্ধু প্ৰেম ধোজ প্ৰধানে তেওঁক কণ্ঠ পৰীক্ষাৰ বাবে ৰেডিঅ' নেপাললৈ লৈ যায়। তাত, গোপালে ড° ৰাম মান ত্ৰিশিতৰ দ্বাৰা লিখা আৰু প্ৰেম ধোজ প্ৰধানে নিজে ৰচনা কৰা এটা গান "পঞ্চী কো পংখা মা ধাৰতি কো দিয়াও" গীতটো গাইছিল। গোপালে তেওঁৰ প্ৰথম প্ৰচেষ্টাত ভইচ টেষ্টত উত্তীৰ্ণ হৈছিল। তেওঁৰ প্ৰথম ৰাজহুৱা সংগীত পৰিৱেশন হিচাপে তবলা বাদক হিচাপে ত্ৰি চন্দ্ৰ মহাবিদ্যালয়ৰ ৪০ তম বাৰ্ষিকী উদযাপনৰ সময়ত।৯১০

সংগীত জগতৰ প্ৰাথমিক কৃতকাৰ্যতা

সেই সময়ত প্ৰেম-মাণিক যুটিয়ে তেওঁলোকৰ নিজৰ ৰচিত গীত গাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত নাৰায়ণ গোপালে সমসাময়িক কবি ৰত্ন শুমশ্বৰ থাপাৰ দ্বাৰা লিখা ছয়টা মূল গীত গাইছিল। সেই সংকলনত চাৰিটা গান তেওঁৰ একক কণ্ঠৰ আছিল ('स्वर्गकी रानी','आँखाको भाखा आँखैले', 'भो भो मलाई नछेक', 'मधुमासमा यो दिल') আৰু দুটা দ্বৈত কণ্ঠৰ ('बिछोडको पीडा' र 'ए कान्छा ठट्टैमा यो बैंश जानलाग्यो')ৰ আছিল। এই সকলোবোৰ গান সেইসময়ৰ ভাৰতৰ কলকাতাত ৰেকৰ্ড কৰা হৈছিল কিয়নো তেতিয়া তেওঁ নিজৰ শিক্ষাগ্ৰহণৰ বাবে সেই সময়ত ভাৰতত আছিল। এই গীতবোৰে নেপাল আৰু ভাৰতৰ ভিতৰত শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত নেপাল দেশখন ৰাণা শাসনৰ পৰা মুক্ত হৈছিল। সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ এই সময়ছোৱাৰ মাজতেই নাৰায়ণ গোপালে প্ৰেম, জীৱন, আশা আৰু দেশপ্ৰেম সম্পৰ্কীয় গীতসমূহত কণ্ঠ দান কৰিবলৈ সক্ষম হৈছিল। যেতিয়া পূব-পশ্চিম ঘাইপথটো নিৰ্মাণাধীন অৱস্থাত আছিল, তেতিয়া তেওঁ 'जाग, जाग चम्क हे नौजवान हो' গীতটো ৰচনা কৰি গাইছিল। আনহাতে দেশপ্ৰেমৰ উৎসাহত 'आमा! तिमीलाई जलभरिका औंलाहरुले चुम्न', এনেধৰণৰ গীতে তেওঁক নেপালৰ যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয় কৰি তুলিছিল। শব্দ, সংগীত আৰু আৱেগৰ সঠিক সংমিশ্ৰণৰ যোগেদি গানৰ মাধ্যমেৰে প্ৰকাশ হোৱাৰ লগে লগে তেওঁৰ গানবোৰ আৰু বিকশিত তথা শ্ৰোতাৰ মাজত প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। পুষ্পা নেপালী, বাচ্চু কৈলাস, তাৰা দেৱী, অম্বৰ গুৰুং, প্ৰেম ধোজ প্ৰধান, নাতি কাজী, শিৱ শংকৰ, কিৰণ প্ৰধানৰ দৰে তেওঁৰ সমসাময়িক সংগীত শিল্পী সকলৰ সৈতে তেওঁ আধুনিক নেপালী সংগীতত এক নতুন মাত্ৰা যোগ কৰে। উন্নয়নৰ এই প্ৰক্ৰিয়াত তেওঁ ১৯৬৫ চনৰ মাৰ্চ মাহত ভাৰতৰ দাৰ্জিলিং ভ্ৰমণ কৰিছিল। এই ভ্ৰমণ দুটা কাৰণত ফলপ্ৰসূ হৈছিল: তাত তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া অনুৰাগী আৰু ভৱিষ্যতপত্নী পেমালা লামাক লগ পাইছিল। সেইসময়ৰ আন এজন যুৱ সংগীতজ্ঞ গোপাল য়ঞ্জনকো লগ পাইছিল আৰু পাছলৈ তেওঁৰ সৈতে এক ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠিছিল।

