বিদ্যা দেৱী ভাণ্ডাৰী (विद्या देवी भण्डारी; জন্ম: ১৯ জুন ১৯৬১) এগৰাকী ৰাজনীতিবিদ তথা নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। ২০১৫ চনত তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তেওঁ নেপালৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি।১২৩ ২৮ অক্টোবৰ ২০১৫ চনত ৰাষ্ট্ৰপতি নিৰ্বাচন জিকাৰ আগতে তেওঁ নেপালৰ মাক্সবাদী কমিউনিষ্ট পাৰ্টি-লেনিনিষ্টৰ উপাধ্যক্ষ৪৫ আৰু সৰ্ব নেপাল মহিলা মৰ্চাৰ সভানেত্ৰী আছিল।৬ সংসদীয় নিৰ্বাচনৰ ভোটৰ দ্বাৰা তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচন জিকে। তেওঁ ৫৪৯ টা ভোটৰ ভিতৰত ৩২৭টা ভোট লাভ কৰি কুল বাহাদুৰ গুৰুংক পৰাস্ত কৰে। ২০১৬ চনৰ ফৰ্ব আলোচনীৰ বিখ্যাত সমীক্ষা বিশ্বৰ ২০০ গৰাকী ক্ষমতাশালী নাৰীৰ তালিকাত তেওঁ ৫২তম স্থান লাভ কৰে।৭ পূৰ্বতে তেওঁ নেপালৰ ৰক্ষামন্ত্ৰী আছিল। তেওঁ নেপালৰ প্ৰথম গৰাকী মহিলা ৰক্ষমন্ত্ৰী।৮৯১০
প্ৰাৰম্ভিক জীৱন
১৯৬১ চনৰ ১৯ জুন মাহত নেপালৰ ভোজপুৰ জিলাত বিদ্যা দেৱী ভাণ্ডাৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ৰাম বাহাদুৰ পাণ্ডে আৰু মাতৃৰ নাম মিথিলা পাণ্ডে। কম বয়সতে তেওঁ ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁ নেপালৰ বিখ্যাত কমিউনিষ্ট পাৰ্টিৰ নেতা মদন ভাণ্ডাৰীৰ সহধৰ্মিণী আছিল। যদিও ১৯৯৩ চনৰ এক পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।
বিদ্যায়ে ১৯৯৪ আৰু ১৯৯৯ এই দুই সংসদীয় নিৰ্বাচন তদানীন্তন প্ৰধানমন্ত্ৰী কৃষ্ণ প্ৰসাদ ভট্টৰায় আৰু দমনাথ ঢুংনাক হেৰুৱাই জয়ী হৈছিল। কিন্তু ২০০৮ চনৰ সংবিধান সভাৰ নিৰ্বাচনৰূ সময়ত তেওঁ পৰাজিত হয়। তেওঁ মাধৱ কুমাৰ নেপালৰ নেতৃত্বৰূ চৰকাৰৰ ৰক্ষামন্ত্ৰীৰ পদ লাভ কৰে। ২০১৩ চনৰ দ্বিতীয় সাংবিধানিক সভাৰ নিৰ্বাচনত অনুপাতিক নিৰ্বাচন পদ্ধতিৰ দ্বাৰা তেওঁক নিৰ্বাচিত কৰা হয়।৯
ৰাজনৈতিক জীৱন
বিদ্যা দেৱীয়ে শিক্ষাৰ্থী জীৱনতে ৰাজনীতিৰ জগতত প্ৰৱেশ কৰিছিল। ১১ ১৯৯৪ আৰু ১৯৯৯ চনত তেওঁ দুবাৰ নেপালৰ সংসদীয় নিৰ্বাচনত জয়ী হৈছিল।১২ মাধৱ কুমাৰ নেপালৰ মন্ত্ৰীসভাত তেওঁ ৰক্ষা মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ নেপালৰ প্ৰথম মহিলা ৰক্ষা মন্ত্ৰী। তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগলৈ মেক্সবাদী কমিউনিষ্ট পাৰ্টি-লেনিনিষ্টৰ সদস্য আছিল। তেওঁ পাৰ্টি আৰু প্ৰধানমন্ত্ৰী পি. অলিৰ বিশ্বাস পাত্ৰ আছিল বাকী জনা যায়।১২ তেওঁ নেপালৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা প্ৰথম মহিলা ৰাষ্ট্ৰপতি।
মহিলা ৰাষ্ট্ৰপতি
নেপালৰ নতুন সংবিধান গৃহীত হোৱাৰ পিছত ইয়াত ৰাজতন্ত্ৰৰ অৱসান ঘটে আৰু গণতান্ত্ৰিক ৰূপে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা আৰম্ভ হয়। নয়াবাণেশ্বৰ, কাঠমাণ্ডুত অনুষ্ঠিত সংসদীয় সভাৰ দ্বাৰা বিদ্যা ৩২৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বীয়ে ২১৪ টা লাভ কৰে। এই ঐতিহাসিক বিজয়ৰ পিছত নেপালৰ ইতিহাসৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ৫৯৭জন নৱনিযুক্ত সংসদৰ ভিতৰত কেৱল ৫৪৯জনে ভোটাধিকাৰ সাব্যস্ত কৰে। বাকী ৪৮ জন অনুপস্থিত আছিল। আকৌ ৫৪৯ টা ভোটৰ ভিতৰত ৮ টা অবৈধ বুলি ঘোষণা কৰা হয়।১২ চৰকাৰ গঠনকাৰী মেক্সবাদী কমিউনিষ্ট-লেনিনিষ্ট পাৰ্টিৰ উপৰিও বিদ্যা দেৱীক ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ দল, ইউচিপিএন (মাওঁবাদী), মধেশী জনাধিকাৰ ফৰাম লোকতান্ত্ৰীকৰ লগতে কেইবাটাও অন্য দলৰ সমৰ্থন লছভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে বিপক্ষৰ নেপালী কংগ্ৰেছৰ কুল বাহাদুৰ গুৰুংৰ তেনে কোনো সমৰ্থন নাছিল।
বহিঃসংযোগ
- নেপালৰ ৰাষ্ট্ৰপতি
তথ্যসূত্ৰ
- ↑ Nepal gets first woman President. The Hindu
- ↑ Bidhya Devi Bhandari elected Nepal's first female president. BBC Asia News
- ↑ Bidya Devi Bhandari elected first woman President of Nepal. Kantipur News
- ↑ Who is Bidya Devi Bhandari?. Himalayan News
- ↑ World's Most Powerful Women. Forbes
- ↑ (15 July 2014). The Himalayan Times: Oli elected UML chairman mixed results in other posts – Detail News: Nepal News Portal. The Himalayan Times
- ↑ World's Most Powerful Women. Forbes
- ↑ Nepali Times | The Brief » Blog Archive » Enemies within. nepalitimes.com
- ↑ Women of Nepal. wwj.org.np
- ↑ Related News | Bidya Bhandari. ekantipur.com
- ↑ (२८-१०-२०१५). नेपाल की पहली महिला राष्ट्रपति चुनी गईं भंडारी. दैनिक जागरण
- ↑ (२८-१०-२०१५). Bidya Devi Bhandari elected first woman President of Nepal. काठमांडू पोस्ट
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যা দেৱী ভাণ্ডাৰী” প্ৰবন্ধৰ সংশোধন ৫৩৮৩০১ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।