অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছফিয়া ভূজেল

ছফিয়া ভূজেল (নেপালী: सोफिया भुजेल) (জন্ম: ১ জানুৱাৰী ১৯৯৬) এগৰাকী নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু মডেল। তেওঁ মিছ ইউনিভাৰ্ছ নেপাল ২০২২ প্ৰতিযোগিতাত বিজয়ী হৈছিল আৰু মিছ ইউনিভাৰ্ছ ২০২২-ত নেপালক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ছফিয়া ভূজেল (নেপালী ভাষা: सोफिया भुजेल) (জন্ম: ১ জানুৱাৰী ১৯৯৬) এগৰাকী নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু মডেল। তেওঁ মিছ ইউনিভাৰ্ছ নেপাল ২০২২ প্ৰতিযোগিতাত বিজয়ী হৈছিল আৰু মিছ ইউনিভাৰ্ছ ২০২২-ত নেপালক প্ৰতিনিধিত্ব কৰিছিল।১

প্ৰাৰম্ভিক জীৱন

ছফিয়া ভূজেলৰ জন্ম কাঠমাণ্ডুত হৈছিল। তেওঁ বিজনেছ মেনেজমেন্টত স্নাতক ডিগ্ৰী লাভ কৰিছে।২

সৌন্দৰ্য প্ৰতিযোগিতাৰ কেৰিয়াৰ

২০১৯ চনৰ ৯ মে'ত ২৩ বছৰ বয়সত ভূজেলে মিছ নেপাল ২০১৯-ৰ ৰূপালী জয়ন্তী সংস্কৰণত অংশগ্ৰহণ কৰে। তেওঁ শীৰ্ষ ৭ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিছিল। সেই বছৰেই তেওঁক 'গ্লোবেল এছিয়ান মডেল'ত নেপালক প্ৰতিনিধিত্ব কৰিবলৈ নিযুক্ত কৰা হয়। ২০১৯ চনৰ ২১ নৱেম্বৰত ভূজেলে 'গ্লোবেল এছিয়ান মডেল ২০১৯' প্ৰতিযোগিতাত অংশ লৈ শীৰ্ষ ১০ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰে। ২০২২ চনৰ ২ মাৰ্চত তেওঁক 'মিছ ইকো ইণ্টাৰনেশ্যনেল ২০২২'ত নেপালক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হয়। তাত তেওঁ শীৰ্ষ ২০-ত স্থান লাভ কৰে, যিটো ২০১৯ চনৰ পিছত নেপালৰ বাবে শ্ৰেষ্ঠ ফলাফল আছিল। ইয়াৰ পিছত তেওঁ মিছ ইউনিভাৰ্ছ নেপাল ২০২২-ত অংশগ্ৰহণ কৰি বিজয়ী হয় আৰু প্ৰতিযোগিতাখনত 'চচিয়েল ইমপেক্ট লিডাৰ'ৰ খিতাপ অৰ্জন কৰে।১

এটা সাক্ষাৎকাৰত ভূজেলে ব্যক্ত কৰে যে তেওঁ মিছ নেপাল ২০১৯-ত অংশগ্ৰহণ কৰাৰ পৰাই 'মিছ বিভা' জয়ৰ সপোন দেখিছিল। তেওঁৰ সামাজিক ওকালতিৰ মূল বিষয় হৈছে প্ৰজেক্ট ৰেড (Project RED), যাৰ উদ্দেশ্য হৈছে নেপালৰ সুবিধাবঞ্চিত সম্প্ৰদায় আৰু অন্যান্যসকলক ঋতুচক্ৰৰ সামগ্ৰীসমূহ বিনামূলীয়াকৈ যোগান ধৰা। তেওঁ আমেৰিকাৰ লুইজিয়ানাৰ নিউ অৰলিন্সত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০২২-ত নেপালক প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।৩

প্ৰতিযোগিতাৰ তালিকা

প্ৰতিযোগিতাস্থানস্থান (Location)বিশেষ বঁটাপ্ৰতিনিধিত্বতাৰিখ
মিছ নেপাল ২০১৯শীৰ্ষ ৭কিৰ্তীপুৰ, নেপালকাঠমাণ্ডু৯ মে' ২০১৯
গ্লোবেল এছিয়ান মডেল ২০১৯শীৰ্ষ ১০পৰানাকুৱে, ফিলিপাইননেপাল২১ নৱেম্বৰ ২০১৯
মিছ ইকো নেপাল ২০২২বিজয়ী (নিযুক্ত)কাঠমাণ্ডু, নেপালকাঠমাণ্ডু২ মাৰ্চ ২০২২
মিছ ইকো ইণ্টাৰনেশ্যনেল ২০২২শীৰ্ষ ২০লাক্সৰ, ইজিপ্তনেপাল১৮ মাৰ্চ ২০২২
মিছ ইউনিভাৰ্ছ নেপাল ২০২২১বিজয়ীকাঠমাণ্ডু, নেপালচচিয়েল ইমপেক্ট লিডাৰকাঠমাণ্ডু২৫ আগষ্ট ২০২২
মিছ ইউনিভাৰ্ছ ২০২২স্থান লাভ নকৰিলেনিউ অৰলিন্স, আমেৰিকানেপাল১৪ জানুৱাৰী ২০২৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2022-08-25). Miss Universe Nepal 2022 is Sophiya Bhujel · Results & Videos
  2. ↑ Sophiya Bhujel – ArtistNepal. artistnepal.com
  3. ↑ Sophiya Bhujel wins the title of Miss Universe Nepal 2022. República

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তিমডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছফিয়া ভূজেল” প্ৰবন্ধৰ সংশোধন ৬০২২৪১ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।