সংগীতৰ সাংগঠনিক কামকাজ

গোপাল য়ঞ্জণৰ সৈতে

ষাঠিৰ দশকৰ শেষৰ ফালে এজন বিখ্যাত সুৰকাৰ আৰু গীতিকাৰ গোপাল য়ঞ্জনৰ অংশীদাৰীত্বৰ সৈতে, নাৰায়ণ গোপালৰ সংগীতে এক নতুন পৰ্যায়ত প্ৰৱেশ কৰে। প্ৰেম,প্ৰেমহীন জীৱন আৰু ট্ৰেজেডীৰ বিষয়ক গান গাবলৈ আৰম্ভ কৰে। ঈশ্বৰ ভল্লাভৰ ভাষাত নাৰায়ণ গোপাল নেপালী জনসাধাৰণৰ হৃদয়ৰ গায়ক হৈ পৰিছিল। গোপাল য়ঞ্জণৰ সৈতে ৰফিৰ সম্পৰ্কই নাৰায়ণ গোপালক নেপালী সংগীত ইতিহাসৰ অন্যতম বিশিষ্ট গায়ক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। এই সময়তে পশ্চিমৰ পৰা নতুন শব্দ, যেনে বিটলছ আৰু বব ডিলনৰ দ্বাৰা নেপালৰ সংগীতত প্ৰৱেশ আৰু প্ৰভাৱ পেলাইছিল। পাশ্চাত্য পপ সংগীতৰ প্ৰভাৱৰ সন্মুখীন হ'বলৈ, এক নতুন চেতনা আৰু সংগীতৰ এক নতুন শৈলীৰ প্ৰয়োজন আছিল। এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ নাৰায়ণ গোপালে গোপাল য়োঞ্জনৰ সৈতে অংশীদাৰীত্বত নেপালৰ গান যেনে बिर्सेर फेरि मलाई नहेर, चिनारी हाम्रो धेरै पुरानो, तिम्रो जस्तो मुटु मेरो पनि, लौ सुन म भन्छु मेरो रामकहानी আদি নেপালী সংগীতে শ্ৰোতাসকলৰ মাজত নাৰায়ণ গোপালক সংগীতৰ ক্ষেত্ৰখনত এক বিশেষ স্থান তৈয়াৰ কৰিছিল। ১১

দিব্যা খালিঙৰ সৈতে

নাৰায়ণে গোপালে সুৰকাৰ আৰু গীতিকাৰ দিব্যা খালিঙৰ সৈতেও সংগীত জগতলৈ অৰিহণা যোগাইছিল। দিব্যা খালিঙে ৰচনা কৰা কিছুমান গীত গাইছিল। সেই গীতবোৰৰ কিছুমান আছিল ক্ৰমে "সাধাইন নাই মা হাছেন তিমিলাই ৰোৱাই", "বিপানা নাভাই বাঞ্চিদিনে মা ভিত্ৰাকা মেৰা চাপানা", "মায়াকো আধাৰ্মা চামঝাওঁতা নাই হুঞ্চা", "জাতা হিন্দ্য ওহেৰেণ" টাই টান বাইমানী য়ো মায়া", " মেৰো চানো সানচাৰ তিমিলাই আতেনা", " য়ো ভাগ্যালে কাষ্ট খেল মানিচাকো জীৱনমা হেৰ খেলেক", "জাতি চাম্মা বাতো হিন্দীচাকে এম ভাঞ্চু মেৰাই প্ৰয়াছ হো", "প্ৰিয়াচিক যাধাৰো কৰিয়েক মোটো,একান্ত্মা আজ য়াহান ফুকায়েৰ হেৰেন", "তিমিলাই ভুলদা মা একলো পাৰেছু,তিমিলাই চামঝেন তিমি য়াদ আয়াও", আৰু " মাটা লালিগুৰান ভায়েছু"আদি।১২১৩

বিখ্যাত কবি ভূপী শ্বেৰচানৰ সৈতে

নাৰায়ণ গোপাল আৰু বিখ্যাত কবি ভূপী শ্বেৰচানৰ ঘনিষ্ঠ বন্ধু আছিল। যেতিয়া নাৰায়ণ গোপাল থাকিবলৈ পোখৰালৈ যায়, ভূপী শ্বেৰচানে নাৰায়ণ গোপালক তেওঁৰ ঘৰত থাকিবলৈ আমন্ত্ৰণ জনায় আৰু নাৰায়ণ গোপাল ভূপী শ্বেৰচানৰ ঘৰত কিছু মাহ থাকে। নাৰায়ণ গোপালে ভূপী শ্বেৰচানৰ কিছুমান গীত গাইছিল যেনে "আলঝেছা কিয়াৰে পাচৌৰী, টিমৰো চিয়াকো বুট্টামা", "ছানাই হুৰিমা বেইনচাকো চাপানা শিমালকো ফুল ঝাইন ঝাৰি গায়ো" আৰু "মাইলে গাইকো গীতমা টিম ৰাই হান্সিলোহাৰ ছা" আদি গীতবোৰ বৰ জনপ্ৰিয় হৈ পৰিছিল।১৪১৫

বিখ্যাত কবি ঈশ্বৰ বল্লভৰ সৈতে

কবি ঈশ্বৰ বল্লভৰ গীত নাৰায়ণ গোপালৰ কণ্ঠত প্ৰাণ পাই উঠিছিল।" দুইতা ফুল ডেউৰলিমা, ৰ দৰে জনপ্ৰিয় গীতৰ সৃষ্টি হৈছিল। সাথাই ৰাখয়ুন জাষ্টো লাগচা", "মেৰে বেহোচি আজি, মেৰো লগাই পৰদা ভো", "চাৰা দিন আৰুলাই বাডেন, চৈয়দ ইয়ে ৰাত মেৰা", "বিহান নাভাই বাটচল, শ্বীত কিনা সুকাইদিঞ্চা", "মালাই জিন্দেগী ইয়ো লগদাচা, টিমি ভাণ্ডু, যোয়া হোয়াৰ", "যোতো" হোয়াৰ। কবি আই.বি. ৰোটে নাৰায়ণ গোপালৰ বাবে এটা গীতিমূলক কবিতা লিখিছিল আৰু সেই গানবোৰে নাৰায়ণ গোপালক তেওঁৰ সংগীতৰ কেৰিয়াৰত নতুন উচ্চতা প্ৰদান কৰিছিল।১৬ সত্তৰৰ দশকৰ আৰম্ভণিতে, তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া অনুৰাগী পেমালাক একত্ৰিশ বছৰ বয়সত বিয়া কৰাইছিল। তেওঁলোকৰ বিবাহৰ পিছত তেওঁৰ বাসস্থান কিছু সময়ৰ বাবে পোখৰালৈ আৰু পিছত হেটাউডালৈ স্থানান্তৰিত কৰে। পোখৰাত তেওঁ কবি ভূপী শ্বেৰচানৰ সৈতে পৰিচিত হয। আনহাতে হেটাউডাত তেওঁ সহগীতিকাৰ আৰু সুৰকাৰ ভীম বিৰাগৰ সৈতে পৰিচিত হয়। তেওঁ ভূপী শ্বেৰচানৰ 'सानै हुरीमा बैँसको सपना' ৰচনা আৰু গাইছিল আৰু 'अल्झेछ क्यारे पछ्यौरी तिम्रो चियाको बुट्टामा' আৰু তেওঁ ভীম বিৰাগৰ 'तिमीले पनि मजस्तै माया दिएर हेर' গীতটো গাইছিল।১৭

পৰৱৰ্তী কালৰ কৰ্মজীৱন

হেতৌদাত কিছুদিন থকাৰ পিছত নাৰায়ণ গোপাল কাঠমাণ্ডুলৈ উভতি আহে আৰু তেওঁৰ বন্ধু মাণিক ৰত্ন আৰু জনাৰ্দন চামাৰ সহায়ত ৰাষ্ট্ৰীয় নাচ ঘৰ (ৰাষ্ট্ৰীয় নৃত্য থিয়েটাৰ)ত চাকৰি পাবলৈ সক্ষম হয়। তেওঁ কেৱল বাদ্যযন্ত্ৰবাদক হিচাপে নাচ ঘৰত প্ৰৱেশ কৰিছিল কিন্তু তেওঁ লাহে লাহে এজন হাকিম (ৰেক্টৰ)ৰ পদলৈ পদোন্নতি পাইছিল।

জীৱনৰ এই পৰ্যায়ত তেওঁ নিজকে নতুন প্ৰজন্মৰ নেপালী যুৱক-যুৱতীৰ মুখামুখি হোৱা দেখিছিল। সেই সময়ৰ যুৱ সংগীত প্ৰতিভাৰ ভিতৰত, দিব্যা খালিঙৰ সৈতে তেওঁৰ একেলগে কাম আৰম্ভ কৰিছিল। আৰু তেওঁ খালিঙৰ ৰচিত গীতসমূহত কণ্ঠ দান কৰিবলৈ আৰম্ভ কৰে আৰু এনেদৰে তেওঁৰ গানৰ কেৰিয়াৰৰ আন এটা পৰ্যায় আৰম্ভ কৰে। তেওঁ নেপালী ভাষাচলচ্চিত্ৰগীততো গান গাইছিল। মুঠতে তেওঁৰ সংগীতৰ কেৰিয়াৰৰ আঠাইশ বছৰৰ কালছোৱাত তেওঁ ওঠৰখন চলচ্চিত্ৰত গান গাইছিল আৰু ১৫৭ টাতকৈও অধিক গান ৰেকৰ্ড কৰিছিল।

মৃত্যু

নাৰায়ণ গোপালৰ বন্ধুবৰ্গই তেওঁৰ স্বাস্থ্যৰ স্বাৰ্থত ধূমপান আৰু সুৰাপান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। তেওঁ মৃত্যুৰ কেইমাহমান আগতে সুৰাপান ত্যাগ কৰিবলৈ পাৰিছিল যদিও চিগাৰেট এৰিব পৰা নাছিল।

নাৰায়ণ গোপালৰ ১৯৯০ চনৰ ৫ ডিচেম্বৰত কাঠমাণ্ডুৰ বীৰ চিকিৎসালয়ত নিশা 9 বজাত মাথোঁন ৫১ বছৰ বয়সত ডায়েবেটিচৰ জটিলতাৰ ফলত মৃত্যু হয়। তেওঁৰ কোনো সন্তান নাছিল। গোপালৰ মৃত্যুৰ পিছত নাৰায়ণ গোপালৰ নামত উৎসৰ্গিত কৰি কেইবাটাও সংগীত অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Interesting incidents in the life of Narayan Gopal. Boss Nepal
  2. ↑ Narayan Gopal MP3 Songs Download
  3. ↑ The post-Adhunik minstrel
  4. ↑ The first time I met Narayan Gopal · Features · ECSNEPAL – The Nepali Way. ecs.com.np
  5. ↑ (11 August 2016). The Truth Behind Narayan Gopal And Chandani Shah – THE GUNDRUK POST. THE GUNDRUK POST
  6. ↑ Bajracharya, Nasana. (4 October 2021). Narayan Gopal: 5 unknown stories of the iconic man all love. Online Khabar
  7. ↑ Remembering Narayan Gopal. My City
  8. ↑ Rajendra Kishor Chhetri appointed Chief Secretary
  9. ↑ (11 August 2016). The Truth Behind Narayan Gopal And Chandani Shah – THE GUNDRUK POST. THE GUNDRUK POST
  10. ↑ The first time I met Narayan Gopal · Features · ECSNEPAL – The Nepali Way. ecs.com.np
  11. ↑ Narayan Gopal – We All Nepali. weallnepali.com
  12. ↑ Dibya Khaling – Nepalicollections.com:: A window to Nepali world.. nepalicollections.com
  13. ↑ RB. 8 Unknown Facts about Narayan Gopal
  14. ↑ (6 December 2014). Narayan Gopal also a true nationalist singer – Nepali Headlines,Nepal News, Nepali News, News Nepal. nepaliheadlines.com
  15. ↑ एग्रेसिभ नारायणगोपाल! बहिनी जिस्काउने खेलाडीलाई पिटेका थिए – narayan-gopal-and-bhupi-sherchan -. nepaljapansamaj.com
  16. ↑ The Darjeeling Chronicle. la-va.facebook.com
  17. ↑ Deezer. Deezer

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তিনেপালৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰায়ণ গোপাল” প্ৰবন্ধৰ সংশোধন ৬০৭১৮৯ (১৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।